Might Learn Logo Might Learn Shop Might Learn

AHSEC Class 12 Bihu Chapter 5 Answer 2026 | HS 2nd Year Bihu Chapter 5 জনজাতীয়  বিহুৰ পৰম্পৰা Solution

জনজাতীয়  বিহুৰ পৰম্পৰা

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নোত্তৰ

১। খ্ৰীং খ্ৰীং বাইথ’ পূজা কেতিয়া অনুষ্ঠিত হয়?
উত্তৰঃ প্রতি বছৰৰ শিৱৰাত্ৰিৰ পিছৰ জোনৰ শুক্লপক্ষৰ দ্বিতীয় সোমবাৰে খ্ৰীং খ্ৰীং বাইথ’ পূজা অনুষ্ঠিত হয়।

২। সোনোৱাল কছাৰীসকলে উত্তৰ-পূব দিশত দিয়া পূজাৰ নাম কি?
উত্তৰঃ বাঘপূজা বা বৰগাতিয়াল পূজা।

৩। দক্ষিণ-পূবত সোনোৱাল কছাৰীসকলে কি পূজা দিয়ে?
উত্তৰঃ গাতিগিৰি পূজা।

৪। বৰপিঠা খালে কি অসুখ দূৰ হয়?
উত্তৰঃ পেটৰ অসুখ।

৫। বাঘদেউ পূজাৰ দিনাৰ পৰা কি শাক খোৱা নিষেধ?
উত্তৰঃ কচুশাক।

৬। চাটমাৰি কি?
উত্তৰঃ বাঁহ-খেৰৰ ঘৰ সাজোঁতে ব্যৱহাৰ হোৱা ৰুৱা কামিচটাৰ দৰে সিয়াক চাটমাৰি বোলা হয়।

৭। দুডলীয়া ডাল কিহৰ প্ৰতীক?
উত্তৰঃ প্ৰকৃতি পুৰুষৰ প্ৰতীক।

৮। জেটুলিপকা কাঁইট ক’ত ৰুইছিল?
উত্তৰঃ ঘৰৰ চাৰিওফালে ঢাপত।

৯। সোনোৱাল কছাৰীসকলে গৰু বিহুৰ দিনা বছৰটো নিৰোগী হৈ থাকিবলৈ কেইবিধ দ্ৰব্যৰে ৰন্ধা আঞ্জা খায়?
উত্তৰঃ এশ এবিধ দ্ৰব্যৰে।

১০। সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত কি?
উত্তৰঃ ভূমি কৰ্ষণ, উৎপাদন আৰু সামূহিক সম্প্ৰীতি ৰক্ষাৰ উদ্দেশ্যে নীতি-নিয়মেৰে সৃষ্ট গীতসমূহেই হুঁচৰি গীত।

১১। পোহাৰি গীত কি?
উত্তৰঃ পোহাৰি গীত হৈছে দানবীৰ বলি ৰজাই আয়োজন কৰা পোহৰ বা মেলাত গোৱা গীত।

১২। কি গীতৰ পিছত থিয়গীত গোৱা হয়?
উত্তৰঃ পোহাৰি গীতৰ পিছত।

১৩। বৰগীতৰ অন্তত কি গীত গোৱা হয়?
উত্তৰঃ সামৰণি গীত।

১৪। পুৰাতনীয়া নীতি অনুসৰি হুঁচৰি উৰুৱাৰ দিনা কি কি নাচ অনুষ্ঠিত হয়?
উত্তৰঃ হগ্ৰা নাচ আৰু বহুৱা নাচ।

১৫। হাট বিহু মানে কি বিহু?
উত্তৰঃ মেলা বা বজাৰ বিহু।

(খ) চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। সোনোৱাল কছাৰীসকলৰ ব’হাগ বিহুৰ মূল অনুষ্ঠান ক’ত আৰু কেনেদৰে অনুষ্ঠিত হয়?
উত্তৰঃ সোনোৱাল কছাৰীসকলৰ ব’হাগ বিহুৰ মূল অনুষ্ঠান খ্ৰীং খ্ৰীং বাইথ’ পূজা, যি বাইথ’ মন্দিৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

২। খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ চাৰিদিনীয়া কাৰ্যসূচী বৰ্ণনা কৰা।
উত্তৰঃ

প্ৰথম দিনা: দেৱতা আহ্বান কৰা হয়।

দ্বিতীয় দিনা: মূল পূজা অনুষ্ঠিত হয়।

তৃতীয় দিনা: হায়দাং গীত গাই লগ বিহুৰ আহ্বান কৰা হয়।

চতুৰ্থ দিনা: হাবিৰ কাষত ঠাই পৰিষ্কাৰ কৰি ভোজ-ভাতৰ ব্যৱস্থা কৰা হয়।

৩। বৰদৈচিলাৰ ন জনী সখীয়েকৰ নাম লিখা।
উত্তৰঃ চতাই, কমলা, জয়মলা, ৰহিমলা, ৰামতী, ৰ’তী, বাঁহপাতী, বিচনদৈ আৰু সৰুমতী।

৪। লগ বিহু কি?
উত্তৰঃ বিহুদল একেলগে ঢোলৰ তালে তালে নাচি আদৰি একেলগে বিহু মৰা কাৰ্যসূচীক লগ বিহু বোলা হয়।

৫। চতুৰ্থ দিনা কোন দুঠাইত পূজা কৰা হয়?
উত্তৰঃ হাবিৰ মাজত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশত।

৬। বৰগাতিয়াল পূজা আৰু গাতিগিৰি পূজা কি?
উত্তৰঃ

বৰগাতিয়াল পূজা: বাহিৰৰ চাৰিসীমাৰ ৰক্ষাকৰ্তা দেৱতাৰ পূজা।

গাতিগিৰি পূজা: গাঁৱৰ চাৰিসীমাৰ ৰক্ষাকৰ্তা দেৱতাৰ পূজা।

৭। কণী যুঁজৰ ফলাফলৰ তাৎপৰ্য কি?
উত্তৰঃ

বৰগাতিয়াল দল জিকিলে বিপদৰ সংকেত।

গাতিগিৰি দল জিকিলে মংগলৰ সংকেত।

৮। বাঘদেউ পূজাৰ পাছত কি খাদ্য খোৱা আৰম্ভ হয়?
উত্তৰঃ ঢেঁকীয়া, কলপচলা আৰু বিভিন্ন শাক।

৯। বাঘদেউ পূজাৰ পৰা আগন্তুক বিহুলৈ কি আখৰা কৰা হয়?
উত্তৰঃ হুঁচৰি, ঢোলৰ ছেও আৰু বিহুনামৰ আখৰা কৰা হয়।

১০। চাটমাৰি কেনেদৰে তৈয়াৰ কৰা হয়?
উত্তৰঃ লাও, বেঙেনা, থেকেৰা, হালধি, টাংলতি, মাখিয়তী, বগা বাহেক আদি সংগ্ৰহ কৰি চাটমাৰি তৈয়াৰ কৰা হয়।

অনুশীলনী প্রশ্নোত্তৰ

১। সোনোৱাল কছাৰীসকলে ব’হাগ বিহুক কি বুলি কয়?
উত্তৰঃ দোমাহী বিহু।

২। মূল অনুষ্ঠান কি?
উত্তৰঃ খ্ৰীং খ্ৰীং বাইথ’ পূজা।

৩। হায়দাং গীতত মহিলাৰ স্থান আছেনে?
উত্তৰঃ নাই।

৪। হুঁচৰি গীত কেইটা ভাগত বিভক্ত?
উত্তৰঃ চাৰিটা ভাগত—

বাৰেমন্ত্ৰ

পোহাৰি গীত

থিয়গীত

বৰগীত

৫। বাৰেমন্ত্ৰ কি?
উত্তৰঃ গৃহস্থৰ মংগল কামনাৰে দিয়া আশীৰ্বাদ।

৬। ‘হুঁচৰি’ শব্দৰ উৎপত্তি কেনেকৈ?
উত্তৰঃ ‘হা’ (মাটি) + ‘চৌ’ (মংগল) + ‘ৰি’ (পৰম্পৰা ৰক্ষা) মিলি ‘হুঁচৰি’।

৭। থিয়গীত আৰু বৰগীত কাক বোলে?
উত্তৰঃ

থিয়গীত: সুখ-দুখৰ কাহিনী বৰ্ণনা কৰা গীত।

বৰগীত: আশীৰ্বাদমূলক গীত।

৮। হুঁচৰি উৰুৱা কেনেকৈ কৰা হয়?
উত্তৰঃ সামৰণি গীত গাই, টকা মাৰি, গাঁৱৰ পশ্চিম দিশত বাঁহ স্থাপন কৰি অনুষ্ঠান সম্পূৰ্ণ কৰা হয় আৰু পিছত ভোজ-ভাত খোৱা হয়।

৯। টঙালি চোৱা কি?
উত্তৰঃ বিহুত সংগ্ৰহ কৰা টকা-পইচা আৰু সামগ্ৰী গণনা কৰি গাঁও উন্নয়নৰ বাবে ব্যৱহাৰৰ ব্যৱস্থা কৰা প্ৰথা।

১০। হাট বিহুৰ তাৎপৰ্য কি?
উত্তৰঃ হাট বিহু হৈছে মেলা বা বজাৰ বিহু। লোকবিশ্বাস অনুসৰি এই মেলাৰ সৈতে দানবীৰ বলি ৰজাৰ কাহিনী জড়িত, য’ত ভগৱানে তিনিখোজ মাটি বিচাৰি তেওঁৰ পৰীক্ষা কৰিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects