অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ
পদ্মনাথ গোহাঞিবৰুৱা
(ক) অতি চমু প্ৰশ্ন।
১। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি ‘মোৰ সোঁৱৰণী’ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।
৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম ‘মোৰ সোঁৱৰণী’।
৪। ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?
উত্তৰঃ ‘আগৰৱালা পকী’তেজপুৰত অৱস্থিত।
৫। গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজলিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা ৷
উত্তৰঃ গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ।
চমু প্ৰশ্ন।
১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল- ‘গাঁওবুঢ়া’আৰু ‘জয়মতী’।
২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনাৰ নাম হল – ‘বিজুলী, আসাম বন্তি আৰু ঊষা।
৩। পদ্মনাথ গোহঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ পদ্মানাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম ‘শ্ৰীকৃষ্ণ’, ভানুমতী, আৰু ‘লহৰি’।
৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি, ‘Your Excellency’ ৰ ঠাইত উকাকৈ অকল ‘Your’ বুলি চিঠিখন লিখিছিল।
৫। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা ৷
উত্তৰঃ ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম হ’ল মৌলানা মহস্মদ আলি আৰু তৰুণ ফুকন।
দীঘল প্ৰশ্ন
১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কার্য-কলাপৰ বিষয়ে আগৰে পৰা শুনি আছিল। দক্ষিণ আফ্রিকাত বর্ণবৈষম্যৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে লােৱা ভূমিকাৰ বিষয়ে দেশ-বিদেশত প্ৰচাৰ হৈছিল,। বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীৰ মহামানবিক গুণৰ বহুল আলোচনা হৈছিল, আৰু খ্রীষ্টিয়ান মিছনেৰী সম্প্রদায়ৰ পুৰোহিত পাদ্রীসকলে তেওঁক যীশুখ্ৰীষ্টতকৈও ওপৰত স্থাপন কৰিছিল।
গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহি স্বাধীনতাৰ বাবে নৈতিক, দৈহিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আত্মনিয়োগ কৰিছিল। তেওঁৰ অৰ্থাৎ গান্ধীজীৰ মন আছিল স্বাধীচিতীয়া, সেয়ে তেওঁ ভাৰতৰ সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৰীডিংলৈ লিখা দীঘলীয়া চিঠিত ‘Your Excellency’ৰ ঠাইত মাত্ৰ ‘Your’ বুলি সম্বোধন কৰা দেখা যায়। গান্ধীৰ এই অসাধাৰণ ধৈৰ্য্য, নৈতিকতা আৰু সাহসৰ কীর্তি দেখি পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ গভীৰ আগ্ৰহী হৈ পৰিছিল।
২। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা ।
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমনৰ বাবে তেজপুৰত উপস্থিত হয়। তেখেতৰ লগত মৌলনা মহম্মদ আলি আৰু অসম কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনো উপস্থিত আছিল। পদ্মনাথ গোহাঞিবৰুৱা আৰু তেজপুৰীয়া ৰাইজে ৰাতিপুৱাৰ পৰা বৰষুণৰ মাজেৰে গান্ধীজীৰ দর্শনৰ বাবে অপেক্ষা কৰিছিল।
গান্ধীজীয়ে তেজপুৰৰ জাহাজঘাটত উপস্থিত হোৱাৰ পাছত স্বেচ্ছাসেৱক দলৰ সহায়ত তেওঁক বাগীত তুলি শোভাযাত্রা কৰা হয় আৰু হৰিবিলাস আগৰৱালাৰ ‘পকী কুঠী’লৈ লৈ যোৱা হয়। তাত ছাগলীৰ গাখীৰেৰে জা-জলপান কৰোৱা হয়। উপস্থিত ৰাইজক গান্ধীজীয়ে ‘স্বৰাজ’ আৰু ‘অসহযোগ’ৰ ওপৰত প্ৰায় দুই ঘণ্টা দীঘলীয়া বক্তৃতা দিয়ে। অন্তত গান্ধীজীয়ে বিনীতভাৱে ৰাইজৰ পৰা বিদায় লয়।
৩। গান্ধীজীৰ আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা ।
উত্তৰঃ গান্ধীজী তেজপুৰৰ জাহাজঘাটত উপস্থিত হোৱাৰ লগে লগে সকলোতকৈ আগেয়ে পদ্মনাথ গোহাঞিবৰুৱাই জাহাজত উঠি গান্ধীজীক নমস্কাৰ জনাই সাক্ষাৎ কৰে। তৰুণৰাম ফুকনে গোহাঞিবৰুৱাক গান্ধীজীৰ লগত পৰিচয় কৰাই দিয়ে আৰু কয়, “এখেত এজন তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা, ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা।” গান্ধীজী এই খিতাপ শুনি আচৰিত হৈ উঠে, কাৰণ বৃটিছৰ ৰায়চাহাব খিতাপধাৰী লোকে তেওঁক সাক্ষাৎ কৰিবলৈ আহিছে বুলি ভাবিছিল। অৱশ্যে তৰুণৰাম ফুকনে গান্ধীজীৰ সন্দেহ দূৰ কৰি তেওঁক নিশ্চিত কৰে যে গোহাঞিবৰুৱা ৰাইজৰ বাবে আহিছে।
গান্ধীজীয়ে পদ্মনাথলৈ চাই কলে, “যি হওক, আশা কৰোঁ খিতাপৰ কিৰীটিয়ে আপোনাক ৰাইজৰ প্রতিকূল মুখীয়া নকৰক।” পদ্মনাথ গোহাঞিবৰুৱাই গান্ধীজীৰ কথাত মুৰ দোঁৱাই সহমত প্ৰকাশ কৰে। তাৰ পিছত, মৌলানা মহম্মদ আলিৰ লগত স্বৰাজৰ বিষয়ে দু-তিনিটা কথা পাতি থাকোঁতে গান্ধীজীৰ চকু পৰিল পদ্মনাথ গোহাঞিবৰুৱাই পিন্ধা পোচাকলৈ। গান্ধীজীয়ে পাতৰ চুৰিয়া আৰু কুৰ্তাচোলাৰ লগত লৈ যোৱা আশী নম্বৰী সূতাৰ চেলেংখন দেখাই তেওঁক সোধে, “এই চেলেং স্বদেশীনে?” উত্তৰত গোহাঞিবৰুৱাই কলে যে সুতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি ঘৰত বোৱা কাপোৰহে। এই কথা শুনি গান্ধীজী নিৰানন্দমুৱা হৈ কলে যে চেলেংচাদৰৰ সূতা বিদেশী, আৰু তেখেতৰ পৰামৰ্শ অনুসৰি চোলা-চুৰিয়াৰ দৰে চাদৰো অতি সোনকালে স্বদেশী কৰিব লাগে। এইদৰে গান্ধীজী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজত এটি চমু কথোপকথন ঘটে।
৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা ৷
উত্তৰঃ গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত, তেজপুৰৰ হৰিবিলাস আগৰৱালাৰ ‘পকী’ ঘৰৰ সন্মুখত বহল ঘাঁহনি পথাৰত মজলিচ বৈঠকৰ আয়োজন কৰা হৈছিল। বৈঠকত টাউনৰ গণ্যমান্য লোক, দূৰৈৰপৰা আহি অংশগ্ৰহণ কৰা ৰাইজৰ নেতা-শ্ৰেণী আৰু সৰ্বসাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিছিল। বৈঠকত আসন ব্যৱস্থাৰ বাবে দলিচা, ত্ৰিপাল, নগাঢাৰি আদি ব্যৱস্থা কৰা হৈছিল। সকলো লোকে ধীৰে-শাঁতে যথাযোগ্য ঠাইত উপবিষ্ট হৈ অনুষ্ঠানৰ বাবে উপস্থিত হৈ থাকে। ৭ মান বজাত গান্ধীজী জিৰণি কোঠাৰ পৰা ওলাই অহাৰ লগে লগে সকলোৱে থিয় হৈ তেখেতক সন্মান জনায়। তাৰ পিছত নিৰ্দিষ্ট আসনত উপবিষ্ট হৈ গান্ধীজীয়ে ভাৰত ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু ‘স্বৰাজ’ আৰু ‘অসহযোগিতা’ৰ বিষয়ে প্ৰায় দুঘণ্টা দীঘলীয়া বক্তৃতা দিয়ে। সমবেত ৰাইজে এই বক্তৃতা নীৰবে শুনে। এই বৈঠকত পদ্মনাথ গোহাঞিবৰুৱাই অংশগ্ৰহণ কৰিছিল, আৰু আন কোনো চৰকাৰী বিষয়ববীয়াই অংশ লোৱা নাছিল।
৫। “আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে৷” _ এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা৷
উত্তৰঃ প্ৰশ্নোক্ত কথাঁফাকি মহাত্মা গান্ধীয়ে ৰায়চাহাব খিতাপধাৰী পদ্মনাথ গোহাঞি বৰুৱাক কৈছিল।
তৰুণৰাম ফুকনে গান্ধীজীৰ লগত পদ্মনাথ গোহাঞিবৰুৱাক চিনাকি কৰাওতে কলে- ‘এখেত এজন তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা, ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা। আচলতে বৃটিছ চৰকাৰৰ ৰায়চাহাব খিতাপধাৰী ব্যক্তি বৃটিছৰ ফলীয়াহে বুলি গান্ধীজীয়ে ধাৰণা কৰিছিল। সেয়ে তেওঁ আচৰিত হৈ উক্ত কথাষাৰ কৈছিল।বৃটিছ চৰকাৰৰ ৰায়চাহাব খিতাপধাৰী ব্যক্তি বৃটিছৰ ফলীয়াহে বুলি গান্ধীজীয়ে ধাৰণা কৰিছিল। সেয়ে তেওঁ আচৰিত হৈ উক্ত কথাষাৰ কৈছিল। বৃটিছৰ ৰায়চাহাব হলেও পদ্মনাথ গোহাঞিবৰুৱা সর্বতোভাবে ৰাইজৰ ফলীয়া আৰু ৰাইজৰ হকে কর্মক্ষেত্রত আগবঢ়া ব্যক্তি। তৰুণৰাম ফুকনে সেই কথা গান্ধীজীক বুজাই কোৱাত গান্ধীজীৰ বিশ্বাস জন্মিল আৰু গোহাঞিবৰুৱাৰ লগত মত বিনিময় কৰিলে।
লেখকৰ পৰিচয়ঃ
১। ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰঃ ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকী হল- ‘পদ্মনাথ গোহাঞি বৰুৱা’।
২। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম ১৮৭১ চনত হৈছিল।
৩। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখন হ’ল ‘বিজুলী, আসাম বন্তি আৰু ঊষা।
৪। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখন হ’ল ‘ভানুমতী’ আৰু ‘লাহৰী’।
৫। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন কি কি?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন হ’ল ‘গাঁওবুঢ়া’, ‘টেটোন তামুলী’, ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনী’ আৰু ‘লাচিত বৰফুকন’ ।
৬। পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ খনৰ নাম লিখা৷
উত্তৰঃ পদ্মনীথ গোহাঞিবৰুৱাই তত্ত্বমূলক গ্ৰন্থ খনৰ নাম ‘শ্ৰীকৃষ্ণ’।
৭। ‘মোৰ সোঁৱৰণী’ কাৰ আত্মজীৱনী?
উত্তৰঃ ‘মোৰ সোঁৱৰণী’ পদ্মনাথ গোহাঞিবৰুৱা আত্মজীৱনী।
৮। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱা আছিল।
৯। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ১৯১৭ চনত শিৱসাগৰত হৈছিল।
১০। পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু ১৯৪৬ চনত হৈছিল।
অতিৰীক্ত প্ৰশ্ন উত্তৰ।
(ক) হৰিবিলাস আগৰৱালাৰ ঘৰত মহাত্মা গান্ধীজীক কিহেৰে আপ্যায়ন কৰা হৈছিল ?
উত্তৰঃ ছাগলীৰ গাখীৰেৰে।
(খ) গান্ধীজীয়ে তেজপুৰত কিহৰ ওপৰত বক্তৃতা দিছিল?
উত্তৰঃ স্বৰাজ আৰু অসহযােগিতাৰ ওপৰত।
(গ) মহাত্মা গান্ধীৰ লগত অসমকৈ অহা নেতাজন কোন আছিল?
উত্তৰঃ মৌলানা মহম্মদ আলি চাহাব।
(ঘ) অসমীয়া ভাষাৰ প্রথম উপন্যাসখনৰনাম কি?
উত্তৰঃ পদ্মনাথ গােহাঞিবৰুৱাৰ ভানুমতী’।
(ঙ) পদ্মনাথ গােহাঞিবৰুৱাৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ শ্ৰীকৃষ্ণ।
(চ) অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন কোন আছিল?
উত্তৰঃ পদ্মনাথ গােহাঞিবৰুৱা।
(ছ) অসম সাহিত্য সভাৰ প্রথম অধিবেশন কত অনুষ্ঠিত হৈছিল?
উত্তৰঃ শিৱসাগৰত।
(জ) পদ্মনাথ গােহাঞিবৰুৱাইভাৰত চৰকাৰৰ পৰা কি উপাধি পাইছিল?
উত্তৰঃ ৰায়চাহাব।
(ঝ) তেজপুৰৰ কোনজন উকীলে মহাত্মা গান্ধী আৰু মহম্মদআলি চাহাবক নমস্কাৰ জনাইছিল?
উত্তৰঃ বাবু মহেন্দ্রনাথ উকীলে।