শিক্ষণ
অনুশীলনীঃ
১। শিক্ষণ কি ?
উত্তৰঃ অভিজ্ঞতা, অনুশীলন আৰু প্ৰশিক্ষণৰ ফলত ব্যক্তিৰ আচৰণত যি স্থায়ী পৰিবর্তন ঘটে তাকে শিক্ষণ বোলে।
২। শিক্ষণৰ প্রধান বৈশিষ্ট্যবোৰ লিখা ।
উত্তৰঃ ১। শিক্ষণ আচৰণৰ পৰিবর্তন ঘটায়।
২। শিক্ষণ অভিজ্ঞতা আৰু অনুশীলনৰ ফল।
৩। শিক্ষণ এক জীৱনজোৰা প্ৰক্ৰিয়া।
৪। শিক্ষণ লক্ষ্যভিত্তিক।
৫। শিক্ষণ ব্যক্তি আৰু পৰিবেশৰ পাৰস্পৰিক ক্রিয়াৰ ফল।
৩। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰে কেনেকৈ শিক্ষণ সম্ভব হয় ? উদাহৰণসহ বুজাও।
উত্তৰঃ এই পদ্ধতিত ব্যক্তিয়ে সমস্যা সমাধান কৰিবলৈ বহুতো প্রচেষ্টা কৰে। ভুলবোৰ এৰি সঠিক পদ্ধতি বাছি লয় আৰু শেষত সফলতা লাভ কৰে।
উদাহৰণঃ
থৰ্ণডাইকে এটা বিড়ালক পিঞ্জৰাত ৰাখিছিল। বিড়ালটোৱে বাহিৰ ওলাবলৈ বহু চেষ্টা কৰিছিল। বহু ভুলৰ পাছত সঠিক লিভাৰ টানি দুৱাৰ খুলিছিল। এনেদৰে সি সমস্যাৰ সমাধান শিকিলে।
৪। অন্তদর্শন শিক্ষণ কি ? শৈক্ষিক মূল্য লিখা ।
উত্তৰঃ অন্তদর্শন শিক্ষণ:
সমস্যাটো সম্পূৰ্ণভাৱে বুজি হঠাৎ সমাধান পোৱাৰ শিক্ষণ পদ্ধতিক অন্তদর্শন শিক্ষণ বোলে।
শৈক্ষিক মূল্যঃ
১। বুদ্ধি আৰু চিন্তাশক্তি বিকাশ কৰে।
২। সমস্যা সমাধান ক্ষমতা বৃদ্ধি কৰে।
৩। সৃজনশীলতা বৃদ্ধি কৰে।
৪। শিক্ষাৰ্থীক সক্ৰিয় কৰে।
৫। অনুবন্ধনৰ দ্বাৰা শিক্ষণ কি ? পেভ্লভৰ তত্ত্বৰ শৈক্ষিক তাৎপর্য ।
উত্তৰঃ অনুবন্ধনৰ দ্বাৰা শিক্ষণ:
উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সম্পৰ্ক সৃষ্টি কৰি যি শিক্ষণ ঘটে তাক অনুবন্ধন শিক্ষণ বোলে।
পেভ্লভৰ তত্ত্বৰ শৈক্ষিক তাৎপর্যঃ
১। ভাল অভ্যাস গঢ়ি তোলাত সহায় কৰে।
২। শৃংখলা বজাই ৰাখাত সহায় কৰে।
৩। শ্ৰেণীকোঠাত ইতিবাচক পৰিবেশ সৃষ্টি কৰে।
৬। শিক্ষণৰ মূল নীতিসমূহ কি কি ? শ্ৰেণীকোঠাত ব্যৱহাৰ ।
উত্তৰঃ মূল নীতিসমূহঃ
১। প্রস্তুতিৰ নীতি
২। অনুশীলনৰ নীতি
৩। ফলাফলৰ নীতি
শ্ৰেণীকোঠাত ব্যৱহাৰঃ
শিক্ষাৰ্থীক পাঠৰ বাবে মানসিকভাৱে প্রস্তুত কৰা।
অনুশীলনৰ সুযোগ দিয়া।
ভাল উত্তৰৰ বাবে উৎসাহ আৰু প্ৰশংসা কৰা।
৭। অন্তদর্শন শিক্ষণ কেনেকৈ সম্ভৱ হয় ? উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ সমস্যাটো সম্পূৰ্ণভাৱে বুজি চিন্তা কৰাৰ ফলত হঠাৎ সমাধান লাভ কৰিলে অন্তদর্শন শিক্ষণ ঘটে।
উদাহৰণঃ কোহলাৰে দেখুৱাইছিল যে বান্দৰে কল ল’বলৈ বাকচ একেলগে সাজি ওপৰত উঠি সমস্যাৰ সমাধান কৰিছিল।
৮। থৰ্ণডাইকৰ শিক্ষণৰ নীতিসমূহ আৰু শৈক্ষিক তাৎপর্য ।
উত্তৰঃ নীতিসমূহঃ
১। প্রস্তুতিৰ নীতি
২। অনুশীলনৰ নীতি
৩। ফলাফলৰ নীতি
শৈক্ষিক তাৎপর্যঃ
১। শিক্ষাৰ্থীক পাঠৰ বাবে প্রস্তুত কৰা প্ৰয়োজন।
২। অধিক অনুশীলনে শিক্ষণ শক্তিশালী কৰে।
৩। ভাল ফলাফল শিক্ষণক স্থায়ী কৰে।
৯। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাৰ প্রধান বৈশিষ্ট্য ।
উত্তৰঃ ১। সমস্যা সমাধানৰ বাবে বহু চেষ্টা কৰা হয়।
২। ভুলৰ পৰা শিক্ষা লোৱা হয়।
৩। ধীরে ধীরে সঠিক উত্তৰ লাভ হয়।
৪। অনুশীলনৰ ওপৰত নিৰ্ভৰ কৰে।
১০। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক অৱদান ।
উত্তৰঃ
১। শিক্ষাৰ্থীক অভিজ্ঞতাৰ জৰিয়তে শিকিবলৈ সহায় কৰে।
২। সমস্যা সমাধান ক্ষমতা বৃদ্ধি কৰে।
৩। অনুশীলনৰ গুৰুত্ব বুজায়।
১১। “শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ জৰিয়তে আচৰণ সংশোধন কৰা কাৰ্য।” ব্যাখ্যা কৰা ।
উত্তৰঃ
মানুহে জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু অনুশীলনৰ জৰিয়তে নতুন জ্ঞান আৰু দক্ষতা আহৰণ কৰে। এই অভিজ্ঞতাৰ ফলত তেওঁৰ আচৰণত পৰিবর্তন ঘটে। এই স্থায়ী আচৰণ পৰিবর্তনেই শিক্ষণ।
১২। চমুটোকা
(ক) অনুবন্ধনৰ দ্বাৰা শিক্ষণ
উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সম্পৰ্ক সৃষ্টি কৰি যি শিক্ষণ ঘটে তাক অনুবন্ধনৰ দ্বাৰা শিক্ষণ বোলে। এই তত্ত্বৰ প্ৰৱৰ্তক আছিল আইভান পেভ্লভ।
(খ) অন্তদর্শন শিক্ষণ পদ্ধতি
সমস্যা সম্পূৰ্ণভাৱে বুজি হঠাৎ সমাধান পোৱাৰ শিক্ষণ পদ্ধতিক অন্তদর্শন শিক্ষণ বোলে। ইয়াক গেষ্টাল্ট মনোবিজ্ঞানীসকলে আগবঢ়াইছিল।
(গ) প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ
এই পদ্ধতিত ব্যক্তি বহু চেষ্টা আৰু ভুলৰ পাছত সঠিক উত্তৰ পায়। এই তত্ত্বৰ প্ৰৱৰ্তক আছিল থৰ্ণডাইক।
(ঘ) ফলাফলৰ নীতি
ভাল ফলাফল লাভ কৰিলে শিক্ষণ শক্তিশালী হয় আৰু বেয়া ফলাফল হলে শিক্ষণ দুর্বল হয়।
(ঙ) প্রস্তুতিৰ নীতি
যেতিয়া ব্যক্তি শিক্ষাৰ বাবে মানসিক আৰু শাৰীৰিকভাৱে প্রস্তুত থাকে তেতিয়া শিক্ষণ সহজ হয়।
(চ) অনুশীলনৰ নীতি
পুনৰাবৃত্তি আৰু অনুশীলনৰ জৰিয়তে শিক্ষণ অধিক দৃঢ় আৰু স্থায়ী হয়।
১৩। সঁচা নে মিছা
(ক) শিক্ষণ সমস্যা সমাধান কার্য — শুদ্ধ
(খ) অন্তর্দর্শনৰ দ্বাৰা শিক্ষণ যান্ত্রিক প্রক্রিয়া — অশুদ্ধ
(গ) শিক্ষণ পৰিপক্কতাৰ ওপৰ নিৰ্ভৰশীল নহয় — অশুদ্ধ
(ঘ) অন্তর্দর্শন শিক্ষাৰ উচ্চ পদ্ধতি — শুদ্ধ
(ঙ) শিক্ষণ এক জীৱজোৰা প্রক্রিয়া — শুদ্ধ
(চ) শিক্ষণ আচৰণৰ ভেটি — শুদ্ধ
১৪। খালী ঠাই পূৰ কৰা
(ক) প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ সমর্থক আছিল — থৰ্ণডাইক
(খ) গেষ্টাল্ট এটা — জাৰ্মান শব্দ
(গ) অনুশীলনৰ নীতি প্ৰকাশ কৰিছিল — থৰ্ণডাইক
(ঘ) অভিজ্ঞতাৰ জৰিয়তে সংশোধনেই হৈছে শিক্ষণ — আচৰণ
(ঙ) শিক্ষণৰ অনুবন্ধন তত্ত্বৰ এজন প্ৰৱৰ্তক আছিল — আইভান পেভ্লভ