AHSEC Class 11 Assamese Chapter 5 গিবন পাঠটোৰ উত্তৰ

গিবন

(ক) অতি চমু প্ৰশ্ন।

১। এডৱাৰ্ড গিবন কোন আছিল?

উত্তৰঃ এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল।

২। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা ৷

উত্তৰঃ এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম অক্সফোৰ্ড মেগডালেন ।

৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা ৷

উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থখনৰ নাম ”The History of the Decline and Fall of the Roman Empire” ।

৪। শ্বপেনহাৱাৰ কোন?

উত্তৰঃ শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক।

৫। ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন?

উত্তৰঃ ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক লৰেঞ্চ ডাৰেল।

(খ) চমু প্ৰশ্ন।

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা ৷

উত্তৰঃ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম ‘পেৰাডাইজ লষ্ট’ ।

২। দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল ‘The Social Contract’ আৰু ‘Confessions’ ।

৩। গিবনৰ সম্পূৰ্ণ নামটো কি?তেওঁ কোন শতিকাৰ লেখক?

উত্তৰঃ গিবনৰ সম্পূৰ্ণ নামটো এডৱাৰ্ড গিবন। তেওঁ সপ্তদশ শতিকাৰ লেখক।

৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ ‘Age of Reason’ নামৰ গ্ৰন্থখন অষ্টদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল।

৫। যৌৱনকালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?

উত্তৰঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।

(গ) দীঘল প্ৰশ্ন।

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া ৷

উত্তৰঃ এডৱাৰ্ড গিবন (১৭৩৭–১৭৯৪) এজন খ্যাতনামা ইংৰাজ ঐতিহাসিক আৰু লেখক আছিল। তেওঁৰ জন্ম হৈছিল ১৭৩৭ চনত ইংলেণ্ডত। ছাত্ৰাৱস্থাত তেওঁ বিশেষ অসাধাৰণ মেধাৰ পৰিচয় দিব পৰা নাছিল। পোন্ধৰ বছৰ বয়সত তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ মেগডালেন কলেজত ভর্তি হয়। কলেজত পঢ়ি থকা সময়তে তেওঁ প্ৰচুৰ কিতাপ অধ্যয়ন কৰিছিল আৰু চিন্তাশীল মনোভাৱ গঢ় লৈ উঠিছিল।

এই সময়ছোৱাত গিবনে প্ৰটেষ্টান ধৰ্ম ত্যাগ কৰি ৰোমান কেথলিক ধৰ্ম গ্ৰহণ কৰিবলৈ মন মেলাত তেওঁৰ অভিভাৱকসকল আতংকিত হৈ পৰে। ফলস্বৰূপে তেওঁক কলেজৰ পৰা আঁতৰাই ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিয়া হয়। লুছানত থাকি তেওঁ ৰুছো, ভল্টেয়াৰ আদি চিন্তাশীল লেখকৰ ৰচনাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হয় আৰু সেই সময়ৰ ইউৰোপীয় যুক্তিবাদী চিন্তাধাৰাৰ পৰা অনুপ্ৰাণিত হয়। গিবনৰ যৌৱনৰ গুৰুত্বপূর্ণ বছৰসমূহ লুছানতেই অতিবাহিত হয়।

শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছত গিবনে ইউৰোপ ভ্ৰমণ কৰে। ১৭৬৪ চনত ৰোম ভ্ৰমণ কৰাৰ সময়তে ৰোম নগৰীৰ ইতিহাস আৰু অতীত গৌৰৱে তেওঁৰ মন গভীৰভাৱে আন্দোলিত কৰে। সেই সময়তেই তেওঁ ৰোমান সাম্ৰাজ্যৰ ইতিহাস ৰচনা কৰাৰ সংকল্প গ্ৰহণ কৰে। পিছত স্বদেশলৈ ঘূৰি আহি তেওঁ দীঘলীয়া সাতচল্লিশ বছৰ অক্লান্ত পৰিশ্ৰম কৰি The History of the Decline and Fall of the Roman Empire নামৰ অমৰ ইতিহাস গ্ৰন্থখন ৰচনা কৰে।

এই মহাগ্ৰন্থই এডৱাৰ্ড গিবনক বিশ্বৰ প্ৰথম শ্ৰেণীৰ ঐতিহাসিক হিচাপে প্ৰতিষ্ঠা কৰে। শক্তিশালী আৰু ব্যতিক্ৰমী ৰচনাশৈলীৰ বাবে তেওঁ বিশেষভাৱে খ্যাতি লাভ কৰে। ১৭৯৪ চনৰ ১৬ জানুৱাৰীত মাত্ৰ ৫৬ বছৰ বয়সতে এই মহান ঐতিহাসিক আৰু লেখকৰ পৰলোক প্ৰাপ্তি হয়।

২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা ৷

উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম হৈছে “The History of the Decline and Fall of the Roman Empire”। এই বিপুলায়তনৰ ইতিহাস গ্ৰন্থখন মুঠ সাতটা খণ্ডত বিভক্ত আৰু ইয়াত প্ৰায় চৈধ্যটা শতাব্দী জুৰি বিস্তৃত ৰোমান সাম্ৰাজ্যৰ ইতিহাস সন্নিবিষ্ট হৈছে।

গিবনে কলেজীয়া শিক্ষা সমাপ্ত কৰি ১৭৬৪ চনত ৰোম ভ্ৰমণ কৰে। ৰোম নগৰীত থকা কালতে তেওঁ ৰোমান সাম্ৰাজ্যৰ গৌৰৱময় অতীত আৰু অৱক্ষয়ৰ ইতিহাস লিখিবলৈ গভীৰভাৱে অনুপ্ৰাণিত হয়। স্বদেশলৈ ঘূৰি আহি তেওঁ প্ৰায় সুদীর্ঘ সোতৰ বছৰ অক্লান্ত পৰিশ্ৰম কৰি এই মহাগ্ৰন্থখন ৰচনা কৰি উলিয়ায়।

গ্ৰন্থখনত সম্ৰাট এন্টনিনেছৰ ৰাজত্বকালৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টান্টিনোপল অধিকাৰৰ সময়লৈকে ৰোমান সাম্ৰাজ্যৰ উত্থান-পতনৰ ইতিহাস বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। ইয়াত ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা, খ্ৰীষ্টান ধৰ্মৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি বহু যুগান্তকাৰী ঘটনা জীৱন্ত ৰূপত উপস্থাপন কৰা হৈছে। অসংখ্য চৰিত্ৰ আৰু ঐতিহাসিক ঘটনাক গিবনে নিজৰ যাদুকৰী লেখনিশৈলীৰে সজীৱ কৰি তুলিছে।

গভীৰ অধ্যয়ন, সূক্ষ্ম পৰ্যবেক্ষণ আৰু কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে ৰচিত এই গ্ৰন্থখনে এডৱাৰ্ড গিবনক বিশ্বৰ এজন প্ৰথম শ্ৰেণীৰ ঐতিহাসিক হিচাপে প্ৰতিষ্ঠা কৰে আৰু ই আজি বিশ্ব সাহিত্যৰ এক অমূল্য তথা আপুৰুগীয়া সম্পদ হিচাপে স্বীকৃত।

৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল বুজাই লিখা ৷

উত্তৰঃ এডৱাৰ্ড গিবন আছিল এজন ইংৰাজ ঐতিহাসিক। ছাত্ৰ অৱস্থাত তেওঁ কোনো অসাধাৰণ মেধাৰ পৰিচয় দিব পৰা নাছিল; তেওঁ আছিল অতি সাধাৰণ বিধৰ ছাত্ৰ। পোন্ধৰ বছৰ বয়সত তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ মেগডালেন কলেজত ভর্তি হয়। সেই সময়ত অক্সফোর্ডৰ শৈক্ষিক পৰিৱেশ অতি শোচনীয় আছিল আৰু অধ্যাপকসকলৰ পৰা তেওঁ বিশেষ সহায় লাভ কৰিব নোৱাৰিলে। সেয়ে গিবনে প্ৰচুৰ কিতাপ অধ্যয়নৰ জৰিয়তে নিজে নিজেই জ্ঞান আয়ত্ত কৰিবলৈ চেষ্টা কৰিছিল।

অক্সফোর্ডত পঢ়ি থকা কালতেই গিবনে প্ৰটেষ্টান ধৰ্ম ত্যাগ কৰি ৰোমান কেথলিক ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তত তেওঁৰ অভিভাৱকসকল চিন্তিত হৈ পৰে আৰু তেওঁক অক্সফোর্ডৰ পৰা এৰুৱাই চুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিয়ে। তাত তেওঁ ফৰাচী দাৰ্শনিকসকলৰ ৰচনা আৰু ইউৰোপৰ যুক্তিবাদী ভাবধাৰাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হয় আৰু পৰৱৰ্তী শিক্ষা লাভ কৰে।

কলেজীয়া শিক্ষা সমাপ্ত কৰি ১৭৬৪ চনত গিবনে ইউৰোপ ভ্ৰমণ কৰে আৰু ৰোম নগৰী দৰ্শন কৰে। ৰোমত থকা কালতে তেওঁ ৰোমান সাম্ৰাজ্যৰ ইতিহাস লিখিবলৈ অনুপ্ৰাণিত হয়। স্বদেশলৈ ঘূৰি আহি তেওঁ প্ৰায় সুদীর্ঘ সোতৰ বছৰ অক্লান্ত পৰিশ্ৰম কৰি “The History of the Decline and Fall of the Roman Empire” নামৰ বিশ্ববিখ্যাত ইতিহাস গ্ৰন্থখন ৰচনা কৰে। এই গ্ৰন্থখনেই তেওঁক বিশ্বৰ এজন প্ৰথম শ্ৰেণীৰ ঐতিহাসিক হিচাপে প্ৰতিষ্ঠা কৰে

৪। চমু টোকা লিখা ।

ক) শ্বপেনহাৱাৰ, খ) ভলতেয়াৰ

উত্তৰঃ আৰ্থাৰ শ্বপেনহাৱাৰঃ (১৭৮৮-১৮৬০) এগৰাকী বিখ্যাত জার্মান দার্শনিক আছিল। তেখেতৰ নন্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহ ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। তেওঁৰ বিখ্যাত গ্ৰন্থখনৰ নাম “The World as Will and Representation”

ভলতেয়াৰঃ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ এগৰাকী বিখ্যাত লেখক আৰু দাৰ্শনিক। তেওঁ মূলত ব্যঙ্গাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ। সমকালীন ফ্ৰান্সৰ সামাজিক আৰু ৰাজনৈতিক দিশৰ ওপৰত তেওঁৰ লিখা ব্যঙ্গাত্মক সাহিত্য ফ্ৰান্সীসী সাহিত্যৰ অমূল্য সম্পদ হিচাপে গণ্য হয়। ‘কান্দিদ’ হৈছে তেওঁ ৰচনা কৰা এখন প্ৰখ্যাত ব্যঙ্গাত্মক উপন্যাস। লগতে, ভলতেয়াৰ ফ্ৰান্সী বিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰক আছিল।

৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা। “যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে৷”

উত্তৰঃ উক্ত বাক্য়শাৰী আমাৰ পাঠ্য় কুথিৰ অন্তৰ্গত হোমেন বৰগোহাঞি দেৱৰ দ্বাৰা ৰতিত ‘গিবন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

এডৱাৰ্ড গিবনে বহু বছৰ ধৰি “The History of the Decline and Fall of the Roman Empire” গ্ৰন্থখন ৰচনা কৰিছিল। গ্ৰন্থখন লিখি শেষ কৰাৰ পিছত, তেওঁৰ মনত এক ধৰণৰ বিস্তৃত শূন্যতা আৰু উদং অনুভূতিৰ উদয় হৈছিল।

লিখকৰ ব্যাখ্যা অনুসৰি, যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্র মহৎ গ্ৰন্থ ৰচনাৰ বাবে একাগ্ৰচিত্তে সময়, মন আৰু মগজু নিবিষ্ট কৰে, সেই গ্ৰন্থৰ সমাপ্তি হওঁতে তেওঁলোকৰ মনত এক বিশেষ ধৰণৰ শূন্যতা অনুভূত হয়। দীর্ঘদিনীয়া কঠোৰ পৰিশ্ৰমৰ অন্তত গ্ৰন্থৰ সমাপ্তি হৈ যোৱাৰ পিছত লেখকৰ মনত অন্যান্য চিন্তা উদয় নকৰে; কাম শেষ হোৱাৰ বাবে তেওঁলোকৰ জীৱনত এক ধৰণৰ খালি ভাব বা নিঃসঙ্গতা দেখা দিয়ে।

এডৱাৰ্ড গিবনেও তেনেকৈ বহু বছৰ ধৰি গ্ৰন্থ ৰচনাৰ কাৰ্যত নিযুক্ত থাকি, সমাপ্তি হোৱাৰ পিছত এক বিস্তৃত শূন্যতাৰ অনুভৱ কৰিছিল। লিখকে এই অৱস্থা প্ৰকাশ কৰি দেখুৱাইছে যে, মহৎ গ্ৰন্থ ৰচনা কৰাটো কেৱল দীৰ্ঘদিনীয়া একাগ্ৰতা, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ ফল নহয়, সেইবোৰৰ অন্তত লেখকৰ ব্যক্তিগত অনুভৱ, অস্তিত্ব আৰু মনৰ শূন্যতাৰ প্ৰতিক্ৰিয়াও অতি গুৰুত্বপূর্ণ।

এইদৰে উক্বাত বাক্য়শাৰীত মহৎ গ্ৰন্থৰ সমাপ্তি পোৱাৰ পাছত লেখকৰ মনত উদয় হোৱা অনুভূতিৰ সূক্ষ্ম আভাস প্ৰদান কৰিছে।

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰঃ

১। হোমেন বৰগোহাঞিৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ হোমেন বৰগোহাঞিৰ জন্ম ১৯৩২ চনত হৈছিল।

২। হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম লিখা৷

উত্তৰঃ হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাস হ’ল- ‘সুবালা’, ‘পিতাপুএ’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘তিমিৰ ৰ্তীথ’ আৰু ‘অস্তৰাগ’ আদি ।

৩। হোমেন বৰগোহাঞিয়ে লিখা চুটিগল্পৰপুথিৰ নাম উল্লেখ কৰা৷

উত্তৰঃ হোমেন বৰগোহাঞিয়ে লিখা চুটি গল্পৰ পুথিকেইখন হ’ল ‘বিভিন্ন কোৰাচ’ আৰু ‘বিভিন্ন নৰক’ ।

৪। বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ কি কি?

উত্তৰঃ বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনা সমূহ হ’ল- ‘আত্মানুসন্ধান’, ‘ধুমুহা’ আৰু ‘ৰামধেনু’ আদি। .

৫। হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা৷

উত্তৰঃ হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকত হ’ল- ‘সাপ্তাহিক নীলাচল’, ‘নাগৰিক’ আৰু ‘অসমবাণী’।

৬। কি গ্ৰন্থৰ বাবে বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘পিতাপুএ’ উপন্যাস বাবে বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৭। হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ কোন বৰ্ষৰ সভাপতিৰ আাসন অলংকৃত কৰিছিল?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ ২০০১-০২ বৰ্ষৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।

Scroll to Top