Might Learn Logo Might Learn Shop Might Learn

AHSEC Class 11 Assamese Chapter 11 বিয়াৰ প্ৰেজেণ্ট : চৈয়দ আব্দুল মালিক পাঠটোৰ উত্তৰ

বিয়াৰ প্ৰেজেণ্ট

চৈয়দ আব্দুল মালিক

ক) অতি চমু প্ৰশ্নঃ

১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি?

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম হল- ‘পৰশমণি’।

২। কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে।

৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা৷

উত্তৰঃ চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম হল-‘মাজত মাথোঁ হিমালয়’।

৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম-‘ৰূপতীৰ্থৰ যাত্ৰী’।

৫। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?

উত্তৰঃ বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনী হল “বিনিতা

খ) চমু প্ৰশ্নঃ

১। “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-‘আমাৰ তাৰে নোহোৱানে’?” -কোনে কাক কথাষাৰ সুধিছিল?

উত্তৰঃ প্ৰশ্নোক্ত কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল ।

২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?

উত্তৰঃ নাজিয়াই সম্পৰ্কীয় মোমায়েক ৰিটায়াৰ্ড হাকিম আহমেদ চাহেবৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল।

৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?

উত্তৰঃ নাজিয়াই মোমায়েক হাকিম আহমেদৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ বুলি ওলাই যাওঁতে বাটতে কনকেশ্বৰ ঠাকুৰক লগ পায়। কনকেশ্বৰ ঠাকুৰৰ পৰা তেওঁ জীয়েক বিনিতাৰ পৰা তাইৰ অসস্থতাৰ কথা জানিব পাৰে। নাজিয়াই বিনিতাৰ অপাৰেচন অতি জৰুৰী বুলি গম পায়। এই কথা শুনি নাজিয়াই বিনীতাক চাবলৈ আৰু সহায় কৰিবলৈ হস্পিতাললৈ যাবলগীয়া হয়।

৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰপৰা পইচা পালে?

উত্তৰঃ কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক বিনীতা হস্পিতালত চিকিৎসাধীন অৱস্থাত আছিল। কিন্তু চিকিৎসা তথা অপাৰেচনৰ বাবে প্ৰয়োজনীয় টকা নথকাৰ বাবে কনকেশ্বৰ ঠাকুৰ গাঁওলৈ ঘূৰি যাবলৈ ওলায়। সেই সময়তে বাছ আস্থানত নাজিয়াৰ সৈতে তেওঁৰ দেখা হয়। কনকেশ্বৰ ঠাকুৰে নাজিয়াত লগ পায় তেওঁৰ সমস্যাটোৰ কথা কোৱাত নাজিয়াই তাইৰ লগত থকা টকাকেইটা দি সহায় কৰে। কনকেশ্বৰ ঠাকুৰে নাজিয়াৰ পৰা পোৱা টকাকেইটাৰে তেওঁ জীয়েকৰ অপাৰেচন কৰে।

৫। “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব” -‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ‘বিয়াৰ প্ৰেজেণ্ট’ চুটি গল্পটোত ‘আমাৰ দুজন’ বুলি নাজিয়া আৰু তেওঁৰ গিৰীয়েকৰ কথা কোৱা হৈছে।

গ) দীঘল প্ৰশ্ন।

১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?

উত্তৰঃ নাজিয়াই তেওঁৰ সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ যাওঁতে তাই বাছৰ পৰা নামি বিয়া ঘৰলৈ যাবৰ বাবে ৰিক্সা এখন ল’ব ওলাওঁতেই তাই কনকেশ্বৰ ঠাকুৰক লগ পাইছিল। কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক অসুস্থ আছিল আৰু অপাৰেচনৰ বাবে কিছু টকা প্ৰয়োজন হোৱাত তেওঁ গাওঁলৈ যাবলৈ ওলাওঁতেই বাছস্থানত নাজিয়াক লগ পাইছিল আৰু নাজিয়াৰ সৈতে তেওঁৰ দেখা হৈছিল।

২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল?

উত্তৰঃ নাজিয়াই তেওঁৰ মোমায়েক হাকিম আহমেদৰ নুমলীয়া জীয়েকৰ বিয়াৰ নিমন্ত্ৰণ পাই স্বামী–স্ত্ৰী দুয়োজনে বিয়া খাবলৈ যাব বিচাৰিছিল। কিন্তু তেওঁলোকৰ আৰ্থিক অৱস্থা অতি দুৰ্বল আছিল। হাতত থকা মাত্ৰ দুশ টকাৰে ৰিক্সা ভাড়া, বাছ ভাড়া আৰু বিয়াৰ উপহাৰৰ বাবে খৰচ কৰিবলা যঠেস্ট নাছিল। বহু বাৰ হিচাপ কৰি চাইও দুয়োজনে যোৱা সম্ভৱ নহ’ল। সেইকাৰণে অনিচ্ছা সত্ত্বেও নাজিয়াই গিৰীয়েকক এৰি অকলেই মোমায়েকৰ জীয়েকৰ বিয়া খাব যাবলৈ বাধ্য হ’ল।

৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?

উত্তৰঃ নাজিয়াই মোমায়েক হাকিম আহমেদৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ বুলি যাওঁতে বাছ আস্থানত তেওঁলোকৰ গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পায়। কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক বিনীতা অসুস্থ হৈ হস্পিতালত ভৰ্তি আছিল আৰু তাইৰ অপাৰেচনৰ বাবে তেজৰ অতি প্ৰয়োজন হৈছিল। কিন্তু টকাৰ অভাৱত কনকেশ্বৰ ঠাকুৰ অতি চিন্তিত হৈ টকা যোগাৰ কৰিবলৈ গাঁৱলৈ ঘূৰি যাবলৈ ওলাইছিল, যদিও গাঁৱত গৈ টকা পাব নে নাই তাৰ কোনো নিশ্চয়তা নাছিল। এই দুৰৱস্থা দেখি নাজিয়াই নিজৰ হাতত থকা বিয়ালৈ যাবৰ বাবে যোগাৰ কৰা টকাখিনি বিনীতাৰ চিকিৎসাৰ বাবে কনকেশ্বৰ ঠাকুৰক দি সহায় কৰে আৰু কনকেশ্বৰ ঠাকুৰৰ লগত হস্পিতাললৈ বিনীতাক চাবলৈ যায় আৰু দিনটো হস্পিতালত থাকি বিয়ালৈ নগ’ল।

৪। বিনীতাৰ অপাৰেচন কেনেকৈ ততাতৈয়াকৈ হৈ গ’ল বৰ্ণনা কৰা?

উত্তৰঃ নাজিয়াই মোমায়েকৰ ছোৱালীৰ বিয়ালৈ যাবলৈ ওলাই বাছ আস্থানত ৰিক্সা ল’ব খোজোঁতেই তেওঁলোকৰ গাৱঁৰে কনকেশ্বৰ ঠাকুৰক লগ পায়। তেওঁৰ পৰা নাজিয়াই জানিব পাৰে যে কনকেশ্বৰ ঠাকুৰৰ কন্যা বিনীতা গুৰুতৰভাৱে অসুস্থ হৈ হস্পিতালত ভৰ্তি আছে। ডাক্তৰে বিনীতাৰ জৰুৰী অপাৰেচন কৰাৰ লগতে তেজ দিব লাগিব বুলি জনাইছিল।

এই অৱস্থাত নাজিয়াই বিনীতাৰ চিকিৎসাৰ বাবে সহায় কৰিব বুলি আশ্বাস দিয়ে আৰু বিয়ালৈ নাযাই কনকেশ্বৰ ঠাকুৰৰ লগত হস্পিতাললৈ গ’ল। হস্পিতালত গৈ নাজিয়াই নিজৰ হাতত থকা টকাৰ পৰা বিশ টকা ৰাখি বাকী এশ টকা কনকেশ্বৰ ঠাকুৰক দি কয় যে তাই আবেলিলৈকে বিনীতাৰ ওচৰত থাকিব আৰু তেওঁ সেই টকাৰে যি প্ৰয়োজনীয় দৰৱ – পাতি আদি আনিবলৈ কয়। নাজিয়াৰ পৰা পোৱা এই সহায়ত কনকেশ্বৰ ঠাকুৰে ডাক্তৰক লগ ধৰি বিনীতাৰ অপাৰেচন কৰাবলৈ সক্ষম হয়। আৰু নাজিয়াই কৰা সহায়ৰ বাবে বিনিতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ যায় আৰু বিনিতা অতি সোনকালে সুস্থ হৈ উঠে।

৫। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত মানৱবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা৷

উত্তৰঃ মানৱতাবোধৰ প্ৰকাশ চৈয়দ আব্দুল মালিৰ গল্পসমূহৰ এক মুখ্য বৈশিষ্ট্য। তেওঁৰ “বিয়াৰ প্ৰেজেন্ট” নামৰ গল্পটোত এই মানৱতাবাদ সুস্পষ্টভাৱে প্ৰতিফলিত হৈছে।

নাজিয়াই বিয়ালৈ যোৱাৰ পথত কনকেশ্বৰ ঠাকুৰক লগ পায় আৰু তেওঁৰ পৰা জানিব পাৰে যে তেওঁৰ ছোৱালী বিনীতা গুৰুতৰভাৱে অসুস্থ হৈ হস্পিতালত ভৰ্তি আছে। ডাক্তৰে বিনীতাৰ জৰুৰী অপাৰেচন কৰাৰ লগতে তেজ দিয়াৰ প্ৰয়োজন আছে বুলি জনাইছিল। কিন্তু টকাৰ অভাৱত কনকেশ্বৰ ঠাকুৰে টকা যোগাৰ কৰিবলৈ গাঁৱলৈ উভতি যাবলৈ ওলাইছিল, যদিও তাত টকা পোৱাৰ কোনো নিশ্চয়তা নাছিল।

এই দুৰৱস্থা দেখি নাজিয়াই বিয়ালৈ নগৈ কনকেশ্বৰ ঠাকুৰৰ সৈতে হস্পিতাললৈ যায়। তাই নিজৰ হাতত থকা টকাৰ পৰা বিশ টকা ৰাখি বাকী এশ টকা কনকেশ্বৰ ঠাকুৰক বিনীতাৰ অপাৰেচনৰ ব্যৱস্থা কৰিবলৈ দিয়ে। নাজিয়াৰ এই সহানুভূতিপূৰ্ণ সহায়ত সময়মতে বিনীতাৰ অপাৰেচন সম্পন্ন হয়। এই ঘটনাই নাজিয়াৰ মনত এক পৱিত্ৰ আনন্দৰ অনুভৱ জগায়। এনেদৰে গল্পটোৰ মুখ্য চৰিত্ৰ নাজিয়াৰ কৰুণাময় আচৰণৰ জৰিয়তে চৈয়দ আব্দুল মালিয়ে মানৱতাবোধৰ উজ্জ্বল প্ৰকাশ ঘটাইছে।

অতিৰিক্ত প্ৰশ্নঃ

১। চৈয়দ আব্দুল মালিকৰ জন্ম কিমান চনত?

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনত।

২। চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম লিখা ৷

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম হল- ‘ৰথৰ চকৰী ঘূৰে’, ‘সুৰুজমুখীৰ স্বপ্ন’, ‘পহুমৰা হাতীৰ বাট’, ‘জেতুকা পাতৰ দৰে’, ‘ৰূপতীৰ্থৰ যাত্ৰা’, ‘ধন্য় নৰ তনু ভাল’, ‘অঘৰী আত্মাৰ কাঁহিনি’, ‘ৰূপাবৰিৰ পলস’ আদি।

৩। চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলনৰ নাম লিখা ৷

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলনৰ নাম হল- ‘এজনী নতুন ছোৱালী’, ‘ৰঙাগড়া’, ‘প্ৰাণাধিকা’, ‘মৰম মৰম লাগে’ আদি।

৪। চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ হল- ‘অসমীয়া জিকিৰ আৰু জাৰি’, ‘আজান ফকীৰ আৰু সুৰীয়া জিকিৰ’, ‘চুফী আৰু চুফীবাদ’ আদি।

৫। চৈয়দ আব্দুল মালিকে কিমান চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল?

উত্তৰঃ চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল।

৬। চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ ১৯৭২ চনত চৈয়দ আব্দুল মালিকে চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

৭। চৈয়দ আব্দুল মালিকৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ মৃত্য়ু হয় ২০০০ চনত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects