দীঘল প্ৰশ্নোত্তৰ
শিৱৰ কৃষিকাৰ্য — পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
১ ভীমক ভাত খুৱাবলৈ গৈ পাৰ্বতীৰ অৱস্থা কি হৈছিল? বৰ্ণনা কৰা।
শিৱৰ ঘৰত ভীম গৰখীয়া হিচাপে আছিল। ভীমে বহুত খাইছিল; কিন্তু ভিক্ষা কৰি অনা খাদ্যৰে তেওঁৰ পেট ভৰাব পৰা নগৈছিল। এদিন দুপৰীয়া গৰু চৰাই আহি ভীমে কাৰ্তিক আৰু গণেশৰ সৈতে ভাত খাবলৈ বহিল।
পাৰ্বতীয়ে কাঁহীত ভাত দি আঞ্জা আনিবলৈ গৈছিল। আঞ্জা লৈ উভতি আহি তেওঁ দেখিলে যে কাঁহীত ভাত নাই। পাৰ্বতীয়ে কাঁহীত ভাত দিয়াৰ লগে লগে ভীমে একে গৰাহতে সেই ভাত খাই পেলাইছিল। তিনি-চাৰিবাৰকৈ ভাত দিয়াৰ পাছতো ভীমৰ পেট নভৰিল। সেয়ে তেওঁ পাৰ্বতীক পুনৰ ভাত দিবলৈ ক’লে।
চৰুৰ ভাত শেষ হোৱাত পাৰ্বতীয়ে লাজতে ভীমৰ ওচৰলৈ ওলাই নাহিল। পাৰ্বতীয়ে আঞ্জা-ভাত নিদিয়াত ভীমে হাত ধুই উঠি আহিল। তাৰ পাছত ভিক্ষাৰ জোলোঙাত কিবা খোৱা বস্তু থাকিলে দিবলৈ পাৰ্বতীক অনুৰোধ কৰিলে।
পাৰ্বতীয়ে ঘৰত একো নাই বুলি কোৱাত ভীমে খঙেৰে ক’লে যে তেওঁলোকৰ ঘৰত তেওঁ খোৱা-বোৱাত যথেষ্ট কষ্ট পাইছে আৰু সদায় আধাপেটীয়াকৈ থাকিবলগীয়া হৈছে। সেয়ে তেওঁ সেই ঘৰত আৰু নাথাকি আন ঠাইলৈ গুচি যাব। ভীমৰ এই কথা শুনি পাৰ্বতী অত্যন্ত লজ্জিত হ’ল।
২ কি পৰিস্থিতিত শিৱই খেতি কৰিবলৈ সন্মত হৈছিল? শিৱৰ কৃষিকৰ্মৰ এটি বৰ্ণনা দিয়া।
শিৱৰ ঘৰত ভীম গৰখীয়া হিচাপে আছিল। ভীমে বহুত খাইছিল; কিন্তু ভিক্ষা কৰি অনা খাদ্যৰে তেওঁৰ পেট ভৰাব পৰা নগৈছিল। এদিন দুপৰীয়া গৰু চৰাই আহি ভীমে কাৰ্তিক আৰু গণেশৰ সৈতে ভাত খাবলৈ বহিল।
পাৰ্বতীয়ে কাঁহীত ভাত দি আঞ্জা আনিবলৈ যাওঁতেই ভীমে সকলো ভাত খাই পেলাইছিল। তিনি-চাৰিবাৰকৈ ভাত দিয়াৰ পাছতো ভীমৰ পেট নভৰিল। কিন্তু চৰুৰ ভাত শেষ হৈ যোৱাত পাৰ্বতীয়ে তেওঁক পুনৰ ভাত দিব নোৱাৰিলে।
ভীমে খঙেৰে ক’লে যে শিৱৰ ঘৰত তেওঁ সদায় আধাপেটীয়াকৈ থাকিবলগীয়া হয়। সেয়ে তেওঁ সেই ঘৰত আৰু নাথাকে আৰু আন ঠাইলৈ গুচি যাব। ভীমৰ কথা শুনি পাৰ্বতী অত্যন্ত লজ্জিত হ’ল।
শিৱই নিজৰ ত্ৰিশূলডালকে নাঙলৰ ফাল হিচাপে ব্যৱহাৰ কৰি হাল জুৰিলে আৰু খেতি কৰিবলৈ আৰম্ভ কৰিলে। এনেদৰেই শিৱৰ কৃষিকাৰ্যৰ আৰম্ভণি হৈছিল।
৩ শিৱৰ খেতি কেনেদৰে নষ্ট হৈছিল? ইয়াৰ পৰিণতি কি হ’ল?
ভীমৰ টান কথা শুনি পাৰ্বতীয়ে শিৱক খেতি কৰিবলৈ কৈছিল। পাৰ্বতীৰ কথা অনুসৰি শিৱই বিভিন্নজনৰ পৰা বীজ সংগ্ৰহ কৰি খেতি কৰিবলৈ আৰম্ভ কৰিলে। খেতি বৰ ভাল হৈছিল। কিন্তু শিৱই পাৰ্বতীক খেতিডৰা চাবলৈ যাবলৈ নিষেধ কৰিছিল।
পাৰ্বতীৰ খেতিডৰা চাবলৈ বৰ মন গৈ আছিল। সেয়ে এদিন তেওঁ খেতি চাবলৈ গ’ল। লহপহীয়া খেতিডৰা দেখি পাৰ্বতী আচৰিত হ’ল আৰু তেওঁৰ মুখৰ পৰা ‘উচ্’ আৰু ‘আচ্’ শব্দ দুটা ওলাল। সেই শব্দ দুটাৰ পৰা ওলোৱা জুইৰ ফিৰিঙতিয়ে খেতিডৰা পুৰি পেলালে। এই দৃশ্য দেখি পাৰ্বতী ভয় খালে আৰু ঘৰলৈ উভতি আহি মনে মনে থাকিল।
পিছত নিজৰ দোষ স্বীকাৰ কৰি পাৰ্বতীয়ে শিৱক পুনৰ খেতি কৰিবলৈ অনুৰোধ কৰিলে। পাৰ্বতীৰ অনুৰোধত শিৱই পুনৰ খেতি কৰিলে আৰু এইবাৰো খেতি বৰ ভাল হ’ল। খেতি চপোৱাৰ সময়ত শিৱই ভীমক ধান কাটি আনিবলৈ পঠিয়ালে।
সেয়া দেখি ভীমে—“ভঙুৱা শংকৰে কি খেতি কৰিলে!” বুলি হাঁহিবলৈ ধৰিলে। ভীমৰ মুঠিৰে মাত্ৰ তিনিমুঠি ধানহে হ’ল। তাকে দেখি পাৰ্বতীয়ে শিৱৰ ওপৰত খং কৰিলে। পাৰ্বতীয়ে খং কৰা দেখি শিৱৰো খং উঠিল আৰু তেওঁ সকলো ধান জ্বলাই দিলে।
সেইবাবে আধাপোৰা ধানক ‘আহু’ আৰু একেবাৰে নোপোৰাকৈ থকা ধানক ‘শালি’ বুলি কোৱা হয়। এয়াই শিৱৰ খেতি নষ্ট হোৱাৰ পৰিণতি।
৪ পাঠটিৰ মাজেদি শিৱৰ লৌকিক ৰূপটো কিদৰে ফুটি ওলাইছে? বৰ্ণনা কৰা।
কাব্যপুথিখনত শিৱক খেতিয়কৰূপে আৰু ভীমক গৰখীয়াৰূপে কল্পনা কৰা হৈছে। ইয়াৰ মাজেৰে অসমীয়া লৌকিক সমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি প্ৰকাশ পাইছে। কবিয়ে সমগ্ৰ কাব্যখনত বিমল হাস্যৰসৰ সৃষ্টি কৰি জনসাধাৰণক আনন্দ দিবলৈ প্ৰয়াস কৰিছে।
ইয়াত শিৱক কেৱল দেৱতাৰূপে দেখুওৱা হোৱা নাই। তেওঁক এজন সাধাৰণ গৃহস্থৰ দৰে অভাৱ-অনাটনৰ মাজত জীৱন নিৰ্বাহ কৰা, পৰিয়ালৰ সমস্যা সমাধান কৰা আৰু খেতি-বাতিত জড়িত হোৱা চৰিত্ৰৰূপে উপস্থাপন কৰা হৈছে।
শিৱৰ ঘৰত থকা গৰখীয়া ভীমক ভিক্ষা কৰি অনা খাদ্যৰে পেট ভৰাই খুৱাব নোৱাৰাত পাৰ্বতী লজ্জিত হৈছিল। পাৰ্বতীৰ অনুৰোধত শিৱই বিভিন্নজনৰ পৰা বীজ সংগ্ৰহ কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ নিজৰ ত্ৰিশূলডালকে নাঙলৰ ফাল হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ মাজেৰে শিৱৰ পৰিশ্ৰমী কৃষকসুলভ ৰূপ প্ৰকাশ পাইছে।
পাৰ্বতীৰ ভুলত প্ৰথমবাৰৰ খেতি নষ্ট হোৱাৰ পাছতো শিৱই তেওঁৰ অনুৰোধত পুনৰ খেতি কৰিছিল। কিন্তু ধান চপোৱাৰ পাছত পাৰ্বতীয়ে খং কৰাত শিৱই খঙেৰে সকলো ধান জ্বলাই দিছিল। পিছত পাৰ্বতীৰ অনুৰোধতে তেওঁ কমণ্ডলুৰ পানীৰে জুই নুমুৱাইছিল।
এনেদৰে অভাৱ, খং, অভিমান, পৰিশ্ৰম, দাম্পত্য জীৱন আৰু কৃষিকৰ্মৰ মাজেৰে পাঠটিত শিৱৰ দৈৱিক ৰূপৰ পৰিৱৰ্তে এজন সাধাৰণ অসমীয়া গৃহস্থ আৰু খেতিয়কৰ লৌকিক ৰূপ সুন্দৰভাৱে ফুটি উঠিছে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post