AHSEC Class 12 Assamese Chapter 10 বিশ্বখনিকৰ পাঠটোৰ উত্তৰ

বিশ্বখনিকৰ

(ক) অতি চমু প্ৰশ্ন :

১। অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?

উত্তৰঃ অসমীয়া সাহিত্য়ত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে মফিজুদ্দিন আহমদ হাজৰিকা দেৱক জনা যায়।

২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হল- ‘তত্ত্ব পাৰিজাত’।

৩। ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?

উত্তৰঃ বিশ্ব খনিকৰ বুলি লিখকে বিশ্বৰ সৃস্টি কৰোতা অৰ্থাৎ ঈশ্বৰৰ কথা কৈছে।

৪। ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্য়াত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা।

৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবিত।

(খ) চমু প্ৰশ্ন :

১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মফিজুদ্দিন আহমদ হাজিৰকাৰ কিবতাৰ দুটা বৈশিস্ট তলত উল্লেখ কৰা হ’ল –

ক) ‘জোনাকী’ যুগৰ কবি হলেও মফিজুদ্দিন আহমদ হাজিৰকাৰ কিবতাৰ ছন্দৰিতী সুকীয়া।

খ) সহজ-সৰল ঘৰুৱা ভাষাৰ প্ৰয়োগ আৰু ৰূপকৰ সহায়ত আধ্য়াত্মিক তত্ত্ব প্ৰকাশ কৰা তেওঁৰ আন এক বৈশিস্ট।

২। কবিয়ে ঈশ্বৰক কিয় ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে?

উত্তৰঃ খনিকৰ মানে হৈছে শিল-কাঠ-মাটি আদিৰে মূর্তি নির্মাণ কৰোঁতা। কবিয়ে ঈশ্বৰক ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে কিয়নো ঈশ্বৰেই হৈছে বিশ্বব্রহ্মাণ্ডৰ সমগ্র জড়জগত আৰু জীৱজগতৰ সৃষ্টিকর্তা। তেওঁৰেই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল তিলকে গঢ়ি তুলিছে।

৩। সত্ত্বঃ ৰজঃ তমো গুণ কি বুজাই লিখা ।

উত্তৰঃ সত্ত্ব, ৰজঃ আৰু তমঃ — এই তিনিটাক একেলগে ত্রিগুণ বোলা হয়। এই তিনিটা গুণৰ দ্বাৰাই সমগ্ৰ জগতখনৰ সৃষ্টি, স্থিতি আৰু লয় সম্পন্ন হয়। প্ৰকৃতি আৰু সকলো জীৱ এই ত্রিগুণৰ প্ৰভাৱৰ অধীনত থাকে।

সত্ত্ব গুণ মানে সৎ, শুদ্ধ আৰু উত্তম গুণ। এই গুণৰ প্ৰভাৱত মানুহ শান্ত, নম্ৰ, ধাৰ্মিক আৰু সংযমী হয়। সত্ত্ব গুণে মানুহক জ্ঞান, ভক্তি আৰু সদাচাৰৰ পথত আগবঢ়াই লৈ যায় আৰু জীৱন সুখময় কৰি তোলে।

ৰজঃ গুণ অহংকাৰ, কামনা আৰু সংসাৰিক ভোগৰ প্ৰতি আসক্তিৰ সূচক। এই গুণৰ প্ৰভাৱত মানুহ বিষয়ভোগৰ আকাঙ্ক্ষাৰে কৰ্মত লিপ্ত হয়। ৰজঃ গুণে মানুহক চঞ্চল, লোভী আৰু কৰ্মফলৰ প্ৰতি আসক্ত কৰি তোলে।

তমঃ গুণ অজ্ঞান, আলস্য আৰু মোহৰ প্ৰতীক। এই গুণৰ প্ৰভাৱত জীৱ অলসতা, নিদ্ৰা আৰু অন্ধকাৰময় চিন্তাত আৱদ্ধ থাকে। তমঃ গুণে মানুহক অজ্ঞানতা আৰু ভ্ৰান্তিত ৰাখি জীৱনৰ উন্নতিৰ পথত বাধা সৃষ্টি কৰে।

৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হল- ‘জ্ঞানমালিনী’ আৰু ‘তত্ত্ব পাৰিজাত’।

৫। কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে?

উত্তৰঃ কবিয়ে ঈশ্বৰক বিশ্বখিনকৰ বুিল আখ্যা দিছে। সমস্ত চৰাচৰৰ অিধপিত সেই সৰ্বশক্তিমান ঈশ্বৰ জগতৰ সৃস্টি, স্থিতি আৰু লয় সকেলােৰ অিধকাৰী। সত্বঃ, ৰজঃ, তমঃ, তিনিও গুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ। সমগ্ৰ বিশ্বক তেওঁৱে তিল তিল কৈ গঢ় দিছে। সেয়ে কবিয় তেওঁক সৰ্বব্য়াপি সৰ্ব শক্তিমান বুলি আখ্য়া দিছে৷

(গ) দীঘল প্ৰশ্ন:

১। ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?

উত্তৰঃ ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা পৰমেশ্বৰৰ কথাই কৈছে। কবিৰ দৃষ্টিত এই বিশাল বিশ্বখন আপোনা-আপুনি সৃষ্টি হোৱা বস্তু নহয়; ইয়াৰ আঁৰত এজন মহাশিল্পী বা খনিকৰৰ অস্তিত্ব নিশ্চয় আছে। সেই খনিকৰজনেই হৈছে ঈশ্বৰ, যিজনে সমগ্ৰ ত্ৰিলোক সৃষ্টি কৰিছে আৰু সৃষ্টিৰ সকলো ৰূপক সুন্দৰভাৱে গঢ়ি তুলিছে।

কবিয়ে এই কবিতাটোৰ জৰিয়তে ঈশ্বৰৰ অসীম শক্তি, সৰ্বব্যাপকতা আৰু সৃষ্টিশীল মহিমাৰ ভাৱ প্ৰকাশ কৰিব বিচাৰিছে। গ্ৰহ, তৰা, বেলি, জোনৰ পৰা আৰম্ভ কৰি গছৰ পাতলৈকে সকলোতে ঈশ্বৰৰ সৃষ্টিৰ চিন বিদ্যমান। যদিও তেওঁ সকলোতে বিৰাজমান, তথাপিও মায়াৰ আৱৰণৰ বাবে মানুহে তেওঁক চাক্ষুষভাৱে দেখা নাপায়। এইদৰে কবিয়ে ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাধ্যমেৰে ঈশ্বৰৰ প্ৰতি গভীৰ বিশ্বাস, বিস্ময় আৰু ভক্তিৰ ভাৱ প্ৰকাশ কৰিছে।

২। ‘সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও ওৰণিৰে মুখ ঢাকি থাকে ওচৰত ।’-এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা ।

উত্তৰঃ ব্ৰহ্মাণ্ডৰ অধিকাৰী ঈশ্বৰে সমগ্ৰ বিশ্বতে তিল তিলকৈ গঢ় দিছে। বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰটিতো বস্ততে আৰু সকেলােতে সেই পৰম সত্বা বিৰাজমান। প্ৰতিমূহূৰ্ততে সেই পৰম সত্বাৰ অস্তিত্ব সকলোৱে অনুভৱ কৰে।

৩। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাবটি লিখা ।

উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা।যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা।তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁ সকলোতে ব্যাপ্ত, অথচ তেওঁক দেখা পোৱা নাযায়। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে। মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে । এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয়। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ’লেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। সত্ত্বঃ, ৰজঃ, আৰু তমো এই তিনিও গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ। তেৱেঁই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে। সেয়ে কবিয়ে কৈছে যে তেৱেঁই অন্তযাৰ্মী সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, তেওঁ সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান ।

৪। ‘বিশ্বখনিকৰ’ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।

উত্তৰঃ ‘বিশ্ব খনিকৰ’ কবিতাটিত আধ্যাত্মিক দৰ্শনৰ গভীৰ তত্ত্ব অতি মনোগ্রাহীকৈ উন্মোচিত হৈছে। এই কাব্যত জগতৰ স্ৰষ্টা পৰম শক্তিৰ প্ৰতি কবিৰ মনত থকা গভীৰ ভক্তি আৰু শ্ৰদ্ধাৰ লগতে এক তাত্ত্বিক অনুসন্ধিৎসু মনোভাৱ স্পষ্ট ৰূপত প্ৰকাশ পাইছে। কবিৰ মতে, পৃথিৱীৰ প্ৰতিটো জীৱ আৰু জড় পদাৰ্থৰ অভ্যন্তৰতে সেই পৰম শক্তিৰ অধিষ্ঠান, তথাপিও মানুহে তেওঁক চকুৰে দেখা নাপায়। তেওঁ যেন মায়া বা অজ্ঞানতাৰ এখন ওৰণিৰে নিজকে ঢাকি ৰাখে। অৰ্থাৎ, আমি সংসাৰৰ সুখ-দুখ, মোহ, আৰু মায়াৰ বন্ধনত এনেদৰে সোমাই থাকোঁ যে এই পৰম সত্তাৰ অস্তিত্ব আমাৰ আত্মাৰ প্ৰতিটো কোণত থকাৰ পিছতো ইয়াক উপলব্ধি কৰা সহজসাধ্য নহয়। অজ্ঞানতাৰ জালত আৱদ্ধ হৈ আমি সেই পৰম জ্ঞানৰ পৰা আঁতৰি থাকোঁ, অথচ সেই সত্য জ্ঞান আমাৰ অন্তঃকৰণতে লুকাই থাকে। কবিতাটোত এনেধৰণৰ ঐশ্বৰিক আৰু আধ্যাত্মিক ধাৰণাসমূহ অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে।

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।

উত্তৰঃ ব্যাখ্যাকৰিবলগীয়া কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মফিজুদ্দিন আহমদ হাজৰিকা ৰচিত ‘বিশ্ব খনিকৰ’ নামৰ পাঠটিৰ পৰা আহৰণ কৰা হৈছে।

এই পৃথিৱীৰ সৃষ্টিকৰ্তা ‘বিশ্ব খনিকৰ’ৰ ঐশ্বৰিক মহিমা আৰু সৰ্বশক্তিমানতাৰ গুণানুকীৰ্তন কৰাৰ প্ৰসংগতে কবিয়ে ওপৰোক্ত পংক্তিকেইটাৰ অৱতাৰণা কৰিছে।

সৃষ্টিকৰ্তাৰ অস্তিত্ব সমগ্ৰ ব্ৰহ্মাণ্ডত বিৰাজমান। সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰসমূহৰ সুনিৰ্দিষ্ট গতি নিৰ্দ্ধাৰণৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ প্ৰতিটো জীৱন্ত আৰু জড় পদাৰ্থৰ সকলো ক্ৰিয়া-কলাপৰ আঁৰত সেই ‘বিশ্ব খনিকৰ’ৰেই কৃপা লুকাই আছে। তেওঁৱেই কাৰ্য, তেওঁৱেই সেই কাৰ্যৰ নিৰ্বাহক (‘কৰ্মী’) আৰু তেওঁৱেই মূল সৃষ্টিকৰ্তা (‘কাৰিকৰ’)। তেওঁৰ দয়াত আৰু ইচ্ছাতে বিশ্বৰ সকলো বস্তু জীয়াই আছে। জীৱন প্ৰদান কৰোতাও তেওঁ, পালন কৰাৰ দায়িত্বও তেওঁৰ, আৰু জীয়াই থকাৰ পথো তেওঁৱেই মুকলি কৰি দিয়ে। মৰুভূমিৰ দৰে কঠিন পৰিৱেশতো তেওঁ মানৱক জীয়াই থকাৰ উপায় যোগান ধৰে। এটা সাধাৰণ বীজ বা এটা ক্ষুদ্ৰ ভ্ৰূণৰ পৰা এজোপা বিশাল মহীৰূহ বা পূৰ্ণ মানৱৰ ৰূপ দিয়াটো তেওঁৰ দ্বাৰাই সম্ভৱ হয়। প্ৰকৃতিৰ বিচিত্ৰ আৰু অনন্য ৰূপৰ আঁৰত তেওঁৰেই অপাৰ মহিমা লুকাই আছে। এই ‘বিশ্ব খনিকৰ’ৰ মহিমাৰ সীমা নাই। সৃষ্টিৰ প্ৰতিটো বস্তুৰ বৈচিত্ৰ্য তেওঁৰ শক্তি অবিহনে কল্পনা কৰিব নোৱাৰি। এই বিশ্বৰ সৃষ্টিকৰ্তাজন অখণ্ড আৰু অপাৰ শক্তিৰ অধিকাৰী, যিজনে তিলতিলকৈ এই বিশাল পৃথিৱীখন নিৰ্মাণ কৰিছে। সেইবাবেই কবিয়ে দৃঢ়তাৰে তেওঁক ‘বিশ্ব খনিকৰ’ বুলি ঘোষণা কৰিছে।

Scroll to Top