Might Learn Logo Might Learn Might Learn Shop

AHSEC Class 11 Assamese Chapter 16 লাচিত ফুকন পাঠটোৰ উত্তৰ

ক) অতি চমু প্ৰশ্নঃ

১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?

উত্তৰঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত দোমোজা কবি হিচাপে খ্য়াত বা জনাজাত।

২। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য়পুথিখনৰ নাম হল- ‘সাগৰ দেখিছা’।

৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ ‘আমি দুৱাৰ মুকলি কৰোঁ’ কবিতাটোত প্ৰথম আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়।

৪। “দেশৰ বাতৰি শুনিবানে বীৰ” – ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ প্ৰশ্নোক্ত বাক্য় শাৰীত বীৰ বুলি লাচিত ফুকনক কোৱা হৈছে।

৫। “নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ” – জয়শ্ৰী মানে কি?

উত্তৰঃ প্ৰশ্নোক্ত বাক্য়শাৰীত ‘জয়শ্রী’ মানে শক্ৰক পৰাজয় কৰাৰ পৰা হােৱা সৌভাগ্য বা সন্মান।

খ) চমু প্ৰশ্নঃ

১। দেৱকান্ত বৰুৱাৰ কবিতাত কোন গৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবি গৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজী কবি ৰববাৰ্ত ব্ৰাউনিং ৰ কবিতাৰ প্ৰভাৱ দেখা যায়। ৰবাৰ্ত ব্ৰাউনিংৰ কাব্য়িক শৈলীক স্বৰ্গতোক্তিৰ শৈলী বুলি কোৱা হয়।

২। ইব্ৰাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?

উত্তৰঃ ইব্রাহিম (আব্রাহাম) হ’ল বাইবেল আৰু কোৰাণত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত। ঈশ্বৰে সপােনত দিয়া নির্দেশমতে তেওঁ নিজ পুত্র ইছমাইলক কোৰবাণি দিছিল। অৱশ্যে ঈশ্বৰে ইব্রাহিমৰ ত্যাগৰ পৰীক্ষাহে লৈছিল। গতিকে ইছমাইলৰ মৃত্যু নহৈ বলিদানৰ স্থানত এটা ভেৰাৰ মৃতদেহ দেখা গৈছিল।

৩। ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ -ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে?

উত্তৰঃ উপৰোক্ত বাক্যফাঁকিৰ জৰিয়তে কবিয়ে অসমত বাস কৰা নিৰ্বলী জনসাধাৰণৰ দুখজনক অৱস্থাক প্ৰকাশ কৰিছে। অসমত হসবাস কৰা বৰ্তমানৰ লোকসকলে যেন নিজৰ আত্মবল, বিচাৰ-বিবেচনা আৰু আবেগ-অনুভূতি সকলো হেৰাই পেলাইছে। তেওঁলোক এতিয়া ক্ষমতালোভী আৰু প্ৰভুত্ববাদী লোকসকলৰ কথামতে নিৰ্বিচাৰে উঠা-বহা কৰে। যিসকলৰ পূৰ্বপুৰুষ সিংহসদৃশ সাহসী লোক আছিল, সেইসকলৰ সন্তান আজি গাধৰ দৰে হৈ পৰিছে। নিজৰ জননীসদৃশ আই মাতৃ অসমীৰ কল্যাণৰ বাবে যেন তেওঁলোকৰ একোৱেই কৰণীয় নাথাকে।

৪। ‘হে অসমৰ ত্যাগৰ মূৰ্তি! মাতুল-ঘাতক-নবী’- ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কোৱা হৈছে?

উত্তৰঃ ইয়াত লাচিত ফুকনক মাতুলঘাতক বীৰ বুলি অভিহিত কৰা হৈছে। তেওঁ দেশৰ স্বাধীনতা আৰু স্বাভিমান অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে তেওঁ নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ এক কুণ্ঠাবোধ কৰা নাছিল।

৫। দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে?

উত্তৰঃ দেশ জননীৰ পূজাৰ অদ্ভূদ আয়োজন দেখি ‘মুক্তি পলাল’ ববুলি কবিয়ে কৈছে।

গ) দীঘল প্ৰশ্নঃ

১। ‘লাচিত ফুকন’ কবিতাটিত কেনেধৰণৰ চিন্তা কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে ?

উত্তৰঃ “লাচিত ফুকন” কবিতাটিৰ জৰিয়তে কবিয়ে সমসাময়িক সমাজৰ বৰমূৰীয়া শ্ৰেণীৰ ভুৱা স্বদেশপ্ৰেমৰ তীব্ৰ সমালোচনা কৰিছে। এই ভুৱা স্বদেশপ্ৰেমে দেশৰ অৱস্থা সোলক-ঢোলক কৰি তোলাত কবিক গভীৰভাৱে ব্যতিব্যস্ত আৰু উৎকণ্ঠিত কৰি তুলিছে। কবিয়ে অসমৰ গৌৰৱময় বীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু বৰ্তমান সময়ৰ নেতাসকলৰ দেশ শাসনৰ ধৰণ-কৰণৰ মাজত তীব্ৰ তুলনা আগবঢ়াইছে।

অসমৰ সুযোগ্য বীৰ লাচিতে মোগল সেনাৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এৰাতিৰ ভিতৰতে গড় বান্ধি দেশ ৰক্ষা কৰিছিল। কৰ্তব্যত গাফিলতি কৰাৰ বাবে তেওঁ নিজৰ মোমায়েককো কঠোৰ শাস্তি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এই আত্মত্যাগী দেশপ্ৰেমৰ বিপৰীতে বৰ্তমানৰ তথাকথিত বংশধৰসকলৰ স্বদেশপ্ৰেম কেৱল নিজৰ স্বাৰ্থভৰা বুলি কবিয়ে আক্ষেপ প্ৰকাশ কৰিছে। আজিৰ সমাজত আগৰ সেই বীৰ অসমীয়াৰ কোনো চিন দেখা নাযায়; তাৰ ঠাইত গাধৰ পালহে ভৰি পৰিছে বুলি কবিয়ে ব্য়ক্ত কৰিছে। কবিৰ মতে, পবিত্ৰ অসম ভূমিত এই ভুৱা স্বদেশপ্ৰেমীৰা অন্ধ অনুকৰণত লিপ্ত হৈ নিজৰ আত্মপৰিচয় হেৰুৱাই পেলাইছে। ভুৱা স্বদেশপ্ৰেমৰ প্ৰবল সোঁতত দেশৰ অৱস্থা টলবল হৈ পৰিছে। অন্ধ অনুকৰণকাৰীসকলে ব্যংগ যুদ্ধ আৰু ফাঁকি-প্ৰবঞ্চনাৰে দেশ ভৰি পৰিছে। দেশ মুক্তিৰ নামত মন্দিৰত শংখ-ঘণ্টাৰ সলনি পিয়ানো বজোৱা, চাকিৰ সলনি বেদীত মমবাতি জ্বলাই আৰতি কৰা আদি কাৰ্যৰ জৰিয়তে আধুনিকতাৰ নামেৰে আত্মবিস্মৃতিৰ দৃষ্টান্ত দাঙি ধৰিছে। কবিয়ে কৈছে যে এইসকলে বাহিৰৰ সমাজৰ বিপ্লৱ আৰু পৰিবৰ্তনৰ খবৰ ৰাখিলেও নিজৰ দেশৰ প্ৰকৃত অৱস্থা আৰু সমস্যা সম্পৰ্কে সম্পূৰ্ণ উদাসীন। বৰ্তমান সময়ৰ নেতাসকল ভণ্ডামিত ভৰা; তেওঁলোকে দেশৰ সমস্যাসমূহলৈ দৃষ্টি নিদি সৰু সৰু বিষয়ত ব্যস্ত হৈ দেশৰ স্বাভাৱিক উন্নতিৰ পথ ৰুদ্ধ কৰি ৰাখিছে।

এই অজ্ঞানী আৰু অকৰ্মণ্য লোকসকলৰ কবলত পৰি অসমৰ অৱস্থা সোলক-ঢোলক হৈ পৰিছে। ফলস্বৰূপে অসম জননীৰ হাত-ভৰি কোঙা হৈ পৰিছে, অৰ্থাৎ অসমৰ গৌৰৱ আৰু স্বাধীন সত্তা স্থবিৰ হৈ পৰাৰ আশংকা সৃষ্টি হৈছে। কবিয়ে এই কবিতাৰ জৰিয়তে জাতিৰ আত্মজাগৰণৰ আহ্বান জনাইছে।

২। ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্ৰেমক ভুৱা দেশপ্ৰেম বুলি কৈছে?

উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবিয়ে অসমৰ সুযোগ্য বীৰ সন্তান লাচিত ফুকনৰ প্ৰকৃত স্বদেশপ্ৰেমৰ কথা সোঁৱৰি তাক বৰ্তমানৰ পৰিস্থিতিৰ সৈতে ৰিজাই চাবলৈ যত্ন কৰিছে আৰু দেশৰ শোচনীয় অৱস্থাৰ বাবে গভীৰ আক্ষেপ প্ৰকাশ কৰিছে। কবিয়ে প্ৰথমেই উল্লেখ কৰিছে যে বৰ্তমানৰ বহু স্বদেশপ্ৰেমী আচলতে নকল-নবীছ। স্বদেশপ্ৰেমী দেখুৱাবৰ বাবে প্ৰয়োজন নহ’লে তেওঁলোকে নিজৰ মাজতেই ব্যংগ যুদ্ধৰ অৱতাৰণা কৰে। দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘণ্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰে অথবা মমবাতি জ্বলাই বেদীত ৰাখি পৰিবৰ্তন আনিব বিচাৰে।

এওঁলোকৰ ভুৱা স্বদেশপ্ৰেমৰ কোবাল সোঁতত দেশ টলমল কৰিবলৈ ধৰিছে যদিও দেশৰ সাধাৰণ মানুহে খাবলৈ নাপাই মৰিছে—এই বাস্তৱতাৰ প্ৰতি তেওঁলোক সম্পূৰ্ণ উদাসীন। বাহিৰৰ সমাজখনত ঘটা বিপ্লৱ আৰু পৰিবৰ্তনৰ খবৰ ৰখাৰ ঠাইত এইসকল তথাকথিত স্বদেশপ্ৰেমী কানিৰ মূল্য নিৰূপণৰ দৰে তুচ্ছ বিষয়ত ব্যস্ত থাকে। সমস্ত শাস্ত্ৰৰ তলি উদং কৰিও মৰ আঁউসীত হাল বালে কেনেধৰণৰ পৰাচিত লাগে বা মৃতকৰ কাম ত্ৰিশ দিনত নে এঘাৰ দিনত কৰিব লাগে তাকো তেওঁলোকে নিশ্চিত কৰিব নোৱাৰে। অৰ্থাৎ এইসকল দেশহিতৈষীয়ে অৰ্থহীন বিতৰ্কত সময় নষ্ট কৰি সমাজখনক ক্ৰমে কুপমুণ্ডকতাৰ দিশলৈ লৈ যায়; কিন্তু বাহিৰৰ পৃথিৱীৰ পৰিবৰ্তনৰ সৈতে খাপ খুৱাই দেশখন আগুৱাই নিয়াৰ প্ৰতি তেওঁলোকৰ কোনো প্ৰচেষ্টা নাই।

এইচাম দেশপ্ৰেমী ভণ্ডামীৰে ভৰা। তেওঁলোকে বক্তৃতাৰে ৰণ জিনিব পাৰে, বাঁহৰ কামীত ৰং সানি লৈ ৰণ কৰাৰ ভাও ধৰিব পাৰে। কিন্তু তেওঁলোকৰ স্বদেশ পূজাৰ মন্দিৰ হ’ল লোকেল ব’ৰ্ড। অৰ্থাৎ মন্ত্ৰীত্ব, এছেম্বলী বা ক্ষমতা লাভেই তেওঁলোকৰ মুখ্য লক্ষ্য, আৰু এইবোৰৰ জৰিয়তেই দেশসেৱা কৰা বুলি তেওঁলোকে ভাবি লয়। সেয়েহে লাচিত ফুকনৰ দৰে প্ৰকৃত স্বদেশপ্ৰেমী বীৰৰ ত্যাগ আৰু দেশপ্ৰেমৰ গভীৰ অৰ্থ তেওঁলোকে বুজি নাপায়। এনে ধৰণৰ স্বদেশানুৰাগক কবিয়ে যথার্থভাৱে ভুৱা স্বদেশপ্ৰেম বুলি আখ্যা দিছে।

৩। ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?

উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবি দেৱকান্ত বৰুৱাই অসমৰ গৌৰৱ বীৰ লাচিত ফুকনৰ বীৰত্ব আৰু নিঃস্বাৰ্থ স্বদেশপ্ৰেমৰ স্মৃতি সোঁৱৰি তাক বৰ্তমানৰ অসমীয়া সমাজৰ অৱস্থাৰ সৈতে ৰিজাই চাবলৈ যত্ন কৰিছে আৰু সমাজখনৰ অধঃপতনৰ বাবে গভীৰ দুখ আৰু আক্ষেপ প্ৰকাশ কৰিছে। কবিয়ে উপলব্ধি কৰিছে যে আজিৰ অসমত লাচিতৰ দৰে প্ৰকৃত বীৰ আৰু স্বদেশপ্ৰেমিক প্ৰায় নাই বুলিয়েই ক’ব পাৰি। লাচিতৰ দেশতে আজি কাপুৰুষ আৰু স্বাৰ্থান্বেষী মানুহে ভৰি পৰিছে, যাক কবিয়ে তীব্ৰ ব্যংগৰে ‘গাধৰ পাল’ বুলি আখ্যা দিছে। এইসকল লোকে গাধৰ দৰে প্ৰভুৰ আজ্ঞামতে কেৱল বোজা কঢ়িয়াই ফুৰে; নিজৰ চিন্তা, আত্মসম্মান বা স্বকীয়তা বুলিবলৈ একো নাই, সকলো দিশতে অন্ধ অনুকৰণেই তেওঁলোকৰ বৈশিষ্ট্য।

কবিয়ে আক্ষেপেৰে দেখুৱাইছে যে আধুনিকতাৰ নামত মন্দিৰত শংখ-ঘণ্টাৰ ঠাইত পিয়ানো বজোৱা হয় আৰু চাকিৰ ঠাই মমবাতিয়ে লৈছে। দেশৰ মুক্তিৰ নামত আৰতি, পূজা-পাঠ, মমবাতি জ্বলাই বা ভুৱা বিপ্লৱৰ নাটক কৰি পৰিবৰ্তন আনিব খোজাটোৱেই আজিৰ বহু তথাকথিত দেশপ্ৰেমীৰ কৰ্ম। অথচ দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰিছে— এই বাস্তৱতাৰ প্ৰতি তেওঁলোক সম্পূৰ্ণ উদাসীন। বাহিৰৰ পৃথিৱীত ঘটি থকা বিপ্লৱ বা প্ৰকৃত পৰিবৰ্তনৰ খবৰ ৰখাৰ সলনি তেওঁলোকে কানিৰ মূল্য নিৰূপণ, শাস্ত্ৰগত তুচ্ছ তর্ক-বিতৰ্ক, মৃতকৰ কাম কিমান দিনত কৰিব লাগে আদি অৰ্থহীন বিষয়ত সময় নষ্ট কৰে। এনে আচৰণে সমাজখনক ক্ৰমে কুপমুণ্ডকতাৰ দিশলৈ লৈ যায় আৰু দেশৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰি পেলায়।

কবিৰ মতে আজিৰ বহু নেতা আৰু দেশপ্ৰেমিক ভণ্ডামীৰে ভৰা। তেওঁলোকে বক্তৃতাৰে ৰণ জিনিব পাৰে, বাঁহৰ কামীত চূণ বা ৰং সানি লৈ ৰণ কৰাৰ ভাও ধৰিব পাৰে, কিন্তু প্ৰকৃত দেশসেৱাৰ সাহস বা ত্যাগ তেওঁলোকৰ নাই। লোকেল ব’ৰ্ডৰ সদস্যপদ, এছেম্বলী বা মন্ত্ৰীত্ব লাভ কৰাটোৱেই তেওঁলোকৰ মূল লক্ষ্য, আৰু এই ক্ষমতাৰ জৰিয়তেই দেশসেৱা কৰা বুলি তেওঁলোকে ভাৱে। সেয়েহে লাচিত ফুকনৰ দৰে নিঃস্বাৰ্থ স্বদেশপ্ৰেমী বীৰৰ ত্যাগ, সাহস আৰু আদৰ্শৰ তাৎপৰ্য তেওঁলোকে বুজি নাপায়।

তথাপিও কবিয়ে আশা এৰি নিদিয়ে। তেওঁ বিশ্বাস কৰে যে এই ভণ্ডসকলৰ বাহিৰেও আজিও বহু যুৱক আছে যাৰ হৃদয় দেশমাতৃৰ দুৰ্দশাত ব্যাকুল হৈ উঠে আৰু লাচিতৰ দৰে প্ৰকৃত বীৰৰ এটা আহ্বানৰ বাবেই অপেক্ষা কৰি আছে। সেইবাবে কবিয়ে লাচিত ফুকনক আহ্বান জনাইছে যেন তেওঁ আকৌ এবাৰ নিজৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ আদৰ্শেৰে এই যুৱকসকলক অনুপ্ৰাণিত কৰি অসমক পুনৰ সজীৱ আৰু শক্তিশালী কৰি তোলে।

৪। ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ৷

উত্তৰঃ দেৱকান্ত বৰুৱাৰ ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে লাচিত ফুকনৰ অগাধ স্বদেশপ্ৰেম, সাহস আৰু বীৰত্বৰ গৌৰৱময় চিত্ৰ অতি সজীৱভাৱে উপস্থাপন কৰিছে। এই কবিতাত লাচিতে কেনেদৰে নিজৰ অদম্য সাহস আৰু বীৰত্বৰে শত্ৰুৰ সৈতে যুঁজ দি দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিছিল, সেই কথা সুন্দৰ ভাষাত বৰ্ণিত হৈছে। আহোম সেনাপতি লাচিত ফুকনৰ সাহস আৰু স্বদেশপ্ৰেমৰ কাহিনী সকলোৰে পৰিচিত, কিয়নো দেশৰ ৰক্ষাৰ বাবে তেওঁ নিজৰ মোমায়েকৰ জীৱনো বলিদান দিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

কবিতাটোত কবিয়ে লাচিতৰ বীৰত্ব স্মৰণ কৰি দেশৰ কাৰণে মৃত্যুকো আহ্বান জনোৱাৰ দৰে দৃঢ় মনোভাৱৰ কথা উল্লেখ কৰিছে। তেওঁৰ ত্যাগ আৰু সাহসেৰে জাতিৰ বুকুত অদম্য যৌৱন আৰু উদ্দীপনা জগাই তোলে বুলি কবিয়ে প্ৰকাশ কৰিছে। আজিও ‘মোমাই কটা গড়’ লাচিত ফুকনৰ ত্যাগ, বীৰত্ব আৰু স্বদেশপ্ৰেমৰ জ্বলন্ত স্মৃতি হিচাপে থিয় হৈ আছে। ইয়াৰ লগতে কবিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ সৈতে ইব্ৰাহিমৰ বীৰত্বৰ কথাও তুলনা কৰি কবিতাটোক অধিক গভীৰ আৰু তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।

৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷

ক) “বক্তৃতা দি আকাশ কঁপাই,চিঞৰত টেটু ফালি,

বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি ৷”

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত অন্তৰ্গত কবি দেৱকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে সমসাময়িক অসমীয়া নেতাসকলৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰিবলৈ চেষ্টা কৰিছে। কবিয়ে কথা আৰু কামৰ মাজত থকা বৃহৎ পাৰ্থক্য়ক বুজাবলৈ এই কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

বক্তৃতাৰে আকাশ কঁপোৱা এইসকল নেতাই বাহিৰে-বাহিৰে বীৰত্ব দেখুৱালেও বাস্তৱত তেওঁলোকৰ স্বৰূপ ফোপোলা বুলি কবিয়ে ব্যক্ত কৰিছে। কবিৰ মতে আজিৰ অসমীয়াৰ মাজত লাচিত ফুকনৰ দৰে সাহস, বীৰত্ব আৰু সত্য স্বদেশপ্ৰেম লুপ্তপ্ৰায়। কৰ্মসংস্কৃতিৰ অভাৱ, উন্নতিৰ দিশত আগবঢ়াৰ দৃঢ় সংকল্পৰ অভাৱ আজিৰ সমাজত স্পষ্ট। কেৱল মুখৰ কথা আৰু জোৰাল বক্তৃতাৰে বীৰত্ব প্ৰদৰ্শন কৰিলেও, বাস্তৱ জীৱনত সেইবোৰ একেবাৰে অৰ্থহীন। কথা আৰু কামৰ সামঞ্জস্যহীনতাৰ জৰিয়তে তেওঁলোকৰ ভুৱা প্ৰতিশ্ৰুতি আৰু ভুৱা স্বদেশপ্ৰেম সহজেই বুজা যায়। দেশমাতৃৰ সেৱা আৰু দেশ ৰক্ষাৰ নামত কৰা এইবোৰ বক্তৃতাৰ আঁৰত লুকাই থাকে কেৱল নিজস্ব স্বাৰ্থ। স্বাৰ্থহীনভাৱে দেশমাতৃৰ সেৱা কৰা প্ৰকৃত দেশপ্ৰেমিক আজিৰ সমাজত অতি নগণ্য।

এইদৰে স্বদেশবাসীৰ এনে নিকৃষ্ট মানসিকতা, ভণ্ডামি আৰু অদূৰদৰ্শিতাৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কবিয়ে ব্যংগাত্মক ভাষাৰে উক্ত কবিতাফাঁকি অৱতাৰনা কৰিছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects