Might Learn Logo Might Learn

AHSEC Class 11 Assamese Chapter 4 কিতাপৰ কথা- প্ৰফুল্ল দত্ত গোস্বামী পাঠটোৰ উত্তৰ

কিতাপৰ কথা

প্ৰফুল্ল দত্ত গোস্বামী

(ক) অতি চমু প্ৰশ্ন।

১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ ?

উত্তৰঃ ছপাখানা আৰু কাগজ আৱিস্কাৰ চীন দেশৰ আৱিস্কাৰ।

২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে ?

উত্তৰঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢি লৈছে।

৩। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল ?

উত্তৰঃ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিয়া দিহাটো হ’ল- ”কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।

৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয় ?

উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে।

৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত এটি যোজনা লিখা ?

উত্তৰঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্রচলিত এটি যোজনা এনেধৰণৰ – যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা’।

(খ) চমু প্ৰশ্ন।

১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল?

উত্তৰঃ হেলেন কেলাৰৰ আত্মজীৱনীত থকা নিম্নলিখিত কথাইমানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছল –
“সাহিত্যই মােৰনন্দন কানন।ইয়াত মােৰ ভােটনথকা নহয়। কোনাে ইন্দ্ৰিয়ৰ হেঙাৰে মােক মােৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে। এওঁলােকে মােৰ লগতে নিঃসংকোচে সহজভাৱে কথা পাতে।”

২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা ৷

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়াসকলক দিয়া উপদেশ অতি তাৎপৰ্যপূৰ্ণ। তেওঁ অসমীয়াসকলক ‘মিত্ৰ’ বুলি সম্বোধন কৰি কৈছিল যে ইহকালত বিদ্যাৰ দৰে উপকাৰ কৰা বস্তু আন একো নাই। বিদ্যা আৰু জ্ঞানেই হৈছে মানুহৰ জীৱনৰ উন্নতিৰ মূল আধাৰ। জ্ঞান অবিহনে মানুহে জীৱনৰ জটিলতা জয় কৰি আগবাঢ়িব নোৱাৰে আৰু শিক্ষাৰ অভাৱত মানুহৰ জীৱন পশুতুল্য হৈ পৰে।

আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান অৰ্জনৰ প্ৰতি বিমুখ হৈ থকা অসমীয়া জাতিক উদ্দেশ্যি এই কথা বুজাব বিচাৰিছিল যে সভ্য আৰু সুখী জীৱন যাপন কৰিবলৈ হ’লে বিদ্যা অত্যাৱশ্যক। লগতে কৃষি, শিল্প আদি ক্ষেত্ৰত উন্নতি সাধন কৰিবলৈ আৰু ইংৰাজসকলৰ দৰে পাৰ্গত হ’বলৈ হ’লেও শিক্ষাৰ প্ৰয়োজন। কিন্তু অসমীয়াসকল বিদ্যা অনুসন্ধানত আগ্ৰহী নহয় আৰু অজ্ঞানত ডুবি আছে। সেয়েহে তেওঁ অসমীয়াসকলক বিদ্যা আৰু জ্ঞান অৰ্জনৰ পথত আগবাঢ়িবলৈ উদ্দীপিত কৰিছিল।

৩। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা ৷

উত্তৰঃ গ্রন্থ বা কিতাপ অধ্যয়নে দেশ আৰু জাতিক বহু ধৰণে উপকাৰ কৰে। কিতাপ পঢ়াৰ জৰিয়তে মানুহ শিক্ষিত, জ্ঞানী আৰু সমাজসচেতন হৈ উঠে। সমাজসচেতন ৰাইজ থাকিলে শাসনযন্ত্ৰ সঠিক নিয়মত পৰিচালিত হয় আৰু ক্ষমতাৰ অপব্যৱহাৰৰ সম্ভাৱনা কমে। মানুহে যেতিয়া নিজৰ সমস্যা, অধিকাৰ আৰু অভাৱসমূহ বুজি পায়, তেতিয়া শাসন ৰাইজৰ ওপৰত বোজা হৈ পৰে নোৱাৰে।

ইতিহাসে দেখুৱাইছে যে কিছুমান গ্ৰন্থ আৰু ৰচনাই ৰাইজৰ মনত গভীৰ প্ৰভাৱ পেলাই সমাজ আৰু ৰাষ্ট্ৰীয় জাগৰণৰ সৃষ্টি কৰিছে। উদাহৰণ স্বৰূপে স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায় আৰু মহাত্মা গান্ধীৰ ৰচনাই ভাৰতীয় জাতীয় জাগৰণত গুৰুত্বপূর্ণ ভূমিকা লৈছিল। একেদৰে ইউৰোপত ৰুছে, ভল্টেয়াৰ আৰু মাৰ্ক্স আদি চিন্তাবিদসকলৰ গ্ৰন্থই সমাজ পৰিৱৰ্তনৰ পথ প্ৰস্তুত কৰিছিল।

কিতাপ অধ্যয়নৰ পৰা পোৱা জ্ঞানৰ পোহৰত ৰাইজে যেতিয়া নিজৰ পথ চিনাক্ত কৰিব পাৰে, তেতিয়া শাসনযন্ত্ৰও সজাগ হৈ উঠে। এইদৰে গ্ৰন্থ অধ্যয়নে দেশৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহত মানুহক সজাগ কৰি দেশ আৰু জাতিক সৰ্বতোভাবে উপকৃত কৰে।

৪। সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা ৷

উত্তৰঃ সাহিত্যৰ প্ৰতি থকা গভীৰ প্ৰীতিয়ে মানুহৰ জীৱনক আলোকিত কৰিব পাৰে। সাহিত্যৰ জৰিয়তে মানুহে জ্ঞান, অভিজ্ঞতা আৰু সত্যৰ অনুসন্ধান লাভ কৰে, যিয়ে জীৱনৰ জটিলতা জয় কৰি সুখ আৰু শান্তিৰ পথ দেখুৱায়। অতীজৰে পৰা কিতাপেই মানুহৰ সৰ্বোত্তম বন্ধু হিচাপে পৰিগণিত হৈ আহিছে, কিয়নো কিতাপে কেতিয়াও প্ৰতাৰণা নকৰে, অন্তৰৰ পৰা বিশ্বাস কৰিব পাৰি আৰু অপাৰ মানসিক তৃপ্তি প্ৰদান কৰে।

ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে হেলেন কেলাৰ। তাই জন্মৰ পৰাই অন্ধ হোৱাৰ পাছতো তাই সাহিত্যৰ প্ৰতি অগাধ প্ৰীতি ৰাখিছিল। বধিৰ আৰু দৃষ্টিহীন লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা কিতাপ অধ্যয়ন কৰি তাই নিজৰ জ্ঞানভাণ্ডাৰ সমৃদ্ধ কৰিছিল। কেৱল পঢ়াই নহয়, তাই নিজেও বহু কেইখন গ্ৰন্থ ৰচনা কৰিছিল আৰু এখন আত্মজীৱনীৰ জৰিয়তে নিজৰ জীৱনত সাহিত্যই পেলোৱা অপৰিসীম প্ৰভাৱৰ কথা উল্লেখ কৰিছে। দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি নথকা হেলেন কেলাৰৰ বাবে সাহিত্য নন্দন কাননৰ দৰে হৈ পৰিছিল।

এইদৰে ক’ব পাৰি যে সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে মানুহৰ জীৱনক উদ্ভাসিত কৰি মানসিক শক্তি, আশাবাদ আৰু জীৱনৰ সঠিক দিশ প্ৰদান কৰে।

৫। ”… কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে । ”- কথাষাৰ ব্যাখ্যা কৰা ।

উত্তৰঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত প্ৰফুল্ল দত্ত গোস্বামীদেৱৰ দ্বাৰা ৰচিত ‘কিতাপৰ কথা’ নামৰ প্ৰৱন্ধটিৰ পৰা তুলি অনা হৈছে। মানৱ সভ্যতাৰ বিকাশত কিতাপৰ অপৰিসীম গুৰুত্ব বুজাবলৈ যাওঁতেই লিখকে এই কথাষাৰ ব্যৱহাৰ কৰিছে।

মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় তেওঁৰ বিবেচনা, বিচাৰ-বুদ্ধি আৰু জ্ঞানৰ বাবেই। এই গুণসমূহ নাথাকিলে মানুহ পশুতুল্য হৈ পৰিলেহেঁতেন। কিতাপেই হৈছে মানুহক জ্ঞানৰ পোহৰ দেখুওৱা প্ৰধান মাধ্যম। কিতাপৰ পঢ়াৰ জৰিয়তে মানুহৰ চিন্তাধাৰা উন্নত হয়, অন্তৰাত্মা পবিত্ৰ হয় আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি পায়। কিতাপে জীৱন যাপনৰ মান উন্নত কৰে আৰু শাসন-কাৰ্য সত্য, ন্যায় আৰু নিয়াৰিকৈ চলিবলৈ দিশ-নিৰ্দেশনা প্ৰদান কৰে।

গ্ৰন্থ হ’ল মানুহৰ যুগ যুগৰ অভিজ্ঞতাৰ ভঁৰাল। এখন সজ কিতাপে মানুহৰ দৃষ্টিভংগীৰ পৰিৱর্তন সাধন কৰিব পাৰে, জাতি এটাৰ ইতিহাসৰ গতি সলনি কৰি দিব পাৰে আৰু সমগ্ৰ মানৱজাতিক সঠিক পথ দেখুৱাব পাৰে। সেয়েহে এখন ভাল কিতাপ ধ্বংস কৰা মানে মানুহৰ বিচাৰ-বিবেচনা আৰু আদৰ্শক হত্যা কৰাৰ সমান। এনে কাৰ্যৰ ফলত মানুহ পশুৰ শাৰীত অবনমিত হয় বুলি লিখকে দৃঢ়ভাৱে মত প্ৰকাশ কৰিছে।

দীঘল প্ৰশ্ন।

১। “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায় ৷” পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ ‘অনাখৰী চহা লোক’ বুলিলে লিখিব–পঢ়িব নজনা গঞা খেতিয়কসকলক বুজোৱা হয়। নিৰক্ষৰ হোৱাৰ বাবে তেওঁলোকে কিতাপ-পত্ৰ, কাকত বা আলোচনী পঢ়ি সেইবোৰৰ পৰা জ্ঞান আহৰণ কৰিব নোৱাৰে আৰু সাধাৰণতে পুৰণিকলীয়া পৰম্পৰাগত জীৱন-পদ্ধতিতেই জীৱন কটায়। তথাপিও তেওঁলোকে ভালদৰে বুজি পায় যে যুগ সলনি হৈছে আৰু আজিৰ পৃথিৱী ছপাখানা, কিতাপ আৰু আলোচনীৰ জগত। তেওঁলোকে জানে যে কিতাপ আওকাণ কৰি মানুহে আগবাঢ়িব নোৱাৰে, কিয়নো কিতাপ জ্ঞানৰ উৎস, দৈনন্দিন জীৱন সুন্দৰভাৱে পৰিচালনা কৰিবলৈ আৰু মানসিক শান্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয়। সেইবাবে অনাখৰী চহা লোকসকলে কিতাপৰ পৰা লাভ হোৱা জ্ঞানক কেতিয়াও অশ্ৰদ্ধা নেদেখুৱায়।

আচলতে কিতাপ হৈছে মানুহৰ যুগ যুগৰ অভিজ্ঞতাৰ সাঁচতীয়া ভঁৰাল। কিতাপ অধ্যয়ন কৰি মানুহে ঘৰত বহিয়েই অতীত আৰু বৰ্তমানৰ মহান মনীষীসকলৰ অমূল্য জ্ঞান আৰু অভিজ্ঞতাৰ স্বাদ ল’ব পাৰে। কিতাপ অধ্যয়নৰ উপকাৰিতা কেৱল শিক্ষিত লোকেই নহয়, অনাখৰী চহা লোকেও স্বীকাৰ কৰে। লিখা-পঢ়া নজনা হ’লেও তেওঁলোকে জ্ঞানক গভীৰ শ্ৰদ্ধা কৰে আৰু সেয়েহে নিজৰ সন্তানসকলক শিক্ষিত কৰাৰ প্ৰতি বিশেষ আগ্ৰহ দেখুৱায়। এই ভাবধাৰাকেই চীনদেশৰ প্ৰবাদ “কিতাপ মেলা মানেই লাভ; বিদ্বান লোকে চোৰাং কাম নকৰে” আৰু আলবানিয়াৰ প্ৰবাদ “যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা”য়ে সুস্পষ্টভাৱে প্ৰকাশ কৰে।

এইদৰে দেখা যায় যে অনাখৰী চহা লোকসকলেও কিতাপ আৰু জ্ঞানৰ মূল্য ভালদৰে বুজি পায় আৰু তাক গভীৰ সন্মানেৰে গ্ৰহণ কৰে।

২। “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷” কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰফুল্লদত্ত গোস্বামীদেৱৰ দ্বাৰা ৰচিত ‘কিতাপৰ কথা’ পাঠটোৰ পৰা তুলি অনা হৈছে। এই কথাষাৰী ইংৰাজ দাৰ্শনিক ফ্ৰান্সিছ বেকনে কৈছিল। কিতাপ পঢ়াৰ প্ৰকাৰ আৰু তাৰ তাৎপৰ্য বুজাবলৈকে বেকনে এই উক্তি ব্যৱহাৰ কৰিছে।

ছপাশাল আৱিষ্কাৰ হোৱাৰ পাছত পৃথিৱীৰ বিভিন্ন ভাষাত অগণন কিতাপ ৰচিত আৰু প্ৰকাশিত হৈ আহিছে। সকলো কিতাপ একেদৰে পঢ়াটো মানুহৰ পক্ষে সম্ভৱ নহয়। সেয়েহে সময় আৰু প্ৰয়োজন অনুসাৰে কিতাপ পঢ়াৰ ধৰণো বেলেগ বেলেগ হয়। কিছুমান কিতাপ মানুহে কেৱল পাত লুটিয়াই ওপৰে ওপৰে চায়—ইয়াকে কিতাপৰ ‘সোৱাদ লোৱা’ বুলি কোৱা যায়। কিছুমান কিতাপ যেনে উপন্যাস, ডিটেকটিভ কাহিনী, গল্প আদি মানুহে আজৰি সময় পাৰ কৰিবলৈ একেবাৰে পঢ়ি শেষ কৰে, কিন্তু অলপ সময়ৰ পাছতে পাহৰি যায়— এই ধৰণে পঢ়াক কিতাপ ‘গিলি খোৱা’ বুলি কোৱা হয়।

আনহাতে কিছুমান কিতাপ এনে হয় যাৰ বিষয়বস্তু, প্ৰকাশভংগী আৰু গভীৰ অৰ্থই পাঠকৰ মন- মগজুত গভীৰ প্ৰভাৱ পেলায়। তেনে কিতাপৰ মর্ম বুজিবলৈ মানুহে মনোযোগ সহকাৰে, খৰচি-মাৰি পঢ়ে আৰু পোৱা জ্ঞান জীৱনত প্ৰয়োগ কৰে। এনে কিতাপ পঢ়াকেই বেকনে ‘চোবাই পাগুলিয়াই হজম কৰা’ বুলি কৈছে। এই ধৰণৰ কিতাপ যুগ যুগলৈ মানৱ জাতিৰ অমূল্য সম্পত্তি হৈ থাকে।

গতিকে বেকনৰ মতে সকলো কিতাপ একেদৰে পঢ়াৰ প্ৰয়োজন নাই—কিছুমান কিতাপ ওপৰে ওপৰে চাব লাগে, কিছুমান পঢ়ি এৰি দিব লাগে আৰু কিছুমান কিতাপ গভীৰভাৱে অধ্যয়ন কৰি জ্ঞান আহৰণ কৰিব লাগে। এইয়েই উক্ত বাক্যশাৰীৰ মূল তাৎপৰ্য।

৩। “হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই;” – কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা৷

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰফুল্লদত্ত গোস্বামীদেৱৰ দ্বাৰা ৰচিত ‘কিতাপৰ কথা’ পাঠটোৰ পৰা তুলি অনা হৈছে। এই কথাষাৰী আনন্দৰাম ঢেকিয়াল ফুকনে অসমায়া সকলক মিত্ৰ বুলি সম্বোধন কৰি কৈছিল। অসমীয়া সমাজত বিদ্যা আৰু জ্ঞানৰ গুৰুত্ব বুজাবলৈকে তেওঁ এই বক্তব্য আগবঢ়াইছিল।

আনন্দৰাম ঢেকিয়াল ফুকনৰ মতে বিদ্যা আৰু জ্ঞানেই হৈছে মানুহৰ প্ৰকৃত শক্তি আৰু জীৱনৰ উন্নতিৰ মূল আধাৰ। বিদ্যাহীন লোকৰ মন ভীৰুতা, কুসংস্কাৰ আৰু অজ্ঞতাৰে আৱৰি থাকে। বিদ্যাৰ অনুশীলনে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে, বিচাৰ-বুদ্ধি জাগ্ৰত কৰে আৰু জীৱন-যাপনৰ মান উন্নত কৰে। বিদ্যাৰ অভাৱত মানুহে শুদ্ধ-বেয়া বিচাৰ কৰিব নোৱাৰে আৰু জীৱনৰ সঠিক পথ বিচাৰি পোৱা কঠিন হৈ পৰে।

প্ৰায় এশ বছৰ আগতে আমাৰ দেশত বিদ্যাৰ অনুশীলন যথেষ্ট নাছিল। ফলস্বৰূপে দেশবাসী অজ্ঞানৰ এন্ধাৰত ডুবি আছিল আৰু অৰ্থনীতি, ৰাজনীতি, সমাজনীতি আদি কোনো ক্ষেত্ৰতেই সঠিক বোধ নাছিল। এনে অৱস্থাত দেশ আৰু জাতিৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। এই বাস্তৱতা উপলব্ধি কৰি আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়াসকলক বিদ্যা শিক্ষাৰ অনুশীলন কৰিবলৈ দৃঢ় পৰামৰ্শ দিছিল। তেওঁ দেশ-জাতিৰ প্ৰতি দায়িত্বশীল আছিল আৰু অসমীয়া জাতি বিদ্যা-শিক্ষাৰে শিক্ষিত হৈ প্ৰগতিশীল হোৱাটো আন্তৰিককতাৰে কামনা কৰিছিল।

বিদ্যাৰ প্ৰতি অনীহা দেখুওৱা অসমীয়াসকলক উদ্দেশ্য কৰি তেওঁ কৈছিল যে এই পাৰ্থিৱ জীৱনত বিদ্যাৰ দৰে উপকাৰী বস্তু আন একো নাই। সভ্য আৰু সুখী জীৱন যাপন কৰিবলৈ হ’লে বিদ্যা অৰ্জন কৰিবই লাগিব। বিদ্যাই মানুহক ভাল-বেয়া বিচাৰ কৰিব শিকায় আৰু যিকোনো কাম সঠিকভাৱে কৰিবলৈ সক্ষম কৰে। ইংৰাজসকল বিদ্যোৎসাহী হোৱাৰ বাবেই কৃষি, শিল্প আৰু ব্যৱসায়ত আগবাঢ়ি গৈছে; কিন্তু অসমীয়াসকল বিদ্যাৰ অনুসন্ধান নকৰাৰ ফলত এই সকলো দিশতে পিছ পৰি আছে।

এইদৰে আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যাকে জাতিৰ উন্নতিৰ একমাত্ৰ উপায় হিচাপে দেখিছিল আৰু অসমীয়া সমাজক বিদ্যা-শিক্ষাৰ পথত আগবাঢ়িবলৈ আহ্বান জনাইছিল।

৪। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় ৷” পাঠটোৰ সহায়ত বুজাই লিখা ৷

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত প্ৰফুল্লদত্ত গোস্বামীদেৱৰ দ্বৰা ৰচিত ‘কিতাপৰ কথা’ নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। লিখকে এই প্ৰসংগত কিতাপৰ বিভিন্ন ধৰণ আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছে।

কিতাপ বিভিন্ন প্ৰকাৰৰ হয়। কিছুমান কিতাপ মনোৰঞ্জনধর্মী, যিয়ে পাঠকক ক্ষণিক আনন্দ দিয়ে। কিছুমান কিতাপে দৈনন্দিন জীৱনৰ কাম-কাজ, স্বাস্থ্য আৰু বেমাৰ-আজাৰৰ বিষয়ে দিহা-পৰামৰ্শ আগবঢ়ায়। ধৰ্মীয় কিতাপে মানুহৰ মনত আধ্যাত্মিক চেতনা জগাই তোলে। তেনেদৰে খেলা-ধূলা, গীত-মাত, লোক-সংস্কৃতি, জীৱনীমূলক, ভ্ৰমণ-কাহিনী আদি বিভিন্ন বিষয়ভিত্তিক কিতাপে পাঠকক বেলেগ বেলেগ স্বাদ আৰু অভিজ্ঞতা প্ৰদান কৰে।

সকলো কিতাপৰ প্ৰভাৱ একে নহয়। কিছুমান কিতাপে পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায় আৰু সমাজ সংগঠন, সমাজ পৰিৱৰ্তন আৰু জনজাগৰণত গুৰুত্বপূর্ণ ভূমিকা লয়। উদাহৰণ স্বৰূপে স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায় আৰু মহাত্মা গান্ধীৰ ৰচনাই ভাৰতীয় জাতীয় জাগৰণ সৃষ্টিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। একেদৰে ইউৰোপত ৰুছো, ভল্টেয়াৰ আৰু কাৰ্ল মাৰ্ক্স আদি চিন্তাবিদসকলৰ লিখনিয়ে সমাজ পৰিৱৰ্তনত বিশেষভাৱে প্ৰেৰণা যোগাইছিল। ফৰাচী বিপ্লৱৰ পৃষ্ঠভূমিতো মন্টেস্কো আৰু ভল্টেয়াৰ আদি দাৰ্শনিকৰ চিন্তাধাৰাৰ গভীৰ প্ৰভাৱ আছিল।

এইদৰে যদিও কিতাপ ৰচনাৰ শেষ নাই, তথাপিও কিছুমান গ্ৰন্থ এনে হয় যিয়ে সাধাৰণ মানুহৰ মনত গভীৰ প্ৰভাৱ পেলায় আৰু জাতি তথা সমাজৰ দিশ পৰিবৰ্তন কৰিবলৈ সক্ষম হয়। বেদ-পুৰাণ আদি গ্ৰন্থ সমূহে হিন্দু সমাজত, কোৰাণ আদি গ্ৰন্থ সমূহে মুছলমান সমাজত আৰু শ্ৰীমন্ত শংকৰদেৱৰ লিখনিয়ে অসমীয়া সমাজত অপৰিসীম প্ৰভাৱ পেলাইছে। সেয়ে ক’ব পাৰি যে কিতাপ কেৱল জ্ঞানৰ উৎস নহয়, ই সমাজ আৰু সভ্যতাৰ গতি নিৰ্ধাৰণ কৰা এক শক্তিশালী মাধ্যম।

৫। “আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷ এতিয়া কিতাপেই গুৰু ৷” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ আগৰ দিনৰ শিক্ষা ব্যৱস্থা আজিকালিৰ শিক্ষা ব্যৱস্থাৰ দৰে নাছিল। সেই সময়ত ছপাশাল নাছিল আৰু কিতাপ-পত্ৰৰ প্ৰচলনো নাছিল। ছাত্ৰসকলে গুৰুৰ গৃহ বা আশ্ৰমত থাকি গুৰুৰ মুখেৰে উচ্চাৰিত বাণীৰ জৰিয়তে জ্ঞান লাভ কৰিছিল। সেই সময়ত শিক্ষা সম্পূৰ্ণৰূপে গুৰুৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু গুৰুসকল সমাজত বিশেষ সন্মানৰ অধিকাৰী আছিল।

কিন্তু বৰ্তমান যুগ হৈছে বিজ্ঞান আৰু যান্ত্ৰিকতাৰ যুগ। ছপাশাল আৱিষ্কাৰৰ ফলত কাগজ-কলম আৰু কিতাপৰ ব্যাপক প্ৰচলন হ’ল। অতি কম সময়তে এখন কিতাপৰ হাজাৰ হাজাৰ প্ৰতিলিপি ছপা হৈ ওলাই আহিবলৈ ধৰিলে। ইয়াৰ ফলত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পালে আৰু কিতাপ অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিব পৰা হ’ল। এতিয়া স্কুল-কলেজত নপঢ়িলেও ঘৰতে কিতাপৰ সহায়ত জ্ঞান অৰ্জন কৰা সম্ভৱ হৈছে।

আগৰ দিনত গুৰুৰ মুখৰ কথাত সীমাবদ্ধ থকা শিক্ষা এতিয়া কিতাপৰ পাতত সঞ্চিত হৈছে। কিতাপৰ সহজলভ্যতাই ছাত্ৰ-ছাত্ৰীৰ বাবে জ্ঞান আহৰণৰ পথ অধিক সহজ কৰি তুলিছে। গুৰুৰ পৰা শিকিবলগা বহুতো কথা এতিয়া ছাত্ৰসকলে নিজেই কিতাপ পঢ়ি শিকি ল’ব পাৰিছে। সেয়ে কোৱা হয় যে আধুনিক যুগত আগৰ গুৰুৰ স্থান বহু ক্ষেত্ৰত কিতাপে দখল কৰিছে। এই কাৰণতেই আজিৰ যুগত কিতাপক ‘নিৰ্বাক গুৰু’ বুলিও কোৱা হয়।

অতিৰিক্ত প্ৰশ্ন।

১। প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম ১৯১৪ চনত হৈছিল।

২। ‘কেঁচা পাতৰ কঁপনি’ কাৰ উপন্যাস?

উত্তৰঃ ‘কেঁচা পাতৰ কঁপনি’ প্ৰফুল্লদত্ত গোস্বামী উপন্যাস।

৩। প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখন মান উল্লেখযোগ্য গ্ৰন্থৰ নাম হ’ল- ‘শেষ ক’ত’, ‘মনৰ পক্ষী উভতি উৰে’, ‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন’, ‘অসমীয়া জন সাহিত্য’, ‘ইউৰোপৰ মনীষা’, ‘মোৰ ৰাছিয়া ভ্ৰমণ’, ‘মাণিক চন্দ্ৰ বৰুৱা’, ‘নিতে নৱৰূপ তাৰ’, ‘বুৰজ্ঞী’ আৰু ‘সংস্কৃতি’।

৪। প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম হ’ল ‘কেঁচা পাতৰ কঁপনি’ আৰু ‘শেষ ক’ত’।

৬। প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু ১৯৯৪ চনত হৈছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects