নৃতত্ত্বৰ পৰিচয় আৰু পটভূমি
অনুশীলনী
১। ‘এন্থ্ৰ’প’ছ মানে কি?
উত্তৰঃ‘এন্থ্ৰ’প’ছ’ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে মানুহ। ‘এন্থ্ৰ’প’ছ’ (মানুহ) আৰু ‘ল’গ’ছ’ (অধ্যয়ন বা বিজ্ঞান) এই দুটা গ্ৰীক শব্দৰ সংযোজনত ‘এন্থ্ৰ’প’ল’জি’ শব্দটো গঠিত হৈছে। সেয়ে, নৃতত্ত্ব বা Anthropology মানে হৈছে মানুহৰ বৈজ্ঞানিক অধ্যয়ন।
২। ‘এন্থ্ৰ’প’ল’জি শব্দটো কোনে উদ্ভাৱন কৰিছিল?
উত্তৰঃ এন্থ্ৰ’প’ল’জি’ শব্দটো গ্ৰীচৰ প্ৰখ্যাত দাৰ্শনিক পণ্ডিত এৰিষ্টটলে উদ্ভাৱন কৰিছিল বুলি কোৱা হয়।
৩। ‘নৃতত্ত্ব’ শব্দৰ অৰ্থ কি?
উত্তৰঃ নৃতত্ত্ব শব্দটো ‘নৃ’ আৰু ‘তত্ত্ব’ এই দুটা শব্দৰ সংমিশ্ৰণত গঠিত হৈছে। ‘নৃ’ শব্দৰ অৰ্থ হৈছে মানুহ আৰু ‘তত্ত্ব’ শব্দৰ অৰ্থ হৈছে বিজ্ঞান। সেয়ে, নৃতত্ত্বৰ অৰ্থ হৈছে মানুহ বা মানবজাতিৰ বৈজ্ঞানিক অধ্যয়ন।
৪। বিৱৰ্তন তত্ত্ব সম্বন্ধে চাৰ্লচ চাৰউইনে লিখা কিতাপ দুখনৰ নাম কি কি?
উত্তৰঃ বিৱৰ্তন তত্ত্ব সম্বন্ধে চাৰ্লচ চাৰউইনে লিখা কিতাপ দুখনৰ নাম হ’ল- ‘ The Origin of Species ‘ আৰু ‘ Descent of Man ‘ ।
৫। নৃতত্ত্বৰ প্ৰধান ভাগ দুটা কি কি?
উত্তৰঃ নৃতত্ত্বৰ প্ৰধান ভাগ দুটা হ’ল – আবয়বিক নতত্ত্ব আৰু সাংস্কৃতিক নৃতত্ত্ব।
৬। নৃতত্ত্ব বুলিলে কি বুজা?
উত্তৰঃ নৃতত্ত্ব শব্দটো ‘নৃ’ আৰু ‘তত্ত্ব’ এই দুটা শব্দৰ সংমিশ্ৰণত গঠিত। ‘নৃ’ শব্দৰ অৰ্থ হৈছে মানুহ আৰু ‘তত্ত্ব’ শব্দৰ অৰ্থ হৈছে বিজ্ঞান। সেয়ে, মানুহৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়নক নৃতত্ত্ব বুলি কোৱা হয়।
মানুহ সদায় সমাজ পাতি বাস কৰে আৰু সকলো জীৱৰ ভিতৰত মানুহেই একমাত্ৰ সংস্কৃতিসম্পন্ন প্ৰাণী। সেইবাবে মানুহক কেন্দ্ৰ কৰি মানৱৰ শাৰীৰিক (আৱয়ৱিক), সামাজিক, সাংস্কৃতিক, ঐতিহাসিক, ভৌগোলিক আদি সকলো দিশৰ প্ৰণালীবদ্ধ অধ্যয়নেই নৃতত্ত্বৰ বিষয়বস্তু।
৭। নৃতত্ত্বৰ পৰিসৰ সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ মানৱ সম্বন্ধে সকলো দিশ খুঁটিনাটি ভাৱে অধ্যয়ন কৰাটোৱেই নৃতত্ত্বৰ মূল লক্ষ্য। সেইবাবে নৃতত্ত্বৰ পৰিসৰ অতি বিস্তৃত। নৃতত্ত্বই জীৱজগতৰ এটা অংশস্বৰূপে মানুহৰ জৈৱিক অৱস্থিতি, উৎপত্তি, ক্ৰমবিকাশ, বিৱৰ্তন, প্ৰাণীজগতত মানুহৰ স্থান, আনুবংশিক গুণ, প্ৰজনন প্ৰক্ৰিয়া আদি বিষয়সমূহ অধ্যয়ন কৰে।
ইয়াৰ উপৰিও নৃতত্ত্বই মানুহে কেনেদৰে সমাজ পাতি বাস কৰিবলৈ শিকিলে, ভাষাৰ উদ্ভৱ কেনেকৈ হ’ল, সংস্কৃতি কেনেদৰে গঢ় লৈ উঠিলে আৰু কালৰ গতিত সংস্কৃতি কেনেদৰে বিকাশ, পৰিবৰ্তন আৰু পৰিবৰ্ধনৰ জৰিয়তে আধুনিক ৰূপ লাভ কৰিলে—এই সকলো বিষয়েই আলোচনা কৰে।
নৃতত্ত্বৰ বিষয়বস্তুক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি— (১) আৱয়ৱিক নৃতত্ত্ব আৰু (২) সাংস্কৃতিক নৃতত্ত্ব।
(১) আৱয়ৱিক নৃতত্ত্বঃ আৱয়ৱিক নৃতত্ত্বত মানুহৰ জীৱজগতত স্থান নিৰ্ধাৰণ কৰিবলৈ মানুহৰ নিকটৱৰ্তী অন্যান্য স্তন্যপায়ী প্ৰাণী যেনে বান্দৰ, বনমানুহ আদিৰ দেহগত গঠন অধ্যয়ন কৰা হয়, যাক প্ৰাইমেটতত্ত্ব বুলি কোৱা হয়। মানুহৰ উৎপত্তি, বিৱৰ্তন, শাৰীৰিক গঠন আৰু আৱয়ৱিক লক্ষণসমূহ অধ্যয়নক নৃজীৱতত্ত্ব বোলে। ইয়াৰ লগতে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যৰ আধাৰত প্ৰজাতিগত শ্ৰেণীকৰণ কৰা হয়, যাক প্ৰজাতিতত্ত্ব বুলি কোৱা হয়।
(২) সাংস্কৃতিক নৃতত্ত্বঃ সাংস্কৃতিক নৃতত্ত্বত মানুহৰ জন্মলগ্নৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন স্থানত বসবাস কৰা মানৱগোষ্ঠীৰ সংস্কৃতি প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা হয়। মানুহে কেতিয়া আৰু কেনেদৰে সমাজ পাতি বাস কৰিবলৈ ধৰিলে, ভাষাৰ উদ্ভৱ কেনেকৈ হ’ল, কেনেদৰে সা-সঁজুলি নিৰ্মাণ কৰিবলৈ শিকিলে, জীৱন-জীৱিকাৰ পদ্ধতি কেনেদৰে বিকাশ পালে আৰু সংস্কৃতিয়ে কালৰ গতিত কেনেদৰে বৰ্তমান অৱস্থালৈ উপনীত হ’ল—এই সকলো বিষয় ইয়াৰ অন্তৰ্গত। ইয়াত প্ৰতিটো মানৱগোষ্ঠীৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, কলা, ভাষা আদি সকলো দিশ সামৰি লোৱা হয়।
ইয়াৰ উপৰিও নৃতত্ত্বৰ অধ্যয়নৰ পৰা লাভ কৰা জ্ঞানসমূহ সমাজৰ উন্নতিৰ হকে ব্যৱহাৰ কৰা হয়। প্ৰয়োগিক নৃতত্ত্বই বিভিন্ন সমস্যাৰ ব্যৱহাৰিক সমাধানৰ উপায় দেখুৱায় আৰু ক্ৰিয়া নৃতত্ত্বই সমাজ পৰিবৰ্তনৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়ায়।
৮। ‘নৃতত্ত্ব’ শব্দটোৰ বুৎপত্তি সংক্ৰান্ত শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘নৃতত্ত্ব’ শব্দটো দুটা শব্দৰ সংযোজত সৃষ্টি হৈছে। ‘নৃ’ আৰু ‘তত্ত্ব’। অৰ্থাৎ ‘নৃ’ শব্দৰ অৰ্থ হৈছে মানুহ আৰু ‘তত্ত্ব’ শব্দৰ অৰ্থ হৈছে বিজ্ঞান। সেয়েহে নৃতত্ত্ব বুৎপত্তি সংক্ৰান্ত শব্দ অৰ্থ হ’ল মানৱ বিজ্ঞান।
৯। ‘নৃতত্ত্ব মানে হ’ল মানৱ বিজ্ঞান’। এই উক্তিৰ পৰা তুমি কি বুজা?
উত্তৰঃ মানৱৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়নেই হ’ল নৃতত্ত্ব । নৃতত্ত্বত মানৱ বুলিলে সমগ্র মানৱ গোষ্ঠীক বুজোৱা হয় । নৃতত্ত্বত মানুহৰ লগত জড়িত সকলো দিশেই অধ্যয়ন কৰা হয় । মানৱ যিহেতু জীৱজগতৰ আটাইতকৈ উন্নত আৰু একমাত্র সংস্কৃতিসম্পন্ন প্রাণী , সেয়েহে মানৱ বোলোতেই ইয়াৰ দুটা প্ৰধান দিশ আমাৰ মনলৈ আহে- এটা হ’ল আৱয়ৱিক দিশ আৰু আনটো হ’ল সাংস্কৃতিক দিশ।।
পৃথিৱীত বহু মানুহে বসবাস কৰে, তেওঁলোকৰ দৈহিক লক্ষণবোৰ বিচিত্ৰ। সেইদৰে তেওঁলোকৰ জীৱনধাৰাও বৈচিত্রময় ৷ মানৱৰ জন্মলগ্নৰে পৰা পৃথিৱীত মানৱগোষ্ঠীৰ বিৱৰ্তন, জীৱজগতৰ নিকটৱৰ্তী প্রাণীসমূহৰ লগত সাদৃশ্যতা, মানৱগোষ্ঠী মাজত আকৃতিগত বিভিন্নতা, জাতিগত বৈসাদৃশ্য, এই সকলোবোৰ আৱয়ৱিক নৃতত্ত্বত অধ্যয়ন কৰা হয় । তাৰোপৰি পাৰিপাৰ্শ্বিক অৱস্থা আৰু আনুবংশিক লক্ষণসমূহৰ দ্বাৰা কেনেকৈ মানৱৰ সাদৃশ্য আৰু বিভিন্নতাৰ সৃষ্টি হয় এইবোৰো আৱয়ৱিক নৃতত্ত্বত অধ্যয়ন কৰা হয়।
জীৱজগতত মানুহে একমাত্র সংস্কৃতিসম্পন্ন প্রাণী । মানৱে উন্নত মগজুৰ সহায়ত জীৱনৰ বিভিন্ন চাহিদা পূৰণ কৰিবলৈ বিভিন্ন কার্য সম্পাদক কৰে । সাংস্কৃতিক নৃতত্ত্বই মানৱৰ এই দিশৰ অধ্যয়ন কৰে । কিদৰে মানৱ সমাজৰ সৃষ্টি হ’ল, কেনেকৈ ভাষাৰ উদ্ভৱ হ’ল, কিদৰে মানুহে বিভিন্ন সামগ্ৰীৰে সা-সঁজুলি তৈয়াৰ কৰিবলৈ ল’লে আৰু কালৰ গতিত সংস্কৃতিয়ে বৰ্তমান অৱস্থাত কেনেকৈ উপনীত হ’ল ইত্যাদিবোৰ সাংস্কৃতিক নৃতত্ত্বত অধ্যয়ন কৰা হয় । তদুপৰি বিভিন্ন মানৱগোষ্ঠীৰ মাজৰ সাংস্কৃতিক বিভিন্নতাও অধ্যয়ন কৰা হয় ।
১০। ‘নৃতত্ত্বৰ বিভিন্ন শাখা-উপশাখাবোৰ উল্লেখ কৰা।
উত্তৰঃ নৃতত্ত্বৰ প্ৰধান শাখা দুটা ভাগত ভাগ কৰ্ব পাৰি – (i) আবয়বিক নৃতত্ত্ব আৰু (ii) সাংস্কৃতি নৃতত্ত্ব।
ইহঁতৰ দুয়োটাৰে বিভিন্ন কেইবাটাকৈ উপশাখা আছে।
আৱয়বিক নৃতত্ত্বৰ উপশাখাসমূহ হ’ল-
(i) নৃ-জীৱতত্ত্ব ।
(ii) মানৱ আনুবংশিক বিজ্ঞান।
(iii) প্ৰজাতিতত্ত্ব।
(iv) মানৱ বিৰ্বতন।
সাংস্কৃতিৰ নৃতত্ত্বৰ উপশাখাসমূহ হ’ল-
(i) সামাজিক নৃতত্ত্ব।
(ii) প্ৰাগৈতিহাসিক নৃতত্ত্ব বা প্ৰাগৈতিহাসিক প্ৰত্নতত্ত্ব।
(iii) নৃ-গোষ্ঠীতত্ত্ব।
(iv) নৃ-গোষ্ঠীয় ভাষাতত্ত্ব।
দুয়োটা শাখাৰে প্ৰয়োগিক দিশটো দুটা ভাগত ভাগ কৰিব পাৰি যেনে-
(i) প্ৰায়োগিক নৃতত্ত্ব।
(ii) ক্ৰিয়া নৃতত্ত্ব।
১১। ‘নৃতত্ত্ব’ৰ দুটা মুখ্য উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ নৃতত্ত্বৰ দুটা মুখ্য উদ্দেশ্য হ’ল-
নিজৰ অৰ্থাৎ মানৱৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰা।
সকলো মানৱ গোষ্ঠীৰ লোকসকলৰ শাৰীৰিক , মানসিক , সামাজিক আৰু অৰ্থনৈতিক উন্নতি কেনেকৈ সাধন কৰিব পাৰি তাৰ ওপৰত নৃতত্ত্বই আলোকপাত কৰে ৷
তৃতীয়তে মানৱৰ সৰ্বাংগীণ উন্নতি সাধন কৰি তেওঁলোকৰ মাজত কেনেকৈ সমন্বয় ৰক্ষা কৰিব পাৰি তাৰ বিষয়েও নৃতত্ত্বই চেষ্টা চলায় ।
১২। নৃতত্ত্বৰ মুখ্য় ভাগসমূহ পৰিপাটিকৈ চিত্ৰৰ সহায়ত দেখুওৱা।
উত্তৰঃ
১৩। হাৰস্ক’ভিটচে আগবঢ়োৱা নৃতত্ত্বৰ সংজ্ঞাটো লিখা।
উত্তৰঃ হাৰস্ক’ভিটচে আগবঢ়োৱা নৃতত্ত্বৰ সংজ্ঞাটো হ’ল- “নৃতত্ত্ব হ’ল মানুহ আৰু তেওঁৰ কাৰ্য্য সমূহৰ অধ্যয়ন”।
১৪। বিলচ্ আৰু হোইজাৰে আগবঢ়োৱা নৃতত্ত্বৰ সংজ্ঞাটো লিখা।
উত্তৰঃ বিলচ্ আৰু হোইজাৰৰ মতে নৃতত্ত্বৰ সংজ্ঞাটো হল – “নৃতত্ত্ব হৈছে অতীত আৰু বৰ্তমানত বৰ্তি থকা সকলো মানৱগোষ্ঠী আৰু তেওঁলোকৰ বিভিন্ন কৰ্ম আৰু কাৰ্যাৱলীৰ অধ্যয়ন।”
