SVN Class 5 Social Science Chapter 4 Answer বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা

১। চমু উত্তৰ দিয়া—–

ক) নদী উপত্যকাত গঢ় লৈ উঠা দুটা প্রাচীন সভ্যতাৰ নাম লিখা। 

উত্তৰঃ নদী উপত্যকাত গঢ় লৈ উঠা দুটা প্রাচীন সভ্যতাৰ নাম হৈছে- নীল নদীৰ পাৰৰ মিচৰীয় সভ্য়তা আৰু সিন্ধু নদীৰ পাৰৰ সভ্য়তা।

(খ) সকলাে প্রাচীন সভ্যতা নদীভিত্তিক নাছিল, তাকে বুজাবলৈ দুটা উদাহৰণ দিয়া।

উত্তৰঃ সকলাে প্রাচীন সভ্যতা নদীভিত্তিক নাছিল, তাকে বুজাবলৈ দুটা উদাহৰণ হৈছে- মায়া সভ্য়তা আৰু ইনকা সভ্য়তা।

(গ) সিন্ধু সভ্যতাত কি কি ধাতুৰ ব্যৱহাৰ হৈছিল?

উত্তৰঃ সিন্ধু সভ্য়তাত তাম ধাতুৰ ব্য়ৱহাৰ কৰিছিল।

(ঘ) হৰপ্পা আৰু মহেঞ্জোদাৰাে বর্তমান কোন দেশৰ অন্তৰ্গত ?

উত্তৰঃ হৰপ্পা আৰু মহেঞ্জোদাৰাে বর্তমান পাকিস্তান দেশৰ অন্তৰ্গত

(ঙ) সিন্ধু সভ্যতাৰ লােকসকলে ব্যৱহাৰ কৰা লিপি কি মূলৰ?

উত্তৰঃ সিন্ধু সভ্যতাৰ লােকসকলে ব্যৱহাৰ কৰা লিপি দ্ৰাবিড় মূলৰ।

(চ) সিন্ধু সভ্যতাৰ মহিলাসকলৰ বেশ-ভূষা কেনে ধৰণৰ আছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ মহিলাসকলে সোণ-ৰূপৰ অলংকাৰ পিন্ধাৰ লগতে খোপা বান্ধিছিল। লাহ-বিলাহৰ সামগ্ৰীৰ বাবে হাতী দাঁতৰ ফণি, ব্ৰঞ্জৰ আইনা, লিপষ্টিক, মুখত ঘঁহা পাউদাৰ আৰু মূল্য়ৱান ৰত্ন ব্য়ৱহাৰ কৰিছিল। 

(ছ) সিন্ধু সভ্যতাৰ লােকে বেহা-বেপাৰৰ বাবে কি কি ব্যৱহাৰ কৰিছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ লোকসকলে বেহা-বেপাৰৰ বাবে গৰুগাড়ী, নাও আৰু সাগৰীয় জাহাজ ব্য়ৱহাৰ কৰিছিল।

(জ) সিন্ধু সভ্যতাৰ লােকে কেনে ধৰণৰ খেল-ধেমালি কৰিছিল?

উত্তৰঃ সিন্ধু উপত্য়কাৰ লোকসকলে দবা খেল জানিছিল। শিশুৰ বাবে খেনলা আৰু পুতলাৰ প্ৰচলন আছিল।

(ঝ) সিন্ধু সভ্যতাৰ মােহৰবােৰ কেনে আছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ মোহৰবোৰত দেৱ-দেৱীৰ ছবি খোদিত কৰা আছে। কিছুমান মোহৰত বলধ, বাঘ, ম’হ, ছাগলী, হাতী আদিৰ ছবিও আছে। 

(ঞ) সিন্ধু সভ্যতাৰ লােকসকলে চিকিৎসা কেনেদৰে কৰিছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ লোকসকলে বনৌষধি ব্য়ৱহাৰ কিছিল। হৰিণ আৰু কৃষ্ণসাৰৰ শিং, নিমপাত আদি ঔষধ হিচাপে ব্য়ৱহাৰ কৰিছিল।

২। খালী ঠাই পুৰণ কৰা—

(ক) সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা প্রতিষ্ঠিত হৈছিল ।

(খ) সিন্ধু সভ্যতা আছিল উৎকৃষ্ট  নগৰ পৰিকল্পনাৰ নিদর্শন ।

(গ) হৰপ্পা নগৰত এটা বৃহৎ শস্যৰ ভঁৰাল আৱিষ্কৃত হৈছিল ।

(ঘ) সিন্ধু সভ্যতাৰ বৃহৎ ৰাজহুৱা স্নানাগাৰটো মহেঞ্জোদাৰো নগৰত আৱিষ্কাৰ হৈছিল ।

(ঙ) সিন্ধু সভ্যতাৰ আৱিষ্কাৰ হােৱা মােহৰবােৰত ভালেমান দেৱ-দেৱী ৰ ছবি আছিল ।

৩। সিন্ধু সভ্যতা ধ্বংস হােৱাৰ কাৰণ কি কি বুলি অনুমান কৰা হয়?

উত্তৰঃ কোনো কোনো পণ্ডিতে অনুমান কৰে যে আৰ্যসকলৰ আক্ৰমণত এই সভ্য়তা ধ্বংসপ্ৰাপ্ত হ’ল। আন এচাম পণ্ডিতৰ মতে বানপানী বা খৰাং বতৰত জুৰুলা হৈ সিন্ধু সভ্য়তা ধ্বংস হ’ল। বহুতে কয় ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগত পৰি এই সভ্য়তা ধ্বংসপ্ৰাপ্ত হৈছিল। আন কিছুমানৰ মতে আকৌসিন্ধু সভ্য়তাৰ লোকসকলে লোৰ ব্য়ৱহাৰ নাজানিছিল বাবেহে তিষ্ঠি থাকিব নোৱাৰিলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top