AHSEC Class 11 Assamese Chapter 12 ৰাৱণক বিভীষণৰ সজ উপদেশ পাঠটোৰ উত্তৰ

ৰাৱণক বিভীষণৰ সজ উপদেশ

মাধৱ কন্দলি

ক। অতি চমু প্ৰশ্ন।

১। মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি?

উত্তৰঃ মাধৱ কন্দলি প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি।

২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?

উত্তৰঃ সীতাক হৰণ কৰি নি ৰাৱণে অসুক বনত বন্দী কৰি ৰাখিছিল।

৩। ‘অপ্ৰমাদী’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘অপ্ৰমাদী’ শব্দৰ অৰ্থ হল ‘ভ্ৰান্তিহীন’।

৪। ইন্দ্ৰজিৎ কোন আছিল?

উত্তৰঃ ইন্দ্ৰজিৎ আছিল লংকাৰ ৰজা ৰাৱণৰ পুত্ৰ।

৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ ৰাৱণৰ পত্নীৰ নাম আছিল মন্দোদৰী।

খ। চমু প্ৰশ্ন।

১। ‘নৈকেষী’ কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল?

উত্তৰঃ  নৈকেষী’ আছিল লংকাৰ ৰজা ৰাৱণৰ মাতৃ।

লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পিছত, ৰামে যে সীতাক বিচাৰি লংকালৈ আহিব সেই কথাত তেওঁ নিশ্চিত আছিল ৰাৱণৰ যে এক ডাঙৰ বিপদ হ’ৱ সেই কথা অনুমান কৰি ৰাৱণৰ মাতৃ নৈকেষীয়ে ৰাৱণৰ ভাতৃ বিভিষণক ৰাৱণৰ ৰাজসভালৈ পঠায় বিভীষণৰ দ্বাৰাই ৰাৱণক ৰামৰ হাতত সীতাক গোটাই দি দিবৰ বাবে উপদেশ দিব পঠিয়াইছিল।

২। ‘নাগপাশ’ কি?হনুমানক কোনে কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল?

উত্তৰঃ নাগপাশ হল- পুৰণি কালত যুদ্ধত শত্ৰুক বান্ধিবলৈ ৱ্য়ৱহাৰ কৰা সাপৰ নিচিনা এডাল জৰী।

ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পিছত, ৰামভক্ত হনুমানে সীতাৰ সন্ধানত লংকালৈ গৈ বিনা শংকাৰে গোটেই লংকা ভ্রমণ কৰিছিল আৰু লগতে হনুমানে তেওঁৰ নেজত জুই লগাই গোটেই লংকা নগৰী পুৰি লণ্ড-ভণ্ড কৰিছিল। যাৰ বাবে ৰাৱণৰ পুত্র ইন্দ্রজিতে হনুমানৰ লগত যুদ্ধৰ আটাইবোৰ কৌশল প্রয়োগ কৰিও হৰুৱাব নোৱাৰি শেষত ৰাম ভক্ত হনুমানক নাগপাশাৰে বন্দী কৰিছিল।

৩। হনুমানে কিদৰে লংকা নগৰত জুই লগাইছিল?

উত্তৰঃ সীতাৰ সন্ধানত হনুমান লংকা নগৰীত প্ৰৱেশ কৰাৰ পাছত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতৰ সৈতে তেওঁৰ তীব্ৰ যুদ্ধ হয়। ইন্দ্ৰজিতে যুদ্ধৰ সকলো কৌশল প্ৰয়োগ কৰিও হনুমানক পৰাস্ত কৰিব নোৱাৰে। শেষত তেওঁ হনুমানৰ নেজত জুই লগাই দিয়ে। কিন্তু হনুমানে নিজৰ মায়াবী শক্তিৰ জৰিয়তে নেজত লগাই দিয়া জুইৰ দ্বাৰাই তেওঁ গোটেই লংকা নগৰীত জুই লগাইছিল। ফলস্বৰূপে হনুমানৰ নেজৰ জুইত লংকা নগৰী সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হয়।

৪। শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল?

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱে ক্ৰমে ৰামায়ণৰ উত্তৰা কাণ্ড আৰু আদি কাণ্ড এই দুয়োটা কাণ্ড ৰচনা কৰিছিল।

৫। উত্তম,মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয়? ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ ৰাজসভাৰ কোনো এজন দক্ষ আৰু বিচক্ষণ মন্ত্ৰীয়ে আগবঢ়োৱা সুপৰামৰ্শ বা মন্ত্ৰণাৰ আধাৰত যি সিদ্ধান্ত লোৱা হয়, তাক উত্তম মন্ত্ৰ বোলা হয়।

কেইবাজনো মন্ত্ৰীৰ সহমত বা সন্মতি সাপেক্ষে লোৱা সিদ্ধান্তক মধ্যম মন্ত্ৰ কোৱা হয়।

কিন্তু এই দুয়োটা পথ এৰি কেৱল দৈৱৰ ওপৰত ভৰসা কৰি যি সিদ্ধান্ত লোৱা হয়, তাক অধম মন্ত্ৰ বুলি কোৱা হৈছে।

সাধাৰণতে ৰাজকাৰ্য পৰিচালনা কৰোঁতে মধ্যম মন্ত্ৰ ব্যৱহাৰ কৰা হয়। য’ত কেইবাজনো মন্ত্ৰীৰ সহমত বা সম্মতি সাপেক্ষে লোৱা সিদ্ধান্তত ৰাজকাৰ্য পৰিচালনা কৰা হয়।

গ। দীঘল প্ৰশ্ন।

১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?

উত্তৰঃ লংকাৰ ৰজা ৰাৱণৰ ভাতৃ হোৱাৰ স্বত্ত্বেও বিভীষণ আছিল অৱতাৰী পুৰুষ ৰামচন্দ্ৰৰ একান্ত ভক্ত। ৰামৰ হাতত ৰাৱণৰ পৰাজয় যে নিশ্চিত, সেই কথা তেওঁ নিশ্চিত আছিল। তথাপিও মাতৃৰ অনুৰোধ ৰক্ষা কৰিবলৈ বিভীষণ ৰাজসভালৈ গৈ ৰাৱণক কেইবাটাও সু-পৰামৰ্শ আগবঢ়াইছিল।

ৰামভক্ত বিভীষণে ৰাৱণক ৰামচন্দ্ৰৰ মহিমা আৰু বান্দৰসেনাৰ অপাৰ পৰাক্ৰমৰ কথা সোঁৱৰাই দিয়ে। হনুমানে কেনেদৰে অতিকৈ বিশাল সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰিছিল, নিৰ্ভীক মনে সমগ্ৰ লংকা নগৰীত ঘৰে ঘৰে ফুৰিছিল, সীতাৰ দৰ্শন কৰিছিল আৰু নাগপাশৰ পৰা মুক্ত হৈ নেজত লগাই দিয়া জুইৰে গোটেই লংকা নগৰী জ্বলাই চাৰখাৰ কৰিছিল—এই সকলো ঘটনাৰ উল্লেখ বিভীষণে ৰাৱণক আকৌ এবাৰ সুঁৱৰাই দিয়ো।

ইয়াৰ লগতে বিভীষণে ৰাজতন্ত্ৰৰ তিনিটা বিধি—উত্তম, মধ্যম আৰু অধম মন্ত্ৰৰ ব্যাখ্যা দি ৰাৱণক বুজাইছিল যে ৰাজসভাত কোনো এজন বিচক্ষণ আৰু বুদ্ধিত পাৰ্গত মন্ত্ৰীয়ে আগবঢ়োৱা সু-পৰামৰ্শ অনুসাৰে সিদ্ধান্ত লোৱাটো উত্তম মন্ত্ৰ, আৰু ৰাৱণে সেই পৰামৰ্শ গ্ৰহণ কৰাটো একান্ত প্ৰয়োজন। বিভীষণে আৰু কৈছিল যে ৰামচন্দ্ৰ এজন তপস্বী আৰু অৱতাৰী পুৰুষ; লংকা ধ্বংস কৰি সীতাক উদ্ধাৰ কৰি নিয়াত তেওঁক কোনেও বাধা দিব নোৱাৰে। জগতত সদায় ধৰ্মৰ জয় অনিবাৰ্য।

এইদৰে বিভীষণে ৰাৱণক বিনা যুদ্ধেই সীতাক ৰামচন্দ্ৰৰ হাতত গটাই দিবলৈ জ্ঞানপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল।

২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?

উত্তৰঃ লংকাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰি লংকালৈ লৈ যোৱাৰ পাছত, ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবলৈ হনুমান আৰু বান্দৰ সেনাৰ সহায় লৈছিল। হনুমান আছিল ৰামচন্দ্ৰৰ একান্ত ভক্ত। বান্দৰ সেনাপতি নীল, বানৰৰাজ সুগ্ৰীৱ আৰু বালীৰ পুত্ৰ আদি সকলোৱে মিলি সাগৰত এখন সেতু নিৰ্মাণ কৰি ৰামচন্দ্ৰক লংকালৈ যোৱাত সহায় কৰিছিল।

সেতু নিৰ্মাণৰ আগতেই সীতাৰ সন্ধান কৰিবলৈ হনুমানে জাঁপ মাৰি সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰিছিল। তেওঁ নিজৰ ডাঙৰ শৰীৰটো সৰু কৰি মেকুৰীৰ দৰে ৰূপ লৈ লংকা নগৰীৰ ঘৰে ঘৰে ফুৰি সীতাক বিচাৰিছিল। অৱশেষত হনুমানে সীতাৰ দৰ্শন কৰিবলৈ সক্ষম হৈছিল।

তাৰ পাছত ৰাম–ৰাৱণৰ যুদ্ধত হনুমান আৰু আন বান্দৰ সেনাসকলে সাহসেৰে যুদ্ধ কৰি ৰাৱণক পৰাস্ত কৰাত ৰামচন্দ্ৰক সহায় কৰিছিল আৰু এইদৰে সীতাক উদ্ধাৰ কৰা সম্ভৱ হৈছিল।

৩। কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা ৷

উত্তৰঃ কবিতাটিত প্ৰকাশ পোৱা অনুসাৰে বিভীষণ আছিল এজন গহীন-গম্ভীৰ, ধীৰ-শান্ত আৰু ধৰ্মপৰায়ণ ব্যক্তি। অহংকাৰী ৰজা ৰাৱণৰ ভাতৃ হোৱাৰ স্বত্ত্বেও বিভীষণ আছিল এজন প্ৰকৃত বিষ্ণুভক্ত। ন্যায়পৰায়ণতা, বিশ্বাসযোগ্যতা, প্ৰভুভক্তি আৰু সত্যনিষ্ঠা — এই গুণসমূহ আছিল বিভীষণৰ মুখ্য চাৰিত্ৰিক বৈশিষ্ট্য, যাৰ বাবে ৰামচন্দ্ৰই তেওঁক গভীৰ বিশ্বাসত লৈছিল। সীতাক হৰণ কৰা অন্যায় কাৰ্যৰ বিৰুদ্ধে তেওঁ দৃঢ়ভাৱে থিয় দিছিল আৰু ৰাজসভালৈ গৈ ৰাৱণক কেইবাটাও সজ উপদেশ আগবঢ়াইছিল। সেয়ে কব পাৰি যে বিভীষণৰ চৰিত্ৰ ৰাৱণৰ চৰিত্ৰৰ সম্পূৰ্ণ বিপৰীত আছিল।

৪। মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷

উত্তৰঃ মাধৱ কন্দলি আছিল প্ৰাক্‌শংকৰী যুগৰ কবিসকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ কবি। তেওঁৰ কাব্যিক প্ৰতিভা অতুলনীয় আছিল; সেয়েহে শংকৰদেৱে তেওঁক “অপ্ৰমাদী কবি” বুলি অভিহিত কৰিছিল। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ কাব্যাংশৰ জৰিয়তে তেওঁৰ অসাধাৰণ কাব্যিক প্ৰতিভা সুন্দৰভাৱে প্ৰকাশ পাইছে। মূল বিষয়বস্তুৰ সৈতে নিজস্ব কিছুমান ৰহণ সংযোজন কৰি কবিয়ে কবিতাটো অধিক মনোগ্ৰাহী কৰি তুলিছে। কবিতাটোত সহজ-সৰল, ছন্দোবদ্ধ শব্দগাঁথনিৰ সুন্দৰ প্ৰয়োগ দেখা যায়, যাৰ ফলত সাধাৰণ পাঠকেও কোনো জটিলতা নোহোৱাকৈ কবিতাৰ অৰ্থ সহজে বুজি পায়।

৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰী সকলে ৰাৱণক কেনেধৰণৰ উপদেশ দিছিল?

উত্তৰঃ বিভীষণৰ উপদেশ শুনাৰ পাছত ৰাজসভাত উপস্থিত পাত্ৰ মন্ত্ৰীসকলে তেওঁৰ কথাৰ সৈতে সহমত পোষণ নকৰিলে। তেওঁলোকে ৰাৱণক ৰামচন্দ্ৰৰ সৈতে যুদ্ধ কৰিবলৈহে পৰামৰ্শ আগবঢ়ালে। ৰামৰ হাতত পৰাজয় হ’ব পাৰে বুলি ভবা তেওঁলোকৰ মতে কেৱল এটা দুঃস্বপ্নহে আছিল, আৰু সেই দুঃস্বপ্ন মনৰ পৰা আঁতৰ কৰি ৰাৱণক দৃঢ় হ’বলৈ তেওঁলোকে উৎসাহিত কৰিলে। হনুমানে লংকা জ্বলাই দিয়াটো তেওঁলোকৰ মতে গৰ্ব কৰাৰ যোগ্য কোনো কথা নাছিল; এজন অল্পসংখ্যক বান্দৰে তেওঁলোকক কেনেদৰে পৰাভৱ কৰিব পাৰে বুলি তেওঁলোকে প্রশ্ন তুলিলে।তেওঁলোকে আৰু কৈছিল যে সমগ্ৰ লংকা অস্ত্ৰ-শস্ত্ৰেৰে পৰিপূৰ্ণ, সেয়ে সাধাৰণ মনুষ্য ৰামক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। এইদৰে পাত্ৰ মন্ত্ৰীসকলে ৰাৱণক ৰামচন্দ্ৰৰ সৈতে যুদ্ধ কৰিবলৈ উচতাই দিছিল।

Scroll to Top