মূল্যবোধ শিক্ষা
অতি চমু প্ৰশ্নঃ
১। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ।
২। প্ৰথম অৱস্থাত ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ প্রথম অৱস্থাত ‘মূল্য’ শব্দটো কেৱল অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল।
৩। নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ “ম’ৰেল”(moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?
উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral) শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ পৰা হৈছে।
৪। মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি?
উত্তৰঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে।
৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছে।
চমু প্ৰশ্নঃ
১। আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ কেইটা আৰু কি কি?
উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবোধ তিনিটা— সত্যম, শিৱম, সুন্দৰম্।
২। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে— (১) ধর্ম, (২) অর্থ, (৩) কাম আৰু (৪) মোক্ষ।
৩। প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
উত্তৰঃ প্রকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়।
৪। সহজ অৰ্থত মূল্যবোধ মানে কি?
উত্তৰঃ আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰা কিছুমান নীতি আৰু আদর্শই হৈছে সহজ অর্থত মূল্যবোধ।
৫। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?
উত্তৰঃ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে। সেইবোৰ হ’ল— যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্রতা।
দীঘল প্ৰশ্নঃ
১। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি ? বুজাই লিখা ৷
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে, মন বা আত্মাৰ বিকাশেই আধ্যাত্মিক মূল্যবোধৰ কেন্দ্ৰীয় ধাৰণা। তেওঁলোকে বিশ্বাস কৰে যে মন বা আত্মাৰ উৎকৰ্ষ সাধনেহে মানুহক এক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। মানৱীয়তা, সহযোগিতা, অহিংসা ভাৱ, ভক্তি, সংযম, উদাৰতা আদিৰ বৃদ্ধিয়ে আধ্যাত্মিক মূল্যবোধৰ বিকাশ নিৰূপণ কৰে।
বস্তুবাদী জগতখনৰ প্ৰতি অত্যধিক আসক্তি আৰু আধ্যাত্মিক মূল্যবোধৰ অভাৱে আজিৰ সমাজখনক বিশৃংখল, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক কৰি তুলিছে। আদৰ্শবাদী দাৰ্শনিকসকলে ভাবে যে মানৱীয় আবেগ-অনুভূতিৰ উৎকৰ্ষ সাধনৰ মাজেৰেহে এখন সমাজলৈ নৈতিকতা আৰু সুস্থিৰতা কঢ়িয়াই আনিব পৰা যায়। সেয়েহে, তেওঁলোকৰ মতে, আধ্যাত্মিক মূল্যবোধ হৈছে স্ব-প্ৰতিষ্ঠাৰ (Self-realization) এক পথ, যি মানুহক শাৰীৰিক জগতৰ ঊৰ্ধ্বত থকা চিৰন্তন সত্যৰ সন্ধান দিয়ে।
২। নন্দনতাত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা ৷
উত্তৰঃ সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ, অৰ্থাৎ নন্দনতাত্ত্বিক মূল্যবোধে সৌন্দৰ্যবোধক সূচায়। ই কেৱল মানুহক মানসিক শান্তি প্ৰদান কৰাই নহয়, জীৱনটোকো সুন্দৰ আৰু অৰ্থপূৰ্ণ কৰি তোলে। নন্দনতাত্ত্বিক সৌন্দৰ্য কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, বৰং সকলো ভাল কাম, ঘটনা বা ধাৰণাৰ মাজতো নান্দনিক মূল্যবোধ বিচাৰি পাব পাৰি। মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী, যি গভীৰ উপলব্ধিৰ বাবে প্ৰয়োজনীয়।
দাৰ্শনিক প্লেটোৰ মতে, ঐশ্বৰিক ধ্যান-ধাৰণাৰ মাজেদি সকলো বস্তুৰ নান্দনিকতা উপলব্ধি কৰিব পাৰি। তেওঁৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে; অৰ্থাৎ নিজস্ব দৃষ্টিভংগীৰেহে ব্যক্তিয়ে সৌন্দৰ্যবোধ কৰে। মুঠতে, নন্দনতাত্ত্বিক মূল্যবোধে জীৱন্ত বা জড সকলো বস্তুকে সামৰি লয় আৰু মানুহৰ মাজত সৃষ্টিশীলতা আৰু ৰুচিবোধৰ বিকাশ ঘটায়।
৩। চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা ৷
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকসকলে চিৰন্তন মূল্যবোধৰ কথা কয়। তেওঁলোকৰ মতে, চিৰন্তন মূল্যবোধ তিনি প্ৰকাৰৰ— সত্যম, শিৱম, সুন্দৰম। এই মূল্যবোধসমূহ হৈছে অপৰিৱৰ্তনীয় আৰু দেশ-কাল নিৰ্বিশেষে সকলো সমাজতে প্ৰযোজ্য। এই তিনিটাক একেলগে মূল্যবোধৰ ‘ত্ৰিনীতি’ বুলি কোৱা হয়।
সত্যম (Truth): ই জ্ঞানমূলক বা তত্ত্বমূলক মূল্যবোধ, যি সকলো জ্ঞানৰ ভেটি।
শিৱম (Goodness): ই নৈতিক বা ধাৰ্মিক মূল্যবোধ, যি মানৱীয় আচৰণৰ শুদ্ধতাক সূচায়।
সুন্দৰম (Beauty): ই নন্দনতাত্ত্বিক মূল্যবোধ, যি সৌন্দৰ্যবোধ আৰু ৰুচিৰ বিকাশ ঘটায়।
মানৱ সমাজত এই মূল্যবোধসমূহ সিঁচৰতি হৈ আছে। মানুহে এইবোৰ উপলব্ধি কৰি সমাজে নিজক মূল্যবোধৰ ভেটি হিচাপে গঢ়িব পাৰে।
৪। নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা ৷
উত্তৰঃ ‘নৈতিক’ শব্দটোৰ অভিধানিক অৰ্থ হৈছে নীতি-সম্পৰ্কীয়। নৈতিকতাৰ লগত সমাজত প্ৰচলিত নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ আৰু আদৰ্শসমূহ ওতপ্ৰোতভাৱে জড়িত। ইংৰাজী ‘Moral’ শব্দটো লেটিন ভাষাৰ ‘Mores’ শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে লোকাচাৰ বা সমাজে গ্ৰহণ কৰা আচৰণ-পদ্ধতি। সমাজে গ্ৰহণ কৰা নীতি-নিয়ম আৰু আচাৰ-ব্যৱহাৰৰ বিপৰীতে যি কাৰ্য কৰা হয় তাক অনৈতিক আচৰণ বুলি কোৱা হয়। সেয়েহে নৈতিক মূল্যবোধ বুলিলে সমাজে মান্যতা দিয়া শুদ্ধ আচৰণৰ ধাৰণাক বুজোৱা হয়।
নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজত প্ৰচলিত আচৰণ আৰু আদৰ্শসমূহ ধীৰে ধীৰে আয়ত্ত কৰা। মানুহে জন্মগতভাৱে নৈতিকতা লাভ নকৰে; সামাজিক পৰিৱেশ, পৰিয়াল, শিক্ষা আৰু অভিজ্ঞতাৰ জৰিয়তেই এই মূল্যবোধ গঢ় লৈ উঠে। নৈতিকতা হৈছে মানুহৰ জন্মগত প্ৰবৃত্তিসমূহ সংশোধন কৰি উচ্চ আদৰ্শ, মানৱিকতা আৰু দায়িত্ববোধেৰে পৰিপূৰ্ণ কৰি তোলাৰ প্ৰক্ৰিয়া। নৈতিক মূল্যবোধে মানুহক শুদ্ধ-অশুদ্ধ, উচিত-অনুচিতৰ বিচাৰ কৰাত সহায় কৰে আৰু ব্যক্তিগত, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক তথা প্ৰশাসনিক সকলো ক্ষেত্ৰতে মানুহৰ আচৰণ নিয়ন্ত্ৰণ আৰু পৰিশীলিত কৰে। এইদৰে নৈতিক মূল্যবোধে এক সুস্থ আৰু শৃঙ্খলাবদ্ধ সমাজ গঠনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
৫। মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা ৷
উত্তৰঃ মূল্যবোধ হৈছে সেইবোৰ নীতি আৰু আদৰ্শ, যিয়ে এখন সমাজক সুস্থ, সজ, নিকা আৰু মানৱীয় বোধসম্পন্ন কৰি তুলিব পাৰে। যিকোনো অনৈতিক আচৰণে মূল্যবোধ ভংগ কৰে।
সুস্থ সমাজ এখনৰ বাবে মানুহে মানুহক ভাল পাবলৈ শিকাটো অতি জৰুৰী। তদুপৰি, অহিংসা, সংযম, উদাৰতা, সহযোগিতা, পৰোপকাৰিতা, দায়িত্ববোধ আদি মানৱীয় গুণসমূহৰ ভেটি হৈছে মূল্যবোধ। সামাজিক পৰিৱেশৰ মাজেৰেই এই গুণসমূহ আয়ত্ত কৰিব পাৰি। বৰ্তমান সময়ত বস্তুবাদী জগতখনৰ প্ৰতি মানুহ অধিক আকৰ্ষিত হোৱা বাবে সমাজত নানান অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱা দেখা যায়। মূল্যবোধৰ নিৰন্তৰ চৰ্চা আৰু কৰ্ষণৰ মাজেৰেহে এনে কাৰ্য ৰোধ কৰাৰ লগতে এক শৃংখলাবদ্ধ আৰু সুস্থিৰ সমাজ এখন গঢ়াৰ আশা কৰিব পাৰি। গতিকে, মূল্যবোধ হৈছে মানৱ সমাজৰ বাবে এক নৈতিক ভেটি।