Chapter 12
কাৰিকৰী জীৱবিজ্ঞান আৰু ইয়াৰ প্ৰয়োগসমূহ
প্ৰশ্নমালা
A. চমু উত্তৰৰ প্রশ্নঃ
- জীৱ কাৰিকৰী বিজ্ঞানৰ মূল ভেটি কি কি?
- কি কি দিশত জীৱকাৰিকৰী বিজ্ঞানে অগ্রগতি লাভ কৰিছে উল্লেখ কৰো।
- কৃষি বিজ্ঞানত কাৰিকৰী জীৱবিজ্ঞানৰ ভূমিকাৰ এটি চমু আলোচনা কৰা।
- শস্যৰ আনুবংশিক ৰূপান্তৰণ মানে কি বুজায়? এনে ৰূপান্তৰণৰ মূল উদ্দেশ্য কি কি?
- Bt Cotton-ৰ Bt-ৰ মানে কি?
- Bt Cotton সৃষ্টি কৰাৰ উদ্দেশ্য কি?
- Bacillius thuringiensis-য়ে, উৎপন্ন কৰা বিষাক্ত দ্রব্যই বেক্টেৰিয়াটোৰ ক্ষতি নকৰি কীটৰ ক্ষতি কিয় কৰে?
- Cry জিন কি? ইয়াৰ কাম কি?
- আনুবংশিক অভিযন্ত্ৰণৰ যোগাদি ইনচুলিন উৎপাদন প্রক্রিয়াৰ মূলতত্ত্ব কি?
- জিনীয় চিকিৎসা কাক বোলে? ইয়াৰ উদ্দেশ্য কি?
- আনৱিক বিশ্লেষণৰ দ্বাৰা ৰোগ নির্ণয় সম্পর্কে অতি চমু ব্যাখ্যা দিয়া।
- বংশান্তৰিত প্ৰাণী কাক বোলে? এই বিলাকৰ প্ৰয়জনীয়তা কি?
- ট্রেন্সজেনিক শস্যৰ আৰু সাধাৰণভাবে সংকৰণ কৰা শস্যৰ প্ৰণালীৰ মাজত প্রভেদ সমূহ কি?
- ট্রেন্সজেনিক জীৱ-জন্তু কি?
- বংশান্তৰিত উদ্ভিদসমূহ কি? উদাহৰণ দিয়া।
- চমু টোকা লিখাঃ—
(a) আনুবংশিক ভাবে ৰূপান্তৰিত জীৱ।
(b) Bt Cotton.
(C) জিনীয় অভিযন্ত্ৰণৰ যোগে প্রস্তুত ইনসুলিন।
(d) জিনীয় চিকিৎসা।
(e) জৈৱ গেছ
- আনুবংশিক ভাবে ৰূপান্তৰিত শষ্যৰ খেতি কৰাৰ বিৰুদ্ধে বহুতে কিয় প্রতিবাদ কৰি আছে?
- GEAC বুলিলে তুমি কি বুজা? ইয়াৰ ভূমিকা কি?
- বেক্টেৰিয়া/ভাইৰাচৰ দ্বাৰা সংক্ৰমিত ৰোগৰ লক্ষণ দেখা দিয়াৰ বহু পূর্বে চিনাক্ত কৰিব পৰা দুটা পদ্ধতি উল্লেখ কৰা।
- জীৱপ্ৰৱলীকৰণ বুলিলে কি বুজাই?
- ঔষধৰ জৈৱ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ এটা উদাহৰণ বর্ণনা কৰা।
সম্ভাব্য প্ৰশ্নাৱলী
A. এক নম্বৰৰ প্ৰশ্নঃ
(A) অতি চমু উত্তৰৰ প্রশ্নঃ
- ট্রেন্সজিনীক বা বংশাস্তৰিত জীৱ কি? বংশান্তৰিত একোটা উদ্ভিদ আৰু প্ৰাণীৰ উদাহৰণ দিয়া।
- জিনীয় চিকিৎসা কি? ইয়াৰ ব্যৱহাৰৰ এটি উদাহৰণ দিয়া।
- এটা ছিটাৰ নাম উল্লেখ কৰা যি বংশান্তৰিত ইষ্টৰ পৰা প্ৰস্তুত কৰা হয়।
- জৈৱ স্বত্বাপহৰণ কি?
- মানৱ ইনচুলিনত কিমানটা পলিপেটাইড থাকে?
- এটা জনপ্রিয় কৌশলৰ নাম উল্লেখ কৰা যাৰ দ্বাৰা দেহত বীজাণু বা ভাইৰাছ থকাৰ প্ৰমাণ পোৱা যায়।
- দুটা ঔষধৰ নাম লিখা যি পূর্বে প্রাণী বধ কৰি তৈয়াৰ কৰাৰ পৰিৱর্তে বর্তমান জীৱপ্রযুক্তি বিদ্যাৰ সহায়ত প্রস্তুত কৰা হয়।
- DNA ৰ নাটনি কি? কোন ৰোগৰ লগত ই জড়িত?
- ‘প্র’ব মানে কি?
- GEAC সম্পূৰ্ণ ভাবে লিখা।
- ট্রেন্সজিনীক বংশান্তৰিত প্রাণী কি?
- বংশান্তৰিত প্ৰাণীৰ পৰা পাব পৰা যিকোনো দুটা সুবিধা উল্লেখ কৰা।
- ৰাসায়নিক দ্ৰৱৰ নির্বিঘ্নতা পৰীক্ষা মানে কি?
- জৈৱ স্বত্বাপহৰণৰ সংজ্ঞা দিয়া।
- ট্রেন্সজেনিক গাইগৰু ৰোজিয়ে উৎপন্ন কৰা গাখীৰৰ বিশেষ কি?
- ইনচুলিনৰ দুডাল চুটি পলিপেপটাইড শিকলি কেনেদৰে সংযোজিত হৈ থাকে?
- সোণালী ধান কি?
(B) শূন্যস্থান পূৰণ কৰাঃ
- ELISA পৰীক্ষা নিৰ্ভৰ কৰে __ ৰ পৰস্পৰ ক্রিয়া তত্ত্বৰ ওপৰত।
- বিলাহীত ফল কোমল হোৱা কাৰ্য্য __ উৎসেচকে ই সহায় কৰে যি যে পেক্টিনক অবমূল্যায়ননা কৰে।
- মাটিত বাস কৰা বেক্টেৰিয়া __ য়ে স্ফটিক (cry) প্রটিন উৎপাদন কৰে।
- এখন দেশৰ জীৱসম্পদৰ চুৰি, ডকাইতি আৰু অনধিকাৰ লাভ উঠোৱা কাৰ্য্যক __ বাোলে।
- __ হ’ল এক নির্দিষ্ট মানদণ্ড যাক জীৱজগতৰ লগত আমাৰ ক্ৰিয়াক নিয়ন্ত্রিত কৰাত প্ৰয়োগ কৰিব পাৰি।
- মানুহকে ধৰি স্তন্যপায়ীত ইনচুলিন __ হিচাপে সংশ্লেষণ হয়।
- লসীকা কোষক আৰু টেমুনা কোষৰ লগত মিলিত কৰাক __ বোলে।
- DNA ৰ নমুনাৰ আণৱিক বিশ্লেষণ কৰাক __ বোলে।
- কৃত্রিম ভাবে প্রথম হৰমন উৎপাদন কৰিছিল __ বেক্টেৰিয়াক কৰ্ষণ কৰি।
- এন্টিবায়টিক এক ধৰণৰ ঔষধ যাক __ ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ হয়।
- বংশান্তৰিত গাইৰ গাখীৰত মানৱ __ থাকে।
- উৎপাদিত সামগ্ৰীৰ পুনঃপ্রাপ্তি ইয়াৰ শোধন আৰু কার্যকাৰিতাক __ কাৰ্যপ্ৰণালী বোলে।
- জৈৱ অণু এবিধ যৌগ যি __ ৰ পৰা উৎপন্ন হয়।
- প্রথম ট্রেন্সজেনিক শস্য আছিল __।
B শুদ্ধ অশুদ্ধ বিচাৰ কৰাঃ
- ব্রাজ্জেইন আৰু ইয়াৰ সংকেত বহনকাৰী জিন USA ত পেটেন্ট কৰা হৈছিল।
- Bt কপাহত দুটা ট্রেন্স জিন থাকে।
- জৈৱ স্বত্বাপহৰণ জীৱসম্পদৰ আইনগত দিশ।
- নিমৰ পেটেন্ট ভাৰতবৰ্ষই পাইছে।
- মধুমেহ ৰোগৰ প্ৰতিকাৰৰ বাবে আৱশ্যকীয় ইনচুলিন আনুবংশীকভাবে ৰূপান্তৰিত জীৱৰ পৰা প্রস্তুত হয়।
- Vitamin B12 আৰু Vitamin B12 নামৰ ভিটামিন দুবিধ জীৱপ্রযুক্তিবিদ্যাৰ যোগেদি উৎপাদন কৰা হয়।
- আলেকজেণ্ডাৰ ফ্লেমিংয়ে ‘এন্টিবায়টিক’ শব্দ প্রথমে দিছিল।
৪. কৃষিজীৱপ্রযুক্তি বিদ্যাত কলা কর্ষণেই মূল কৌশল।
- “জিনটেক্সি” বোলা প্লাজমিদবিধ জিন ক্লনিত ব্যৱহাৰ কৰা হয়।
- স্বর্ণ চাউল এবিধ বনৰীয়া চাউলৰ সঁচ যাৰ ৰং সোণালী।
- এন্টিকোৱাগুলেন্ট হিডিন ট্রেন্সজেনিক উদ্ভিদ ব্রেচিকা নেপাচৰ গুটিৰ পৰা উৎপন্ন হয়।
- Bt কপাহ এবিধ ট্রেন্সজেনিক উদ্ভিদ যত Bt য়ে জৈৱপ্রযুক্তিবিদ্যা বুজায়।
- প্ৰ’টক্সিন হৈছে এবিধ প্রটজৱাই উৎপন্ন কৰা বিষাক্ত পদার্থ।
II. ২ নম্বৰৰ চমু প্রশ্নঃ
- বংশান্তৰিত বেক্টেৰিয়া বিলাক কি? এটি উদাহৰণৰ দ্বাৰা বৰ্ণনা কৰা।
- ভাৰতীয় জীৱসম্পদৰ কোন দুটা পেটেন্ট উঠাই লোৱা হৈছে?
- আনুবংশীক ভাবে ৰূপান্তৰিত শস্য মানে কি? আনুবংশীক ভাবে ৰূপান্তৰিত খাদ্য শস্য কেনেকৈ প্রচলিত পদ্ধতিত উন্নত কৰা খাদ্য শস্যতকৈ কি ভাবে পৃথক?
- টেন্সজিন কি? টেন্সজিনীয় উদ্ভিদ কি?
- বায়’ৰিয়েকৰ কি? আশাকৰা উৎপাদনৰ বাবে বায়ৰিয়েক্টৰে দিয়া অন্ততঃ দুটা বৃদ্ধিকাৰক অৱস্থা উল্লেখ কৰা।
- প্রচলিত উদ্ভিদ প্রজনন পদ্ধতি কেনেকৈ শস্য বংশান্তৰিত কৰা কৌশলতকৈ ভিন্ন?
- শৰীৰত উপসর্গ দেখা দিয়াৰ আগতেই শৰীৰত বেক্টেৰিয়া/ভাইৰাচৰ আক্ৰমণৰ সংকেত দিয়া যি কোনো দুটা কৌশলৰ পৰামর্শ দিয়া।
- ELISA ক সম্পূর্ণকৈ লিখা। ELISA পদ্ধতিৰে চিনাক্তকৰণ কৰা দুবিধ ৰোগৰ নাম লিখা।
- আণবিক নিদান পদ্ধতি কি? পৰম্পৰাগত পদ্ধতিতকৈ এই পদ্ধতিৰ সুবিধা সমূহ কি কি?
- এন্টিজেন আৰু এন্টিবডিৰ সংজ্ঞাসহ প্রত্যেকৰে উদাহৰণৰে সৈতে লিখা।
- টেন্সজেনিক প্রাণীৰ বিষয়ে এটি চমুটোকা লিখা।
III.
