আঘোণৰ কুঁৱলী
(ক) অতি চমু প্ৰশ্নঃ
১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ কবি কেশৱ মহন্তই ‘মোৰ যে কিমান হেঁপাহ’ কাব্যগ্রন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।
উত্তৰঃ কেশৱ মহন্তৰ ৰচিত এখন গীতৰ পুথি হৈছে ‘মোৰ যে কিমান হেঁপাহ’।
৩। ‘পছোৱা’ আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?
উত্তৰঃ ‘পছোৱা’ নামৰ আলোচনীখন সম্পাদনা কৰিছিল হেম বৰুৱাই।
৪। কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল ?
উত্তৰঃ কেশৱ মহন্তই ‘জয়ন্তী’ নামৰ আলোচনীখনত পোন প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল।
৫। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ কোন?
উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটোত উল্লেখ থকা সেউতী হৈছে কবিৰ সোতৰ বছৰীয়া মৰমৰ প্ৰেয়সী।
(খ)চমু প্ৰশ্নঃ
১। ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল—
(ক) জয়ন্তী গোষ্ঠীৰ কবিতাত প্ৰধান বৈশিষ্ট্য হিচাপে দেখা যায় সাম্যবাদী আৰু প্রগতিশীল ভাবধাৰা। সেইবাবে এই কবিসকলক প্রগতিশীল কবি বুলি গণ্য কৰা হয়।
(খ) এই কবিসকলৰ ৰচনাত বিশেষকৈ কৃষক, শ্রমিক আৰু সাধাৰণ মানুহৰ সুখ-দুখ, জীৱন সংগ্ৰাম আৰু সমাজৰ বাস্তৱ চিত্ৰ সুস্পষ্টভাৱে প্ৰতিফলিত হৈছে।
২। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগাৱা তিনিখন আলোচনীৰ নাম লিখা।
উত্তৰঃ অসমীয়া কবিতাৰ আধুনিক যুগৰ সৃষ্টি আৰু বিকাশত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনী হৈছে—
(ক) কমল নাৰায়ণদেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য্যৰ দ্বাৰা সম্পাদিত ‘জয়ন্তী’।
(খ) হেম বৰুৱা দেৱ সম্পাদিত ‘পছোৱা’।
(গ) ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱ সম্পাদিত ‘ৰামধেনু’।
৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ কেশৱ মহন্তৰ দুখন কবিতা পুথি হ’ল — ‘আমাৰ পৃথিৱী’ আৰু ‘বুকুত এজাক ধুমুহা’।
৪। ‘আঘোণৰ পথাৰত কাম আৰু কাম।’- কবিয়ে আঘোণৰ পথাৰত থকা কি ‘কাম’ৰ বিষয়ে ইংগিত কৰিছে ?
উত্তৰঃ ‘আঘোণৰ পথাৰত কাম আৰু কাম।’ — উক্ত কথাফাঁকিৰে কবিয়ে আঘোণৰ পথাৰত ধান দাৱলৈ অহা দাৱনীসকলৰ ধান কটা, দাঙৰি বন্ধা আদি কামৰ বিষয়ে ইংগিত দিছে।
৫। ‘উৰুলি’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা।
উত্তৰঃ ‘উৰুলি’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অৰ্থ হ’লঃ—
(ক) উকলিঃ শুভকার্যত তিৰোতাসকলে জিভা লৰাই কৰা বিশেষ শব্দ বা ধ্বনি।
(খ) ৰাগিঃ নিচা বা মাদকতা।
(গ) দীঘল প্ৰশ্নঃ
১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।
উত্তৰঃ কুৱঁলীয়ে আবৃত কৰা পুৱা এটিতো কবিৰ প্ৰেমৰ অনুভৱ লেৰেলি যোৱা নাই, বৰং পুৱাৰ সোণালী আঘোণৰ পথাৰত ধান দাবলৈ অহা দাৱনীৰ দলটোক দেখি কবিৰ প্ৰেমিক হৃদয়ৰ ব্যাকুলতাহে বাঢ়িছে।
