মিলন
(ক) অতি চমু প্ৰশ্নঃ
১। নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
উত্তৰঃ নলিনীবালা দেৱীক অসমীয়া সাহিত্যত ৰহস্যবাদী অথবা অতীন্দ্ৰিয়বাদী কবি হিচাপে জনাজাত।
২। নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?
উত্তৰঃ নলিনীবালা দেৱীৰ নিজা জীৱনৰ কাহিনী সন্নিৱিষ্ট গ্ৰন্থখনৰ নাম হ’ল ‘এৰি অহা দিনবোৰ’।
৩। ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?
উত্তৰঃ ‘জাগৃতি’ কাব্য সংকলনখনৰ মাজেৰে কবিয়ে নিজৰ দেশৰ প্ৰতি থকা প্ৰবল প্ৰেমৰ মনোভাৱ ব্যক্ত কৰিছে।
৪। ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?
উত্তৰঃ ‘মিলন’ শীৰ্ষক কবিতাটোত কবিয়ে ‘তোমাৰ’ বুলি তেওঁৰ পৰম আৰাধনাৰ কেন্দ্ৰবিন্দু, অৰ্থাৎ পৰম ঈশ্বৰৰ কথা কৈছে।
৫। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ নলিনীবালা দেৱীয়ে তেওঁৰ ‘অলকানন্দা’ নামৰ কাব্য সংকলনখনৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিছিল।
(খ) চমু প্ৰশ্নঃ
১। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।
উত্তৰঃ নলিনীবালা দেৱীৰ দ্বাৰা ৰচিত দুখন জীৱনীমূলক গ্ৰন্থ হ’ল— ‘স্মৃতিতীর্থ’ আৰু ‘বিশ্বদীপা’।
২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দর্শন দিয়ে ?
উত্তৰঃ কবিৰ পৰম আৰাধ্যজনে বাহ্যিক ৰূপত নহয়, বৰং কবিৰ মনৰ গভীৰতাৰ তীৰে তীৰে আহি দৰ্শন দিয়ে। ইয়াৰ অৰ্থ হৈছে— কবিয়ে নিজৰ অন্তৰাত্মাৰ মাজতে আৰাধ্যজনৰ উপস্থিতি অনুভৱ কৰে। তেওঁ সপোন আৰু বাস্তৱৰ সীমা অতিক্ৰম কৰি হৃদয়ৰ ভিতৰতেই পৰমজনৰ সান্নিধ্য লাভ কৰে। এই আধ্যাত্মিক অনুভৱৰ জৰিয়তে কবিয়ে উপলব্ধি কৰে যে ঈশ্বৰ সদায় ভক্তৰ অন্তৰতেই বাস কৰে, আৰু অন্তৰৰ শুদ্ধ ভক্তি আৰু বিশ্বাসৰ জৰিয়তেই তেওঁৰ দৰ্শন সম্ভৱ হয়।
৩। কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?
উত্তৰঃ ‘আছা মোৰ নিজান কোণত’ কথাষাৰেৰে কবিয়ে তেওঁৰ পৰম আৰাধ্য ভগৱানৰ উপস্থিতিৰ কথা বুজাইছে।
৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি ?
উত্তৰঃ কবিৰ পৰম আৰাধ্যজনে নিয়ৰৰ মালা গাঁথি পুৱাৰ সময়ত কবিক দৰ্শন দিয়ে।
৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত আশ্ৰয় ল’লে কবিয়ে তেওঁৰ পৰম আৰাধ্য ভগৱানক দেখা পায়।
(গ) দীঘল প্রশ্ন।
১। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্ৰকাশ পাইছে, তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা।
উত্তৰঃ নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ অতীন্দ্ৰিয়বাদী তথা আধ্যাত্মিক ভাবধাৰাৰ প্ৰকাশ পাইছে। তেওঁৰ কাব্যত ভগৱানৰ প্ৰতি গভীৰ অনুৰাগ, আত্মাৰ মুক্তিৰ আকুলতা আৰু মানৱ জীৱনৰ দুখ-বেদনাৰ আধ্যাত্মিক ব্যাখ্যা স্পষ্ট ৰূপত ফুটি উঠিছে। ব্যক্তিগত জীৱনৰ সুখ-দুখ, বেদনাবোধ আৰু অন্তৰৰ ব্যাকুলতাই তেওঁৰ কবিতাত ভগৱৎ প্ৰেমৰ সৈতে একাত্ম হৈ এক গভীৰ ভাবগম্ভীৰতাৰ সৃষ্টি কৰিছে।
নলিনীবালা দেৱীয়ে ভাৰতীয় ধৰ্ম, সংস্কৃতি আৰু দাৰ্শনিক চিন্তাধাৰাৰ প্ৰতি থকা নিজৰ গভীৰ আস্থা আৰু নিষ্ঠা কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে। জীৱনত লাভ কৰা দুখ-কষ্টসমূহক তেওঁ আধ্যাত্মিক দৃষ্টিকোণেৰে গ্ৰহণ কৰি মানসিক শক্তি আৰু শান্তি লাভ কৰাৰ পথ অনুসন্ধান কৰিছে। এই দুখ-বেদনাই তেওঁৰ কবিতাত নিৰাশাৰ পৰিৱৰ্তে আত্মশুদ্ধি আৰু ঈশ্বৰপ্ৰাপ্তিৰ আকাংক্ষা জন্ম দিছে।
এইদৰে ক’ব পাৰি যে নলিনীবালা দেৱীৰ কবিতাসমূহত অতীন্দ্ৰিয়বাদ, ভগৱৎ প্ৰেম, আত্মবোধ আৰু গভীৰ আধ্যাত্মিক চিন্তাৰ এক সুন্দৰ সংমিশ্ৰণ দেখা যায়, যিয়ে তেওঁৰ কবিতাক ভাবগম্ভীৰ আৰু অৰ্থবহ কৰি তুলিছে।
২। ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।
উত্তৰঃ ‘মিলন’ কবিতাটিত কবিয়ে যাৰ কোনো পাৰ্থিৱ ৰূপ নাই, সেই নিৰাকাৰ পৰম আৰাধ্য পৰমব্ৰহ্মৰ সৈতে নিজৰ অন্তৰৰ আধ্যাত্মিক মিলনৰ কথা ব্যক্ত কৰিছে। কবিতাটোৰ মাজেৰে কবিয়ে দেখুৱাইছে যে সাধাৰণ চকুৰে দেখা নোপোৱা সেই পৰমজনক তেওঁ নিজৰ মনৰ গভীৰতম স্তৰত সদায় অনুভৱ কৰে। জোনাকী নিশা, তিৰবিৰাই থকা তৰা, সন্ধিয়াৰ পোহৰ অথবা ধ্যানমগ্ন অৱস্থাত— সকলো ঠাইতে কবিয়ে পৰম আৰাধ্যৰ উপস্থিতি অনুভৱ কৰে। পৰমজন যেন কবিৰ হৃদয়ত নিজৰ স্থায়ী বাসস্থান গঢ়ি লৈছে।
মাজনিশা যেতিয়া সমগ্ৰ জগত আৰু প্ৰাণীকূল গভীৰ নিদ্ৰাত নিমগ্ন থাকে, তেতিয়াও কবিৰ মনত পৰম আৰাধ্যৰ স্মৃতি আৰু উপলব্ধি জাগ্ৰত থাকে। পুৱাৰ নিৰ্জন, শান্ত প্ৰকৃতিৰ মাজতো কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক অনুভৱ কৰে। এইদৰে কবিয়ে জীৱনৰ প্ৰতিটো ক্ষণতে নিজৰ মন আৰু পৰম আৰাধ্যৰ মাজত এক অটুট সম্পৰ্ক অনুভৱ কৰে। কবিতাটোৰ মাজেৰে কবিৰ আত্মা আৰু পৰম আৰাধ্যৰ এনে একাত্মবোধৰ মিলনকেই গভীৰ আধ্যাত্মিক অনুভূতিৰে অংকন কৰা হৈছে।
৩। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা।
উত্তৰঃ কবিয়ে কৈছে যে তেওঁ তেওঁৰ পৰম আৰাধ্যজনক সদায় আৰু সকলো ঠাইতে দেখা পায়। পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পৰা ৰাতি গভীৰ নিদ্ৰালৈকে, গধূলিৰ আন্ধাৰত, সন্ধিয়াৰ আৰাধনাৰ সুৰত, নিশাৰ জোনাকী পোহৰত আৰু আকাশৰ তৰাবোৰৰ সৌন্দৰ্যৰ মাজতো তেওঁ নিজৰ পৰম আৰাধ্য ভগৱানক অনুভৱ কৰে। আনকি গভীৰ টোপনি আৰু সপোনতো কবিয়ে তেওঁৰ পৰম আৰাধ্যজনৰ দৰ্শন লাভ কৰে বুলি কৈছে।
8। কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা।
উত্তৰঃ কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কওঁতে তেওঁৰ পৰম আৰাধ্যজনৰ সৈতে হোৱা নিৰৱচ্ছিন্ন আধ্যাত্মিক একাত্মতাক বুজাইছে। কবিয়ে পৰম আৰাধ্য ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলো বস্তু আৰু পৰিৱেশৰ মাজতে অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ ম্লান পোহৰ, সন্ধিয়াৰ আৰতিৰ সুৰ, সৌন্দৰ্য আৰু প্ৰকৃতিৰ প্ৰতিটো ৰূপতেই তেওঁ ভগৱানৰ উপস্থিতি উপলব্ধি কৰে। পুৱা সাৰ পোৱা পৰা ৰাতি গভীৰ টোপনিলৈকে, সপোন আৰু বাস্তৱ— দুয়োটাতে কবিয়ে সদায় পৰম আৰাধ্যজনৰ সান্নিধ্য লাভ কৰে। এইদৰে কবিৰ মন আৰু পৰম আৰাধ্যজনৰ মাজত গঢ় লৈ উঠা গভীৰ আধ্যাত্মিক একাত্মতাকেই কবিয়ে ‘অনন্ত মিলন’ বুলি অভিহিত কৰিছে।
৫। ‘মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে, চমুকৈ আলোচনা কৰা।
উত্তৰঃ কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কওঁতে তেওঁৰ পৰম আৰাধ্যজনৰ সৈতে হোৱা নিৰৱচ্ছিন্ন আধ্যাত্মিক একাত্মতাক বুজাইছে। কবিয়ে পৰম আৰাধ্য ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলো বস্তু আৰু পৰিৱেশৰ মাজতে অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ ম্লান পোহৰ, সন্ধিয়াৰ আৰতিৰ সুৰ, সৌন্দৰ্য আৰু প্ৰকৃতিৰ প্ৰতিটো ৰূপতেই তেওঁ ভগৱানৰ উপস্থিতি উপলব্ধি কৰে। পুৱা সাৰ পোৱা পৰা ৰাতি গভীৰ টোপনিলৈকে, সপোন আৰু বাস্তৱ— দুয়োটাতে কবিয়ে সদায় পৰম আৰাধ্যজনৰ সান্নিধ্য লাভ কৰে। এইদৰে কবিৰ মন আৰু পৰম আৰাধ্যজনৰ মাজত গঢ় লৈ উঠা গভীৰ আধ্যাত্মিক একাত্মতাকেই কবিয়ে ‘অনন্ত মিলন’ বুলি অভিহিত কৰিছে।