কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান
লেখকৰ পৰিচয়
১। হীৰেন গোঁহাইৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ হীৰেন গোঁহাইৰ জন্ম ১৯৩৯ চনত হৈছিল।
২। হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ৷
উত্তৰঃ হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমান হ’ল- ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্ৰোত আৰু কাণ্ডাৰী’, ‘কবিতা বিচাৰ অৰু নতুন সমালোচনা’, ‘কীৰ্ত্তন পুথিৰ ৰস বিচাৰ’, আৰু ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ ।
৩। হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ৷
উত্তৰঃ হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখন হ’ল- ‘লস্ত লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ’, ‘ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিকচৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’ আৰু ‘উৰণীয়া হাঁহৰ মাত’।
৪। হীৰেন গোঁহাইয়ে কি গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল?
উত্তৰঃ হীৰেন গোঁহাইয়ে ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থৰ বাবে ১৯৮৯ চনত সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল।
৫। হীৰেন গোঁহাইয়ে ক’ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ হীৰেন গোঁহাইয়ে ‘ইংলণ্ডৰ প্ৰখ্যাত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ’ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম ‘Tradition and Paradise Lost’।
(ক) অতি চমু প্ৰশ্ন।
১। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?
উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয় ইংলেণ্ডৰ কেম্ নদীৰ উপত্যকাত অৱস্থিত।
২। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?
উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত একত্ৰিছখন কলেজ আছে।
৩। ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ কলেজখনৰ নাম লিখা ৷
উত্তৰঃ ড° হীৰেন গোহাঁয়ে অধ্যয়ন কৰা কেম্ব্রিজৰ কলেজখনৰ নাম হল গনবিল এন্ড কীইজ ।
৪। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ কিছু পণ্ডিত আৰু বিদ্যানুৰাগী লোকৰ প্ৰচেষ্টাত কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় গঢ় লৈছিল। এই কেম্ব্রিজ বিশ্ববিদ্যালয় কোনো ব্যক্তি বিশেষে প্রতিষ্ঠা কৰা নাছিল
৫। জৰ্জ ষ্টাইনাৰ কোন?
উত্তৰঃ জর্জ ষ্টাইনাৰ আছিল এগৰাকী মার্কিন পণ্ডিত।
(খ) চমু প্ৰশ্ন।
১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা ৷
উত্তৰঃ ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম হৈছে- ক) কে’ম্ব্রিজ বিশ্ববিদ্যালয়, (খ) অক্সফোর্ড বিশ্ববিদ্যালয়, (গ) হাইডে’লবার্গ বিশ্ব বিদ্যালয় আৰু (ঘ) বলোনা বিশ্ববিদ্যালয়।
২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল?
উত্তৰঃ ইউৰোপৰ মধ্যযুগৰ এগৰাকী প্রখ্যাত দার্শনিক আছিল টমাছ আকুৱাইনাছ। পিয়েৰ আবেলাৰ আছিল মধ্যযুগীয় ইউৰোপৰে আন এগৰাকী প্রখ্যাত দার্শনিক, পণ্ডিত আৰু কবি।
৩। গথিক স্থাপত্য় বুলিলে কি বুজা?
উত্তৰঃ গথিক স্থাপত্য আছিল এবিধ স্থাপত্য কলা শৈলী। এই কলাৰ বিকাশ ঘটিছিল মধ্যযুগৰ ইউৰোপত। মধ্যযুগৰ ইউৰোপৰ গির্জাবোৰৰ স্থাপত্যত এইবিধ কলাশৈলী দেখা গৈছিল।
৪। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল?
উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ যিহেতু পণ্ডিত সকলে নিজা-উদ্যোগত প্রতিষ্ঠা কৰিছিল, সেয়ে কলেজৰ ফে’লোসকলেই এজন অধ্যক্ষ বা Master নির্বাচন কৰি লৈছিল আৰু যুটীয়া ভাবে নিয়াৰিকৈ কলেজৰ প্রশাসনৰ দায়িত্ব লৈছিল।
৫। আৰৱী গ্ৰন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায়?
উত্তৰঃ আৰবী গ্রন্থত প্লেটোক ‘আফ্লাতুন’ আৰু আৰিস্তত সকলক ‘আৰিস্তু’ নামেৰে জনা যায়।
(গ) দীঘল প্ৰশ্ন।
১। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা৷
উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজসমূহ গীর্জা বা খ্ৰীষ্টীয় ধৰ্মালম্বীৰ অন্তৰ্গত পণ্ডিতসকলৰ নিজা উদ্যোগত প্রতিষ্ঠা হৈছিল। এই কলেজসমূহে গীর্জাৰ পৰা পোৱা দান-দক্ষিণাৰ উপৰিও ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘসমূহৰ পৰা আৰ্থিক সহায় লাভ কৰিছিল। লগতে, কলেজ পৰিচালনাৰ স্থায়িত্ব নিশ্চিত কৰিবলৈ পণ্ডিতসকলে যথেষ্ট ভূ-সম্পত্তিও সংগ্ৰহ কৰিছিল।
কলেজসমূহ স্বশাসিত আৰু স্বতন্ত্ৰ প্রতিষ্ঠান আছিল। প্ৰতিখন কলেজে নিজেই সদস্য নিৰ্বাচন কৰিছিল আৰু এই ফেল’সকলেই যুটীয়াভাৱে এজন অধ্যক্ষ নিৰ্বাচন কৰি লৈছিল আৰু কলেজ প্ৰশাসনৰ দায়িত্ব নিয়াৰিকৈ বহন কৰিছিল। কেতিয়াবা বাহিৰৰ খ্যাতনামা পণ্ডিতকো অধ্যক্ষ পদত নিযুক্ত কৰা হৈছিল। উপাচার্য কোন হ’ব, সেই বিষয়ে বিশেষ বিতৰ্ক নাছিল।
ৰাজশক্তি ক্রমে শক্তিশালী আৰু কেন্দ্ৰীভূত হৈ উঠাৰ পিছত বিশ্ববিদ্যালয়ে ৰজাঘৰৰ পৰা ৰাজপত্ৰ লাভ কৰি নিজা স্বতন্ত্ৰ অধিকাৰ স্বীকৃত কৰিছিল। এই ৰাজপত্ৰৰ জৰিয়তে ৰজাঘৰে বিশ্ববিদ্যালয়ৰ অধিকাৰ আৰু আভ্যন্তৰীণ প্ৰশাসনত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল। ফলস্বৰূপে, কলেজসমূহে নিৰ্ভয়ে স্বাধীন চিন্তা-চৰ্চা আৰু জ্ঞান অনুসন্ধানৰ সুযোগ লাভ কৰিছিল।
২। ‘ইউৰোপ’ৰ বিশ্ববিদ্যালয় বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা৷’ -কথাষাৰ বুজাই লিখা ৷
উত্তৰঃ মধ্যযুগত ইউৰোপয় ধৰ্মীয় পণ্ডিতসকলে প্রাচ্য আৰু পাশ্চাত্য সভ্যতাৰ মাজত কঠোৰ সীমাৰেখাৰ অঙ্কন কৰিছিল বুলি ধাৰণা প্ৰচলিত আছিল। ফলস্বৰূপে পাশ্চাত্য সভ্যতাত প্রাচ্য সভ্যতাৰ প্ৰভাৱ নপৰা বুলি কোৱা হৈছিল। কিন্তু খ্ৰীষ্টানসকলৰ পৱিত্ৰ স্থান জেৰুছালেম উদ্ধাৰৰ উদ্দেশ্যে কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদ্গনিত বহু বছৰ ধৰি চলা ক্ৰূছেড বা ধৰ্মযুদ্ধৰ ফলত ইউৰোপীয়সকল আৰৱ জগতৰ সান্নিধ্যলৈ আহে আৰু আৰৱসকলৰ উন্নত সভ্যতা, জ্ঞান আৰু বিদ্যাচৰ্চাৰ সৈতে পৰিচিত হয়।
এই সময়ত আৰৱ পণ্ডিতসকলে গ্ৰীক আৰু ৰোমান সভ্যতাৰ জ্ঞান-ভঁৰালক মূলধন হিচাপে লৈ গণিত, তর্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদি বিভিন্ন ক্ষেত্ৰত নতুন নতুন অৱদান আগবঢ়াই মানৱীয় জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিছিল। ইব চিনা, বিন ৰুশ্বড আদি বহু খ্যাতনামা আৰৱ পণ্ডিতে ইউৰোপীয় বিশ্ববিদ্যালয়সমূহত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু তেওঁলোকৰ গ্ৰন্থসমূহ বহু বছৰ ধৰি ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত পাঠ্যপুথি হিচাপে পঢ়োৱা হৈছিল। এইদৰে, ইউৰােপীয় বিশ্ববিদ্যালয়সমূহত মেধা-চৰ্চা আৰু বৌদ্ধিক জাগৰণৰ মূল অনুপ্ৰেৰণা আৰৱ জগতৰ জ্ঞান আৰু সভ্যতাৰ পৰা আহিছিল।
