হস্তিবিদ্যাৰ্ণৱ পুথি
(ক) অতি চমু প্ৰশ্নঃ
১। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি কʼৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে ১৯৫৩ চনত, শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত প্ৰকাশ পাইছিল।
৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?
উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হল ‘সূৰ্যকুমাৰ ভূঞা’ ।
৪। সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ সূৰ্যকুমাৰ ভূঞা গৱেষণা গ্ৰন্থখনৰ নাম হল “Anglo-Assamese Relations 1771-1826″.
৫। ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।
(খ) চমু প্ৰশ্নঃ
১। ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে।
২। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা ।
উত্তৰঃ পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হল-শঙখচূড় বধ আৰু ধৰ্মপুৰাণ।
৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন চিত্ৰকৰে অংকন কৰিছিল।
৪। হস্তিবিদ্যাৰ্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিত গ্ৰন্থকাৰ, চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছিল।
৫। হস্তিগ্ৰন্থ বুলিলে কি বুজা?
উত্তৰঃ হস্তিগ্ৰন্থ বুলিলে সাধাৰণতে হাতী বিষয়ক গ্ৰন্থক বুজা যায়। বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম, যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম,হাতীদাঁতৰ মূল্য, হাতীৰে কাঠ আদি টনা, যুদ্ধ হাতীৰ কথা, ঐৰাৱত হাতিৰ কথা, বেয়া হাতীৰ লক্ষণ ইত্যাদি হাতীৰ বিভিন্ন ব্যাধিৰ প্ৰতিকাৰ সন্দৰ্ভত বিশেষ বৰ্ণনা পোৱা যায় ।
(গ) দীঘল প্ৰশ্নঃ
১। ব্যবহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যবহাৰিক সাহিত্য পুথিৰ নাম লিখা ।
উত্তৰঃ ব্যৱহাৰিক সাহিত্য বুলিলে মানুহৰ দৈনন্দিন ব্যৱহাৰিক জীৱনৰ সৈতে জড়িত বিষয়সমূহ— যেনে অন্ন, বস্ত্ৰ, বাসস্থান, কৃষি, পশু-পখি তথা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদি বিষয়ক লৈ ৰচিত সাহিত্যক বুজা যায়। এই সাহিত্যসমূহে সমাজৰ ব্যৱহাৰিক জ্ঞান আৰু অভিজ্ঞতা সংৰক্ষণ কৰি ৰাখে। শংকৰোত্তৰ যুগৰ সাহিত্যৰ ভিতৰত ব্যৱহাৰিক সাহিত্যৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব যথেষ্ট বেছি। পূৰ্বতে এইবোৰ সাঁচিপতীয়াত লিখা হৈছিল যদিও বৰ্তমান ছপা পুথি হিচাপে উপলব্ধ।
দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম হল- ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ আৰু ‘ঘোঁৰা নিদান’।
২। ড° সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞা অসমৰ এজন প্ৰখ্যাত ইতিহাসবিদ, সাহিত্যিক আৰু গৱেষক আছিল। তেখেতৰ জন্ম হৈছিল ১৮৯২ চনত নগাঁও চহৰত। ছাত্ৰ জীৱনৰ পৰাই তেওঁ অধ্যয়নশীল, মেধাৱী আৰু সাহিত্যৰ প্ৰতি আগ্ৰহী আছিল। ১৯০৯ চনত শ্বিলং চৰকাৰী স্কুলৰ পৰা স্কুল শিক্ষান্ত পৰীক্ষাত অসম উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি ভিক্টোৰিয়া মেম’ৰিয়েল স্বৰ্ণ পদক লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ কটন কলেজৰ পৰা আই. এ. আৰু কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ বি. এ. ডিগ্ৰী লাভ কৰে। ড° ভূঞা কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ আছিল।
ড° সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা বহুমুখী আছিল। ছাত্ৰজীৱনৰ পৰাই তেওঁ কবিতা, চুটিগল্প, প্ৰবন্ধ আৰু জীৱনীমূলক ৰচনা বিভিন্ন আলোচনীত প্ৰকাশ কৰিছিল। অসমীয়া আৰু ইংৰাজী— দুয়োটা ভাষাতেই তেওঁ গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছিল। তেওঁৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা একুৰিৰো অধিক। তেখেতৰ একমাত্ৰ কবিতা পুথিখনৰ নাম আছিল ‘নিৰ্মালি’ আৰু চুটিগল্প পুথিখনৰ নাম হল- ‘পঞ্চমী’। উল্লেখযোগ্য প্ৰবন্ধ সংকলনসমূহ হ’ল ‘ত্ৰিপদী’ আৰু ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ’।
জীৱনীমূলক গ্ৰন্থৰ ভিতৰত ‘গোপাল কৃষ্ণ গোখলে’, ‘আনন্দৰাম বৰুৱা’, ‘অসম জীয়ৰী’, ‘জোনাকী’ আৰু ‘চানেকী’ বিশেষ উল্লেখযোগ্য। তেখেতৰ ঐতিহাসিক গ্ৰন্থসমূহত অসমৰ বুৰঞ্জী সুগভীৰ গৱেষণাৰ সৈতে উপস্থাপন কৰা হৈছে। এই ক্ষেত্ৰৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল ‘কোৱৰ বিদ্ৰোহ’, ‘বুৰঞ্জীৰ বাণী’, ‘ৰমণী গাভৰু’, ‘মীৰজুমলাৰ অসম আক্ৰমণ’ আৰু ‘লাচিত বৰফুকন’। ইংৰাজী ভাষাত ৰচিত তেখেতৰ গ্ৰন্থসমূহৰ ভিতৰত An Assamese Nur-Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Buragohain & His Times, Men I Have Met, London Memories আদি বিশেষ উল্লেখযোগ্য। তেখেতৰ গৱেষণামূলক গ্ৰন্থ Anglo-Assamese Relations (1771–1826) বিশেষ মূল্যবান।
মুঠতে, ড° সূৰ্যকুমাৰ ভূঞাই ইতিহাস আৰু সাহিত্য— এই দুয়োটা ক্ষেত্ৰতেই অসমৰ বাবে অমূল্য অৱদান আগবঢ়াই গৈছে। এজন দক্ষ সাহিত্যিক, গৱেষক আৰু ইতিহাসবিদ হিচাপে তেখেতৰ স্থান অসমীয়া সাহিত্যত চিৰস্মৰণীয়। তেখেতৰ মৃত্যু হয় ১৯৬৪ চনত।
৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া ।
উত্তৰঃ মধ্যযুগত অসমীয়া ভাষাত ৰচিত ব্যৱহাৰিক সাহিত্যসমূহৰ ভিতৰত হস্তিবিদ্যাৰ্ণৱ এখন গুৰুত্বপূৰ্ণ পুথি। অষ্টাদশ শতিকাৰ সাহিত্যিক সুকুমাৰ বৰকাথে আহোম স্বৰ্গদেউ শিৱ সিংহ আৰু ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ অনুৰোধত এই পুথিখন ৰচনা কৰিছিল। ৰাজ অনুগ্ৰহত ৰচিত হোৱা বাবে পুথিখনৰ বিষয়বস্তু মূলতঃ ৰাজ্যৰ প্ৰয়োজন আৰু শাসন ব্যৱস্থাৰ দৃষ্টিভংগীৰে গঢ় লৈ উঠিছে। হাতীক কেন্দ্ৰ কৰি প্ৰাচীন সংস্কৃত গ্ৰন্থ, অসমত প্ৰচলিত হাতী বিষয়ক জ্ঞান আৰু দাঁতি-কাষৰীয়া জাতিৰ মাজত প্ৰচলিত চিকিৎসা-পদ্ধতি আদি একত্ৰিত কৰি ইয়াৰ বিষয়বস্তু গঠন কৰা হৈছে।
এই পুথিত ৰাজ্যৰ বাবে উপযোগী হাতী চিনাক্ত কৰা, ভাল আৰু বেয়া হাতীৰ লক্ষণ, যুদ্ধ আৰু ৰাজকাৰ্যৰ বাবে হাতীৰ প্ৰশিক্ষণ প্ৰণালী আদিৰ বিস্তৃত বৰ্ণনা পোৱা যায়। লগতে অন্য ৰাজ্যৰ লগত অপ্ৰীতিবৰ্দ্ধক হ’ব পৰা হাতীৰ লক্ষণসমূহো ইয়াত উল্লেখ কৰা হৈছে। হাতীশাল নিৰ্মাণৰ নিয়ম, ব্যৱহৃত কাঠৰ প্ৰকাৰ, হাতীবন্ধা খুটাৰ উচ্চতা, বতাহ আৰু ৰʼদ সোমাব পৰা ব্যৱস্থা আদিও সাৱধানতাৰে বৰ্ণনা কৰা হৈছে।
তদুপৰি হস্তিবিদ্যাৰ্ণৱ পুথিত হাতীক শুভকাৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰাৰ কথা উল্লেখ আছে। যাত্ৰাকালত হাতী দেখা বা ব্যৱহাৰ কৰাটো শুভ বুলি ধৰা হৈছিল। যুদ্ধকালত হাতীৰ ব্যৱহাৰ, উপঢৌকন হিচাপে হাতী প্ৰেৰণ কৰা, ৰাজপ্ৰতিপত্তি প্ৰদৰ্শনৰ বাবে গড়ৰ বাহিৰত হাতী ৰাখা আৰু হাতীদাঁতৰ মূল্যৱান বস্তু হিচাপে ব্যৱহাৰ আদি বিষয়ো ইয়াত অন্তৰ্ভুক্ত হৈছে। এনেদৰে হাতীক কেন্দ্ৰ কৰি ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশসমূহ হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তু হিচাপে প্ৰতিফলিত হৈছে।
