📖 Might Learn

AHSEC Class 12 Assamese Chapter 6 চিঠি পাঠটোৰ উত্তৰ

চিঠি

(ক) অতি চমু প্ৰশ্ন :

১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।

২। শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?

উত্তৰঃ শীলভদ্রই ১৯৯৪ চনত ‘মধুপুৰ বহু দূৰ’ গল্প সংকলনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?

উত্তৰঃ ভূদেৱ চৌধুৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল।

৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?

উত্তৰঃ প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্রশান্ত শৰ্মাৰ ভতিজা ল’ৰাজনে দিছিল।

৫। ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?

উত্তৰঃ ভূদেৱ চৌধুৰী কর্মসূত্রে বাগানত থকাত তেওঁৰ পৰিবাৰ কিছুদিন গাৱঁত আছিল। তেতিয়াই তেওঁলােকৰ মাজত চিঠিৰ আদান প্রদান হৈছিল। পৰিবাৰৰ চিঠিখন সােনকালে পাবলৈ বা অন্য কিবা চিঠি আহিছে বুলি ভাবি টিংখঙলৈ তেওঁ খবৰ লবলৈ গৈছিল।

(খ)চমু প্ৰশ্ন:

১। ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?

উত্তৰঃ ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে বিয়াৰ পিছত কিছুদিনৰ বাবে গাঁৱৰ ঘৰত থকা নিজৰ পৰিয়ালৰ পৰা আহিব পৰা চিঠি আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মাৰ পৰা আহিব পৰা চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে।

২। শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

উত্তৰঃ শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম হ’ল— ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্যক্ষেত্ৰলৈ জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত প্ৰদান কৰা অসম উপত্যকা সাহিত্য বঁটা

৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?

উত্তৰঃ ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো ঘনিষ্ঠ বন্ধু আছিল যদিও তেওঁলোক দুয়ো একে চহৰৰ দুই প্ৰান্তত বাস কৰাৰ বাবে নিয়মিত যোগাযোগ নাছিল। গাড়ী বা টেলিফোনৰ সুবিধা নথকা আৰু চিঠি-পত্ৰ লিখাৰ অভ্যাস নথকাৰ বাবে বহুদিন ধৰি তেওঁলোকৰ মাজত কোনো যোগাযোগ স্থাপন হোৱা নাছিল। সেইবাবে বহুদিনৰ অন্তৰালৰ পাছত হঠাতে বন্ধুৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল।

৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান ?

উত্তৰঃ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে। কাৰণ তেখেত এজন বিশ্ববিখ্যাত কবি আৰু মহান সাহিত্যিক আছিল। তেখেতৰ চিঠিসমূহত তেওঁৰ ব্যক্তিগত জীৱন, চিন্তাধাৰা, অনুভৱ আৰু যুগৰ সামাজিক–সাংস্কৃতিক ছবি প্ৰতিফলিত হয়। সেইবাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিসমূহ সাহিত্যিক আৰু ঐতিহাসিক দৃষ্টিৰে অতি মূল্যৱান বুলি গণ্য কৰা হয় আৰু সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে।

৫। বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?

উত্তৰঃ বর্তমান সময় আধুনিক প্ৰযুক্তি বিদ্যাৰ যুগ। মানুহে কম সময়ত সোনকালে কাম সম্পন্ন কৰাত অধিক গুৰুত্ব দিয়ে। ম’বাইল ফোন, টেলিফোন, ইণ্টাৰনেট আৰু কম্পিউটাৰৰ দৰে আধুনিক যোগাযোগ মাধ্যমৰ জৰিয়তে অতি দ্ৰুতভাৱে যোগাযোগ সম্ভৱ হৈছে। এইবোৰ সহজলভ্য আৰু তৎক্ষণাৎ ব্যৱহাৰযোগ্য হোৱাৰ বাবে পৰম্পৰাগত চিঠিৰ ব্যৱহাৰ হ্ৰাস পাইছে। সেইবাবে বর্তমান সময়ত চিঠিৰ প্ৰাসঙ্গিকতা কমি যোৱা দেখা যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class