৩। কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কাৰ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা৷
উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান ব্যৱস্থা সুকীয়া আৰু ব্যতিক্ৰমী আছিল। ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ কলেজৰ পৰা বিশ্ববিদ্যালয়ৰ পৃথক বক্তৃতাকক্ষলৈ গৈ পাঠ শুনিব লাগিছিল। প্ৰতিজন প্ৰৱক্তাই তথ্য-পাতিসমৃদ্ধ, মৌলিক বিশ্লেষণ আৰু ব্যাখ্যাসহ বক্তৃতা প্রদান কৰিছিল, যিবোৰ এনেদৰে সাজি লোৱা হৈছিল যাতে সেইবোৰৰ আধাৰত পিছলৈ পণ্ডিতসকলে গ্ৰন্থ ৰচনা কৰিব পাৰে। কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ খ্যাতনামা পণ্ডিতকো বক্তৃতা প্রদানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।
শ্ৰেণীকোঠাত ছাত্ৰসকলৰ উপস্থিতি বাধ্যতামূলক নাছিল; তথাপি বিখ্যাত পণ্ডিতসকলৰ মনোগ্ৰাহী, ৰসাল আৰু জ্ঞানগম্ভীৰ পাঠদানে ছাত্ৰসকলক স্বতঃস্ফূৰ্তভাৱে শ্ৰেণীকোঠালৈ আকর্ষণ কৰিছিল। শ্ৰেণীকোঠাত ছাত্ৰৰ উপৰিও গৱেষক, উৎসুক বহিৰাগত, আন প্ৰৱক্তা তথা অধ্যাপকসকলো উপস্থিতি আছিল। ছাত্ৰসকলক যদিওবা কঠোৰ অনুশাসনৰ মাজত ৰখা হৈছিল, তথাপি তেওঁলোকৰ সন্মান আৰু অধিকাৰ ৰক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছিল। লগতে, শাসক বা ৰজাই বিশ্ববিদ্যালয়ৰ ভিতৰুৱা বিষয়ত হস্তক্ষেপ নকৰাৰ ফলত পণ্ডিতসকলে নিৰ্ভয়ে জ্ঞান অন্বেষণ আৰু পাঠদান কাৰ্যত নিয়োজিত থাকিব পাৰিছিল।
৪। ড° হীৰেন গোঁহাইৰ সাহিত্য প্ৰতিভা সম্পৰ্কে চমুকৈ আলোচনা কৰা ৷
উত্তৰঃ ড° হীৰেন গোহাঁইৰ সাহিত্যিক প্ৰতিভা অতুলনীয় তেওঁ অসমৰ এগৰাকী আগশাৰীৰ পণ্ডিত লেখক, শিক্ষাবিদ, চিন্তাবিদ আৰু বুদ্ধিজীৱী। ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত সমান দখল থকা ড° গোহাঁইয়ে এতিয়ালৈকে প্ৰায় তিনিকুৰিখন গ্ৰন্থ ৰচনা কৰিছে আৰু বিভিন্ন কাকত-আলোচনী আৰু সংকলনত তেওঁৰ বহুতো গুৰুত্বপূৰ্ণ প্ৰবন্ধ প্ৰকাশ পাইছে। তেওঁৰ সৃষ্টিশীল আৰু চিন্তাশীল কৰ্মৰ পৰিধি অত্যন্ত বিস্তৃত।
ড° হীৰেন গোহাঁইৰ উল্লেখযোগ্য সমালোচনাত্মক গ্ৰন্থসমূহ হ’ল— সাহিত্যৰ সত্য, সমাজ আৰু সমালোচনা, সাহিত্য আৰু সমাজ, সাহিত্য আৰু চেতনা, বিশ্বায়ন, বন্দৰৰ কাল, কালস্ৰোত, কাণ্ডাৰী, কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা, কীৰ্তন পুথিৰ ৰস বিচাৰ, আৰু অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা আদি।