আঘোণৰ পথাৰৰ সেই সোণবৰণীয়া ৰূপে কবিক তেওঁৰ ওঠৰ বছৰীয়া প্ৰেয়সী সেউতীলৈ গভীৰভাৱে মনত পেলাই দিছে। তাইৰ কথা মনলৈ অহাৰ লগে লগে কবি ৰোমাঞ্চিত হৈ পৰিছে আৰু এই মনোমোহা পৰিৱেশত তাইক এবাৰ চকুৰ আগত চাবলৈ অতিশয় ব্যগ্ৰ হৈ পৰিছে। সেয়েহে, আঘোণৰ পথাৰত ধান চপাবলৈ অহা জাক জাক দাৱনীৰ মাজত তেওঁৰ প্ৰেয়সী সেউতীও আছে নেকি বুলি কবিয়ে অলপ আঁতৰৰ পৰা দাৱনীসকলৰ মাজত নিজৰ প্ৰেয়সীক উৎকণ্ঠাৰে বিচাৰিবলৈ ধৰিলে। কিন্তু সেই সময়তে আঘোণৰ কুঁৱলীয়ে তেওঁৰ দৰ্শনৰ বাট ভেটি ধৰি বাৰে বাৰে আমনি কৰিছে। আঘোণৰ ঘন কুঁৱলীয়ে পথাৰখন ঢাকি ধৰাত তেওঁ তেওঁৰ প্ৰেয়সী পথাৰত আছে নে নাই সেইয়া ভালদৰে ধৰিব নোৱাৰিলে। আঘোণৰ কুঁৱলীয়ে সৃষ্টি কৰা এই আমনিৰ বাবেই তেওঁৰ মনৰ হেঁপাহ মনতে মৰহি গৈছিল।
২। আঘোণৰ পথাৰৰ মন পৰশা চিত্র ‘আঘোণৰ কুঁৱলী’ত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।
উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ত আঘোণৰ পথাৰৰ মন পৰশা দৃশ্য এক অতিশয় সুন্দৰ আৰু জীৱন্ত ৰূপত প্ৰকাশ পাইছে। অসমীয়া কৃষিভিত্তিক সমাজত আঘোণৰ পথাৰ এক আশাৰ প্ৰতীক হিচাপে বিবেচিত। কঠীয়া সিঁচোতে সপোনৰ বীজৰ ফলাফল পথাৰত দেখা পোৱা যায়— সোণালী ধানৰ ভিৰ। সেই ধান চপাবলৈ দাৱনীসকল দিন-ৰাতি, সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ কামত ব্যস্ত থাকে। তেওঁলোকৰ হাতত থকা চিকমিকীয়া কাঁচিৰে কৰা ‘কেচ্ কেচ্’ শব্দে পথাৰখনক যেন জীৱন্ত কৰি তোলে।
দাৱনীসকলৰ মুখত থকা তেল-হালধীয়া হাঁহি পথাৰৰ উজ্জ্বল সোণালী ধানৰ সৈতে মিলি এক মনোমোহা দৃশ্য সৃষ্টিৰে, কবিৰ মনোযোগ আৰু হেঁপাহক তীব্ৰ কৰি তোলে। আঘোণৰ পথাৰৰ এই সৌন্দৰ্য আৰু জীৱন্ততা কবিৰ অন্তৰত এক প্ৰগাঢ় প্ৰভাব পেলাই, পাঠককও সেই দৃশ্যৰ মাজত উপস্থিত কৰাৰ অনুভৱ কৰায়। কুঁৱলীয়ে পথাৰৰ দৃশ্যক আংশিকভাবে আৱৰণ কৰাৰ বাবেই কবিৰ চকুত সম্পূৰ্ণ দৃশ্য ধৰা নাযায়, কিন্তু তাতো কবিৰ অন্তৰৰ প্ৰেম আৰু মন পৰশাৰ অনুভূতিকে কমাব পৰা নাই।
সেয়েহে, ‘আঘোণৰ কুঁৱলী’ৰ বৰ্ণনাই আঘোণৰ পথাৰৰ ধান-দাৱনী, হাত-কৰ্ম, হাঁহি আৰু সোণালী ৰঙৰ সৌন্দৰ্যৰ মিলনেৰে এক মন পৰশা, জীৱন্ত আৰু হৃদয়স্পৰ্শী দৃশ্য সৃষ্টিৰে, পাঠকৰ অন্তৰত সেই সৌন্দৰ্যৰ গভীৰ ছাপ পেলাইছে।
৩। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।
উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ শীৰ্ষক কবিতাটিত কবিয়ে এক সহজ-সৰল, নিৰ্ভেজাল আৰু গ্ৰাম্য প্ৰেমৰ মনোমোহা চিত্ৰ অংকন কৰিছে। এই কবিতাৰ প্ৰেম আধুনিক জটিলতা বা কৃত্ৰিম আবেগেৰে ভৰপূৰ নহয়; বৰং ই গাঁৱৰ সহজ জীৱনৰ মাজতেই জন্ম লোৱা এক স্বাভাৱিক আৰু আন্তৰিক অনুভূতি। কবিৰ একমাত্ৰ আকাংক্ষা হ’ল— আঘোণৰ সোণালী পথাৰত ধান দাই থকা দাৱনীসকলৰ মাজত নিজৰ প্ৰেয়সী সেউতীক এবাৰ চকুৰে চোৱা।
কবিয়ে সেউতীৰ সৌন্দৰ্য অতি সাধাৰণ কিন্তু হৃদয়স্পৰ্শী ৰূপত চিত্ৰিত কৰিছে। সেউতীৰ তামোল পিকেৰে ৰঙা হোৱা ওঁঠ, ডালিমী দাঁত আৰু খিল্খিল্ হাঁহি—এইবোৰে কবিৰ মনত এক সৰল গাঁৱলীয়া নাৰীৰ ছবি ফুটাই তোলে। এই বৰ্ণনাত কোনো বাহুল্য নাই, আছে কেৱল স্বাভাৱিক সৌন্দৰ্যৰ প্ৰতি কবিৰ অকৃত্ৰিম আকর্ষণ। কবিৰ প্ৰেমত দেহাত্মক উচ্ছ্বাসতকৈ অধিক গুৰুত্ব পাইছে মানসিক টান আৰু মমতা।
আঘোণৰ কুঁৱলীয়ে কবিৰ দৃষ্টিপথ আৱৰণ কৰাত তেওঁ প্ৰেয়সীক দেখা নাপাই যি বিষাদ অনুভৱ কৰে, সিয়েই এই প্ৰেমৰ গভীৰতা প্ৰকাশ কৰে। কুঁৱলীয়ে সৃষ্টি কৰা এই বাধাই কবিৰ হেঁপাহ পূৰণ নকৰিলেও, প্ৰেমৰ অনুভূতিক অধিক তীব্ৰ আৰু সংবেদনশীল কৰি তোলে। প্ৰিয়জনক নেদেখাৰ বেদনাই কবিৰ অন্তৰত থকা মৰম, অপেক্ষা আৰু ব্যাকুলতাক স্পষ্ট কৰি তোলে।
এইদৰে ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কবিয়ে প্ৰেমক কোনো অলৌকিক বা নাটকীয় ৰূপ নিদি, গাঁৱৰ সাধাৰণ জীৱনৰ মাজত জন্ম লোৱা এক নিষ্পাপ, মৰমলগা আৰু হৃদয়স্পৰ্শী অনুভূতি হিচাপে উপস্থাপন কৰিছে। সেয়েহে এই কবিতাৰ প্ৰেমচিত্র পাঠকৰ মনত সহজেই দাগ কাটে আৰু বহুদিনলৈ স্মৃতিত ৰৈ যায়।
৪। ‘আঘোণৰ কুঁৱলী’ ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ কবিতাটোত কবিৰ অন্তৰৰ বিষাদবোধ সুন্দৰভাৱে প্ৰকাশ পাইছে। কবিৰ মন আঘোণৰ পথাৰৰ সৌন্দৰ্য আৰু প্ৰেয়সী সেউতীক চাবলৈ ব্যাকুল। কিন্তু ঘন কুঁৱলীয়ে তেওঁৰ এই ইচ্ছাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে। তেওঁ একোকে দেখা নোপোৱাৰ বাবে তেওঁৰ মনত এক গভীৰ হতাশাই বিৰাজ কৰিছে। কবিতাটোৰ শেষৰফালে এই বিষাদবোধ আৰু অধিক স্পষ্ট হৈ উঠে যেতিয়া তেওঁ কয়— “আঘোণৰ কুঁৱলীত ধাননি লুকালে / আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে / আঘোণৰ কুঁৱলীতে সেউতী হেৰালে”। তেওঁৰ প্ৰেয়সী সেউতী কুঁৱলীৰ আৱৰণত হেৰাই যোৱাৰ যি দুখ, সেয়াই তেওঁৰ অন্তৰৰ বিষাদবোধক চৰম ৰূপ দিছে।
৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) আঘোণৰ পথাৰত দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,
কাম আছে,
আঘোণৰ পথাৰত কাম আৰু কাম ।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্য়-পুথিৰ অন্তৰ্গত কবি কেশৱ মহন্ত ৰচিত ‘আঘোণৰ কুঁৱলী’ শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে।
আঘোণ মাহ হৈছে শস্য চপোৱাৰ মাহ। ধান পকি উঠাৰ লগে লগে দাৱনীসকলৰ কামো বহুগুণে বৃদ্ধি পায়। কবিয়ে “মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি” বুলি কৈ দাৱনীসকলৰ অবিৰাম পৰিশ্ৰমৰ ছবি দাঙি ধৰিছে।
কবিয়ে দাৱনীসকলৰ কামৰ শেষ নথকাৰ কথাটো বিশেষভাৱে প্ৰকাশ কৰিছে। আঘোণৰ পথাৰখনত বিশ্ৰামৰ কোনো ঠাই নাই; আছে মাথোঁ অবিৰাম শ্ৰম। এই শ্ৰমৰ মাজতেই দাৱনীসকলৰ জীৱন আবদ্ধ। কবিয়ে কেৱল আঘোণৰ পথাৰৰ কৰ্মব্যস্ততা বৰ্ণনা কৰা নাই, বৰং অসমৰ কৃষক সমাজৰ কঠোৰ পৰিশ্ৰম, জীৱন সংগ্ৰাম আৰু বাস্তৱ জীৱনৰ সত্যকো সুন্দৰভাৱে প্ৰকাশ কৰিছে। সেয়েহে এই কবিতাফাঁকি আঘোণৰ পথাৰৰ জীৱন্ত আৰু স্পৰ্শকাতৰ ছবি হিচাপে বিশেষ গুৰুত্ব বহন কৰে।
(খ) আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,
ৰাগি আছে,
আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ৰ অন্তৰ্গত কবি কেশৱ মহন্তৰ দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে।
কবিয়ে কইছে যে আঘোণৰ পথাৰত ধান কাটাত ব্যস্ত থকা সময়তো ডেকা-গাভৰুৰ মনত প্ৰেমৰ সুৰ থমকি নাথাকে। কঠোৰ শ্ৰমৰ মাজতো হৃদয়ৰ স্বাভাৱিক অনুভূতিসমূহ জাগ্ৰত হৈ থাকে।
আঘোণৰ পথাৰত ধান কটা দাৱনীসকলৰ মাজত কেতিয়াবা উৰুলি, হাঁহি আৰু উচ্ছ্বাসৰ শব্দ শুনা যায়। এই শব্দসমূহে কেৱল কামৰ আনন্দকেই নহয়, ডেকা-গাভৰুৰ অন্তৰত জাগি উঠা প্ৰেমৰ ৰাগিকো প্ৰতিফলিত কৰে। বন-হাঁহ উৰি যোৱাৰ দৃশ্যই যেন তেওঁলোকৰ মনকো উৰাই লৈ যায় প্ৰিয়জনৰ কাষলৈ। সেইবাবে কবিয়ে কৈছে—“আঘোণৰ পথাৰত ৰাগি আৰু ৰাগি”, অৰ্থাৎ আঘোণৰ পথাৰত কেৱল কামৰ ব্যস্ততা নাই, আছে প্ৰেম, উল্লাস আৰু জীৱনৰ মধুৰ সুৰ।
(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে
আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে
আঘোণৰ কুঁৱলীতে সেউতী হেৰালে
ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল…..
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্য়-পুথিৰ অন্তৰ্গত কবি কেশৱ মহন্তৰ দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে।
কবিয়ে আঘোণৰ পথাৰত ধান কাটাত ব্যস্ত দাৱনীসকলৰ মাজত নিজৰ প্ৰেয়সী সেউতীক এবাৰ চাবলৈ ব্যাকুল হৈ আছে। কিন্তু ঘন কুঁৱলীয়ে তেওঁৰ দৃষ্টিশক্তিক আৱদ্ধ কৰি ৰাখিছে। কুঁৱলীৰ আৱৰণত ধাননি পথাৰ লুকাই যায়, দাৱনীসকলো দেখা নাপায়, আৰু শেষত কবিৰ প্ৰেয়সী সেউতীও যেন কুঁৱলীৰ মাজতেই হেৰাই যায়।
“আঘোণৰ কুঁৱলীত ধাননি লুকালে” বুলি কওঁতে কবিয়ে প্ৰাকৃতিক দৃশ্যৰ অদৃশ্য হোৱাৰ কথা কৈছে। “দাৱনী ঢাকিলে” বুলিলে কৰ্মব্যস্ত জনজীৱনৰ ছবি অস্পষ্ট হৈ যোৱা বুজোৱা হৈছে। কিন্তু “সেউতী হেৰালে” পংক্তিয়ে কবিৰ ব্যক্তিগত বেদনাক সৰ্বাধিক তীব্ৰ ৰূপ দিয়ে। ইয়াত কুঁৱলী কেৱল প্ৰাকৃতিক পৰিঘটনা নহয়; ই কবিৰ মনৰ অপ্ৰাপ্তি, হতাশা আৰু ব্যৰ্থ প্ৰেমৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠিত হয়। শেষ পংক্তিত “ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল” বুলি কওঁতে কবিয়ে দেখুৱাইছে যে আশা আৰু কামনাৰে ভৰা মনটোৱে পূৰণ নোহোৱা সপোনক আঁকোৱালি ধৰি থাকিলেও বাস্তৱত সেয়া অধৰাই থাকি গ’ল।