অসমীয়া চলচ্চিত্রৰ গতিধাৰা
(ক) অতি চমু প্ৰশ্ন :
১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবি কাহিনীৰ মূল উৎস হৈছে লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘জয়মতী কুঁৱৰী’ নামৰ নাটকখন।
২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানী দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
৩। ‘চিত্ৰবন’ ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?
উত্তৰঃ ‘চিত্ৰবন’ ষ্টুডিঅ’টো জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।
৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল ‘নিমিলা অংক’ (১৯৫৫)।
৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
উত্তৰঃ লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা এখন অসমীয়া কথাছবি হ’ল ‘এৰা বাটৰ সুৰ’।
(খ) চমু প্ৰশ্নঃ
১। জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম হ’ল- ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’।
২। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা- এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।
উত্তৰঃ ‘এৰা বাটৰ সুৰ’ কথাছবিখন ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল। ‘ডাঃ বেজবৰুৱা’ কথাছবিখন ব্ৰজেন বৰুৱাই পৰিচালনা কৰিছিল আৰু ‘গঙা চিলনীৰ পাখি’ কথাছবিখন পদুম বৰুৱাই পৰিচালনা কৰিছিল।
৩। ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।
উত্তৰঃ ভৱেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবি হৈছে— ‘সন্ধ্যাৰাগ’, ‘অগ্নিস্নান’ আৰু ‘সাৰথি’।
৪। জয়মতী, চিৰাজ, সতী বেউলা — এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা।
উত্তৰঃ ‘জয়মতী’, ‘চিৰাজ’ আৰু ‘সতী বেউলা’ কথাছবিকেইখনৰ সংগীত পৰিচালক আছিল ক্ৰমে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা।
৫। অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে ?
উত্তৰঃ অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। ব্যক্তিগত প্রচেষ্টাত জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্র নির্মাণ আৰম্ভ কৰিছিল যদিও পাছত চৰকাৰে প্ৰযোজকসকলক আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা কৰে। গুৱাহাটীৰ কাহিলীপাৰাত ‘জ্যোতি চিত্রবন ছোছাইটি’ নামৰ ফিল্ম ষ্টুডিঅ’ নিৰ্মাণ কৰা হৈছে, যি চিনেমা নিৰ্মাতাসকলক প্ৰযোজনাৰ বাবে সহায় কৰে। লগতে চৰকাৰে ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট, অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম, আৰু চলচ্চিত্ৰ সংগ্ৰহালয় আৰু আর্কাইভ স্থাপন কৰি অসমীয়া চলচ্চিত্ৰৰ বিকাশ আৰু সংৰক্ষণ নিশ্চিত কৰিছে।
(গ) দীঘল প্রশ্ন।
১। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্রসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমীয়া চলচ্চিত্ৰ শিল্পৰ জন্মদাতা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘জয়মতী কুঁৱৰী’ নাটকৰ আধাৰত ‘জয়মতী’ নামৰ কথাছবি নিৰ্মাণ কৰি তেখেতে অসমীয়া চলচ্চিত্ৰ শিল্পৰ শুভাৰম্ভণি ঘটায়। অসমত চলচ্চিত্ৰ শিল্প গঢ়ি তুলিবলৈ প্ৰয়োজনীয়তা উপলব্ধি কৰি তেখেতে সুদূৰ জাৰ্মানীলৈ গৈ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ঘূৰি আহি তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ-বাগিচাত ‘চিত্ৰবন’ নাম দি এটা ষ্টুডিঅ’ নিৰ্মাণ কৰি তাতেই ‘জয়মতী’ ছবিৰ দৃশ্যগ্ৰহণ কৰে। অৱশেষত ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে ‘জয়মতী’ কথাছবিখনে মুক্তি লাভ কৰে। যদিও ব্যৱসায়িক দিশত ছবিখনে বিশেষ সফলতা নাপালে, তথাপি ৰাইজৰ মাজত ছবিখনে ব্যাপক আগ্ৰহ আৰু সঁহাৰি লাভ কৰিছিল।
ইয়াৰ পিছত ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজৰ কাহিনীৰে ‘ইন্দ্ৰমালতী’ নামৰ দ্বিতীয়খন কথাছবি প্ৰযোজনা আৰু পৰিচালনা কৰে। এই ছবিখন কলকাতাৰ অৰোৰা ষ্টুডিঅ’ত নিৰ্মাণ কৰা হৈছিল। ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’ — দুয়োখন ছবিৰ বিষয়বস্তু পৃথক আছিল। ‘জয়মতী’ত অতীত অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ চিত্ৰ দাঙি ধৰা হৈছিল, আনহাতে ‘ইন্দ্ৰমালতী’ত স্বাধীনতা আন্দোলনৰ ভাবধাৰা প্ৰতিফলিত হৈছিল।
এনেদৰে প্ৰচুৰ অভাৱ-অভিযোগ, আৰ্থিক সংকট আৰু প্ৰযুক্তিগত অসুবিধাকো একাষৰীয়া কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই দুখন কথাছবি নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ শিল্পৰ ভেটি স্থাপন কৰে। তেওঁৰ এই অমূল্য অৱদানে অসমীয়া চলচ্চিত্ৰ জগতলৈ এটা নতুন যুগৰ সূচনা কৰিছিল আৰু পৰৱৰ্তী চলচ্চিত্ৰ শিল্পীৰ বাবে পথ প্ৰদৰ্শন কৰিছিল।
২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ড° ভূপেন হাজৰিকাৰ অৱদান অতি গুৰুত্বপূৰ্ণ আৰু স্মৰণীয়। অসমীয়া চলচ্চিত্ৰক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰোৱাত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। ‘চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে ড° ভূপেন হাজৰিকাই লাভ কৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ আছিল অসমীয়া চলচ্চিত্ৰই ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা প্ৰথমটো পুৰস্কাৰ। এই সাফল্যই অসমীয়া চলচ্চিত্ৰ জগতক দেশব্যাপী সন্মান আৰু স্বীকৃতি প্ৰদান কৰে।
ড° ভূপেন হাজৰিকাই অসমীয়া চলচ্চিত্ৰ জগতলৈ কেইবাখনো উল্লেখযোগ্য ছবি উপহাৰ দিছে। ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত ‘এৰা বাটৰ সুৰ’ ছবিখন আছিল অসমৰ মাটিৰ সুৰ আৰু লোকসংগীতৰ আধাৰত নিৰ্মিত প্ৰথমখন অসমীয়া কথাছবি। ১৯৬৫ চনত তেখেতে খাচি লোককথাৰ ভেটিত ‘প্ৰতিধ্বনি’ নামৰ এখন কথাছবি নিৰ্মাণ কৰে। পৰৱৰ্তী সময়ত ৰাজশ্ৰী প্ৰডাকচনৰ সহযোগত ‘চিকমিক বিজুলী’ কথাছবি নিৰ্মাণ কৰা হয়, যিখন আছিল এটা প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থাই প্ৰযোজনা কৰা প্ৰথমখন অসমীয়া ছবি।
অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰতো ড° ভূপেন হাজৰিকা সদায় সচেতন আছিল। সেই উদ্দেশ্যৰে তেওঁ ‘প্ৰতিধ্বনি’ ছবিখন খাচি ভাষালৈ ডাব কৰি বাণিজ্যিকভাৱে মুক্তি দিয়ে। তদুপৰি হিন্দী ছবি ‘তকদীৰ’ (ভাগ্য) অসমীয়ালৈ ডাব কৰাৰ ক্ষেত্ৰতো তেওঁ আগভাগ লৈছিল আৰু পিছলৈ সেই ছবিখনৰ প্ৰযোজকৰ সৈতে যৌথ প্ৰযোজনাত ‘চিকমিক বিজুলী’ নিৰ্মাণ কৰে। এনেদৰে সংগীত, পৰিচালনা আৰু প্ৰযোজনাৰ জৰিয়তে ড° ভূপেন হাজৰিকাই অসমীয়া চলচ্চিত্ৰ শিল্পক সমৃদ্ধ কৰি তোলে।
৩। ভবেন্দ্র নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উত্তৰঃ ড° ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা দুয়োগৰাকী অসমীয়া চিনেমা জগতৰ দুজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি। অসমীয়া ছবিৰ বাস্তৱবাদী ধাৰাৰ বিকাশত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ অৱদান উল্লেখযোগ্য। ১৯৭৭ চনত মুক্তি লাভ কৰা ‘সন্ধ্যাৰাগ’ ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া ছবিত বাস্তৱ জীৱনৰ সমস্যা আৰু সংবেদনশীলতা সুন্দৰভাৱে দাঙি ধৰে। ইয়াৰ পিছত তেওঁ ‘অনির্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আৱর্তন’, ‘ইতিহাস’ আদি কেইবাখনো উল্লেখযোগ্য ছবি পৰিচালনা কৰে আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা’ ছবিখনো নিৰ্মাণ কৰে। ‘অগ্নিস্নান’ ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। আনহাতে, জাহ্নু বৰুৱাই ‘অপৰূপা’ ছবিৰে পৰিচালনা জীৱনৰ আৰম্ভণি কৰে আৰু পৰৱৰ্তী সময়ত ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘বনানী’, ‘তৰা’ আদি ছবিৰ জৰিয়তে দেশ-বিদেশত অসমীয়া চিনেমাক পৰিচিত কৰি তোলে। ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে জাহ্নু বৰুৱাই শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। এইদৰে ড° ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই নিজৰ সৃষ্টিশীলতা আৰু প্ৰতিভাৰে অসমীয়া চিনেমাক উচ্চ আসনত প্ৰতিষ্ঠা কৰে।
8। অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ ‘বিনোদন’ শব্দৰ অৰ্থ হৈছে আমোদ বা মনোৰঞ্জন। অসমীয়া চিনেমাৰ আৰম্ভণিৰ কালছোৱাত, বিশেষকৈ ১৯৬৫ চনৰ পৰা, অধিকাংশ ছবি আছিল বাস্তৱধর্মী আৰু সমাজকেন্দ্ৰিক। অসমীয়া চিনেমাত বিনোদনধর্মী ছবিৰ ধাৰা স্পষ্টভাৱে আৰম্ভ হয় ১৯৬৯ চনত ব্ৰজেন বৰুৱা পৰিচালিত ‘ডাঃ বেজবৰুৱা’ ছবিখনৰ জৰিয়তে। এই ছবিখন আছিল এটি আবেগমিশ্ৰিত থ্ৰীলাৰ আৰু দৰ্শকৰ বাবে উপভোগ্য বিনোদনমূলক ছবি। ‘ডাঃ বেজবৰুৱা’ৰ সফলতাৰ পিছত অসমীয়া চিনেমাত বিনোদনধর্মী ছবিৰ সংখ্যা বৃদ্ধি পায়। এই ধাৰাৰ অন্তৰ্গত উল্লেখযোগ্য ছবিসমূহ হৈছে— ‘মুকুতা’, ‘যোগ-বিয়োগ’, ‘উপগ্রহ’, ‘ভাইটি’, ‘চামেলি মেমচাব’, ‘আজলী নবৌ’ আদি।
চলচ্চিত্ৰ ভাষাৰ দিশৰ পৰা এই ছবিসমূহ বৰ উচ্চ মানদণ্ডৰ নাছিল যদিও কাহিনী, আবেগ আৰু নাটকীয় উপাদানে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। এই ছবিবোৰে সেই সময়ৰ দৰ্শকৰ ৰুচিবোধৰ সৈতে সুন্দৰভাৱে সামঞ্জস্য ৰাখিছিল আৰু অসমীয়া চিনেমাক জনপ্ৰিয় কৰি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
৫। অসমীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বঁটা আৰু সন্মান লাভ কৰি নিজৰ স্বকীয়তা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ইণ্ডিয়ান পেনোৰামা’ শাখাত প্ৰদৰ্শনৰ জৰিয়তে অসমীয়া চিনেমা এতিয়া কেৱল আঞ্চলিক পৰিসীমাত সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ উপস্থিতি দৃঢ় কৰিছে।
ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে ১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিখনে ‘ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট’ লাভ কৰি অসমীয়া চলচ্চিত্ৰলৈ গৌৰৱ কঢ়িয়াই আনে। তাৰ পিছত ১৯৫৮ চনত নিপ বৰুৱা পৰিচালিত ‘ৰঙাপুলিচ’ ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰূপৰ পদক লাভ কৰে। এই ধাৰা পৰৱৰ্তী কালতো অব্যাহত থাকে। ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ ছবিৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। ড° ভবেন্দ্ৰ নাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা আৰু জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। শেহতীয়াকৈ ২০১৮ চনত ৰীমা দাসৰ ‘Village Rockstars’ ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণ কমল পুৰস্কাৰ লাভ কৰি অসমীয়া চিনেমাক নতুন উচ্চতালৈ লৈ যায়।
আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো অসমীয়া চলচ্চিত্ৰই সীমিতভাৱে হ’লেও স্বীকৃতি লাভ কৰিছে। ‘Village Rockstars’ ছবিখনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ প্ৰশংসা লাভ কৰে। একে বছৰতে আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত ‘লভ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল’ত ‘শৈশৱতে ধেমালিতে’ ছবিখনে কেইবাটাও পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। যদিও বিশ্ব পৰিসৰত অসমীয়া চিনেমাৰ বিস্তাৰ এতিয়াও সীমিত, তথাপি এই সফলতাবোৰে ভৱিষ্যতে অধিক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ পথ প্ৰশস্ত কৰিছে।