১৫। এ,এল, ক্ৰোবাৰে আগবঢ়োৱা নৃতত্ত্বৰ সংজ্ঞাটো লিখা।
উত্তৰঃ এ. এল. ক্ৰোবাৰৰ মতে, “নৃতত্ত্ব হৈছে মানুহ, মানুহৰ কৰ্ম আৰু আচৰণৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান।”
১৬। নৃতত্ত্বৰ শাখাসমূহৰ পাৰস্পৰিক সম্বন্ধৰ বিষয়ে লিখা।
উত্তৰঃ নৃতত্ত্বৰ বিভিন্ন শাখাৰ মাজত পাৰস্পৰিক সম্বন্ধ অতি ঘনিষ্ঠ। কোনো এটা শাখাক বাদ দি আন এটা শাখাৰ অধ্যয়ন সম্পূৰ্ণ হ’ব নোৱাৰে। আৱয়ৱিক নৃতত্ত্ব, সাংস্কৃতিক নৃতত্ত্ব আৰু প্ৰাগৈতিহাসিক নৃতত্ত্ব— এই তিনিটা শাখাৰ মাজত অন্তৰ্নিহিত সম্বন্ধ বিদ্যমান।
আৱয়ৱিক নৃতত্ত্বই মানুহৰ জৈৱিক বৈশিষ্ট্য, শাৰীৰিক গঠন, আনুবংশিক লক্ষণ আদি অধ্যয়ন কৰে। কিন্তু মানুহৰ সমাজ, সংস্কৃতি, ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ বুজা নাথাকিলে কেৱল আৱয়ৱিক তথ্যৰ আধাৰত কোনো মানৱগোষ্ঠীৰ সম্পূৰ্ণ অধ্যয়ন কৰিব নোৱাৰি। সেয়ে আৱয়ৱিক নৃতত্ত্বৰ অধ্যয়নত সাংস্কৃতিক নৃতত্ত্বৰ সহায় অত্যাৱশ্যক। আৱয়ৱিক নৃতাত্ত্বিকসকলে জৈৱিক বৈশিষ্ট্যসমূহ অধ্যয়ন কৰোঁতে সদায় প্ৰাকৃতিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখে।
একেদৰে, সাংস্কৃতিক নৃতত্ত্বই কোনো মানৱগোষ্ঠীৰ সংস্কৃতি অধ্যয়ন কৰোঁতে মানুহৰ শাৰীৰিক ক্ষমতা, জৈৱিক গঠন আৰু পৰিৱেশৰ প্ৰভাৱ বিবেচনা কৰিব লাগে। কাৰণ মানুহৰ শাৰীৰিক সামৰ্থ্য আৰু পৰিৱেশৰ ওপৰত ভিত্তি কৰি সংস্কৃতি গঢ় লৈ উঠে। সেইবাবে সাংস্কৃতিক নৃতত্ত্বৰ অধ্যয়নত আৱয়ৱিক নৃতত্ত্বৰ সহায় অপৰিহাৰ্য।
আৱয়ৱিক আৰু সাংস্কৃতিক নৃতত্ত্বৰ লগত প্ৰাগৈতিহাসিক নৃতত্ত্বৰো ঘনিষ্ঠ সম্বন্ধ আছে। প্ৰাগৈতিহাসিক যুগত লিখিত নথি নথকাৰ বাবে সেই সময়ৰ মানুহৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু সংস্কৃতি বুজিবলৈ প্ৰাগৈতিহাসিক নৃতাত্ত্বিকসকলে সাংস্কৃতিক নৃতত্ত্বৰ সহায় ল’বলগা হয়। একেদৰে মানৱ সমাজ আৰু সংস্কৃতিৰ বিকাশ আৰু বিৱৰ্তন অধ্যয়নৰ ক্ষেত্ৰত সাংস্কৃতিক নৃতত্ত্বই প্ৰাগৈতিহাসিক নৃতত্ত্বৰ ওপৰত নিৰ্ভৰ কৰে।
আৱয়ৱিক নৃতত্ত্বই মানুহৰ জৈৱিক বিৱৰ্তন অধ্যয়ন কৰোঁতে প্ৰাগৈতিহাসিক নৃতত্ত্বৰ খনন কাৰ্যৰ পৰা উদ্ধাৰ হোৱা জীৱাশ্মসমূহৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে, প্ৰাগৈতিহাসিক নৃতাত্ত্বিকসকলেও প্ৰাচীন সংস্কৃতি গঢ়ি তোলা মানুহৰ জৈৱিক বৈশিষ্ট্য বুজিবলৈ আৱয়ৱিক নৃতত্ত্বৰ সহায় লয়।
এইদৰে ক’ব পাৰি যে নৃতত্ত্বৰ সকলো শাখাই ইজনে সিজনৰ পৰিপূৰক আৰু পাৰস্পৰিকভাৱে সংযুক্ত। একেলগে অধ্যয়ন নকৰিলে নৃতত্ত্বৰ পূৰ্ণ স্বৰূপ বুজা সম্ভৱ নহয়।
১৭। নৃতত্ত্ব আৰু অন্য়ান্য় বিজ্ঞান বিষয়ৰ সম্বন্ধৰ বিষয়ে লিখা।
উত্তৰঃ নৃতত্ত্ব বিষয়টো আজিকালি অন্যান্য বিজ্ঞান বিষয়সমূহৰ সৈতে গভীৰভাৱে জড়িত, কিয়নো মানুহক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বহু সমস্যা সমাধানৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা লয়। নৃতত্ত্বই প্ৰাকৃতিক আৰু সামাজিক— উভয় বিজ্ঞানৰ পৰা বিভিন্ন পদ্ধতি আৰু প্ৰক্ৰিয়া গ্ৰহণ কৰে। জীৱবিজ্ঞান, প্ৰাণীবিজ্ঞান, শৰীৰবিজ্ঞান, শৰীৰতত্ত্ব, ভূ-বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি প্ৰাকৃতিক বিজ্ঞানৰ সৈতে আৱয়ৱিক নৃতত্ত্বৰ ঘনিষ্ঠ সম্বন্ধ আছে। একেদৰে সমাজবিজ্ঞান, মনোবিজ্ঞান, মানৱ ভূগোল, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু ইতিহাস আদি সামাজিক বিজ্ঞানসমূহৰ লগতো নৃতত্ত্বৰ গভীৰ সম্পৰ্ক বিদ্যমান। সাংস্কৃতিক নৃতত্ত্ব অধ্যয়নৰ ক্ষেত্ৰত মানৱ ভূগোল, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু ইতিহাস বিশেষ সহায়ক হয়। তদুপৰি প্ৰাগৈতিহাসিক নৃতত্ত্বৰ অধ্যয়নৰ বাবে পুৰাতত্ত্ব, ভূতত্ত্ব, জীৱাশ্ম বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ জ্ঞান অত্যাৱশ্যক, কিয়নো এইসমূহৰ সহায়ত খননকাৰ্য, সমলৰ বিশ্লেষণ আৰু কাল নিৰ্ণয় কৰা হয়। এইদৰে নৃতত্ত্ব আৰু অন্যান্য বিজ্ঞান বিষয়সমূহ পৰস্পৰ পৰিপূৰক আৰু ঘনিষ্ঠভাৱে সংযুক্ত।