৪। ‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিখন হাতী বিষয়ক এখন গুৰুত্বপূৰ্ণ ব্যৱহাৰিক গ্ৰন্থ। এই পুথিখনত বিভিন্ন প্ৰকাৰৰ হাতীৰ স্বভাৱ, গুণাগুণ আৰু লক্ষণৰ বিস্তৃত বিৱৰণ পোৱা যায়। ইয়াৰ উপৰিও হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান, ব্যৱহৃত কাঠৰ প্ৰকাৰ, হাতীদাঁতৰ মূল্য, যুদ্ধত ব্যৱহৃত হাতী, শুভ-অশুভ লক্ষণযুক্ত হাতী আদি নানা বিষয় অন্তৰ্ভুক্ত হৈছে। এই গ্ৰন্থৰ মূল উদ্দেশ্য আছিল ৰাজ্য আৰু ৰজাসকলৰ প্ৰয়োজন অনুসৰি উপযোগী হাতীৰ চিনাক্তকৰণ কৰা।
হস্তিবিদ্যাৰ্ণৱ পুথিত বৰ্ণিত মঙ্গলদায়ক হাতীৰ লক্ষণসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ। পুথিখনৰ মতে মঙ্গলদায়ক হাতীৰ শৰীৰৰ বৰণ শ্যাম বা কালশিলি হোৱা উচিত আৰু দেখাত সুন্দৰ হ’ব লাগে। হাতী প্ৰকাণ্ড প্ৰাণী হ’লেও তাৰ শৰীৰ স্থূল আৰু সুগঠিত হোৱা বাঞ্ছনীয়। দুয়োটা দাঁত সমান দীঘল আৰু সমানে ৰঙা হোৱা উচিত। কামৰ সময়ত আগলৈ চাপি যোৱা হাতী শুভ লক্ষণৰ পৰিচায়ক বুলি গণ্য কৰা হৈছে। তদুপৰি হাতীৰ নখ আগছোৱা জোঙা আৰু অলপ পাতল ক’লা বৰণৰ হ’ব লাগে। বলৱন্ত হাতীৰ মূল্য অধিক বুলি ধৰা হৈছে।
এনেদৰে পুৰণি কালত যি হাতীসমূহ উত্তম গুণসম্পন্ন, বলৱন্ত আৰু কাৰ্যক্ষম আছিল, তেনেবোৰ হাতীক মঙ্গলদায়ক হাতী বুলি গণ্য কৰা হৈছিল। তেনে হাতীসমূহে ৰজাৰ গড়ৰ ভিতৰ-বাহিৰ সকলোতে ভাল কাম দেখুৱাইছিল আৰু সোনকালে বশ কৰিব পৰা গৈছিল। সেয়েহে ৰজা-মহাৰজাসকলে এনে হাতীক বিশেষ গুৰুত্ব দি উপযুক্ত আহাৰ আৰু দক্ষ বিষয়া নিযুক্ত কৰি পোহপাল দিছিল।
৫। হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ সুকুমাৰ বৰকাথে আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশক্রমে ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন ৰচনা কৰিছিল। এই পুথিখন অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ আৰু গদ্য সাহিত্যৰ এখন উল্লেখযোগ্য নিদৰ্শন। পুথিখন গদ্যত ৰচিত যদিও ইয়াৰ ভাষা আৰু শৈলী যথেষ্ট গুণসম্পন্ন। বিশেষকৈ প্ৰশস্তি অংশত ব্যৱহৃত ভাষা অধিক সংস্কৃতগন্ধী, অলংকাৰপ্ৰধান আৰু গম্ভীৰ ধৰণৰ।
এই পুথিৰ গদ্যশৈলীত সংস্কৃত সাহিত্যৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায়। সংস্কৃত পুথিক অনুকৰণ কৰি লিখা হেতুকে বহু ঠাইত দীঘল বাক্য, উপমা-অলংকাৰ আৰু উচ্চ শব্দ ব্যৱহাৰ কৰা হৈছে। সেইবাবে কিছুমান অংশত ভাষা গম্ভীৰ আৰু ভাবগম্ভীৰ ৰূপত প্ৰকাশ পাইছে। ইয়াৰ বিপৰীতে, দাঁতি-কাষৰীয়া অঞ্চলসমূহৰ পৰা সংগৃহীত ব্যৱহাৰিক জ্ঞানসমূহ বৰ্ণনা কৰা অংশত ভাষা অধিক সৰল, প্ৰাঞ্জল আৰু কথিত অসমীয়া ভাষাৰ ওচৰ চাপে।
এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলী দ্বৈত বৈশিষ্ট্যসম্পন্ন—এফালে সংস্কৃতগন্ধী আৰু গম্ভীৰ, আনফালে সহজ, সৰল আৰু বোধগম্য। সাধাৰণ পাঠকেও বুজিব পৰা ধৰণে বাক্য গাঁথনি ৰচনা কৰা হৈছে। মুঠতে, এই পুথিৰ সুন্দৰ আৰু বৈচিত্ৰ্যময় গদ্যশৈলীয়ে পুথিখনৰ সাহিত্যিক মৰ্যাদা বহুগুণে বৃদ্ধি কৰিছে।