Might Learn Logo Might Learn

AJB Class 7 Assamese Chapter 8 Question Answer | Class 7 Assamese Chapter 8 কুম্পুৰ সপোনঃভূত-পোৱালি Question Answer | 2026 Update

পাঠ ৮

কুম্পুৰ সপোনঃভূত-পোৱালি

১) উত্তৰ লিখাঃ

ক) কুম্পুৱে সপোনত কি দেখিছিল?

উত্তৰঃ কম্পুৱে সপোনত দুটা ভূতৰ পোৱালি আৰু দুজনী ভূত দেখিছিল।

খ) ভূতৰ পোৱালিকেইটা দেখিবলৈ কেনেকুৱা?

উত্তৰঃ ভূতৰ পোৱালিকেইটা দেখিবলৈ নাক জিলিকা চকু টেলেকা টিলিকা টিলিকি পিলিকা পিলিকা আছিল।

গ) ভূতৰ পোৱালীকেইটাই কি কি কৰিছিল?

উত্তৰঃ ভূতৰ পোৱালিকেইটাই কিবা কিবি গান গাইছিল ফুচ্ ফুচ্ ফাচ্ কৰি, মনে মনে কিবা কাম কৰিছিল আৰু যখিনীহঁতক চুলিত ধৰি নচুৱাইছিল।

ঘ) কুম্পুৰ মাকে ভূতৰ বিষয়ে কি বুলি কয়?

উত্তৰঃ ভূতে বোলে মানুহ ধৰি খাই, পুখুৰিলৈ নি ভৰিকিটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায় বুলি কুম্পুৰ মাকে কৈছিল।

ঙ) কুম্পুৰ কিয় ভূতলৈ ভয় নাই?

উত্তৰঃ কুম্পুৰ ভূতলৈ ভয় নাই বুলি কৈছিল কিয়নো ভূতে তাক একোকে কৰা নাছিল আনকি সিহঁত তাৰ কাষলৈ আহিবলৈয়ো সাহস কৰা নাছিল।সেয়েহে কুম্পুৱে ভূতলৈ ভয় নাই বুলি কৈছিল।

২) কুম্পুৰ সপোনঃ ভূতৰ পোৱালি পদ্যটিৰ কথাখিনি নিজৰ ভাষাৰে লিখাঁ।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এই কবিতাটোত কুম্পুৱে দেখা এটা সপোনৰ বিযয়ে কৈছে। কুম্পুৱে সপোনত দেখা ভূতৰ বিষয়ে মাকৰ আগত কৈছিল যে মা মই আজি সপোনত দুটা ভূতৰ পোৱালি আৰু দুজনি যখিনী দেখিছিলো। সিহঁতৰ নাক জিলিকা চকু টিলিকা টিলিকা আছিল।সিহঁত দেখাত এটা ক’লা আৰু এটা বগা আছিল।সিহঁতে কথা পাতে নাক জোকাৰি জোকাৰি।আৰু কৈছিল যে সিহঁতৰ নাচ চাই ইমান যে ভাল লাগে। ভূতকেইটাই যখিনীকেইজনীক চৰ দি চুলিত ধৰি ধৰি নচুৱাই আৰু যখিনী কেইজনীয়েও কঁকাল ভাঙি নাছে। কুম্পুৰ মাকে কৈছিল যে ভূতে বোলে মানুহ ধৰি খাই পুখুৰীলৈ নি ভৰিকেইটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমুৱাই। পিছে কম্পুৱে লগপোৱা ভূতকেইতাই দেখোন তাৰ ওচৰলৈ আহিবলৈও সাহস নকৰিলে। সেয়েহে তাৰ ভূতলৈ ভয় নাই।আৰু সি কৈছে যে ভয় কৰা লৰাকহে ভূতে ধৰি কিলায়। 

কুম্পুৱে কৈছে ভূতৰ পোৱালিকেইতাৰ কানত ধৰি সি মুচৰি দিয়ে আৰু সিহঁতে চিঞৰে। সি বিচাৰি ফুৰা ভূতৰ পোৱালি কেইতাক সি পাই আৰু পুতলা থকা আলমাৰিটোত আনি সুমাই থয়। আৰু শেষত মাকে আহি তাক সাৰ পুৱাই দিয়া বুলি কয় আৰু তাৰ ভূতলৈ অকনো ভয় নাই বুলি কৈছে।

৩) ৰূপঁকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যৰ বিষয়ে এখন ৰচনা লিখা্ঁ।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই শিশু সাহিত্যিক ৰূপেও স্বীকৃতি লাভ কৰিছিল। তেওৰ উল্লেখযোগ্য শিশু কবিতা হল ভূত পোৱালি, অক’মান লৰা, অক’মানিৰ প্ৰাৰ্থনা আদি। শিশু সাহিত্যলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান হল জ্যোতি ৰামায়ন আৰু ঘোঁৰা-ডাঙৰিয়া। জ্যোতি ৰামায়নত কবিতাৰ মাজেৰে ৰামায়নৰ কাহিনী শিশুসকলৰ মাজত বৰ্ণনা কৰিছিল। অসমীয়া জগতত জ্যোতিপ্ৰসাদ আগৰৱালা এটা উজ্বল নক্ষত্ৰ হৈ জিলিকি থাকিব।

৪)চমু টোকা লিখা্ঁঃ

ক)জয়মতীঃ জয়মতী জন্ম হৈছিল শিৱসাগৰ জিলা মাদুৰী গাওঁত। জয়মতী স্বামীৰ নাম আছিল গদাপানী। জয়মতী আহোম ধৰ্মৰ মহিলা আছিল। জয়মতীৰ লাই আৰু লেচাই নামৰ দুজন পুত্ৰ সন্তান আছিল। স্বামী গদাপানীৰ কাৰনে জয়মতী জেৰেঙা পথাৰত চাওদাঙৰ হাতত মৃত্য হয়। স্বামী আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ হৈ ৰ’ব।

খ)শিল্পী দিৱসঃ ১৭ জানুৱাৰী তাৰিখে ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱসটো শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোতে মহান ব্যক্তি জনৰ পৰলোকপ্ৰাপ্তি ঘটিছিল।সেয়েহে ১৭ জানুৱাৰী তাৰিখটোত সকলো ঠাইতে এই মহান ব্যক্তি জনক সোৱৰি শিল্পী দিৱস পালন কৰা হয়।

গ)জ্যোতি চিএবনঃ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ গুৱাহাটীৰ কাহিলীপাৰত অৱস্থিত। প্ৰথম আৰু বৰ্তমানলৈ একমাত্ৰ ষ্টুডিঅ হৈছে এইটো।  জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিৰ শ্বুটিঙৰ বাবে ভোলাগুৰি চাহবাগিছাত পাতি লোৱা অস্থায়ী ষ্টুডিঅ’ চিত্ৰবন- এই দুটা শব্দ লগলগাই এই ষ্টুডিঅ’টোৰ নাম জ্যোতি চিত্ৰবন ৰখা হয়। ১৯৬১ত প্ৰতিষ্ঠা কৰা জ্যেতি চিত্ৰবন ১৯৬৮ চনত এখন ফ্ল’ৰেৰে কাৰ্যক্ষম হৈ উঠে।[1]

৫) বিপৰীত লিংগ নিণয় কৰা্ঁ

যখ= যখিনী

ভূত= ভূতুনী

সিংহ= সিংহিনী

শিয়াল= শিয়ালা

বোন্দা= জাইঁ

শৰ= ভেলেঙ্গী

৬)কাক কি বোলে?

গৰুৰ পোৱালি= দামুৰি

মাছৰ পোৱালি=পোনা

ভেকুলীৰ পোৱালী= লালুকী

কাৱৈ মাছৰ পোৱালী=কাৱৈতিলা

গৰৈ মাছৰ পোৱালী=গৰৈচিৰিকা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects