AHSEC Class 12 Bihu Chapter 3 Answer 2026 | HS 2nd Year Bihu Chapter 3 বিহুৰ খাদ্য-সম্ভাৰ আৰু খেল-ধেমালি Solution

বিহুৰ খাদ্য-সম্ভাৰ আৰু খেল-ধেমালি

(ক) অতি চমু প্রশ্নোত্তৰ

১। ৰঙালী বিহুক কিয় বসন্ত উৎসৱ বোলা হয়?
উত্তৰঃ ৰঙালী বিহু ব’হাগ মাহত অনুষ্ঠিত হয় আৰু এই সময় বসন্ত ঋতু হোৱা বাবে ইয়াক বসন্ত উৎসৱ বোলা হয়।

২। ৰঙালী বিহুত ব্যৱহৃত পানীয়ৰ নাম কি?
উত্তৰঃ সাজ-পানী।

৩। ৰঙালী বিহুত কেইবিধ শাক খোৱা হয়?
উত্তৰঃ এশ এবিধ শাক।

৪। সাতশাকী বুলিলে কি বুজা?
উত্তৰঃ সাতবিধ শাক একেলগে খোৱাক সাতশাকী বোলে।

৫। সাতশাকী বিহু কোন অঞ্চলত কোৱা হয়?
উত্তৰঃ বৰপেটা অঞ্চলত।

৬। ‘গুপ্তবিহু’ কাক বোলে?
উত্তৰঃ সাতশাক তোলা বিহুৰ পৰ্বক।

৭। ৰঙালী বিহুত কেইবিধ তিতা খোৱা হয়?
উত্তৰঃ সাতবিধ।

৮। সাততিতা বুলিলে কি বুজা?
উত্তৰঃ সাতবিধ তিতা খাদ্যৰ সমষ্টি।

৯। ভোগালী বিহুৰ এটা পৰম্পৰা উল্লেখ কৰা।
উত্তৰঃ মাহ-কৰাই খোৱা।

১০। কঙালী বিহু মূলতঃ কি উৎসৱ?
উত্তৰঃ শস্যৰ শ্ৰীবৃদ্ধি কামনাৰ উৎসৱ।

(খ) চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। উৎসৱভিত্তিক খাদ্যসমূহ

উত্তৰঃ উৎসৱভিত্তিক খাদ্য মূলতঃ দুবিধ—

(ক) পিঠা-পনাকেন্দ্ৰিক খাদ্য:
পিঠা, লাড়ু, চিৰা, গুড়, দৈ আদি।

(খ) শাক-পাচলিকেন্দ্ৰিক খাদ্য:
বিভিন্ন শাক-পাচলি যেনে—লাই শাক, কঁহি, বেগুন, সৰিয়হ আদি।

২। কেইবিধমান পিঠাৰ নাম

উত্তৰঃ
১) তিলপিঠা
২) নাৰিকল পিঠা
৩) চুঙাপিঠা
৪) ঘিলা পিঠা
৫) টেকেলি পিঠা
৬) তেল পিঠা
৭) পানী পিঠা

৩। সাতশাকী বিহুত কি কৰা হয়?

উত্তৰঃ
সাতশাকী বিহুত পুৱাতে মহিলাসকলে দল বান্ধি পথাৰলৈ গৈ সাতবিধ শাক তোলে। শাক তোলাৰ আগতে নাম-প্ৰসংগ কৰে আৰু গীত গাই গাই এই পৰম্পৰা পালন কৰে।

৪। সাতবিহুৰ লগত জড়িত লোকবিশ্বাস

উত্তৰঃ
এই সময়ত বিশ্বাস কৰা হয় যে সন্তান নথকা মহিলাই নৃত্য কৰি আশীৰ্বাদ বিচাৰিলে সন্তান লাভ হয়। লগতে কিছুমান গুপ্ত আচাৰো পালন কৰা হয়।

৫। সাততিতা কি কি?

উত্তৰঃ
নিমপাত, ভেকুৰিগুটি, ভেটাইতিতা, বাহক, তিতাফুল, হেলচী আৰু শেৱালি ফুল।

৬। সাততিতা খোৱাৰ লগত জড়িত লোকবিশ্বাস

উত্তৰঃ
সাততিতা খালে শৰীৰৰ বিভিন্ন ৰোগ (চকু, ছাল, পেট আদি)ৰ পৰা সুৰক্ষা পোৱা যায় বুলি বিশ্বাস কৰা হয়।

৭। বিহুনামত উল্লেখ থকা খাদ্যসমূহ

উত্তৰঃ
মাছ, লাৰু, পিঠা-পনা, সান্দহ, চিৰা, মাহ-কৰাই, দৈ আদি।

অনুশীলনী প্রশ্নোত্তৰ
১। বিহুৰ খাদ্য-সম্ভাৰ কি?

উত্তৰঃ
বিহুৰ সময়ত খোৱা খাদ্যসমূহক বিহুৰ খাদ্য-সম্ভাৰ বোলা হয়। ইয়াত দৈনন্দিন খাদ্যৰ লগতে উৎসৱ বিশেষ খাদ্য অন্তৰ্ভুক্ত থাকে।

ৰঙালী বিহুত—

পিঠা-পনা (তিলপিঠা, ঘিলা পিঠা, চুঙাপিঠা)

চিৰা, দৈ, গুড়

সাজ-পানী

ভোগালী বিহুত—

মাছ, হাঁহৰ মাংস

মাহ-কৰাই

পিঠা-পনা

কঙালী বিহুত—

সাধাৰণ খাদ্য

বিশেষ আয়োজন কম থাকে

২। ৰঙালী বিহুৰ সাতশাকী

উত্তৰঃ
এশ এবিধ শাকৰ ভিতৰত যিকোনো সাতবিধ শাক একেলগে খোৱাক সাতশাকী বোলে। ই পুষ্টি আৰু লোকবিশ্বাসৰ সৈতে জড়িত।

৩। নামনি অসমত সাতশাকীক কি বোলে?

উত্তৰঃ সাঠেক।

৪। দশবিধ শাকৰ নাম লিখা

উত্তৰঃ
মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, মছন্দৰী, পদিনা, ভেদাইলতা, উৰহী, লাই, লফা।

৫। ৰঙালী বিহুৰ খেল-ধেমালি

উত্তৰঃ
১) কুকুৰা যুঁজ
২) কণী যুঁজ
৩) কড়িখেল
৪) ঘিলাখেল
৫) ঢোলখেল

৬। ম’হযুঁজ ক’ত অনুষ্ঠিত হয়?

উত্তৰঃ আঁহতগুৰিত।

৭। ষাঁড়গৰু যুঁজ ক’ত হয়?

উত্তৰঃ নামনি অসমৰ চৰ-চাপৰি অঞ্চলত।

৮। বুলবুলি যুঁজ ক’ত হয়?

উত্তৰঃ হাজোত।

৯। কুকুৰা যুঁজ ক’ত হয়?

উত্তৰঃ ধেমাজি জিলাৰ গোহাঁই গাঁৱত।

১০। খেল-ধেমালিৰ সৈতে জড়িত বিহুনাম (উদাহৰণ)

উত্তৰঃ
আৰু বেলি বিহুখন চেৰেঙা বেৰেঙা
চ’তৰ বিহুত যুঁজাব কণী,
এবটল গোন্ধতেল আনি দিবা চেনাইধন
ম’হৰ শিঙৰ আনিবা ফণি।

১১। খাদ্যসম্ভাৰ জড়িত বিহুনাম (উদাহৰণ)

উত্তৰঃ
উজাই বুৰে দিলে শিহু কি ঘঁৰিয়াল
ভটিয়াই বুৰিলে মাছে,
লাৰু পিঠা-পনা কালৈনো ৰাখিছা
যদিহে ভিতৰত আছে।

Scroll to Top