- জীৱপ্রযুক্তিবিদ্যাৰ বাবে প্লাজমিড আশীর্বাদ স্বৰূপ। জীৱপ্রযুক্তি বিদ্যাৰ আৱিষ্কাৰৰ উল্লেখ কৰি ইয়াৰ যথার্থতা দেখুউৱা।
- ADA নামৰ উৎসেচৰ সম্পূর্ণ নামটো লিখা। মানুহৰ শৰীৰত এই উৎসেচক কিৰ ইমান আৱশ্যক? এটা জিনীয় চিকিৎসাৰ উল্লেখ কৰা যাৰ দ্বাৰা ইয়াৰ চিকিৎসা হয়।
- ক্রাই-প্রটিন কি? ইয়াক উৎপাদন কৰা জীৱৰ নাম লিখা। মানুহে কেনেকৈ ইয়াৰ সুবিধা আদায় কৰিছে নিজৰ লাভৰ বাবে?
- GMO বিলাক কি? আনুবংশীক ভাবে ৰূপান্তৰিত শস্য উৎপাদনৰ অন্ততঃ চাৰিটা উদ্দেশ্য উল্লেখ কৰা।
- GEAC মানে কি বুজা? ইয়াৰ ভূমিকা কি?
- Bt কপাহৰ বেক্তেৰিয়াই উৎপন্ন কৰা বিষাক্ত কীটনাশী প্রটিনে, বিষাক্ত প্রটিন তৈয়াৰ কৰিব নোৱাৰে যদিও অনিষ্টকাৰী কীট কেনেকৈ নাশ কৰিব পাৰে।
- এন্টিবায়টিকছ কাক বোলে? বিভিন্ন ‘এন্টিবায়টিকছ’ৰ নামৰ লগত এই বিলাক প্রস্তুত কৰা অনুজীৱৰ নাম লিখা।
- টেন্সজেনিক শস্য কি? প্রজনন কার্যতকৈ ট্রেন্সজেনিক শস্য উৎপাদনত এই পদ্ধতিৰ উপকাৰিতা উল্লেখ কৰা।
- এটা কীটৰ নাম লিখা যাক Cry 1AC জিনৰ উৎপাদিত সামগ্ৰীৰ দ্বাৰা মাৰিব পাৰি। কেনেকৈ এই জিনটোৱে উদ্ভিদক কীটৰোধী কৰি তোলে ব্যাখ্যা কৰা।
- আণুবংশিকভাবে ৰূপান্তৰিত উদ্ভিদ ব্যৱহাৰ কৰি শস্যৰ মুঠ বৃদ্ধিত হোৱা বিভিন্ন উপকাৰিতাৰ বিষয়ে লিখা।
IV. Long Questions for 5 marks:
- চমু টোকা লিখাঃ
(a) জিন চিকিৎসা (b) জৈৱপ্ৰযুক্তিৰ নৈতিক সমল (c) জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা ইনচুলিন।
- PCR ৰ মূল তত্ত্ব কি? আণৱিক ৰোগ নির্ণয়ত ইয়াৰ ভূমিকা উল্লেখ কৰা।
- জীৱসম্পদ কি? শিল্পায়নত উন্নত দেশ বিলাকে কেনেকৈ ইয়াৰ লাভ উঠাইছে?
- “জীৱপ্রযুক্তিবিদ্যাই মানৱ কল্যাণত ডাঙৰ অৰিহণা যোগাব পাৰে, কিন্তু ইয়াক অপব্যৱহাৰ কৰাৰ সম্ভাৱনাও যথেষ্ট, যাৰ ফলত মানুহৰ দুৰ্দশা বৃদ্ধি পাব।” এই বক্তব্যৰ উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা।
- প্রচলিত কৃষি প্রথা আৰু আধুনিক কৃষি প্ৰথাৰ মাজত কি কি পার্থক্য আছে উদাহৰণ দি লিখা।
- জৈৱ প্ৰযুক্তিবিদ্যাৰ এটা উদ্দেশ্য হৈছে শস্য পথাৰত পতংগ নাশকৰ ব্যৱহাৰ কম কৰা। জৈৱ প্রযুক্তি বিদ্যাৰ কৌশল ব্যৱহাৰ কৰি কেনেকৈ পতংগৰোধী শস্য বিকশিত কৰা হৈছে বর্ণনা কৰা।