ক) অতি চমু প্ৰশ্নঃ
১। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি ?
উত্তৰঃ “বনকুঁৱৰী” হল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা।
৩। বেজবৰুৱাই ‘প্ৰতিমা’ সম্পৰ্কে কি মন্তব্য কৰিছিল ?
উত্তৰঃ বেজবৰুৱাই ‘প্ৰতিমা’ সম্পৰ্কে কৈছিল- “প্ৰতিমাখন সৰু, কিন্ত নিভাঁজ সোণৰ”।
৩। ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?
উত্তৰঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।
৪। ‘প্ৰতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয় ?
উত্তৰঃ ‘প্ৰতিমাৰ খনিকৰ’ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়।
৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি ?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু হল- প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য।
খ) চমু প্ৰশ্নঃ
১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা ৷
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখন হল ‘প্ৰতিমা’ আৰু ‘বীণবৰাগী’।
২। ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে কাক কাক বুজোৱা হয় ?
উত্তৰঃ ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়।
৩। ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে ?
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোত স্থানীয় জনবিশ্বাস জড়িত হৈ আছে, জনবিশ্বাসমতে বনকুঁৱৰী, জলকুঁৱৰী,গৃহকুঁৱৰী বা গৃহলক্ষ্মী আদি অশৰীৰি দেৱী বননি, জলাশয়, মানুহৰ ঘৰ আদিত বাস কৰে। এই দেৱীসকলে মানুহক বিপদৰ পৰা ৰক্ষা কৰে বুলিও বিশ্বাস কৰা হয়।
৪। অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰপৰা গ্ৰহণ কৰিছে ?
উত্তৰঃ অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল সংগ্ৰহ কৰিছিল নিজৰ দেশ বা সমাজৰ পৰা।
৫। হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল ?
উত্তৰঃ
গ) দীঘল প্ৰশ্নঃ
১। ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাৱ লিখা ৷
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ বুকুত মুক্তভাৱে বিচৰণ কৰা বনকুঁৱৰীৰ মনোমোহা ৰূপ আৰু চঞ্চল ধেমালিৰ দৃশ্য দেখি এক অবৰ্ণনীয় আনন্দৰ অনুভৱ লাভ কৰিছে।
এটি গহীন, নিজান দুপৰীয়া বেলাত কোনোবাই যেন সুহুৰি মাৰি কাকো আমন্ত্ৰণ জনাইছে। বতাহৰ স্পৰ্শত গছৰ আগবোৰ হালি-জালি নাচে, পাতবোৰ থৰথৰকৈ কঁপি উঠে আৰু শুকান পাতত মৰমৰ মৃদু ধ্বনি বাজি উঠে। লতাবোৰে যেন মৰমতে ইটোৱে সিটোক সাৱটি ধৰে আৰু পাতৰ আঁৰৰ পৰা কপৌটিয়ে জুমি-জুমি চাই থাকে। কুলুকুলুকৈ বৈ যোৱা নদীখনলৈ চাই যেন বিৰিখবোৰে হালি-জালি হাঁহে। তাৰ মাজতে বকুল, তামোল আৰু লেটেকুৰে ভেটি এটাই এৰাবাৰী এখনৰ চিন দাঙি ধৰে। বাঁহৰ মাজে মাজে যেন কোনোবা ঘূৰি ফুৰিছে। পাতে-পাতে ফুচফুচাই কিবা কথা পাতিছে, গাতে গা লগাই কপৌ দুটিয়ে অন্তৰৰ মৰম যাচে।
যখিনী কন্যাৰ দৰে কোনো কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে। কেতিয়াবা আকৌ আন দুজনীৰ সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰে, ফুল ছিঙে, কপৌক সাৱটি ধৰি চুমা যাচে আৰু সোপাত বনৰ পখিলা গুঁজে। শিৰত মুকুতাৰ মণি জিলিকা সেই সৌন্দৰ্যময়ী কুঁৱৰীৰ— লগত জলৰ দেৱী নীয়ৰী। যেতিয়া বতাহে মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচাৰে, তেতিয়া এই দুয়ো প্ৰকৃতি-কুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰে। সেই আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীজগতক শিহৰিত কৰি তোলে।
এই কবিতাটোৰ জৰিয়তে কবিয়ে দেখুৱাব বিচাৰে যে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেদৰে সকলো প্ৰাণীক অপাৰ্থিৱ, অনিৰ্বচনীয় আনন্দ প্ৰদান কৰিব পাৰে। চাক্ষুষ দৃষ্টিৰে দেখা এই প্ৰকৃতি জগতখনৰ অন্তৰালত যে আন এক গভীৰ, অপাৰ্থিৱ সত্ত্বা লুকাই আছে, কবিয়ে যেন তাকেই পাঠকৰ সন্মুখত উদ্ঘাটন কৰিব বিচাৰিছে।
২। ‘বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা ৷
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ বুকুত উমলি ফুৰা বনকুঁৱৰীৰ মনোমোহা ৰূপ আৰু চঞ্চল ধেমালিৰ দৃশ্য দেখি এক অবৰ্ণনীয় আনন্দৰ অনুভৱ লাভ কৰিছে।
এটি গহীন, নিজান দুপৰীয়া বেলাত কোনোবাই যেন সুহুৰি মাৰি কাকো আমন্ত্ৰণ জনাইছে। বতাহৰ স্পৰ্শত গছৰ আগবোৰ হালি-জালি নাচে, পাতবোৰ থৰথৰকৈ কঁপি উঠে আৰু শুকান পাতৰ মাজেৰে মৰমৰ মৃদু ধ্বনি উঠি আহে। লতাবোৰে যেন মৰমতে ইটোৱে সিটোক সাৱটি ধৰে আৰু পাতৰ আঁৰৰ পৰা কপৌটিয়ে জুমি-জুমি তাক চাই থাকে। কুলুকুলুকৈ বৈ যোৱা নদীখনলৈ চাই বিৰিখবোৰে হালি-জালি হাঁহে। তাৰ মাজতে বকুল, তামোল আৰু লেটেকুৰে ভেটি এটাই এৰাবাৰী এখনৰ উপস্থিতিৰ চিন দাঙি ধৰে। বাঁহৰ মাজে মাজে যেন কোনোবা এজন ঘূৰি ফুৰিছে। পাতে-পাতে ফুচফুচাই কিবা কথা পাতিছে আৰু গাতে গা লগাই কপৌ দুটিয়ে অন্তৰৰ মৰম যাচিছে।
যখিনী কন্যাৰ দৰে কোনো কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে। কেতিয়াবা আকৌ আন দুজনীৰ সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰে, ফুল ছিঙে, কপৌক সাৱটি ধৰি চুমা যাচে আৰু সোপাত বনৰ পখিলা গুঁজে। শিৰত মুকুতাৰ মণি জিলিকা সেই সৌন্দৰ্যময়ী কুঁৱৰী, লগত জলৰ দেৱী নীয়ৰী। যেতিয়া বতাহে মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচাৰে, তেতিয়া এই দুয়ো প্ৰকৃতি-কুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰে। সেই আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীজগতক শিহৰিত কৰি তোলে।
এইদৰে কবিয়ে এই কবিতাটোৰ জৰিয়তে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য আৰু তাৰ অন্তৰ্নিহিত জীৱন্ত সত্ত্বাক মানৱীয় ৰূপ দি উপস্থাপন কৰিছে। প্ৰকৃতিৰ এই ভুৱন-ভুলোৱা ৰূপেই কবিৰ অন্তৰ আনন্দেৰে ভৰপূৰ কৰি তোলে আৰু পাঠকৰ মনতো এক অনিৰ্বাচনীয় অনুভৱৰ সৃষ্টি কৰে।
৩। ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্ৰাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা ৷
উত্তৰঃ কবিতাটোত কবিয়ে দেখুৱাব বিচাৰিছে যে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেদৰে সমগ্ৰ প্ৰাণীজগতক এক অপাৰ্থিৱ, অনিৰ্বচনীয় আনন্দ প্ৰদান কৰিব পাৰে। যখিনী কন্যাৰ দৰে এগৰাকী কণমানি ছোৱালীয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত চেনেহেৰে পানী খুৱোৱা দৃশ্যই এই সৌন্দৰ্য আৰু মমতাৰ প্ৰকাশ ঘটায়। কেতিয়াবা আকৌ তাই আন দুজনীৰ সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম গায়, ফুল ছিঙে, কপৌক সাৱটি ধৰি চুমা যাচে আৰু সোপাত বনৰ পখিলা গুঁজে। শিৰত মুকুতাৰ মণি জিলিকা সেই সৌন্দৰ্যময়ী কুঁৱৰীক কবিয়ে জলৰ দেৱী নীয়ৰীৰ সৈতে তুলনা কৰিছে।
৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা সম্পৰ্কে আলোচনা কৰা ৷
উত্তৰঃ অসমীয়া কবিতাত ৰোমান্টিক ধাৰাৰ প্ৰথম সাৰ্থক উন্মেষ ঘটোৱা বিশিষ্ট কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত। কলিকতাত উচ্চশিক্ষা লাভ কৰি থকাৰ সময়ছোৱাতেই তেওঁ অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ উদ্দেশ্যে গঠিত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। সেই সময়তেই তেওঁ জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰি অসমীয়া ভাষা-সাহিত্যৰ সর্বাঙ্গীন বিকাশৰ বাবে আত্মোৎসৰ্গা কৰিবলৈ ধৰে। ১৮৮৯ চনত প্ৰকাশিত জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল স্বয়ং চন্দ্ৰকুমাৰ আগৰৱালা।
জোনাকী কাকতত প্ৰকাশিত ‘বনকুঁৱৰী’ নামৰ কবিতাটো অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবিতা বুলি স্বীকৃত। জোনাকীত প্ৰকাশিত তেওঁৰ কবিতাসমূহ পিছলৈ সংকলিত হৈ ‘প্ৰতিমা’ নামৰ কবিতাপুথি আকাৰত প্ৰকাশ পায়, য’ত মুঠ ৩৫টা কবিতা অন্তৰ্ভুক্ত হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে মন্তব্য কৰিছিল— “প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।” চন্দ্ৰকুমাৰ আগৰৱালাৰ আন এখন উল্লেখযোগ্য কবিতাপুথি হ’ল ‘বীণ বৰাগী’।
কবিতাৰ লগতে সংবাদ-পত্ৰ সম্পাদনাৰ ক্ষেত্ৰতো তেওঁ বিশেষ কৃতিত্ব দেখুৱায়। ‘সাদিনীয়া অসমীয়া’ আৰু ‘তিনিদিনীয়া অসমীয়া’ আদি কাকত তেওঁ সুনামৰ সৈতে পৰিচালনা কৰিছিল। স্বতন্ত্ৰ ব্যৱসায়ীৰূপে আত্মপ্ৰতিষ্ঠা লাভ কৰিলেও আগৰৱালাদেৱে অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ বাবে নিস্বাৰ্থভাৱে অশেষ সেৱা আগবঢ়াই গৈছিল। ১৯৩৭ চনত নিজা ঘৰত তেওঁৰ মৃত্য়ু হয়।
৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
ক) অথিৰ বায়ুৰ শিয়ঁৰিল নোম,
উছলাইছে গৈ জান
কাৰণ নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্ৰাণীৰ প্ৰাণ৷
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত অসমৰ ৰোমান্টিক কবিতাৰ বাট মুকলি কৰি দিয়া কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ৰচিত ‘বনকুঁৱৰী’ নামৰ ৰোমাণ্টিক কবিতাটোৰ পৰা তুলি অনা হৈছে।
এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত সংঘটিত হোৱা পৰিৱৰ্তনৰ চিত্ৰ অংকন কৰিছে। বনৰ ফুল-পাতৰে সজ্জিত বনকুঁৱৰীৰ অপূৰ্ব ৰূপ-সৌন্দৰ্যই বতাহকো মোহিত কৰি তোলে।
এই দুয়ো কুঁৱৰীৰ মৰমভৰা সমিধানত আগতে অস্থিৰ হৈ থকা বতাহৰ নোম যেন সিয়ৰি উঠে। সেই শিহৰণৰ প্ৰভাৱত জান-জুৰি পানী উছলাই উঠে আৰু চৌদিশে এক অজান, অনিৰ্বচনীয় আনন্দৰ অনুভৱ বিয়পি পৰে। আচলতে কবিয়ে প্ৰকৃতিৰ বুকুত চলি থকা এই বিচিত্ৰ লীলাক মানৱীয় ৰূপত অনুভৱ কৰিছে আৰু প্ৰেম, স্নেহ আৰু আনন্দৰ মানৱীয় অনুভূতিসমূহ প্ৰকৃতিৰ মাজতেই সন্ধান কৰিছে।
খ) মুকলি চুলিৰে নাম গাই ঘূৰি
চাপৰি টুক্ টুক্ টুক্ ।
ৰূপহীৰ মেল দেৱযোনি খেল
মানুহে নেদেখা মুখ।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বনকুঁৱৰী নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।
কবিয়ে কবিতাটিত বিভিন্ন চিত্র অতি সযতনে তুলি ধৰিছে আৰু প্রকৃতিক তেওঁ মানৱীয় ৰূপত কল্পনা কৰিছে। বনকুঁৱৰীয়ে যেন প্রকৃতি জগতখনক মূহময়ী কৰি তুলিছে। আচলতে কবিয়ে এগৰাকী মুকলিমূৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে। তেওঁ প্ৰকৃতিৰ মাজত বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন। প্রকৃতিৰ এই অনির্বাচনীয় ৰূপ আৰু স্বাধীন সত্বাটোৱে কবিক আকর্ষিত কৰিছে। সেয়ে তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘুৰি ফুৰা টুক টুকু চাপৰি বজোৱা ছোৱালীজনী। প্ৰকৃতিৰ সত্ত্বাৰ এই ভুৱন ভলোৱা ৰূপত তেওঁ বিমোহিত হৈ মিচিকণি হাঁহিৰ এটা সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দৰে ভৰপূৰ হৈ পৰিছে।