বৰগীত (উঠ ৰে উঠ বাপু গোপাল হে)
(ক) অতি চমু প্ৰশ্নঃ
১। মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ মাধৱদেৱৰ জন্মস্থান হৈছে উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ।
২। শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ মাজৰ প্ৰথম সাক্ষাতকক অসমীয়া সাহিত্যত বিশেষ গুৰুত্ব দিয়া হয়। এই প্ৰথম মিলনক “মণিকাঞ্চন সংযোগ” বুলি অভিহিত কৰা হয়। কাৰণ এই মিলনত দুয়ো গুণী ব্যক্তিৰ চিন্তাধাৰা, ধৰ্মীয় প্ৰবণতা আৰু ভক্তি-ভাৱৰ মিলন ঘটে। এই মিলনৰ ফলত শংকৰদেৱৰ দ্বাৰা আৰম্ভ হোৱা মহাপ্রভুৰ নৱসৃষ্ট ধৰ্মসাধনা আৰু মাধৱদেৱৰ ধ্যান-অভ্যাস একে ৰূপত মিলিত হৈ সমাজ, ধৰ্ম আৰু সংস্কৃতিত গভীৰ প্ৰভাৱ বিস্তাৰ কৰে। “মণিকাঞ্চন সংযোগ” নামটোৱে দুয়োৰে গুণ, ভক্তি আৰু জ্ঞানৰ মেলবন্ধনক প্ৰতিনিধিত্ব কৰে।
৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?
উত্তৰঃ মাধৱ দেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ হল- ‘নামঘোষা’।
৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰঃ মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল।
৫। ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা ?
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা ৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটি ‘কৌ’ ৰাগত বন্ধা আছে।
(খ) চমু প্ৰশ্ন
১। বৰগীত কাক বোলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা ।
উত্তৰঃ বৰগীত অসমীয়া সাহিত্যৰ এপদ অমূল্য সম্পদ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ-ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়।
বৰগীতৰ বিষয়বস্তুক ছয় ভাগত ভগাব পাৰি। সেই ভাগসমূহ হ’লঃ—
(ক) লীলা অৰ্থাৎ পৰমপুৰুষ ভগৱানৰ অৱতাৰী লীলা।
(খ) বিৰহ অর্থাৎ যশোদা আৰু গোপ-গোপীৰ কৃষ্ণ বিদায়ত বিৰহ দুখ।
(গ) বিৰক্তি অৰ্থাৎ সংসাৰৰ প্ৰতি বিৰক্তি।
(ঘ) পৰমাৰ্থ।
(ঙ) চোৰ অৰ্থাৎ কৃষ্ণৰ চৌর্য ক্রিয়া।
(চ) চাতুৰি অৰ্থাৎ কৃষ্ণৰ চাতুৰি
২। ড॰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble numbers’ বুলি কৈছে?
উত্তৰঃ গুৰু দুজনাই বৈষ্ণৱ ধর্ম সম্পৰ্কীয় তাত্ত্বিক কথাবোৰ সৰ্বসাধাৰণৰ গ্ৰহণযোগ্য আৰু বোধগম্য হোৱাকৈ সহজ-সৰলভাৱে গীতত লিখিছিল। শংকৰদেৱ-মাধৱদেৱ বিৰচিত বৰগীতসমূহ ইয়াৰ বিষয়বস্তুৰ গাম্ভীর্য, প্ৰকাশৰ সংযম, শাস্ত্ৰীয় ৰাগ-তালৰ প্ৰয়োগ, আধ্যাত্মিক ভাবৰ প্রাধান্য, অনুভূতিৰ গাঢ়তা, সত্ৰৰ চৈধ্য প্ৰসংগত স্থান লাভ আদি বিশেষত্বসমূহৰ কাৰণে অইন গীততকৈ শ্রেষ্ঠ। এনে বিশেষত্বৰ বাবেই ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’ বুলি কৈছে।
৩। মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি ?
উত্তৰঃ বাৎসল্য আৰু দাস্য ভাব মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য। যশোদা আৰু শ্রীকৃষ্ণৰ মমতাময় সম্পৰ্কৰ সৰল বৰ্ণনা থকা বৰগীতবোৰ বাৎসল্য ৰসেৰে সিক্ত। আকৌ, সংসাৰৰ মায়া-মোহ ত্যাগ কৰি বিষ্ণুৰ চৰণত আত্মসমর্পণৰ যি বৰ্ণনা সেয়া দাস্য ভাবেৰে সিক্ত। এই দুই ভাবৰেই প্রাচুর্য দেখা যায় মাধৱদেৱৰ বৰগীতসমূহত।
৪। ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?
উত্তৰঃ ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি যশোদাই কৃষ্ণক কৈছে।
শিৰত ভূষণ পৰিধান কৰাজনক সাধাৰণতে শ্রেষ্ঠ পুৰুষ বুলি বিবেচনা কৰা হয়। কৃষ্ণ হৈছে শিৰৰ ভূষণ পৰিধান কৰা সেই সকলো পুৰুষৰ ভূষণ অর্থাৎ তেওঁ পুৰুষৰো উত্তম। সকলো পুৰুষতকৈ উত্তম বা পৰম পুৰুষ অর্থতেই যশোদাই কৃষ্ণক প্রশ্নোদ্ধৃত কথাখিনি কৈছে।
৫। ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে।’-সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে পালে বুজাই লিখা ।
উত্তৰঃ হৰি বা শ্ৰীকৃষ্ণ হৈছে ত্ৰিজগতৰ পতি। মহা মহা সিদ্ধ মুনিগণ বহু বছৰ ধৰি যোগ সাধনা কৰিও তেওঁক উপলব্ধি কৰিব পৰা নাই। অথচ সেইহেন কৃষ্ণক যশোদাই নিজৰ কোলাত লৈছে। ইয়াৰ কাৰণ হৈছে ভকতিৰ বল। যশোদা পৰম বিষ্ণুভক্ত আছিল, আৰু অন্তৰৰ সৰল ভক্তি আৰু মৰমৰ জৰিয়তে মহা যোগীও নোপোৱা কৃষ্ণক পুত্ৰৰূপে পাইছে। ই দেখুৱাই যে ভগৱান সদায় ভক্তিৰ অধীন, আৰু সত্য ভকতিৰ আগত সকলো সাধনা অসাৰ।
(গ)দীঘল প্ৰশ্ন :
১। মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।
উত্তৰঃ মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ৰ মূল বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। ‘বৎস’ মানে শিশু; বৰগীতত ভগবান শ্ৰী কৃষ্ণৰ শিশু কালৰ নানান ক্ৰিয়া-কলাপ মনোমুগ্ধকৰ ৰূপত বৰ্ণিত।
এই বৰগীততিট মাতৃ যশোদাই কৃষ্ণক মৰমেৰে টোপনিৰ পৰা জগাইছে, ৰাতিপুৱাৰ পাছতো টোপনিৰ পৰা নুঠা শিশুক “বাপু, কমল-নয়ন, প্রাণধন” আদি বুলি সম্বোধন কৰি স্নেহৰে জগাইছে। “সৰ্ব পুৰুষৰ শিৰৰ ভূষণ” বুলি অৰ্থাৎ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ যশোদাই বাৰম্বাৰ চুমা খাইছে।
বৰগীততিট মাধৱদেৱে মাতৃ-সন্তানৰ স্নেহ, কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ লগতে ভক্তিৰ প্ৰভাৱ আৰু মহত্ব স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। সিদ্ধ মুনিগণ বহু ধ্যান আৰু সাধনাৰ পাছতো কৃষ্ণক নোপায়, অথচ যশোদাই পৰম ভক্তিৰে কৃষ্ণক পুত্ৰৰূপে লাভ কৰি মৰম কৰিছে। এইদৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব আৰু ভগৱান সদায় ভক্তৰ অধীন এই কথা প্ৰকাশ কৰিছে।
২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্রকাশিত হৈছে বুজাই লিখা
উত্তৰঃ বৰগীতটোত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এটি স্নিগ্ধ পুৱাৰ দৃশ্য দেখুৱাইছে। মাতৃ যশোদাই নিজৰ পুত্ৰক কৃষ্ণক মৰম আৰু যত্নেৰে টোপনিৰ পৰা জগাইছে। তেওঁৰ বাবে কৃষ্ণ প্ৰাণৰো প্ৰাণ। পুত্ৰৰ উজ্জ্বল মুখ আৰু কোমল অভিব্যক্তি দেখিলে যশোদা মাতৃস্নেহে আত্মবিভোৰ হৈ পৰে। “বাপু” বুলি সম্বোধন কৰি, তেওঁ কৃষ্ণক টোপনিৰ মোহ ত্যাগ কৰিবলৈ অনুৰোধ কৰিছে আৰু কোলাত তুলি নিজৰ বুকুত আশ্ৰয় দিছে।
কবি গুৰুজনাই যশোদাৰ অন্তৰৰ গভীৰ মাতৃস্নেহ সুন্দৰ শব্দ আৰু চিত্ৰায়ণৰ মাজেৰে প্ৰকাশ কৰিছে। পুত্ৰৰ প্ৰতি যশোদাৰ অসীম মৰম, স্নেহ আৰু আকুলতা বৰ্ণনা কৰাত পাঠকক অন্তৰৰ পৰা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। এইদৰে, বৰগীতটোৱে মাতৃস্নেহৰ অপূৰ্ব সৌন্দর্য প্ৰকাশ কৰে।
৩। বৰগীতটোৰ মাজেৰে শ্রী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।
উত্তৰঃ বৰগীতটোৰ আৰম্ভণিতে এটি মনোমোহা পুৱা চিত্ৰিত হৈছে। শিশু কৃষ্ণ নিদ্ৰামগ্ন অৱস্থাত আছে, যিটো দৃশ্য সকলো শিশুৰ পুৱা মাকে জগাই দিয়া প্ৰাকৃতিক পৰিপ্ৰেক্ষিতৰ দৰে। মাতৃ যশোদাই শুই থকা কৃষ্ণক মৰমেৰে বাৰে বাৰে জগাইছে। এই দৃশ্যৰ জৰিয়তে কবিয়ে কৃষ্ণৰ মানৱীয় ৰূপৰ সুন্দৰ বৰ্ণনা আগবঢ়াইছে, য’ত তেওঁ মাকৰ কোলাত উঠি, মাতৃৰ মৰমৰ অবিৰাম আহ্বানৰ প্ৰতি প্ৰতিক্ৰিয়া জনাইছে।
অন্য ফালে, বৰগীতটোত কৃষ্ণৰ ঐশ্বৰিক ৰূপো প্ৰকাশ পায়। হৰি বা শ্ৰীকৃষ্ণ হৈছে ত্ৰিজগতৰ অধিপতি। মহা সিদ্ধ মুনিসকলে বহু বছৰ ধৰি যোগ সাধনা কৰিও তেওঁক বিচাৰি নাপায়। তথাপি সেই কৃষ্ণই যশোদাৰ কোলাত উঠি আছে। কবিয়ে দেখুৱাইছে যে, ভগৱান সদায় ভক্তৰ অধীন, আৰু গভীৰ ভক্তিৰ বলত সাধাৰণ মানুহৰ দৰে যশোদাই কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে।
এইদৰে বৰগীতটোৱে দুয়ো দিশে কৃষ্ণৰ চৰিত্ৰ উন্মোচন কৰিছে—এহাতে তেওঁক মাকৰ কোলাত লোৱা এটি সাধাৰণ শিশু হিচাপে, আনহাতে বিশ্বজগতৰ আধিপত্য আৰু ঈশ্বৰত্বযুক্ত চৰিত্ৰ হিচাপে। মাতৃস্নেহ আৰু ভক্তিৰ শক্তিৰ মাধ্যমেৰে কবিয়ে কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ দুয়োটাই পাঠকৰ মনত চিত্ৰায়িত কৰিছে।
৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা ।
উত্তৰঃ বৰগীতটোৰ স্ৰষ্টা মাধৱদেৱ নিজেই এজন বিশিষ্ট বৈষ্ণৱ কবি। তেওঁৰ কাব্য ৰচনাৰ মূল উদ্দেশ্যই হৈছে ভক্তিৰসৰ প্ৰচাৰ কৰা। আলোচ্য বৰগীতটোতো কবিয়ে ভক্তিৰসৰ সংযোগ ঘটাবলৈ কোনো ক্ৰটি কৰা নাই।
বৰগীতটোৰ আৰম্ভণিতে কবিয়ে কৃষ্ণক সাধাৰণ মানৱ শিশুৰ ৰূপত চিত্ৰিত কৰিছে যদিও, তেওঁক ‘সকলো পুৰুষৰ ভূষণ’ অৰ্থাৎ পূজনীয় বা আৰাধ্য বুলি কৈ এক অসাধাৰণত্ব আৰোপ কৰিছে। যশোদাকো এগৰাকী সাধাৰণ মাতৃ হিচাপে অংকন কৰা হৈছে, যি পুত্ৰৰ জোনৰ দৰে মুখখনি চাই, চুমা খাই আনন্দত আত্মহাৰা হৈ পৰিছে। তেওঁ কৃষ্ণৰ সুকোমল দেহাটো আথে-বেথে কোলাত লৈ বুকুৰ মাজত সাৱটি ধৰি আত্মবিভোৰ হৈছে।
কবিয়ে মাতৃস্নেহৰ এই সাধাৰণ দৃশ্যৰ মাজলৈও ভক্তিৰস কঢ়িয়াই আনিছে। তেওঁ কৈছে যে কৃষ্ণক লাভ কৰিবলৈ মহা মহা সিদ্ধ মুনিসকলে সহস্ৰ বছৰ ধৰি যোগ আৰু ধ্যানত নিমগ্ন হয়, কিন্তু তেওঁক বিচাৰি নাপায়। অথচ সেইজন কৃষ্ণকেই কোলাত তুলি, বুকুৰ মাজত সাৱটি, মুখত চুমাৰে উপচাই যশোদাই পৰম আনন্দ লাভ কৰিছে। কবিৰ মতে, এয়া কেৱল সাধাৰণ মাতৃস্নেহ নহয়, এয়া হৈছে ভগৱানৰ ভক্তবৎসলতাৰ নিদৰ্শন। যশোদাৰ বাবে এই পৰম সুখ লাভ কৰাটো সম্ভৱ হৈছে কেৱল তেওঁৰ গভীৰ ভক্তিৰ বলত। যশোদা আছিল পৰম বিষ্ণুভক্ত। ভক্তৰ ভক্তিভাৱত সন্তুষ্ট হৈ ভগৱানে কৃষ্ণৰ ৰূপত পুত্ৰ হৈ যশোদাৰ ওচৰত ধৰা দিছে।
বৰগীতটোৰ শেষৰ দুটা শাৰীত ভক্তিৰস মূৰ্ত হৈ উঠিছে। কৃষ্ণ হৈছে ত্ৰিজগতৰ পতি। স্বৰ্গ, মৰ্ত্য, পাতাল— তিনিও জগতৰ তেৱেঁই গৰাকী আৰু তেৱেঁই সমগ্ৰ সংসাৰক বান্ধি ৰাখে। এইজন কৃষ্ণকেই যশোদাই নিজৰ অন্তৰৰ সৰল ভক্তিৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। বাৎসল্য ৰসৰ মাজেৰে কবিয়ে এনেদৰেই সৰ্বসাধাৰণৰ মনত ভক্তিৰসৰ সুঁতি বোৱাই দিছে।
৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা
ত্রিজগত পতি ভকতি মিলিল
মূৰুখ মাধৱে বোলে ।
উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত “উঠৰে উঠ বাপু গোপাল হে…” বৰগীতটিৰ পৰা তুলি অনা হৈছে।
অন্তৰৰ সৰল ভকতিৰে ভগৱানক পাব পাৰি এনে কথা ক’বলৈ গৈ কবিজনাই ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।
হৰি বা শ্রীকৃষ্ণ হৈছে ত্ৰিজগতৰ পতি। তেওঁৰ কৃপাদৃষ্টি পাবলৈ তেওঁৰ চৰণত ঠাই পাবলৈ মহা মহা সিদ্ধ মুনিগণে সহস্ৰ বছৰ ধৰি যোগ সাধনাত নিমগ্ন হয়। তথাপি নাপায় বিচাৰি কৃষ্ণক। অথচ সেইহেন কৃষ্ণই কোলাত উঠি আছে যশোদাৰ। মহা মুনিগণে সাধনাৰেও নোপোৱা কৃষ্ণক যশোদাই নিজ পুত্রৰূপে পাবলৈ সক্ষম হৈছে কেৱল ভকতিৰ বলত। যশোদা হৈছে পৰম বিষ্ণুভক্ত। ভগৱান সদায় ভকতিৰ অধীন। মহা যোগ সাধনাৰে নোপোৱা কৃষ্ণক যশোদাই অন্তৰৰ সৰল ভকতিৰে পুত্ৰৰূপে পাইছে।
অর্থাৎ যি কাম একোৰে সমাধা কৰিব নোৱাৰি, সেই কাম অন্তৰৰ সৰল ভকতিৰে কৰিব পাৰি। এয়াই ভক্তি ধৰ্মৰ গূঢ়ার্থ।
ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে এই ভাবার্থ স্পষ্ট ৰূপত প্রকাশি উঠিছে।