AHSEC Class 12 Assamese Chapter 12 জনতাৰ আহবান পাঠটোৰ উত্তৰ

জনতাৰ আহবান

(ক) অতি চমু প্ৰশ্নঃ

১। অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া সাহিত্য সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে বিভূষিত কৰা হৈছে।

২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ জ্যোতিপ্ৰসাদৰ কবিতা পুথিখনৰ নাম হৈছে ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।

৩। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম কি?

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা প্ৰথমখন নাটক খনৰ নাম আছিল ‘শোণিত কুঁৱৰী’।

৪। জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল?

উত্তৰঃ জার্মানীলৈ গৈ জ্যোতিপ্ৰসাদ আগৰৱালাই কথাছবি প্রযোজনা আৰু পৰিচালনা বিষয়ত প্রশিক্ষণ লৈছিল।

৫। প্রথম অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰঃ প্রথম অসমীয়া কথা ছবিখন হৈছে ‘জয়মতী’।

(খ) চমু প্ৰশ্নঃ

১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতাসমূহ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্যৰে সমৃদ্ধ। তাৰে দুটা প্ৰধান বৈশিষ্ট্য হ’ল—

(ক) তেওঁৰ কবিতাসমূহত গভীৰ স্বদেশপ্ৰেমৰ ভাব, জাতীয় চেতনা, বিপ্লৱী চিন্তাধাৰা আৰু অসমৰ বুৰঞ্জীৰ সৈতে একাত্মতাৰ স্পষ্ট প্ৰকাশ দেখা যায়।

(খ) তেওঁৰ কাব্যৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে সজীৱ শব্দচয়ন, সুৰেলা ভাষা আৰু প্ৰকাশভংগীৰ ওজস্বিতা, যিয়ে পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায়।

২। ‘আজি সুন্দৰৰ পূজা-থাপনাত

যাচিবি কিহৰে ষোড়শোপচাৰ’—

ষোড়শোপচাৰ কি বুজাই লিখা।

উত্তৰঃ ষোড়শোপচাৰ বুলিলে ভগৱানৰ পূজা-অৰ্চনাৰ সময়ত ব্যৱহাৰ কৰা ১৬ বিধ পৱিত্ৰ উপাচাৰ বা সামগ্ৰীক বুজোৱা হয়। এই ষোড়শোপচাৰসমূহ হৈছে— আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা। এই সকলো উপাচাৰৰ জৰিয়তে ভক্তই ভগৱানৰ প্ৰতি নিজৰ ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰে।

৩। কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান’ বুলি কিয় কৈছে?

উত্তৰঃ কবিতাটোত কবিয়ে বিশ্বজুৰি জনসাধাৰণৰ মনত জাগি উঠা নৱ-চেতনাৰ জাগৰণ আৰু বিপ্লৱৰ আহ্বান অনুভৱ কৰি ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’ বুলি কৈছে। এই উক্তিৰে কবিয়ে দমন, শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে জনতাৰ ঐক্যবদ্ধ জাগৰণ, নতুন সমাজ গঢ়াৰ আকাংক্ষা আৰু পৰিৱৰ্তনৰ তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছে।

৪। ‘হে মোৰ আলোক-পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ ‘হে মোৰ আলোক-পূজাৰী প্ৰাণ’ কথাষাৰৰ জৰিয়তে কবিয়ে পৰিৱৰ্তনকামী, জাগ্ৰত আৰু সচেতন সৰ্বসাধাৰণ জনতাক বুজাইছে। এই উক্তিত পোহৰ মানে হৈছে জ্ঞান, সত্য, ন্যায় আৰু নৱ-চেতনা; আৰু আলোক-পূজাৰী মানে সেইসকল মানুহ, যিসকলে অন্ধকাৰ, অজ্ঞানতা আৰু পুৰণি কুসংস্কাৰৰ বিৰুদ্ধে সংগ্রাম কৰি পোহৰৰ পথ বাচি লয়।

কবিয়ে দেখুৱাইছে যে সাধাৰণ জনগণেই সমাজ পৰিৱৰ্তনৰ মূল শক্তি। অন্ধকাৰাচ্ছন্ন চিন্তাধাৰা ত্যাগ কৰি নতুন আদৰ্শ, সৌন্দৰ্য আৰু মানবিক মূল্যবোধেৰে সমাজ গঢ়াৰ দায়িত্ব এই জনতাৰ হাততেই নিহিত। তেওঁলোকৰ এই আলোকমুখী অভিযানে দুষ্কৃতি আৰু অন্যায়ৰ বিনাশ ঘটাব আৰু পৃথিৱীত সুখ, শান্তি আৰু সৌন্দৰ্য প্ৰতিষ্ঠা কৰিব। সেইবাবেই কবিয়ে জনতাক সন্মান জনাই ‘আলোক-পূজাৰী প্ৰাণ’ বুলি সম্বোধন কৰিছে।

৫। কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা।

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া কথাছবি জগতৰ পথিকৃৎ তথা জনক হিচাপে বিশেষভাৱে সমাদৃত।

তেওঁ অতি কম বয়সৰ পৰাই সাহিত্য, সংগীত, নাটক আৰু চিত্ৰকলা আদিৰ প্ৰতি গভীৰ আগ্ৰহ পোষণ কৰিছিল। ১৯২৬ চনত উচ্চ শিক্ষাৰ উদ্দেশ্যে তেওঁ ইংলেণ্ডলৈ গ’লেও ডিগ্ৰী সম্পূৰ্ণ নকৰাকৈ উভতি আহে। পিছত কথাছবি নিৰ্মাণৰ প্ৰযুক্তিগত জ্ঞান আহৰণৰ বাবে তেওঁ জাৰ্মানীলৈ গৈ চলচ্চিত্ৰ প্ৰযোজনা আৰু পৰিচালনাৰ ওপৰত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰে।

জাৰ্মানীৰ পৰা স্বদেশলৈ উভতি আহি কোনো ধৰণৰ আধুনিক সা-সুবিধা নথকাৰ মাজতো তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত বাঁহ, কাঠ আৰু কলগছ ব্যৱহাৰ কৰি এটা অস্থায়ী ষ্টুডিঅ’ নিৰ্মাণ কৰে। যথেষ্ট কষ্ট আৰু সাহসেৰে তেওঁ প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰে, যিখন ১৯৩৫ চনত মুক্তি লাভ কৰে। এই ছবিখনৰ জৰিয়তেই অসমীয়া বোলছবি উদ্যোগৰ শুভ সূচনা হয়।

ইয়াৰ পিছত জ্যোতিপ্ৰসাদে ১৯৩৯ চনত ‘ইন্দ্ৰমালতী’ নামৰ প্ৰথম অসমীয়া সামাজিক কথাছবি নিৰ্মাণ কৰে, যিখনে অসমীয়া সমাজ আৰু সংস্কৃতিক নতুন দিশ দেখুৱায়।

১৯৫১ চনত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অকাল মৃত্যুত অসমীয়া সাংস্কৃতিক জগতখন অপূৰণীয় ক্ষতিৰ সন্মুখীন হয়।

(গ) দীঘল প্ৰশ্নঃ

১। ‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা ।

উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটোৰ মাজেৰে কবিয়ে সমগ্ৰ বিশ্বত জাগি উঠা এক নতুন চেতনাৰ জয়গান গাইছে। কবিয়ে অনুভৱ কৰিছে যে সময়ৰ সোঁতত বিশ্ব এখন গভীৰ ৰূপান্তৰৰ দিশে আগবাঢ়ি গৈছে আৰু এই ৰূপান্তৰৰ মূল শক্তি হৈছে সচেতন জনতা। আকাশে–বতাহে আজি জনসাধাৰণৰ একত্ৰিত কণ্ঠৰ আহ্বান ধ্বনিত হৈছে। সুন্দৰ, পোহৰ আৰু সত্যৰ পূজাৰ বাবে জনতাই ষোড়শোপচাৰেৰে আত্মনিয়োগ কৰিছে। বোকাত জন্ম লোৱা সাধাৰণ মানুহ আজি পদুম ফুলৰ দৰে বিকশিত হৈ অন্ধকাৰ নাশ কৰি পোহৰৰ দিশে আগবাঢ়িছে। জনতাৰ এই ঐক্যবদ্ধ জাগৰণে পৃথিৱীত শান্তি, সৌন্দৰ্য আৰু নৱ-জীৱনৰ সৃষ্টি কৰিব বিচাৰিছে। বেদত ঘোষিত আলোকৰ আগমনী বাণী যেন বাস্তৱ ৰূপ লৈছে— জনতাৰ জয়, গণতন্ত্ৰৰ জয় আৰু মহামানৱতাৰ জয় ঘোষণা হৈছে। সাৰাংশত, কবিতাটোত দাসত্বৰ শিকলি ছিঙি স্বাধীনতা, আলোক আৰু মানৱ-মুক্তিৰ পথত আগবাঢ়ি যোৱা জনতাৰ উদ্দীপ্ত আহ্বানকেই শক্তিশালী ভাষাত প্ৰকাশ কৰা হৈছে।

২। ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনোভাৱ প্রকাশ পাইছে বুজাই লিখা।

উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিপ্লৱী আৰু আশাবাদী মনোভাৱ স্পষ্টভাৱে প্ৰকাশ পাইছে। কবিয়ে বিশ্বাস কৰিছিল যে সমাজৰ সঁচা ৰূপান্তৰ বিপ্লৱ অবিহনে সম্ভৱ নহয় আৰু এই বিপ্লৱৰ মূল শক্তি হৈছে সচেতন সাধাৰণ জনতা। সেয়েহে তেওঁ সাধাৰণ মানুহক জাগ্ৰত হৈ নিজৰ অন্তৰত লুকাই থকা আত্মশক্তিক চিনাক্ত কৰিবলৈ আহ্বান জনাইছে। এই আত্মশক্তিৰ জৰিয়তে জনতাই অন্ধকাৰ, শোষণ আৰু স্থবিৰতা ভাঙি পোহৰৰ পথ মুকলি কৰিব পাৰে বুলি কবিয়ে দৃঢ় বিশ্বাস প্ৰকাশ কৰিছে।

৩। কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটোৰ আধাৰত কবিয়ে এনে এখন প্ৰকৃত জনতন্ত্ৰৰ কামনা কৰিছে য’ত শাসনৰ মূল শক্তি সাধাৰণ জনতাৰ হাততেই ন্যস্ত থাকিব। এই জনতন্ত্ৰত শোষণ, অন্যায় আৰু অন্ধকাৰৰ কোনো স্থান নাথাকিব। কবিয়ে বিশ্বাস কৰে যে বিপ্লৱীয় চেতনাৰ জৰিয়তেই সমাজত সঁচা ৰূপান্তৰ সম্ভৱ, কিয়নো বিপ্লৱ অবিহনে কোনো জাতিয়ে উন্নতিৰ শিখৰত আৰোহণ কৰিব নোৱাৰে। সেয়েহে তেওঁ সচেতন, সংগঠিত আৰু আত্মবিশ্বাসী জনতাক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। কবিয়ে কামনা কৰা জনতন্ত্ৰত জনতাই হ’ব সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী, য’ত শান্তি, সৌন্দৰ্য আৰু মানৱিক মূল্যবোধেৰে পৰিপূৰ্ণ এখন নতুন পৃথিৱী গঢ় লৈ উঠিব।

৪। ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।

উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে দেখুৱাইছে যে যেতিয়া সমাজৰ দুখীয়া, শোষিত আৰু পীড়িত জনসাধাৰণে ধনী আৰু শাসক শ্ৰেণীৰ হাতত বঞ্চনা, অন্যায় আৰু অত্যাচাৰৰ সন্মুখীন হয়, আৰু চাৰিওফালে অন্ধকাৰ, দুৰ্নীতি আৰু অনাচাৰ দেখি হতাশ হৈ পৰে, তেতিয়াই জনতাৰ মহাপ্ৰাণ জাগ্ৰত হয়। কবিয়ে কৈছে যে এনে অৱস্থাত আলোকসন্ধানী জনতাই অন্যায়ৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ দুষ্কৃতিৰ বিনাশ ঘটাবলৈ আগবাঢ়ে। সুখ-শান্তি, সৌন্দৰ্য আৰু মানৱিক মূল্যবোধেৰে পৰিপূৰ্ণ এখন নতুন সমাজ গঢ়ি তুলিবলৈ জনতাই সংহত অভ্যুত্থানৰ পথ বাছি লয়। এই আন্দোলনৰ জৰিয়তেই জনতাৰ অন্তৰত নতুন চিন্তা-চেতনা আৰু আত্মবিশ্বাসৰ জন্ম হয়। নিজৰ অধিকাৰ আদায় কৰিবলৈ আৰু জীৱনক সুন্দৰ তথা সাৰ্থক কৰি তুলিবলৈ জনতাই একগোট হৈ বিপ্লৱৰ বাবে আগবাঢ়ে। এইদৰেই শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামৰ মাজেৰে জনতাৰ মহাপ্ৰাণ জাগ্ৰত হৈ সমাজৰ এক বৃহৎ ৰূপান্তৰৰ সূচনা কৰে।

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

আজি জনতাৰ পংকজ ৰূপ

জাগে পদুমৰ দৰে

বোকাত জনমা মানুহে আজি

আলোকলে’ উঠি আহে

বেলিমুৱা হৈ হাঁহে।

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ শীৰ্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে।

বোকাত জন্মগ্ৰহণ কৰা জনতাই তেওঁলোকৰ অন্ধকাৰাচ্ছন্ন অৱস্থাৰ পৰা মুক্তি লাভ কৰি পোহৰ বিলাই দিবলৈ অগ্ৰসৰ হোৱা কথাৰ প্ৰসংগতে কবিয়ে এই কবিতাফাকিৰ অৱতাৰণা কৰিছে।

পদুম ফুল বোকাৰ মাজত জন্মিলেও ইয়াৰ সুন্দৰতাই সকলোকে আকৰ্ষিত কৰে। একেদৰে, সাধাৰণ জনতা বাহিৰত নিষ্প্রভ যেন লাগিলেও তেওঁলোকৰ মনত যেতিয়া বৈপ্লৱিক চেতনাৰ জাগৰণ হয়, তেতিয়া তেওঁলোকে সমগ্ৰ সমাজক আলোকিত কৰিব পাৰে। সংগ্ৰামী জনতাই তেওঁলোকৰ জীৱনৰ অন্ধকাৰ নাশ কৰি পোহৰ সিঁচিবলৈ দলে-বলে ওলাই আহিছে, যেনেকৈ বোকাৰ মাজৰ পৰা পদুম ফুলি ওলায়।

এই বাক্য় কেইশাৰীৰ জৰিয়তে কবিয়ে মানুহৰ মাজত বিয়পি পৰা এক শক্তিশালী বিপ্লৱী চেতনাৰ উত্থানৰ বিষয়ে ক’বলৈ বিচাৰিছে।

Scroll to Top