তেওঁৰ আত্মকথামূলক আৰু স্মৃতিচাৰণমূলক গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য— লন্ত লাগিজ, বতাহত ক’ৰ ধূলি গোপাল, হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী, সপোনৰ দিকচৌ বনত, ইমান তিতা সাগৰৰ পানী আৰু উৰণীয়া হাঁহৰ মাত।
অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা গ্ৰন্থখনৰ বাবে ড° হীৰেন গোহাঁইয়ে ১৯৮৯ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° গোহাঁইৰ গৱেষণামূলক ইংৰাজী গ্ৰন্থ Tradition and Paradise Lost বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ গদ্য বলিষ্ঠ, যুক্তিনিষ্ঠ আৰু গভীৰ ব্যাখ্যা-বিশ্লেষণেৰে সমৃদ্ধ, যিয়ে অসমীয়া সাহিত্যক এক বিশেষ উচ্চতা প্ৰদান কৰিছে।
৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
“দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে৷জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয় ৷”
উত্তৰঃ উদ্ধৃত কথাখিনি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° হীৰেন গোহাঁইৰ ৰচিত ‘কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ শীৰ্ষক পাঠটোৰ পৰা তুলি অনা হৈছে।
উক্ত বাক্য় কেইশাৰীক মধ্যযুগীয় য়ুৰোপৰ শিক্ষা ব্যৱস্থাত ধৰ্মীয় পণ্ডিতসকলে প্ৰাচ্য আৰু পাশ্চাত্য সভ্যতাৰ মাজত যি কঠোৰ সীমাৰেখা আঁকি দিছিল, তাৰ প্ৰসংগত অৱতাৰণা কৰা হৈছে।
লেখকে এই কথাখিনিৰ জৰিয়তে স্পষ্টকৈ বুজাব বিচাৰিছে যে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি দেশ-বিদেশৰ জ্ঞান, সভ্যতা আৰু সংস্কৃতিৰ মুক্ত যোগাযোগ আৰু অবিৰত বিনিময়ৰ ওপৰতেই নিৰ্ভৰশীল। মানুহে নিজৰ দেশ বা সংস্কৃতিৰ চাৰিসীমাত আৱদ্ধ থাকিলে জ্ঞানৰ পৰিসৰ বিস্তাৰিত নহয়। জ্ঞানৰ উৎকৰ্ষ সাধন কৰিবলৈ হ’লে বিভিন্ন দেশৰ দাৰ্শনিক পণ্ডিতসকলৰ চিন্তাধাৰা আৰু সভ্যতাৰ সৈতে পৰিচয় হোৱাটো অত্যাৱশ্যক। মধ্যযুগত ইউৰোপীয় বিশ্ববিদ্যালয়সমূহত ধৰ্মীয় পণ্ডিতসকলৰ প্ৰভাৱ থাকিলেও, দীঘলীয়া ধৰ্মযুদ্ধৰ ফলত ইউৰোপীয়সকল আৰৱ জগতৰ সান্নিধ্যলৈ আহে। আৰৱ পণ্ডিতসকলে গ্ৰীক আৰু ৰোমান সভ্যতাৰ জ্ঞানক ভিত্তি কৰি গণিত, তর্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু এই জ্ঞান ইউৰোপীয় বিশ্ববিদ্যালয়সমূহলৈ প্ৰৱেশ কৰি মেধা-চৰ্চাৰ নতুন পথ উন্মোচন কৰিছিল।
সেয়ে লেখকৰ মতে, জ্ঞানক যদি কেৱল কোনো এক দেশ বা সভ্যতাৰ ব্যক্তিগত সম্পত্তি হিচাপে ধৰা হয়, তেন্তে জ্ঞান-বিজ্ঞানৰ বিকাশ অসম্ভৱ হৈ পৰে। দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগেই মানৱ সভ্যতাৰ প্ৰগতি নিশ্চিত কৰে—এই মূল বক্তব্যই উদ্ধৃত কথাখিনিৰ কেন্দ্ৰবিন্দু।