Chapter 16
অসমৰ জীৱসম্পদ
প্ৰশ্নমালা
- অর্থনৈতিক উদ্ভিদ কাক বোলে?
- কেইবিধমান অর্থনৈতিক উদ্ভিদৰ নাম লিখা।
- মৰাপাটৰ আঁহ কি ধৰণৰ কোষেৰে গঠিত?
- কপাহৰ অহ কিহৰ পৰা উৎপন্ন হয় আৰু ই কেই ধৰণৰ?
- কি ধৰণৰ কাঠৰ অর্থনৈতিক গুৰুত্ব আটাইতকৈ বেছি?
- কেইবিধমান ঔষধি উদ্ভিদৰ বৈজ্ঞানিক নাম আৰু স্থানীয় নাম লিখা।
- সর্পগন্ধাৰ ঔষধি গুণ কি কি?
৪. কুইনাইন কিহৰ পৰা উৎপন্ন হয়?
- কপাহ উৎপাদনকাৰী উদ্ভিদ প্রজাতিবিলাকৰ বৈজ্ঞানিক নাম লিখা।
- তলত উল্লেখ কৰা বস্তুবিলাকৰ উৎপাদনকাৰী উদ্ভিদৰ বৈজ্ঞানিক নাম আৰু ব্যৱহাৰ হোৱা অংশৰ নাম লিখাঃ-
(a) মৰাপাট, ( b ) কপাহ, (c) ৰিহা, (d) ৰেছাৰপাইন, (e) এমিটি, (f) কুইনাইন, (g) শাল কাঠ, (h) চেগুণ কাঠ, (i) ছিছু কাঠ, (j) হলং কাঠ।
- তলত দিয়া কেইটাৰ স্থানীয় নাম আৰু ব্যৱহাৰ উল্লেখ কৰা?
(a) Corchorus capsularis
(b) Gmelina arborea
- নিম্নলিখিত বস্তুবোৰ থকা উদ্ভিদৰ বৈজ্ঞানিক নাম লিখা?
ব্ৰমেলিন, পেপেইন, চাইট্রিক অক্স, লিন্ট আৰু ফাজ।
- অর্থনৈতিক উদ্ভিদৰ বন্যজাতবিলাক সংৰক্ষণ কৰাৰ প্রয়োজন কি? অসমত কিমান ধৰণৰ ধানৰ জাত পোৱা যায়?
- অসমৰ উদ্ভিদ সম্পদৰ বিষয়ে এটি চমু আলোচনা দাঙি ধৰা।
- আফিং গছত পোৱা দুবিধ উপক্ষাৰৰ নাম লিখা। আফিঙৰ যিকোনো দুটা ব্যৱহাৰ উল্লেখ কৰা।
- তলত দিয়া উক্তিবোৰ শুদ্ধ’নে “অশুদ্ধ” উল্লেখ কৰা আৰু অশুদ্ধ উক্তিবোৰ শুদ্ধকৈ লিখা।
(a) অসমত পোৱা শাল কাঠ উৎপন্নকাৰী উদ্ভিদৰ বৈজ্ঞানিক নাম Shorea robusta|
(b) মৰফিন নামৰ উপক্ষাৰবিধ Rauwolfia serpentina-ৰ পৰা আহৰণ কৰা হয়।
- ৰিচাৰ্পিন আহৰণ কৰা উদ্ভিদজোপাৰ বৈজ্ঞানিক নামটো লিখা।
- তলত উল্লেখ কৰা যিকোনো দুবিধ উদ্ভিদৰ বৈজ্ঞানিক নাম লিখি ব্যৱহাৰ লিখাঃ (a) নিম (b) চিকোনা (c) চেগুন।
- বৈজ্ঞানিক নাম আৰু সিহঁতৰ গোত্র উল্লেখ কৰি অসমৰ তিনিধি জনপ্রিয় আৰু গুৰুত্বপূৰ্ণ কাঠ উৎপন্নকাৰী গছৰ নাম লিখা।
A. চমু উত্তৰৰ প্ৰশ্নঃ
- ৰেচম সূতাৰ ৰাসায়নিক গঠন বর্ণনা কৰা
- আমাৰ দেশত কি কি ধৰণৰ ৰেচম পলু পালন কৰা হয়?
- এড়ি অথবা মুগা পলুৰ বহিৰাকৃতিৰ বৈশিষ্ট্য বর্ণনা কৰা।
- মুগা পলু এবিধ চক্রীয় প্রজাতি। চমুকৈ বুজাই দিয়া।
- লেটাগুটিৰ পৰা ৰেচম সূতা কটাৰ বিভিন্ন প্রক্রিয়া সম্পর্কে চমুকৈ লিখা।
- ৰেচমৰ উৎপাদন বৃদ্ধিৰ উপায় কি কি?
- ৰেচম পলুৰ কি কি ৰোগ দেখা দিব পাৰে? তাৰ প্ৰতিকাৰৰ কি ব্যৱস্থা লোৱা হয়?
- অসমৰ ৰেচম শিল্পৰ বৈশিষ্ট্য কি? এটি আলোচনা দাঙি ধৰা?
- অসমত ব্যৱসায়িকভিত্তিত কি কি ধৰণৰ ৰেচম কীট পালন কৰা হয়?
B. অতি চমু উত্তৰৰ প্রশ্নঃ
- মুগা পলু আৰু এড়ি পলুৰ বৈজ্ঞানিক নাম কি?
- পাট পলু, মুগা পলু আৰু চৰ পলুৱে কি কি গছৰ পাত খায়?
- পলুৱে সাধাৰণতে কেইবাৰ মোট সলায়?
- এড়ি পলুৰ দুটা মুখ্য আৰু দুটা গৌণ পোষক উদ্ভিদৰ নাম লিখা।
C. ৰচনাধর্মী প্রশ্নঃ
- এবিধ ৰেচম চকৰীৰ জীৱন-চক্র বর্ণনা কৰা।
- মুগা বা এড়ি পলুৰ ৰেচম উৎপাদন পদ্ধতিৰ এটি বিৱৰণ দিয়া।
- এড়ি পলুৰ জীৱন বুৰঞ্জী, চিত্রসহ বর্ণনা কৰা।
- অসমৰ ৰেচম শিল্প সম্পর্কে এখনি ৰচনা লিখা।
D. পার্থক্য দেখুওৱাঃ
- মীন সংগ্রহ আৰু মীন পালন, 2. পলু আৰু লেটা, 3. মুখ্য আৰু গৌণ পোষক উদ্ভিদ, 4. এড়ি-ৰেচম আৰু মুগা ৰেচম, 5. একবর্ষডিম্বী আৰু দ্বিবর্ষডিম্বী।
E. টোকা লিখাঃ
- ৰেচম শিল্পত অসমৰ স্থান; 2. ৰেচম উৎপাদন বৃদ্ধিৰ উপায়।
F. বহু বিকল্পী উত্তৰৰ প্ৰশ্নঃ
- এড়ি পলুৰ বৈজ্ঞানিক নাম-
(a) ফিল’চমিয়া ৰিচিনি,
(b) বম্বিক্স ৰি,
(c) এট্টাকাচ ৰিচিনি,
(d) এন্থেৰিয়া ম্যালিট্টা।
- এড়ি আৰু মুগা চকৰী-
(a) একচক্রী,
(b) দ্বিচক্রী,
(c) ত্রিচক্রী,
(d) বহুচক্রী।
- এড়ি পলুৱে চতুর্থবাৰ মোট সলোৱাৰ পিছত-
(a) লেটাগুটি বান্ধে,
(b) বেছিকৈ খায়,
(c) বগাই ফুৰে,
(d) উৰি ফুৰে।
- নুনী গছৰ পাত কোনবিধ ৰেচম পলুৰ খাদ্য—
(a) মুগা,
(b) পাট,
(c) এড়ি,
(d) তচৰ।
সম্ভাব্য প্ৰশ্নাৱলী
A. খালী ঠাই পূৰণ কৰা (এক নম্বৰৰ) ঃ
- প্রাকৃতিক সম্পদবোৰ হৈছে _ আৰু _ ৰ উৎপাদিত বস্তু।
- ভাৰতবৰ্ষত থকা সৰ্বমুঠ ৪০০ বিধ কপৌজাতীয় উদ্ভিদৰ, অসম হৈছে প্রায় _ প্রজাতিৰ ঘৰ।
- আওলফিয়া গছৰ অংশৰপৰা প্রায় __ বিধ উপক্ষাৰ পৃথক কৰা হৈছে।
- কুইনাইন আৰু চিনকোনাইন __ গছৰ পৰা পোৱা যায়।
5 . ডাঙৰ গছবোৰৰ __ কলাই প্রস্তুত কৰা কাঠ হৈছে গৌণ কলা।
- ৰেচমকীট __ গোত্ৰৰ অন্তর্গত।
- মাইকী মুগা মথে খৰিকাত সংখ্যক কণী পাৰে।
৪. পেব্রিন __ ৰ দ্বাৰা হয়।
- কেচেৰু এড়ীপলুৰ __ খাদ্য উদ্ভিদ।
- বিষাক্ত পদার্থৰ গাঢ়তা ক্রমাগত ট্রফিক স্তৰত বৃদ্ধি হোৱাকে __ বোলে।
- উদ্ভিদ আৰু প্ৰাণীৰ পৰা উৎপন্ন হোৱা প্রাকৃতিক সম্পদৰ প্ৰধান উপাদানবোৰক __ বৰ্তাই ৰাখে।
- বৃষ্টিপাত, ভূমিস্থলন, প্ৰদূষণ আদিত উদ্ভিদৰ যি ভূমিকা সিয়ে অৱশেষত আমাৰ পৰিৱেশত __ ৰ পৰা পোৱা যায়।
- উপক্ষাৰ ৰেজাৰপাইন __ ৰ পৰা আৰু ইয়াক হিচাপে ব্যৱহাৰ কৰা হয়।
- এবিধ জনপ্রিয় ঔষধ ‘Vaska’ তৈয়াৰ কৰা হয় _ ৰ পৰা আৰু ইয়াক _ হিচাবে ব্যৱহাৰ কৰা হয়।
- শালগছৰ উদ্ভিদ বৈজ্ঞানিক নাম __।
B. শুদ্ধ নে অশুদ্ধ (এক নম্বৰৰ) ঃ
- গছে মানুহক খাদ্য, বস্ত্ৰ আৰু আশ্রয় প্রদান কৰে।
- কুইনাইন, কুইনিডাইন আৰু চিনকোনাইন বল আৰু শক্তি বঢ়াবলৈ ব্যৱহাৰ কৰা দৰকাৰী আৰু উপযুক্ত ঔষধ।
- এট্র’পা বেলাড’নাৰপৰা পোৰা ঔষধ হৃদযন্ত্রৰ মাংসপেশীৰ বিষ আৰু হৃদযন্ত্রৰ স্পন্দৰৰ উপশম পাবলৈ ব্যৱহাৰ কৰা হয়।
- চেগুণ গছৰ অন্তঃকাঠ আৰু ৰসবাহী কাঠ ক্রমে বগা আৰু সোণালী হালধীয়া ৰঙৰ।
- ভাৰবিনেচি গোত্ৰৰ অন্তৰ্গত শিশু গছৰ বৈজ্ঞানিক নাম হ’ল মেলিনা আৰবোৰিয়া।
- ৰেচম পালন অসমৰ এটা উল্লেখযোগ্য কুটীৰ শিল্প।
- বক্সি মৰি মুখ্য খাদ্য উদ্ভিদ হৈছে এৰা গছ।
৪. ৰেচমপলুৰ কণীবোৰ বীজাণুমুক্ত কৰিবলৈ 2% ফৰমেলিনত ধোৱা হয়।
- ঘৰ সজা কাঠ হৈছে এটা ব্যৱহাৰিক শব্দ যাক পৰিষ্কাৰকৈ ডাঙৰ গছৰ গা গছৰ পৰা প্ৰস্তুত কৰা হয়।
- এটু’পা বেলজিনা ধতুৰাৰ উদ্ভিদ বৈজ্ঞানিক নাম যি চোলানেচি গোত্ৰৰ অন্তর্গত।
- অসমৰ বনাঞ্চল ভৱিষ্যতৰ জিনীয় সম্পদেৰে পৰিপূর্ণ।
- বায়ু প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্রণ বলবৎ কৰা হয়?
- উদ্ভিদে পুৰণকৰা মানুহৰ প্রধান প্রয়োজনীয়।
- চিনকোনা গছত উদ্ভিদ বৈজ্ঞানিক নাম কি?
- নিম গছক কিয় আচ কৰ উদ্ভিদ বোলা হয়?
C. অতি চুটি উত্তৰৰ প্ৰশ্ন (এক নম্বৰৰ) ঃ
- প্রাকৃতিক সম্পদ কি?
- জীৱ সম্পদৰ ‘হট-স্পট’ বুলিলে কি বুজা?
- অৰণ্যৰ আনুবংশিক সম্পদবোৰ কি কি?
- বাউলফিয়া (সর্পগন্ধা) গছৰ প্রথম বিৱৰণ কোনে দিছিল?
- বর্ষাৰণ্য বুলিলে কি বুজা?
- ৰেচম পালন কি?
- মালবেৰী ৰেচম কীট কোনটো গোত্ৰৰ অন্তর্ভুক্ত?
৪. মালবেৰী ৰেচম কীটৰ বৈজ্ঞানিক নাম কি?
- মুগা চকৰীৰ পালনত লবলগীয়া সাৱধানতা লিখা।
- স্পিনাৰেট কি?
D. চুটি উত্তৰৰ প্রশ্ন (দুই নম্বৰৰ) ঃ
- মানুহৰ লগতে প্রত্যেক প্রাণীয়ে প্রত্যক্ষ বা পৰোক্ষভাবে কিয় আৰু কেনেকৈ উদ্ভিদৰ উপৰত নিৰ্ভৰ কৰে লিখা।
- নৃগোষ্ঠীয় উদ্ভিদবিদ্যা কি? ই কেনেদৰে ঔষধি উদ্ভিদৰ লগত জড়িত?
- “অসম জীৱসম্পদৰ হটস্পট অঞ্চল”—কাৰণ দশোৱা।
- দুবিধ এনে গছৰ উদ্ভিদ বৈজ্ঞানিক নাম আৰু গোত্র লিখা যাৰ শিপা ঔষধ প্রস্তুতকৰণত ব্যৱহৃত হয়।
- অসমত ব্যৱসায়িক ভাবে ৰেচমপলু পালনত ব্যৱহাৰ হোৱা বিভিন্ন প্রজাতিবোৰ কি কি?
- মুগাপলুৰ বৰ্গীকৰণ লিখা।
- বর্গমতে অসমত ব্যৱসায়িকভাৱে প্ৰস্তুত কৰা ৰেচমকীটৰ এখন তালিকা প্রস্তুত কৰা।
- এড়ী আৰু মুগাপলুৰ বৈজ্ঞানিক নাম আৰু সিহঁতৰ এবিধ কৈ মুখ্য খাদ্য উদ্ভিদৰ নাম লিখা।
- ব্যৱসায়িকভাৱে পালন কৰা ৰেচমকীটবোৰ কি কি? তচৰ কীটৰ দুবিধ খাদ্য উদ্ভিদৰ নাম লিখা।
- ফ্লেচাৰীৰ কাৰক প্রাণী আৰু ইয়াৰ লক্ষণসমূহ লিখা।
- ফ্লেচাৰীৰ দ্বাৰা আক্রান্ত হলে কি কি উপায় ল’ব লাগে?
- ব্যৱসায়িক কাঠ উৎপাদনকাৰী গছৰ কোষীয় উৎপাদনসমূহ কি কি?
- যিকোনো দুবিধ ঔষধি গছৰ বৈজ্ঞানিক নাম লিখা যাক কফ উলিয়াবৰ বাবে ব্যৱহাৰ কৰা হয়।
E. চুটি উত্তৰৰ প্রশ্ন (তিনি নম্বৰৰ) ঃ
- ‘অৰণ্য হৈছে ভৱিষ্যতৰ আনুবংশিক সম্পদ’ বাক্যশাৰীৰ বৰ্ণনা কৰা।
- অসমৰ তিনিবিধ উল্লেখযোগ্য জনপ্রিয় কাঠ উৎপাদনকাৰী গছৰ বৈজ্ঞানিক নাম আৰু তাৰ বৰ্গ লিখা।
- তলত উল্লেখ কৰা উদ্ভিদবোৰৰ বৈজ্ঞানিক নাম আৰু ব্যৱহাৰ উল্লেখ কৰা।
(a) বাউলফিয়া (b নিম (c) চিনকোনা (d) চেগুন (e) শাল (f) শিশু
- মুগাসূতা কেনেকৈ লেটা খোলাৰ পৰা পাব পাৰি চমুকৈ লিখা।
- এড়ীপলুক কিয় বহুতভা বোলা হয়। এড়ীপলুৰ বিভিন্ন খাদ্য উদ্ভিদৰ বিষয়ে লিখা।
- ‘অসম ৰেচম সম্পদত বৰ চহকী’ বাক্যৰৰ বর্ণনা কৰা।
- পেলনীয়া লেতেৰা পানী শোধন সম্পর্কে এক অধ্যয়মূলক বর্ণনা দিয়া।
- চেগুন আৰু বনৰীয়া চেগুন গছৰ পৰা পোৱা কাঠৰ দৈহিক গঠন বর্ণনা কৰা। ইহঁতৰ উদ্ভিদ বৈজ্ঞানিক নাম লিখা।
(F) দীঘল উত্তৰৰ প্ৰশ্ন (পাঁচ নম্বৰৰ) ঃ
- মুগাপলুৰ জীৱনচক্ৰ আৰু পালনৰ বিষয়ে লিখা।
- ৰেচমপলুৰ প্রতিটো বেমাৰৰ কাৰক জীৱৰ নাম লিখি বেমাৰৰ ওপৰত এটা টোকা লিখা।
- মুগা ৰেচম কীটৰ জীৱন বৃত্তান্ত আৰু পালন বর্ণনা কৰা।
- উত্তৰ পূৱ অঞ্চলৰ প্ৰধানকৈ অসমক কিয় উদ্ভিদ সম্পদত চহকী বুলি কোৱা হয় ব্যাখ্যা কৰা।
- অসমৰ উদ্ভিদ সম্পদ মানুহৰ অর্থনৈতিক বিকাশৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তোমাৰ মতামত দি চমুকৈ বর্ণনা কৰা।
- জল প্রদূষণ কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰি চমুকৈ লিখা।
- নৃগোষ্ঠীয় জনজাতীয় লোকে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা যিকোনো পাঁচবিধ ঔষধি গছৰ উদ্ভিদ বৈজ্ঞানিক নাম অংশৰ ব্যরহাৰ আৰু ব্যৱহাৰৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ আলাচনা কৰা।