Might Learn Logo Might Learn

AHSEC Class 12 Assamese Chapter 15 উভতি নহাৰ কবিতা পাঠটোৰ উত্তৰ

উভতি নহাৰ কবিতা

(ক) অতি চমু প্ৰশ্ন :

১। ‘উভতি নহাৰ কবিতা’ পাঠটি ক’ ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ ‘উভতি নহাৰ কবিতা’টি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ নৱকান্ত বৰুৱাই ‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে সাহিত্য একাদেমি বঁটা লাভকৰিছিল।

৩। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য লিখা।

উত্তৰঃ ৰেমান্টিক কবিতা অতি কল্পনা প্রৱণ। আনহাতে আধুনিক কবিতা বাস্তৱবাদী।

৪। ‘উভতি নহাৰ কবিতা’ কোন শ্রেণীৰ কবিতা?

উত্তৰঃ‘উভতি নহাৰ কবিতা’ আধুনিক বাস্তৱবাদী কবিতা।

৫। ‘তামীঘৰা’ শব্দটিৰ অর্থ লিখা।

উত্তৰঃ ‘তামীঘৰা’ শব্দটিৰ অর্থ হল তম্বু।

(খ) চমু প্ৰশ্ন:

১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হল ‘ৰাৱণ’, ‘সম্ৰাট’, আৰু ‘এটি দুটি এঘাৰটি তৰা’।

২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।

উত্তৰঃ নৱকান্ত বৰুৱা ৰচনা কৰা উপন্যাসসমূহৰ ভিতৰত ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।

৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ শিশু আৰু চেমনীয়াৰ উপযোগীকৈ লিখা গ্ৰন্থৰাজি হ’ল ‘আখৰৰ জখলা’ আৰু ‘শিয়ালী পালেগৈ ৰতনপুৰ’।

৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?

উত্তৰঃ কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰটো হ’ল যন্ত্ৰণা।

৫। কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব ?

উত্তৰঃ কবিৰ মতে পৃথিবীলৈ ‘নতুন মানুহ আহিলে’ সময়ৰ ধাৰা আগবাঢ়ি যাব আৰু নতুন চিন্তা-চেতনাৰে ভৰা এখন নতুন পৃথিৱীৰ সৃষ্টি হ’ব। কবিৰ পিছত জন্ম লোৱা নতুন মানুহে নিজ নিজ ধৰণে জীৱন যাপন কৰিব, নিজৰ কাম নিজে কৰি যাব আৰু নতুন নতুন সৃষ্টিৰ জন্ম দিব। নতুন কবিতা, নতুন গীত আৰু নতুন ভাবনাই সমাজত ঠাই পাব। সময় সলনি হোৱাৰ লগে লগে পুৰণি সকলো ধীৰে ধীৰে আঁতৰাই যাব আৰু কবিৰ অস্তিত্বো সেই নতুন সময়ত লুপ্ত হৈ পৰিব। এইদৰে নতুন মানুহৰ আগমনে পৃথিৱীত চিন্তা, সৃষ্টিশীলতা আৰু জীৱনধাৰাত এক নতুন পৰিৱৰ্তন আনিব।

(গ)দীঘল প্ৰশ্ন:

১। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।

উত্তৰঃ কবি নৱকান্ত বৰুৱা পৰম্পৰাগত হিন্দু ধৰ্মদৰ্শনৰ পুনৰ্জন্মৰ ধাৰণাত বিশ্বাস নকৰে; তেওঁ এজন বাস্তৱবাদী কবি। কবিয়ে লক্ষ্য কৰিছে যে আজিলৈকে কোনো মানুহেই মৃত্যুৰ পিছত পুনৰ পৃথিৱীলৈ উভতি অহা নাই। তেওঁৰ উপলব্ধিত মৃত্যুয়েই মানৱ জীৱনৰ চূড়ান্ত আৰু শেষ পৰিণতি, যাৰ পিছত একো অৱশিষ্ট নাথাকে। সেয়েহে কবিৰ মতে মানুহ এবাৰ মৃত্যুৰ মুখত পৰিলে পুনৰ পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে। এই বাস্তৱ উপলব্ধিৰ বাবেই কবিয়ে পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে।

২। ‘উভতি নহাৰ কবিতা’টিৰ মূলভাব লিখা ।

উত্তৰঃ কবিতাটোত কবিয়ে পৃথিৱীৰ প্ৰতি থকা নিজৰ গভীৰ প্ৰেম আৰু জীৱনৰ ক্ষণস্থায়ী সত্যক দাৰ্শনিক দৃষ্টিকোণেৰে উপস্থাপন কৰিছে। কবিয়ে অনুভৱ কৰে যে জীৱনটো এটা ধেমালি বা ক্ষন্তেকীয়া নাটক, য’ত তেওঁ এবাৰেই অংশগ্ৰহণ কৰিছে। জীৱনত দুখ-যন্ত্ৰণা আহিলেও তেওঁ তাক জীয়াই থকাৰ মন্ত্ৰ হিচাপে লৈ হাঁহি হাঁহি জীৱনটোক ভাল পাই গৈছে। কবিয়ে এই পৃথিৱী এৰি এদিন গুচি যাব লাগিব আৰু তেওঁ কেতিয়াও উভতি নাহে, কাৰণ এইয়াই প্ৰকৃতিৰ চিৰন্তন নিয়ম। তেওঁৰ মৃত্যুৰ পাছত নতুন প্ৰজন্ম আহিব, তেওঁলোকে নতুন ধ্যান-ধাৰণাৰে জগতখন আগুৱাই লৈ যাব। সেয়েহে, সময়ৰ পৰিৱৰ্তনৰ লগে লগে তেওঁৰ দৰে পুৰণি চিন্তাৰ কোনো চিন বা মূল্য নতুন যুগত নাথাকিব বুলি কবিয়ে বিশ্বাস কৰে।

৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।

উত্তৰঃ কবিয়ে উপলব্ধি কৰিছে যে মানৱ জীৱন ক্ষণস্থায়ী। মানুহ এজনৰ মৃত্যুৰ লগে লগে তেওঁৰ শাৰীৰিক অস্তিত্বৰ অন্ত হয় আৰু তেওঁ কেতিয়াও পুনৰ পৃথিৱীলৈ উভতি নাহে। সময়ৰ সোঁতত এজন মানুহৰ স্মৃতি আৰু চিন ধীৰে ধীৰে মচি যায়। কবিৰ পিছত নতুন মানুহ জন্ম ল’ব আৰু তেওঁলোকে নিজৰ নিজা চিন্তা, অনুভৱ আৰু সৃষ্টিৰে নতুন যুগ গঢ়ি তুলিব। নতুন দিনত নতুন ধ্যান-ধাৰণা আৰু নতুন সৃষ্টি ঠাই পাব, যাৰ মাজত কবিৰ কোনো অস্তিত্ব বা চিন নাথাকিব। সেয়েহে কবিয়ে ভাবিছে যে নতুন দিনত তেওঁৰ একো চিন নাথাকিব।

৪। ‘উভতি নহাৰ কবিতা’ত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ কবিয়ে পৃথিৱীখনক অতি ভাল পায়। পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা অনুভূতিটো তেওঁৰ কাম-কাজৰ মাজেদি প্রকাশ কৰি গৈছে। পৃথিৱীৰ প্রতি কবিৰ ভালপোৱা অনুভৱটো বহুত বাৰ তেওঁৰ কবিতা, গীত আদিৰ মাজেদি প্রকাশ কৰিছে। তেওঁ পৃথিৱীত বহুত যন্ত্রণাও পাইছে, তথাপি তেওঁ পৃথিৱীখনক ভাল পায়। পৃথিৱীৰ জাবৰ-জোথৰৰ পৰা তেওঁ তেওঁৰ ভাললগা বস্তুও সংগ্রহ কৰিছে। কিন্তু তেওঁ মৃত্যুৰ পিছতো এইখন পৃথিৱীক ভাল পাই থাকিব যদিও তেওঁ দুনাই এইখন পৃথিবীলৈ উভতি নাহে।

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক)যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ

সেই মন্ত্ৰকে গালোঁ

জীয়াই থকাৰ ধেমালিটো মই

এবাৰেই খেলি গ’লোঁ ।

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা ‘উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

দুখ-যন্ত্রণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্রসংগত কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। পৃথিৱীখনত জন্ম গ্রহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্রণা আদি পাইছে। এই দুখ-যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অর্থাৎ যন্ত্রণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্রকেই বাৰে বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্রণাময় ধেমালি। এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে। কাৰণ তেওঁ জানে যে মানব জীৱনটো ক্ষন্তেকীয়া। তেওঁ এদিনাখন মৰি যাব আৰু দুনাই এইখন পৃথিবীলৈ ঘুৰি নাহে। তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল অর্থাৎ তেওঁ এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ’ল।

(খ) কোনোবা আহিব মোৰ দৰে কোনো দিনা ?

মোৰ সুৰতে বাজিব নতুন বীণা ?

ওহোঁ সেয়া হʼব নতুন মানুহ

সেই দিনো হʼব নতুন দিন

মোৰ তাত একো নাথাকে চিন ।

উত্তৰঃ ব্যাখ্যাকৰিবলগীয়া পংক্তিকেইটা আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট নৱকান্ত বৰুৱা ৰচিত ‘উভতি নহাৰ কবিতা’ শীৰ্ষক কাব্যৰ পৰা উদ্ধৃত কৰা হৈছে।

সময়ৰ গতিশীলতাৰ ফলত পুৰণি ধাৰণা উটি গৈ হেৰাই যাব আৰু তাৰ ঠাই ল’ব নতুন আদৰ্শই— কবিয়ে এই ব্যাখ্যেয় কবিতাফাকিৰ জৰিয়তে এই চিৰন্তন সত্যটোৱেই দাঙি ধৰিছে।

প্ৰকৃতিৰ নীতি অনুসৰিয়েই কবিয়ে এই পৃথিৱীত জন্ম লৈছে। পৃথিৱীখনক ভাল পায় বাবে কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে। কিন্তু কবিয়ে জানে যে এদিন তেওঁ পৃথিৱী এৰি যাব লাগিব। তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহু কাম কৰিব। কিন্তু তেওঁলোক হ’ব এক নতুন যুগৰ মানুহ। নতুন চিন্তা-চৰ্চা, ধ্যান-ধাৰণাৰে তেওঁলোকে আগবাঢ়ি যাব, য’ত পুৰণিৰ কোনো গুৰুত্ব নাথাকিব। সময় চিৰ পৰিৱৰ্তনশীল। সময়ৰ বুকুত উঠি নৱপ্ৰজন্ম সম্পূৰ্ণ পৃথক হৈ পৰিব। সেয়েহে কবিয়ে অনুভৱ কৰে যে নতুন আদৰ্শৰ গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে তেওঁৰ দৰে পুৰণি চিন্তাৰ কোনো চিন বা মূল্য নতুন দিনত নাথাকিব।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects