AHSEC Class 11 Assamese Chapter 3 গৌৰৱ – কালিৰাম মেধি পাঠটোৰ উত্তৰ

গৌৰৱ

কালিৰাম মেধি

অতি চমু প্ৰশ্ন।

১ । কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ৷

উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পকীয় গ্ৰন্থখনৰ নাম ‘অসমীয়া ব্যাকৰণ’ আৰু ‘ভাষাতত্ত্ব’ ।

২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?

উত্তৰঃ ‘ডিভাইন কমেডি’ ইটালীৰ বিশ্ববিখ্যাত কবি ডাণ্টেৰ ৰচনা।

৩ । নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?

উত্তৰঃ নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্স দেশৰ বীৰ আছিল।

৪। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে ?

উত্তৰঃ মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে।

৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?

উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ান বিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে।

চমু প্ৰশ্ন।

১। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?

উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উপন্ন হ’য়- সৌভাগ্য, শৰীৰ আৰু মন। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মন আহে। জন্মসূএে লাভ কৰা ধন আৰু মান পোৱা ব্যক্তিসকলে নিজস্ব ভাৱে কিবা ভাল কাম কৰক বা নকৰক সমাজত কিন্ত তেওঁলোকৰ স্থান সদায় একে বা ওপৰত থাকে। উদাহৰণ স্বৰূপে- নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি বৰুৱাৰ ঘৰৰ ল’ৰাই আগ মালা আৰু আগ ঠেলি পোৱাৰ নিয়ম সামাজিক আইনত বন্ধা আছে। কিন্ত সাধাৰণ মানুহৰ ল’ৰা-ছোৱালীয়ে জন্মসূএে সাধাৰণ হোৱা বাবে নিজৰ কৃতিত্বৰ বাবে কিন্ত সমাজত আগস্থান নাপাই। এই গৌৰৱৰ মূল কাৰণ হল সৌভাগ্য়।

২ । ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে ? বুজাই লিখা ৷

উত্তৰঃ ৰূপ হৈছে মানুহৰ এটা শাৰীৰিক গুণ। ৰূপৱান বা ৰূপৱতী লোকেও নিজৰ সৌন্দৰ্যক লৈ গৌৰৱ কৰে। কিন্তু এই ৰূপৰ গৌৰৱ স্থায়ী নহয়, কিয়নো মানুহৰ ৰূপ সদায় একে নাথাকে। বয়স বৃদ্ধি, ৰোগ-ব্যাধি আৰু স্বাস্থ্যৰ অৱনতিত ৰূপ-সৌন্দৰ্য কমি যায়। যদিও ৰূপ ঈশ্বৰপ্ৰদত্ত, তথাপিও শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে। সেয়ে ৰূপৰ জৰিয়তে পোৱা মান-সম্মান আৰু ভক্তি ক্ষণস্থায়ী আৰু স্থায়ী নহয়।

৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?

উত্তৰঃ পাঠটোত কোৱা অনুসাৰে বিশ্বামিত্ৰৰ দুখৰ মূল কাৰণ আছিল তেওঁৰ জন্ম। বিশ্বামিত্ৰ চন্দ্ৰবংশীয় গাধি ৰজাৰ পুত্ৰ আছিল আৰু তেওঁ ক্ষত্ৰিয় কুলত জন্মগ্ৰহণ কৰিছিল। কিন্তু বহু কঠোৰ তপস্যাৰ বলতেই তেওঁ পাছত ব্রাহ্মণত্ব লাভ কৰিবলৈ সক্ষম হয়। সেইকাৰণে ক্ষত্ৰিয় কুলত জন্ম লোৱাটো বিশ্বামিত্ৰৰ বাবে দুখৰ কাৰণ হৈ পৰিছিল।

৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?

উত্তৰঃ শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃ হোৱাৰ হেতুকৰে মানুহে তেওঁৰ নাম জানে বা জানিছিল।

৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?

উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্রকৃত অৰ্থত দেশ ৰাখিব নোৱাৰে। তেওঁলোকে প্ৰথম দিনা যুদ্ধৰ জৰিয়তে দেশ জয় কৰে, দ্বিতীয় দিনা দেশ সাশন কৰে, কিন্তু তিনিদিনৰ দিনা সেই দেশ তেওঁলোকৰ হাতৰ পৰা সৰি যায়। কাৰণ দেশ জয় কৰা বীৰসকলে মূলত মানুহকেই পৰাস্ত কৰে, কিন্তু মানুহৰ মন জয় কৰিব নোৱাৰে। সেয়ে তেওঁলোকৰ জয় স্থায়ী নহয়।

ইয়াৰ উদাহৰণ স্বৰূপে নেপোলিয়ন বোনাপাৰ্ট, জুলিয়াছ চীজাৰ, আলেকজেণ্ডাৰ আদিৰ বিশাল সাম্ৰাজ্য আৰু দ্বিগীজয়ী আকবৰৰ সাম্ৰাজ্যো সময়ৰ সোঁতত বিলীন হৈ গৈছে। এইবোৰ উদাহৰণে প্ৰমাণ কৰে যে কেৱল বলপ্ৰয়োগে দেশ জয় কৰিব পাৰিলেও দীৰ্ঘদিন ধৰি দেশ ৰাখি থোৱা সম্ভৱ নহয়।

দীঘল প্ৰশ্ন।

১। “ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল” -কথাষাৰ বুজাই লিখা৷

উত্তৰঃ মানুহে সুখী জীৱন যাপন কৰিবলৈ ধনৰ প্ৰয়োজন হয়। কিন্তু সমাজৰ সকলো মানুহ সমান ধনী নহয়। সেইকাৰণে ধনী লোকসকলে নিজৰ ধন-সম্পত্তিক লৈ গৌৰৱ কৰে আৰু নিৰ্ধনী লোকসকলে ধনীসকলক দেৱতাৰ দৰে গণ্য কৰি ভয়-সমীহেৰে ব্যৱহাৰ কৰে। ধনৰ বলত ধনী লোকসকলে বহু কাম সহজে কৰিব পাৰে, মানুহক নিজৰ অধীনলৈ আনিব পাৰে আৰু সমাজৰ দুর্বল শ্ৰেণীক শোষণ তথা দমন কৰিবলৈও সক্ষম হয়। ধনৰ উৎস সৎ হওক বা অসৎ হওক, সাধাৰণতে সমাজে সেইটো বিচাৰ নকৰি কেৱল ধনৰ বলতেই ধনী লোকক মান-সম্মান দিয়ে। আনকি তেওঁলোকৰ স্বভাৱ-চৰিত্ৰ ভাল নহ’লেও সমাজৰ অনুষ্ঠান, উৎসৱ-পাৰ্বণ আদিত ধনী লোকেই আগস্থান বা বিশেষ আসন লাভ কৰে।

তথাপিও ধনৰ জৰিয়তে পোৱা এই মান-সম্মান স্থায়ী নহয়। কিছুমান মানুহে ধনক লৈ গৌৰৱ কৰে আৰু ধন নথকাৰ বাবে আন কিছুমানে দুখত ভাগি পৰে। উদাহৰণ স্বৰূপে বিশ্বামিত্ৰ দুখীয়া ঘৰত জন্ম হোৱা বাবে প্ৰথমে দুখ পাইছিল যদিও নিজৰ জ্ঞান, তপস্যা আৰু সাধনাৰ বলত তেওঁ সমাজৰ ভক্তি আৰু মান-সম্মান লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়ে ক’ব পাৰি যে ধনে মানুহক সাময়িকভাৱে সামাজিক মান-মৰ্যাদা দিব পাৰে, কিন্তু সেই মান-মৰ্যাদা ক্ষণস্থায়ী; সত্য মান-মৰ্যাদা জ্ঞান, গুণ আৰু সাধনাৰ দ্বাৰাহে স্থায়ী হয়

২। ‘গৌৰৱ’ প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?

উত্তৰঃ ‘গৌৰৱ’ প্ৰৱন্ধটিত লিখকে উল্লেখ কৰিছে যে গৌৰৱৰ প্ৰকৃত কাৰণ বাহ্যিক বস্তু নহয়, বৰঞ্চ মানুহৰ মনে গৌৰৱৰ প্ৰকৃত কাৰণ। লিখকৰ মতে মনৰ পৰা উৎপন্ন হোৱা গৌৰৱেই সত্য গৌৰৱ। এই গৌৰৱ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা সৃষ্টি হয়। এই গুণসমূহে মানুহক অমৰ কৰি তোলে আৰু চিৰকাললৈ মানুহৰ অন্তৰত স্থান দিয়ে।

পাঠটোত উল্লেখ কৰা অনুসাৰে সাবিত্ৰী–সীতাৰ পতি প্ৰেম, চক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম, জয়মতীৰ আত্মদান, কালিদাস আদি মহাপুৰুষসকলৰ পাণ্ডিত্য–প্ৰতিভা এই শ্ৰেণীৰ গৌৰৱৰ উৎকৃষ্ট উদাহৰণ। এইবোৰ গুণ মনৰ পৰা সৃষ্টি হোৱা বাবে স্বৰ্গীয় আৰু স্থায়ী।

ইয়াৰ বিপৰীতে জন্ম, ৰূপ, স্বাস্থ্য, বল, ধন আদিৰ পৰা উৎপন্ন হোৱা গৌৰৱ ক্ষণস্থায়ী। ধন আৰু বলৰ জৰিয়তে দেশ জয় কৰিব পাৰিলেও সেই জয় স্থায়ী নহয়। কিন্তু মনৰ দ্বাৰা যি জয় অৰ্জন কৰা যায়, সি চিৰস্থায়ী হয়। সেয়ে ক’ব পাৰি যে জ্ঞান, আত্মসংযম আৰু আত্মদানৰ দৰে আভ্যন্তৰীণ গুণৰ পৰা উদ্ভৱ হোৱা গৌৰৱেই প্ৰকৃত, মহীয়ান আৰু চিৰস্থায়ী গৌৰৱ।

৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- “বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”৷

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কালিৰাম মেধি দেৱৰ দ্বাৰা ৰচিত ‘গৌৰৱ’ নামৰ প্ৰৱন্ধটিৰ পৰা তুলি অনা হৈছে।

প্ৰশ্নোক্ত বাক্য় শাৰীৰ জৰিয়তে লিখকে এই কথাটো বুজাব বিচাৰিছে যে বল-শক্তি আৰু ধনৰ দ্বাৰা দেশ জয় কৰিব পাৰিলেও মানুহৰ মন বা অন্তৰ জয় কৰিব নোৱাৰে।

পৃথিৱীৰ ইতিহাসত বহু বীৰৰ কাহিনী পোৱা যায়, যিসকলে নিজৰ বীৰত্ব আৰু শক্তিৰে যুদ্ধ কৰি বহু দেশ অধিকাৰ কৰিছিল। কিন্তু তেওঁলোকে মানুহৰ মন জয় কৰিব পৰা নাছিল। কাৰণ সৎ চিন্তা, সৎ কৰ্ম, জ্ঞান, বুদ্ধি আৰু বিবেকৰ দ্বাৰাহে মানুহৰ মন জয় কৰিব পাৰি। সমাজৰ মঙ্গলৰ কাৰণে যিসকলে নিজৰ চিন্তা আৰু কৰ্মৰ জৰিয়তে অৱদান আগবঢ়ায়, তেওঁলোক উত্তৰ পুৰুষৰ বাবে আদৰ্শ আৰু অনুকৰণীয় হৈ থাকে। ইয়াৰ উদাহৰণ স্বৰূপে ক’ব পাৰি যে আকবৰ, জুলিয়াছ চীজাৰ, আলেকজেণ্ডাৰ, নেপোলিয়ন আদি বীৰসকলে বহু দেশ জয় কৰিছিল যদিও কালৰ সোঁতত তেওঁলোকৰ সাম্ৰাজ্য ধ্বংস হৈ গৈছে। আনহাতে শংকৰদেৱ, গৌতম বুদ্ধ, প্লোটো, কবীৰ, নানক আদি মনিষীসকলে নিজৰ জ্ঞান, সৎ চিন্তা আৰু আদৰ্শৰে মানুহৰ মন জয় কৰিছিল। সেয়ে তেওঁলোকৰ প্ৰভাৱ আৰু গৌৰৱ আজিও অক্ষুণ্ণ আছে।

এইদৰে লিখকে উক্ত বাক্যশাৰীৰ জৰিয়তে বুজাব বিচাৰিছে যে শাৰীৰিক বল বা শক্তিৰ পৰা উৎপন্ন হোৱা গৌৰৱ ক্ষণস্থায়ী, কিন্তু মন, জ্ঞান আৰু আদৰ্শৰ পৰা উৎপন্ন হোৱা গৌৰৱ চিৰস্থায়ী আৰু অমৰ।

৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা৷

উত্তৰঃ উচ্চ বংশত বা ধনী পৰিয়ালত জন্ম গ্ৰহণ কৰিলে সমাজত স্বাভাৱিকভাৱে কিছু মান-সন্মান পোৱা যায়। আমাৰ উপৰি-পুৰুষসকলে প্ৰৱৰ্তন কৰি থৈ যোৱা সমাজিক নিয়ম অনুসাৰে বহু সময়ত যোগ্যতা নাথাকিলেও কেৱল জন্মৰ বাবেই মানুহে সন্মান লাভ কৰে। উদাহৰণ স্বৰূপে লেখকে গৌৰৱ পাঠটিত নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও তেওঁ আগস্থান লাভ কৰে, কিন্তু কালিৰাম দাস বিদ্যাভূষণ হ’লেও সাধাৰণ ঘৰৰ সন্তান হোৱাৰ বাবে তেনে সন্মান নাপায়। মহাভাৰতৰ কৰ্ণ, পাণ্ডৱৰ দৰেই বীৰ আৰু যোগ্য আছিল যদিও জন্মৰ কাৰণে সমাজৰ পৰা বিদ্ৰুপ সহ্য কৰিবলগীয়া হৈছিল।

কিন্তু জন্মগতভাৱে লাভ কৰা এই মান-সন্মান স্থায়ী নহয়। জন্মৰ পৰা পোৱা ধন, মান বা গৌৰৱ মানুহৰ নিজৰ অৰ্জিত নহয়; ই সমাজে বান্ধি থোৱা এক অপ-পৰম্পৰাহে। এইবোৰ কেৱল পৰিচয়হে, প্ৰকৃত গৌৰৱৰ কাৰণ নহয়। বহু লোক উচ্চ বংশত জন্ম লৈও জ্ঞান-বুদ্ধি আৰু সদাচাৰৰ অভাৱত সমাজত সন্মান লাভ কৰিব নোৱাৰে। আনহাতে বহু লোক নীচ কুলত বা দৰিদ্ৰ পৰিয়ালত জন্ম লৈও নিজৰ গুণ, জ্ঞান আৰু কৰ্মৰ বলত মানুহৰ অন্তৰ জয় কৰি জীৱন মহীয়ান কৰি তোলে।

সেয়ে ক’ব পাৰি যে জন্মৰে নহয়, কৰ্মৰেই মানুহৰ আচল পৰিচয়। সৎ কৰ্ম আৰু গুণৰ দ্বাৰাহে মানুহ জগতত বিখ্যাত আৰু সন্মানীয় হয়। কুল, ধন বা জন্মগত মানৰ পৰা উৎপন্ন হোৱা গৌৰৱ ক্ষণস্থায়ী, কিন্তু নিজৰ কৰ্ম আৰু গুণৰ পৰা উৎপন্ন হোৱা গৌৰৱেই প্ৰকৃত আৰু চিৰস্থায়ী।

৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা৷-

“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”

উত্তৰঃ উক্ত বাক্য়শাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত কালিৰাম মেধি-দেৱৰ দ্বাৰা ৰচিত ‘গৌৰৱ’ নামৰ প্ৰৱন্ধৰ পৰা তুলি অনা হৈছে।

এই কথাষাৰীৰ জৰিয়তে লিখকে ৰূপৰ আচৰিত আৰু প্ৰবল শক্তিৰ বিষয়ে বুজাব বিচাৰিছে। লিখকৰ মতে ৰূপৰ মাজত চুম্বকৰ দৰে আকৰ্ষণ শক্তি থাকে, যিয়ে মানুহক সহজে মোহিত কৰে।

মানুহ স্বভাৱতে সৌন্দৰ্য্যপ্ৰিয়। যিকোনো সৌন্দৰ্য্যময় বস্তুয়ে মানুহৰ মন আকৰ্ষণ কৰে আৰু মানসিক তৃপ্তি প্ৰদান কৰে। সেয়েহে সুশ্ৰী বা সুন্দৰ চেহেৰাৰ প্ৰতি আকর্ষিত হোৱাটো মানুহৰ সহজাত প্ৰবৃত্তি। সাপে যোগীৰ মন্ত্ৰত মুগ্ধ হোৱাৰ দৰে মানুহো ৰূপত মুগ্ধ হয়। ৰূপৰ প্ৰভাৱ ইমানেই প্ৰবল যে কেতিয়াবা জ্ঞানী লোকো অজ্ঞানীৰ দৰে আচৰণ কৰে, দুৰ্বল লোকো বলৱান হৈ উঠে আৰু যুদ্ধ-বিগ্ৰহৰো সৃষ্টি হয়। ইতিহাস আৰু কাব্যত ৰূপৰ এই শক্তিৰ বহু উদাহৰণ পোৱা যায়। ৰাম-ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক-ট্ৰজান যুদ্ধৰ মূল কাৰণ আছিল ৰূপ। হিৰোৰ লাৱণ্যৰ বলতেই লিয়াণ্ডাৰে হেলিস্পণ্ট সাগৰ সাঁতুৰি পাৰ হৈছিল। ডান্টেৰ ‘ডিভাইন কমেডি’ও ৰূপৰ অনুপ্ৰেৰণাত ৰচিত। সেইদৰে ৰূপ-লাবণ্যৰ বলত বহুতে সমাজত মান, শ্রদ্ধা আৰু ভক্তি লাভ কৰে। শংকৰদেৱৰ শান্ত আৰু সুশ্ৰী মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও শ্রদ্ধা আদায় কৰিছিল। আনকি হজৰত মহম্মদক বধ কৰিবলৈ উদ্যত হোৱা শত্ৰুৰ হাতৰ পৰা তৰোৱাল ৰূপৰ প্ৰভাৱতেই খহি পৰিছিল বুলি কোৱা হয়।

এই সকলো উদাহৰণৰ জৰিয়তে লিখকে এই কথাটো প্ৰতিপন্ন কৰিব বিচাৰিছে যে ৰূপৰ মাজত এক আচৰিত চুম্বকীয় শক্তি আছে, যিয়ে মানুহৰ মন গভীৰভাৱে আকৰ্ষণ কৰে। সেয়েহে ৰূপক চুম্বকৰ লগত তুলনা কৰা হৈছে।

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ।

১। কালিৰাম মেধি কিমান চনত জন্ম হয়?

উত্তৰঃ কালিৰাম মেধি ১৮৭৮ চনত জন্ম হয়।

২। ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ কাৰ ৰচনা?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ বাণী’ কালিৰাম মেধি ৰচনা।

৩। কালিৰাম মেধিৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল।

৪। কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখন মান গ্ৰন্থৰ নাম ‘অংকাৱলী’, ‘প্ৰহ্লাদ চৰিত’, আৰু ‘মহাপুৰুষ শংকদেৱৰ বাণী’ ।

৫। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন কেতিয়া হৈছিল?

উত্তৰঃ কালিৰাম মেধি অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন ১৯১৯ চনত হৈছিল ।

৬। হোমাৰৰ মহাকাব্য দুখনৰ নাম লিখা৷

উত্তৰঃ হোমাৰৰ মহাকাব্য দুখনৰ নাম হ’ল ‘ইলিয়াড’ আৰু ‘ওডিছী’।

৭। লিয়েণ্ডাৰে কাক পাবলৈ সাগৰ সাঁতুৰি পাৰ হৈছিল?

উত্তৰঃ লিয়েণ্ডাৰে প্ৰেয়সী হিৰােক পাবলৈহেলিম্পট সাগৰ সাঁতুৰি পাৰ হৈছিল।

৮। ভার্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?

উত্তৰঃ এনিড।

৯। কাক লৈ বঙালী আৰুঅসমীয়াই টনাটনি কৰে?

উত্তৰঃ অনন্ত কন্দলি আৰু ডাকক লৈ বঙালী আৰু অসমীয়াই টনাটনি কৰে।

১০। গৌৰৱনামৰ পাঠটিৰ লিখক কোন?

উত্তৰঃ কালিৰাম মেধি।

১১। কালিৰাম মেধিয়ে সম্পাদনা কৰা এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ প্রাদ চৰিত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top