Might Learn Logo Might Learn Shop Might Learn

AJB Class 7 Assamese Chapter 7 Question Answer | Class 7 Assamese Chapter 7 ভদৰী Question Answer | 2026 Update

পাঠ – ৭

ভদৰী

১। প্ৰথমে কোৱা, তাৰ পিছত লিখা :


ক) “ঐ অ! ভাত লৈ আহ! শুনিছনে?” — কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ কথাষাৰ শিশুৰামে তেওঁৰ ঘৈণীয়েক ভদৰীক কৈছিল।


খ) বেথাই বহুৱাৰে সৈতে শিশুৰামৰ কিয় খকা-খুন্দা লাগিছিল?

উত্তৰঃ মাটিৰ সীমা ঠেলা বাবে বেথাই বহুৱাৰে সৈতে শিশুৰামৰ খকা-খুন্দা লাগিছিল।


গ) ভদৰীয়ে বিবাহিত জীৱনৰ অপৰিহাৰ্য অংগবোৰ কি কি বুলি ভাবিছিল?

উত্তৰঃ ভদৰীয়ে ভুকুটো, ঢকাটো, চৰটো, গোৰটো, কাঠখৰি আৰু ঢেকীঠোৰাৰ মাৰটো, উঠা-বহা আৰু খোৱা-লোৱা আদিক বিবাহিত জীৱনৰ অপৰিহাৰ্য অংগ বুলি ভাবিছিল।


ঘ) ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা কোনে ৰক্ষা কৰিছিল?

উত্তৰঃ ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা শিশুৰামৰ বেলেগতীয়া ভায়েক কিনাৰামে ৰক্ষা কৰিছিল।


ঙ) শিশুৰামক হাজোতৰ পৰা ডাক্তৰে কিয় ভদৰীৰ ওচৰলৈ লৈ আনিছিল?

উত্তৰঃ ভদৰীৰ অৱস্থা অতি সংকটজনক হোৱা বাবে আৰু স্বামীক ওচৰত পালে তাইৰ আৰোগ্যৰ সম্ভাৱনা থাকিব বুলি ভাবি ডাক্তৰে শিশুৰামক হাজোতৰ পৰা ভদৰীৰ ওচৰলৈ লৈ আনিছিল।


চ) ভদৰীয়ে ডাক্তৰৰ ওচৰত কেনেকৈ গা কাটিছিল বুলি বুজাইছিল?

উত্তৰঃ ভদৰীয়ে ডাক্তৰক কৈছিল যে মাছ বাছিবলৈ যাওঁতে উজুটি খাই পাতি থোৱা মৈদাত পৰি তাইৰ গা কাটিছিল।


ছ) শিশুৰামে কিমান দিন ফাটেক খাটিছিল?

উত্তৰঃ শিশুৰামে তিনিমাহ ফাটেক খাটিছিল।


২। বুজা আৰু লিখা :

  • গৰুটো — গৰুজাক।

  • মাছটো — মাছবোৰ।

  • শিক্ষকগৰাকী — শিক্ষকবৃন্দ।

  • পৰ্বতটো — পৰ্বতমালা।


৩। বাক্য ৰচনা কৰা :


ক) কেঁকনি-গেঁথনি :
অসুখীয়া মানুহজনে কেঁকনি-গেঁথনি মাৰি বিচনাত পৰি আছিল।

খ) পেটে-কঁকালে লগা : বহু সময় ধৰি খাবলৈ নাপাই মানুহজনৰ পেটে-কঁকালে লাগিছিল।

গ) লঘোনে-ভোকে : বানপানীৰ ফলত বহুতো মানুহে লঘোনে-ভোকে দিন কটাবলগীয়া হৈছিল।

ঘ) উঠা-বহা : ভদৰীয়ে দিনটোত কিমানবাৰ উঠা-বহা কৰিছিল তাৰ হিচাপ নাছিল।

ঙ) খোৱা-লোৱা : আমি সকলোৱে সময়মতে খোৱা-লোৱা কৰিব লাগে।


৪। উদাহৰণটো চাই বাকীখিনি কৰা :

  • সঁচা — মিছা।

  • সপোন — দিঠক।

  • অসীম — সসীম।

  • যুগুত — অযুগুত।

  • সহ্য — অসহ্য।

  • জ্ঞানী — অজ্ঞানী।


৫। বুজা আৰু লিখা :

  • বাইক — বাক্য।

  • লগন — লগ্ন।

  • কৰম — কৰ্ম।

  • ধৰম — ধৰ্ম।

  • বিৰিখ — বৃক্ষ।

  • ভকতি — ভক্তি।

  • জনম — জন্ম।


৬। পাঠটোত শিশুৰামে পথাৰত হাল বাই খেতি কৰাৰ কথা উল্লেখ আছে। খেতি কৰিবলৈ খেতিয়কক কি কি লাগে তাৰ এখন তালিকা যুগুত কৰা।

উত্তৰঃ খেতি কৰিবলৈ খেতিয়কক লগা কৃষিৰ সঁজুলিবোৰ হ’ল—

১। নাঙল

২। মৈ

৩। কোৰ

৪। জবকা

৫। দলিমাৰি

৬। খন্তি


৭। পাঠটিৰ ৰচকগৰাকীক কি কি কাৰণত ‘ৰসৰাজ’ আৰু ‘সাহিত্যৰথী’ বুলি অভিহিত কৰা হয় সেই বিষয়ে একোটিকৈ টোকা যুগুত কৰা।

উত্তৰঃ ৰসৰাজ :

লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যলৈ বহুতো ৰসাল আৰু হাস্যৰসপূৰ্ণ ৰচনা আগবঢ়াই গৈছে। তেওঁৰ ৰচনাসমূহত হাস্যৰস, ব্যংগ আৰু মনোৰঞ্জনৰ সুন্দৰ সমাহাৰ দেখা যায়। ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’, ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘লিটিকাই’ আদি তেওঁৰ উল্লেখযোগ্য ৰচনা। তেওঁৰ ৰচনাৰাজিৰ ৰসাল বৈশিষ্ট্যৰ বাবেই তেওঁক ‘ৰসৰাজ’ বুলি অভিহিত কৰা হয়।


সাহিত্যৰথী :

লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশতে অৱদান আগবঢ়াইছিল। তেওঁ কবিতা, গল্প, উপন্যাস, নাটক, প্ৰবন্ধ, সাধুকথা আদি বিভিন্ন সাহিত্যৰাজি ৰচনা কৰিছিল। তেওঁ অসমীয়া চুটিগল্পৰ জনক হিচাপেও পৰিচিত। অসমীয়া সাহিত্যৰ বিভিন্ন দিশলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁক ‘সাহিত্যৰথী’ বুলি অভিহিত কৰা হয়।


৮। ভাব বহলাই লিখা :

“আঁঠুৱা চাই ঠেং মেলা।”

উত্তৰঃ মহৰ পৰা ৰক্ষা পাবলৈ আমি আঁঠুৱা ব্যৱহাৰ কৰোঁ। আঁঠুৱা যিমান দীঘল আৰু বহল, সেই অনুসৰিহে আঁঠুৱাৰ তলত ঠেং মেলি শুব লাগে। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি শুলে আঁঠুৱা দাং খাই মহ সোমাব আৰু আঁঠুৱাখনো ফাটি যাব পাৰে। গতিকে আঁঠুৱাৰ জোখ অনুসৰি ঠেং মেলিব লাগে। এই কথাষাৰৰ পৰা আমি বুজিব পাৰোঁ যে নিজৰ সামৰ্থ্য অনুসৰিহে কাম কৰিব লাগে। আয় চাই ব্যয় কৰিব লাগে। আয়তকৈ ব্যয় বেছি হ’লে ধাৰত পোত খাবলগীয়া হয়। সেয়েহে নিজৰ সামৰ্থ্যৰ বাহিৰত কাম কৰিব নালাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership