AJB Class 7 Assamese Chapter 6 Question Answer | Class 7 Assamese Chapter 6 উইলিয়াম শ্যেইকছপীয়েৰ Question Answer | 2026 Update

পাঠ – ৬

উইলিয়াম শ্যেইকছপীয়েৰ

১)প্ৰথমে কোৱা তাৰ পাছত লিখা্ঁ :

ক) ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবি জনৰ নাম কি?

উত্তৰঃ ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবি জনৰ নাম হল শ্যেইক্ছপীয়েৰ।

খ) তেওঁ “ছনেট” শ্ৰেনীৰ কিমানটা কবিতা ৰছনা কৰিছিল?’ছনেট’ৰ বিষয়ে এটি টোকা লিখা?

উত্তৰঃ তেওঁ ‘ছনেট’ শ্ৰেণীৰ এশ চৈৱনটা কবিতা ৰচনা কৰিছিল।

গ) নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰোঁতে শ্যেইক্ছপীয়েৰ কি অসুবিধা পাইছিল আৰু কিয়?

উত্তৰঃ যেতিয়া শ্যেইক্ছপীয়েৰে নাটক ৰচনাত হাত দি সফল হৈছিল তেতিয়া সেই সময়ৰ লণ্ডনৰ ৰবাৰ্ট গ্ৰীণ নামৰ নাট্যকাৰ জনে শ্যেইক্ছপীয়েৰৰ সফলতাক ঈৰ্ষান্বিত হৈ “আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী” আখ্যা দি হাঁহিছিল। আৰু এনেধৰনৰ অসুবিধাৰ সন্মুখিন হৈয়ো তেওঁ ইখনৰ পাছত সিখনকৈ সৰ্বমুঠ সাতত্ৰিছখন নাটক ৰচনা কৰিলে। তাৰ ভিতৰত সোতৰখন কমেডী নাটক, দহখন ট্ৰেজেডী নাটক আৰু দহখন বুৰঞ্জীমূলক নাটকেৰে অবিসম্বাদী নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰে।

ঘ) তেও্ঁ কিমানখন নাটক লিখিছিল আৰু সেইবোৰ কেনেধৰণৰ নাটক আছিল তেওঁ লিখা কেইখনমান নাটকৰ নাম লিখাঁ।

উত্তৰঃ তেওঁ সৰ্বমুঠ সাতত্ৰিছখন নাটক ৰচনা কৰিছিল তাৰ ভিতৰত সোতৰখন কমেডী নাটক, দহখন ট্ৰেজেডী নাটক আৰু দহখন বুৰঞ্জীমূলক নাটকেৰে অবিসম্বাদী নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰে। তেওঁ লিখা কেইখনমান নাটকৰ নাম হল-মিজাৰ উৰ মিজাৰ, হেমলেট, অথেল’, মেকবেথ আদি।  

ঙ) শ্যেইপীয়েৰৰ পাৰিবাৰিক জীৱনৰ বিষয়ে এটি টোকা যুগুত কৰাঁ|

উত্তৰঃ শ্যেইক্ছপীয়েৰৰ জন্ম হৈছিল লণ্ডৰৰ পৰা ১১০ মাইল দূৰৈত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই ষ্ট্ৰেটফ’-আপন-এভনত, ১৫৬৪ চনত। শ্যেইক্ছপীয়েৰৰ দেউতাক আছিল এজন চহকী ব্যৱসায়ী। মাক মেৰী আৰ্ডেন আছিল ধনী কৃষকৰ জীয়াৰী।মাক দেউতাকৰ প্ৰথম সন্তান উইলিয়ামে ষ্ট্ৰেইফ’ৰ্ড গ্ৰামৰ স্কুলত স্কুলীয়া শিক্ষা আৰম্ভ কৰে।ছাত্ৰ হিচাপে উইলিয়াম এজন ভাল ছাত্ৰ আছিল আৰু তেওঁ অধ্যয়নপিপাসু মনৰ ছাত্ৰ আছিল। উইলিয়ামৰ চৈধ্য বছৰ মান বয়সত দেউতাকৰ ব্যৱসায় পৰি আহিবলৈ ধৰে আৰু তেওঁ দেউতাকৰ ব্যৱসায়ত হাত আগ বঢ়াই। ইয়াৰ পিছত তেওঁ শিক্ষকতাও কৰিছিল। ১৫৮২ চনত শ্যেইক্ছপীয়েৰে এনি হেথৱেৰ লগত বিবাহপাশত আৱদ্ধ হয়। চুযানা, জুহিথ আৰু হেমনেট নামৰ তিনিটি সন্তানৰ জন্মৰ পিছতে তেওঁ ষ্ট্ৰেইফ’ৰ্ডৰপৰা লণ্ডলৈ উঠি আহে। ইয়াৰ পাছৰপৰাই তেওঁৰ বৰ্ণময় সাহ্যিতিক জীৱনৰ আৰম্ভ হয় আৰু অপূৰ্ব সৃষ্টিশীলতাৰে বিশ্ববাসীক এখন এখনকৈ কালজয়ী নাটক কবিতা উপহাৰ দিয়ে। কেনেকৈ তেওঁৰ হাতৰ সোনৰ কাঠীৰ পৰশত সেই সৃষ্টি সম্ভৱ হৈছিল সেয়া বিশ্ববাসীৰ বাবে উত্তৰবিহীন প্ৰশ্ন হৈ ৰ’ল।

শ্যেইক্ছপীয়েৰে জীৱনৰ শেষ বয়সত জন্মস্থান ষ্ট্ৰেইফ’ডৰ্লৈ ঘূৰি আহে।১৬১৬ চনৰ ২৩ এপ্ৰিল তাৰিখে এই ক্ষনজন্মা, মহান লেখকজনৰ ষ্ট্ৰেটফ’ৰ্ডতে মৃত্য হয় আৰু এভন নৈৰ পাৰৰ এটা গীৰ্জাঘৰত তেওঁক সমাধিস্থ কৰা হয়।

২) কোনে, কাক, কেতিয়া কৈছিল লিখা্ঁ :

“আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী |”

উত্তৰঃ যেতিয়া শ্যেইক্ছপীয়েৰে নাটক ৰচনাত হাত দি সফল হৈছিল তেতিয়া সেই সময়ৰ লণ্ডনৰ ৰবাৰ্ট গ্ৰীণ নামৰ নাট্যকাৰ জনে শ্যেইক্ছপীয়েৰৰ সফলতাক ঈৰ্ষান্বিত হৈ উক্ত কথাষাৰ ব্যক্ত কৰিছিল।

৩) চমু টোকা লিখাঁ |

ক) নাটকঃ ভাও বা অভিনয় কৰি দেখুৱাবৰ কাৰণে লিখা পুথি বোৰেই হল নাটক য’ত এজন সাহিত্যিকে নিজৰ কল্পনাৰে এটা দীঘলীয়া মূহুৰ্ত কৰি মানুহৰ আগত মঞ্চস্থ কৰে সেয়াই হল নাটক। কিছু নাটক কমেডীৰ হয় আৰু কিছু নাটক ট্ৰেজেডীৰ হয়।

খ)কমেডীঃ যিবোৰ কবিতা, গল্প, নাটক আনন্দদায়ক হয় সেইবোৰক কমেডী বুলি জনা যায়। মিলনাত্মক নাটকবোৰকো কমেডী নাটক বুলি কোৱা হয়। শ্যেইক্ছপীয়েৰে তেনে কমেডী নাটক সোতৰখন ৰচনা কৰে। এখন কমেডী নাটকৰ নাম মিজাৰ উৰ মিজাৰ। 

গ) ট্ৰেজেডীঃ যিবোৰ নাট বা কবিতা , গল্প  কৰুণাময় , য’ত দুক প্ৰকাশ পায় সেইবোৰ ট্ৰেজেডী বোলে। শ্যেক্ছপীয়েৰে দহখন তেনেধৰনৰ নাটক ৰচনা কৰে। ট্ৰেজেডী নাট হ’ল -হেমলেট ,অথেল’ আদি। 

ঘ) গ্ল’ব থিয়েটাৰঃ

৪) বাক্য ৰচনা কৰা্ঁ:

তোলপাৰঃ শ্যেইক্ছপীয়েৰৰ কবিতাৰ গভীৰতা আৰু সুকোমল অনুভৱে অনেকজনৰ হৃদয় তোলপাৰ লগাইছিল।

সফলকামঃ সফলকাম কৰিবলৈ হলে অদম্য সাহসী হব লাগিব।

মূৰ দোওঁৱাঃ সৰুৱে ডাঙৰক সন্মানৰ হেতুকে মূৰ দোওঁৱা উচিত।

৫) খালী ঠাই পূৰ কৰা

ক) কবিতা ৰচনা কৰা লোক= কবি, সাহিত্যিক।

খ) নাটক ৰচনা কৰা লোক = নাট্যকাৰ।

গ) অভিনয় কৰা লোক = অভিনেতা।

ঘ) ব্যৱসায় কৰা লোক= ব্যৱসায়ী।

ঙ) খেতি কৰি জীৱিকা নিবাহ কৰা লোক= কৃষক।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top