পাঠ ৯
ওজাপালি
১। একোটিকৈ বাক্যত উত্তৰ লিখা
ক) ওজা শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ ওজা শব্দটো সংস্কৃত ‘উপাধ্যায়’ শব্দৰ পৰা ওলাইছে।
খ) ওজাপালি অনুষ্ঠানত কেইজন গায়ক থাকে?
উত্তৰঃ ওজাপালি অনুষ্ঠানত সাধাৰণতে তিনিজনৰ পৰা সাতজনলৈ গায়ক থাকে।
গ) অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু কি কি?
উত্তৰঃ অসমৰ ওজাপালি প্ৰধানকৈ দুটা ভাগত বিভক্ত। সেই ভাগ দুটা হ’ল— সুকনান্নী ওজাপালি আৰু বিয়াহৰ ওজাপালি।
ঘ) বিষয়বস্তু অনুসৰি ওজাপালিৰ ভাগ দুটা কি কি?
উত্তৰঃ বিষয়বস্তু অনুসৰি ওজাপালিৰ ভাগ দুটা হ’ল— মহাকাব্য আশ্ৰিত ওজাপালি আৰু মহাকাব্য অনাশ্ৰিত ওজাপালি।
ঙ) মনসা সংগীত কি?
উত্তৰঃ সৰ্পদেৱী মনসাক বন্দনা কৰি গোৱা ধৰ্মীয় গীতবোৰেই মনসা সংগীত।
চ) ‘সুকনান্নী’ৰ ওজা কাক বোলা হয়?
উত্তৰঃ সুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলক ‘সুকনান্নী’ৰ ওজা বোলা হয়।
ছ) ওজাপালিত ওজাজন কেনে ব্যক্তি হ’ব লাগে?
উত্তৰঃ ওজাপালিৰ ওজাজন সাংগীতিক দিশৰ সকলো ক্ষেত্ৰতে দক্ষতা আৰু সম্যক জ্ঞান থকা ব্যক্তি হ’ব লাগে।
জ) দৰঙত দাইনাপালিক কি বোলে?
উত্তৰঃ দৰঙত দাইনাপালিক ‘কথা শলগা’ বা ‘কথা ধৰা পালি’ বুলিও কোৱা হয়।
ঝ) বিয়াহৰ ওজাপালি কি সংগীতৰূপে আৰু ক’ত ক’ত প্ৰতিপালিত হ’ল?
উত্তৰঃ বিয়াহৰ ওজাপালি মাৰ্গসংগীতৰূপে পণ্ডিতসকলৰ ধৰ্মসভাত, জাতীয় উৎসৱত আৰু ৰজাসকলৰ আশ্ৰয়ত প্ৰতিপালিত হৈছিল।
২। চমুকৈ উত্তৰ লিখা
ক) ওজাপালিৰ উৎপত্তি সম্পৰ্কত থকা জনবিশ্বাসৰ বিষয়ে লিখা।
উত্তৰঃ ওজাপালিৰ উৎপত্তি সম্পৰ্কত বিভিন্ন জনবিশ্বাস প্ৰচলিত হৈ আছে। তেনে এক জনবিশ্বাস মতে, দৰঙত বহুলভাৱে প্ৰচলিত ব্যাসসংগীত পাৰিজাতী নামৰ এগৰাকী মহিলাই সপোনত লাভ কৰিছিল। সপোনতে তাঁতশালত কাপোৰ বৈ থাকোঁতে তেওঁ স্বৰ্গৰ পৰা মৰ্ত্যলৈ মধুৰ সুৰযুক্ত গীতৰ ধ্বনি নামি অহা শুনিছিল। তেওঁ সপোনতে আত্মবিভোৰ হৈ তাঁতশালৰ পৰা উঠি আহি মুদ্ৰাসহ নৃত্য কৰিবলৈ লৈছিল। পিছত পাৰিজাতীয়ে সপোনত লাভ কৰা সেই নৃত্য-গীত শিষ্যসকলক শিকাইছিল। সেই নৃত্য-গীতৰ পৰাই ব্যাসসংগীতৰ উৎপত্তি হোৱা বুলি সেই অঞ্চলৰ মানুহে আজিও বিশ্বাস কৰে।
খ) মহাকাব্য আশ্ৰিত ওজাপালি প্ৰধানকৈ কিহৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰে? এইবিধ ওজাপালিৰ ভাগবোৰ দেখুওৱা।
উত্তৰঃ মহাকাব্য আশ্ৰিত ওজাপালি প্ৰধানকৈ মহাভাৰত, ৰামায়ণ আৰু পুৰাণৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰে। এইবিধ ওজাপালিৰ ভাগবোৰ হ’ল—
ক) ব্যাসসংগীত বা বিয়াহৰ ওজাপালি বা ব্যাস গোৱা ওজাপালি।
খ) ৰামায়ণ সংগীত বা ৰামায়ণ গোৱা ওজাপালি।
গ) ভাউৰা বা ভাওৰীয়া বা ভাইৰা ওজাপালি।
ঘ) দুৰ্গাবৰী ওজাপালি।
ঙ) সত্ৰীয়া ওজাপালি বা বিয়হীয়া ওজাপালি।
চ) পাঞ্চালী বা দুলড়ী ওজাপালি।
গ) মহাকাব্য অনাশ্ৰিত ওজাপালিৰ ভাগবোৰ কি কি?
উত্তৰঃ মহাকাব্য অনাশ্ৰিত ওজাপালিৰ ভাগবোৰ হ’ল—
ক) সুকনান্নী ওজাপালি বা ৰং গোৱা ওজাপালি।
খ) বিষহৰিৰ গান।
গ) মাৰৈ পূজাৰ গান বা মাৰেগান।
ঘ) পদ্মপুৰাণৰ গান।
ঘ) ওজাপালিত দাইনাপালিজন কেনে হ’ব লাগে?
উত্তৰঃ দাইনাপালিজন ওজাৰ সোঁহাতস্বৰূপ। তেওঁ বাকপটু, উপস্থিত বুদ্ধিসম্পন্ন, ৰসিক আৰু সমসাময়িক তথা দৈনন্দিন জীৱনৰ ঘটনা-প্ৰৱাহৰ লগত সু-পৰিচিত ব্যক্তি হ’ব লাগে। তেওঁ নানা উপমা, কৌতুক আৰু অতিৰঞ্জিত কথাৰ সহায়ত হাস্যৰস সৃষ্টি কৰি মূল বিষয়বস্তুৰ লগত সমসাময়িক ঘটনাৰ সংযোগ ঘটাব পৰা গুণৰ অধিকাৰী হ’ব লাগে।
ঙ) ব্যাসগোৱা ওজাপালিৰ ওজা আৰু পালিসকলৰ সাজ-পাৰৰ বিষয়ে লিখা।
উত্তৰঃ ব্যাসগোৱা ওজাপালিৰ ওজাজনে চৌকাচাপকন চোলাৰে সংলগ্ন ঘূৰণীয়া জামা পৰিধান কৰে। মূৰত অৰ্ধনৌকাকৃতিৰ পাগুৰি, কঁকালত টঙালি, কান্ধৰ দুয়োকাষে দীঘলকৈ ওলোমাই লোৱা ৰঙীন ফুলাম পছৰা, হাতত গামখাৰু, ডিঙিত মণিমালা, হাতৰ আঙুলিত আঙঠি, ভৰিত নূপুৰ আৰু কপালত চন্দনৰ ফোঁট লয়। আনহাতে, পালিসকলে শুদ্ধ বগা ধুতি, চাপকন চোলা, মূৰত ডিম্বাকৃতিৰ পাগুৰি, কান্ধত গামোচা আৰু কপালত চন্দনৰ ফোঁট লয়।
চ) সুকনান্নী ওজাপালিত ওজা, দাইনাপালি আৰু পালিসকলৰ সাজ-সজ্জাৰ বিষয়ে লিখা।
উত্তৰঃ সুকনান্নী ওজাপালিত ওজাই ধৰ্মীয় পৱিত্ৰতাৰ প্ৰতীক কপাহী বা পাটৰ শুদ্ধ বগা পোছাক পৰিধান কৰে। ওজা, দাইনাপালি আৰু পালিসকলে ধুতি আৰু চাপকন চোলা পিন্ধে আৰু দীঘল চাদৰেৰে মূৰত পাগ মাৰে। ওজাৰ পাগটো ডিম্বাকৃতিৰ। দাইনাপালি আৰু পালিৰ পাগ মৈৰাচকীয়া। অৰ্থাৎ, পাগমৰা চাদৰৰ আগটো মূৰৰ আগফালে মৈৰাই চালি ধৰা অৱস্থাৰ দৰে ওলাই থাকে। পালিৰ কান্ধত একোখন ফুলাম গামোচা থাকে। ওজাই কপাহী বা পাটৰ দহিত কদমসহ পদুম ফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয়। ওজাজনে ডিঙিত সোণৰ ঢোল-মাদলী আৰু ৰূপৰ খটখুওৱা মাদলী, কাণত সোণৰ কেৰু, হাতত ৰূপৰ গামখাৰু আৰু আঙুলিত আঙঠি পিন্ধে। দাইনাপালিয়েও হাতত গামখাৰু, ডিঙিত ৰূপৰ মাদলী আৰু আঙুলিত ৰূপৰ আঙঠি পিন্ধে। ওজা আৰু পালিসকলে কপালত ৰঙা ফোঁট লয়।
ছ) ওজাপালিক কিয় পুতলা নাচৰ ক্ৰমবিৱৰ্তিত ৰূপ বুলি ক’ব পৰা যায়?
উত্তৰঃ সংস্কৃত ‘পাঞ্চালী’ বা ‘পাঞ্চালিকা’ শব্দৰ পৰা পাঁচালী শব্দৰ উৎপত্তি হৈছে। পাঁচালী সাহিত্যক ওজাপালি সাহিত্য বুলিও কোৱা হয়, কাৰণ পাঁচালী গীত-পদ সাধাৰণতে ওজাপালিয়ে প্ৰদৰ্শন কৰে। পাঁচালী শব্দৰ অৰ্থ পুতলা। প্ৰাচীন পুতলা নাচৰ লগত ওজাপালিৰ যথেষ্ট মিল আছে। পুতলা নাচৰ আৰ্হিত বিবিধ নৃত্য, গীত, মুদ্ৰা আৰু বাদ্যৰ সহায়ত সুৰযুক্তভাৱে কাহিনী পৰিৱেশন কৰা হয়। সেয়েহে ওজাপালিক পুতলা নাচৰ ক্ৰমবিৱৰ্তিত ৰূপ বুলি ক’ব পৰা যায়।
৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা
“অসমৰ ওজাপালি অনুষ্ঠানৰ মহত্ত্ব আৰু গভীৰতা আন অনুষ্ঠানৰ সৈতে তুলনা কৰিব নোৱাৰি।”
উত্তৰঃ
প্ৰসংগঃ উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ অন্তৰ্গত ‘ওজাপালি’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ অসমৰ ওজাপালি অনুষ্ঠানৰ মহত্ত্ব আৰু গভীৰতা আন অনুষ্ঠানৰ তুলনাত যে অনন্য, সেই কথা বুজাবলৈ লেখকে এই কথাষাৰ উল্লেখ কৰিছে।
ব্যাখ্যাঃ ওজাপালি অসমৰ এক প্ৰাচীন আৰু ঐতিহ্যপূৰ্ণ লোক-সংস্কৃতিৰ অনুষ্ঠান। এই অনুষ্ঠানত ওজা, দাইনাপালি আৰু আন পালিসকলে একেলগে গীত, নৃত্য, বাদ্য আৰু অভিনয়ৰ সহায়ত কাহিনী পৰিৱেশন কৰে। ওজাই মূল কাহিনী আগবঢ়াই নিয়ে আৰু দাইনাপালিয়ে নিজৰ উপস্থিত বুদ্ধি, উপমা, কৌতুক আৰু হাস্যৰসৰ জৰিয়তে অনুষ্ঠানটো অধিক মনোৰম কৰি তোলে। তেওঁলোকে মূল বিষয়বস্তুৰ লগত সমসাময়িক আৰু দৈনন্দিন জীৱনৰ ঘটনাসমূহৰ সংযোগ ঘটাই শ্ৰোতাসকলক আনন্দ দিয়ে। ওজাপালিৰ গীত, নৃত্য, মুদ্ৰা আৰু পৰিৱেশনশৈলীৰ মাজত অসমৰ পৰম্পৰা, ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক ঐতিহ্য প্ৰকাশ পায়। এই সকলোবোৰ গুণৰ বাবেই ওজাপালি অনুষ্ঠানৰ মহত্ত্ব আৰু গভীৰতা আন অনুষ্ঠানৰ সৈতে তুলনা কৰিব নোৱাৰি। সেয়েহে এই ঐতিহ্যপূৰ্ণ লোক-সংস্কৃতিক জীয়াই ৰখাটো আমাৰ সকলোৰে দায়িত্ব।
৪। চমুটোকা লিখা
(ক) সুকবি নাৰায়ণদেৱ
উত্তৰঃ সুকবি নাৰায়ণদেৱ এগৰাকী প্ৰাচীন পাঁচালী কবি আছিল। তেওঁ ‘পদ্মপুৰাণ’ নামৰ পাঁচালী সাহিত্য ৰচনা কৰিছিল। তেওঁৰ মনসা বিষয়ক পাঁচালী আৰু বেউলা উপাখ্যান সমাজত বিশেষভাৱে জনপ্ৰিয়। সুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলক ‘সুকনান্নী’ৰ ওজা বুলি কোৱা হয়।
(খ) দেওধনী নৃত্য
উত্তৰঃ দেওধনী অসমৰ এবিধ পুৰণিকলীয়া ধৰ্মীয় লোকনৃত্য। বিশেষকৈ দেৱী পূজাৰ সময়ত এই নৃত্য পৰিৱেশন কৰা হয়। দৰং অঞ্চলত এই নৃত্যৰ প্ৰচলন অধিক। কেঁচাইখাতী, সুবচনী, দুৰ্গা, বাথৌ, ব্ৰাই আদি দেৱ-দেৱীৰ পূজাত দেওধনী নৃত্য পৰিৱেশন কৰা হয়। এই নৃত্য অসমৰ লোক-সংস্কৃতিৰ এক উল্লেখযোগ্য অংগ।
(গ) কবি মনকৰ
উত্তৰঃ কবি মনকৰ মনসা বিষয়ক পাঁচালী সাহিত্যৰ এগৰাকী উল্লেখযোগ্য কবি আছিল। তেওঁ কমতা ৰজা জল্লেশ্বৰৰ ৰাজত্বকালৰ কবি বুলি জনা যায়। তেওঁ মনসা বিষয়ক গীত আৰু পাঁচালী ৰচনা কৰিছিল। তেওঁৰ ৰচনাসমূহৰ জৰিয়তে মনসা পূজাৰ কাহিনী আৰু লোকবিশ্বাস প্ৰকাশ পাইছে।
(ঘ) কবি দুৰ্গাবৰ
উত্তৰঃ কবি দুৰ্গাবৰ এগৰাকী উল্লেখযোগ্য পাঁচালী কবি আছিল। তেওঁ কায়স্থ কুলত জন্মগ্ৰহণ কৰিছিল। তেওঁ নৰনাৰায়ণৰ ৰাজত্বকালৰ কবি বুলি জনা যায়। ‘পদ্মৰ পাঁচালী’ আৰু ‘গীতি ৰামায়ণ’ তেওঁৰ উল্লেখযোগ্য ৰচনা। ৰামায়ণী কবি, মনসা কবি আৰু সংগীতজ্ঞ হিচাপে অসমীয়া সাহিত্যত তেওঁৰ এক বিশেষ স্থান আছে।
(ঙ) মাৰেগান
উত্তৰঃ মাৰেগান গোৱালপাৰা অঞ্চলৰ ৰাভাসকলৰ মাজত বহুলভাৱে প্ৰচলিত এবিধ লোকগীত। সৰ্পদেৱী বিষহৰী বা পদ্মাৱতীৰ পূজা, যাক মাৰৈ পূজা বুলিও কোৱা হয়, সেই সময়ত এই গীত পৰিৱেশন কৰা হয়। এই গীতসমূহত মনসা বিষয়ক কাহিনী আৰু লোকবিশ্বাস প্ৰকাশ পায়। মাৰেগান অসমৰ লোক-সংগীতৰ এক উল্লেখযোগ্য সম্পদ।
৫। তুমি জনা অসমৰ যিকোনো এটি লোক-অনুষ্ঠানৰ বিষয়ে এখন ৰচনা লিখা।
বিহু
উত্তৰঃ বিহু অসমৰ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। কৃষিক কেন্দ্ৰ কৰিয়েই বিহুৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। প্ৰাচীন কালত কৃষিজীৱী মানুহে খেতি-বাতিৰ উন্নতি, পথাৰৰ উৰ্বৰতা আৰু শস্যৰ প্ৰাচুৰ্য কামনা কৰি বিভিন্ন নৃত্য-গীত আৰু উৎসৱ পালন কৰিছিল। কালক্ৰমত এই কৃষিভিত্তিক উৎসৱসমূহেই বিহুৰ ৰূপ লয়।
অসমত প্ৰধানকৈ তিনিটা বিহু পালন কৰা হয়। সেইকেইটা হ’ল—
১। বহাগ বিহু বা ৰঙালী বিহুঃ বহাগ মাহত পালন কৰা এই বিহু অসমীয়াৰ নতুন বছৰৰ আৰম্ভণিৰ উৎসৱ। এই বিহুত ডেকা-গাভৰুৱে বিহুগীত গায় আৰু বিহুনাচ নাচে। গৰু বিহু, মানুহ বিহু আদি ইয়াৰ উল্লেখযোগ্য পৰম্পৰা।
২। কাতি বিহু বা কঙালী বিহুঃ কাতি মাহত পালন কৰা এই বিহুত কৃষকৰ ভঁৰাল প্ৰায় খালী হৈ থাকে। সেয়ে ইয়াক কঙালী বিহু বোলা হয়। এই বিহুত তুলসীৰ তলত আৰু পথাৰত চাকি জ্বলোৱা হয়।
৩। মাঘ বিহু বা ভোগালী বিহুঃ মাঘ মাহত পালন কৰা এই বিহু শস্য চপোৱাৰ আনন্দৰ উৎসৱ। এই বিহুত ভোজ-ভাত, পিঠা-পনা, মেজি আৰু ভেলাঘৰ নিৰ্মাণ আদি পৰম্পৰা আছে।
বিহু কেৱল আনন্দ-উল্লাসৰ উৎসৱেই নহয়, ই অসমীয়া জাতিৰ ঐক্য, সম্প্ৰীতি আৰু সাংস্কৃতিক পৰিচয়ৰ প্ৰতীক। সেয়েহে বিহুক অসমীয়াৰ প্ৰাণৰ উৎসৱ বুলি কোৱা হয়।
৬। সন্ধি ভাঙা আৰু কৰা
|
শব্দ |
সন্ধি বিচ্ছেদ / সন্ধি |
|---|---|
|
গায়ক |
গৈ + অক |
|
নায়ক |
নৈ + অক |
|
সংস্কৃত |
সম্ + কৃত |
|
নৌকা + আকৃতি |
নৌকাকৃতি |
|
ডিম্ব + আকৃতি |
ডিম্বাকৃতি |
|
মনোৰম |
মনঃ + ৰম |
|
গৱেষণা |
গো + এষণা |
৭। নতুন শব্দ সাজা
|
মূল শব্দ |
প্ৰত্যয় |
নতুন শব্দ |
|---|---|---|
|
অনুষ্ঠান |
ইক |
আনুষ্ঠানিক |
|
সংগীত |
ইক |
সাংগীতিক |
|
পুৰাণ |
ইক |
পৌৰাণিক |
|
সমাজ |
ইক |
সামাজিক |
|
লোক |
ইক |
লৌকিক |
|
সংস্কৃত |
ইক |
সাংস্কৃতিক |
|
ৰস |
ইক |
ৰসিক |
৮। বিপৰীত শব্দ লিখা
|
শব্দ |
বিপৰীত শব্দ |
|---|---|
|
প্ৰাচীন |
আধুনিক |
|
বিশাল |
ক্ষুদ্ৰ |
|
শিষ্য |
গুৰু |
|
মৰ্যাদা |
অমৰ্যাদা |
|
ৰসিক |
অৰসিক |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post