AJB Class 3 Science Chapter 10 Answer

  Lesson 10

উদ্ভিদ

☐ প্ৰশ্নাৱলী 

(১) অৰ্কিড কি ?

উত্তৰঃ কপৌ ফুল, ভাটৌ ফুলৰ দৰে উদ্ভিদবোৰক অৰ্কিড বালে ।

(২) পানীত হোৱা গছবোৰ কিয় উপঙি থাকে ?

উত্তৰঃ পানীত গজা গছবোৰৰ গাত বায়ু সামাই থাকে । বায়ু পানীতকৈ পাতল । সেইবাবে পানীত হোৱা গছবোৰ উপঙি থাকে ।

(৩) বৃক্ষ কাক বোলে ? 

উত্তৰঃ ফুল ফুলা কিছুমান গছ বৰ ডাঙৰ হয় । ইহঁতৰ গা-গছ টান কাঠেৰে তৈয়াৰী । এনেবাৰ ডাঙৰ গছক বৃক্ষ বোলে । যেনে- শাল, চেগুণ, নাহৰ ,আম আদি ।

(৪) তৃণজাতীয় উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ কিছুমান গছ বৃক্ষতকৈ সৰু আৰু কোমল এনেবোৰ সৰু গছক তৃণজাতীয় উদ্ভিদ বোলে ।যেনে- জলকীয়া গছ, বেঙেনা গছ, গোলাপ ফুল আদি ।

(৫) দুবিধ ক্ষুদ্ৰ উদ্ভিদ নাম লিখা ।

উত্তৰঃ মচ, শেলাই  আদি ক্ষুদ্ৰ উদ্ভিদ ।

(৬) এজোপা গছ আঁকি বেলেগ বেলেগ অংশবোৰ দেখুওৱা ।

উত্তৰঃ

(৭) উদ্ভিদে কেনেদৰে  আহাৰ তৈয়াৰ কৰে লিখা ।

উত্তৰঃসেউজীয়া উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু সাৰ শুহি লয় । পানীত গজা উদ্ভিদ বোৰে পানীৰ পৰা সাৰ- পানী শুহি লয় ।উদ্ভিদৰ পাতে বায়ু শুহি লয় ।সাৰ-পানী আৰু বায়ুৰে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় ।

(৮) তলত উল্লেখ কৰা প্ৰতিবিধৰ  তিনিটাকৈ উদাহৰণ দিয়া :

(ক) সেউজীয়া পাতৰ উদ্ভিদ ।

উত্তৰঃ আম, কঁঠাল, শাল ।

(খ) ফুল নুফুলা উদ্ভিদ ।

উত্তৰঃ ঢেঁকীয়া,

(গ) ডাঙৰ গছৰ ডালত গজা উদ্ভিদ ।

উত্তৰঃ কপৌ ফুল, ভাটৌ ফুল ।

(ঘ) তৃণজাতীয়  উদ্ভিদ ।

উত্তৰঃ জলকীয়া ,বেঙেনা ,বিলাহী ।

(ঙ) নিজে আহাৰ তৈয়াৰ কৰিব নোৱাৰা উদ্ভিদ ।

উত্তৰঃ আকাশী লতা ।

(৪) শুদ্ধ নে অশুদ্ধ লিখা :

(ক) শেলায়ে নিজৰ গাত আহাৰ তৈয়াৰ কৰিব নোৱাৰে ।

উত্তৰঃ অশুদ্ধ ।

(খ) আকাশী লতাই অইন উদ্ভিদৰ পৰা আহাৰ শুহি লয় ।

উত্তৰঃ শুদ্ধ ।

(গ) পদুম-ভেট, মেটেকা আদি মাটিত গজা উদ্ভিদ ।

উত্তৰঃ অশুদ্ধ ।

(ঘ) সূৰ্যৰ পোহৰত শক্তি থাকে।

উত্তৰঃ শুদ্ধ।

(ঙ) শাল, চেগুন আদি  তৃণ জাতীয় উদ্ভিদ । 

উত্তৰঃ অশুদ্ধ ।

← Previous Chapter NEXT Chapter →

কৰবী কাকতি 

Post ID : DABP005915

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top