Might Learn Logo Might Learn

AJB Class 5 Assamese Chapter 18 Answer সোণতকৈও মূল্যৱান 

সোণতকৈও মূল্যৱান 

Lesson 18

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ

শব্দঅৰ্থ
খাটাংকৈসম্পূৰ্ণৰূপে নিশ্চিত, পিছত ল’ৰচৰ হ’বৰ সম্ভাৱনা নথকা
প্ৰত্যাহ্বানবাধা
আহৰণগোটাই অনা কাৰ্য, সংগ্ৰহ
সন্ধানশুংসূত্ৰ, উৱাদিহ

[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ

ক) খাৰুৱা তেলক কিয় ‘পনীয়া সোণ’ বুলি কোৱা হয়?

উত্তৰঃ মানুহৰ দৈনন্দিন জীৱন-যাপনত খাৰুৱা তেলৰ গুৰুত্ব অপৰিসীম। সেইকাৰণে ইয়াক পনীয়া সোণ বুলি কোৱা হয়।

খ) ক’ত আৰু কেনেদৰে খাৰুৱা তেলৰ উৎপত্তি হয় লিখাঁ।

উত্তৰঃ খাৰুৱা তেল পৃথিৱীৰ অন্তৰ্ভাগত আৰু মৃত গছ-গছনি আৰু প্ৰাণী দেহৰ পচন হৈ ইয়াৰ সৃষ্টি হয় খাৰুৱা তেল উৎপত্তি হয়।

গ) কেনেধৰনৰ অঞ্চলৰপৰা খাৰুৱা তেল আহৰণ কৰিব পাৰি?

উত্তৰঃ শিল বা শিলাস্তৰৰ অঞ্চলৰ পৰা ইয়াক আহৰণ কৰিব পাৰি.

ঘ) খাৰুৱা তেল আহৰণৰ কাৰণে কেনেধৰণৰ কৌশল অৱলম্বন কৰা হয় বুজাই লিখাঁ।

উত্তৰঃখাৰুৱা তেল আহৰণৰ বাবে ভূতত্ত্ববিদ সকলে পৰীক্ষা-নীৰিক্ষাৰ সহায়ত একোখন চিত্ৰ তৈয়াৰ কৰি লয়। পৰীক্ষা-নিৰীক্ষা পৰা পোৱা তথ্যসমূহ কম্পিউটাৰত পুনৰ প্ৰণালীবদ্ধ ভাৱে অধ্যয়ন কৰা হয়। এনেদৰে কৌশল অৱলম্বন কৰা হয়। 

ঙ) খাৰুৱা তেলৰপৰা কি কি বস্তু উৎপাদন কৰিব পাৰি?

উত্তৰঃ  খাৰুৱা তেলৰ পৰা ডিজেল, পেট্ৰল আদি উৎপাদন কৰিব পৰাি।

চ) ডিগবৈ তৈলক্ষেত্ৰৰ আৱিষ্কাৰ কেতিয়া, কেনেদৰে হৈছিল?

উত্তৰঃ ডিগবৈ তৈলক্ষেত্ৰৰ আৱিস্কাৰ ১৮৮২ চনত হৈছিল। ডিব্ৰুগড় পৰা মাৰ্ঘেৰিটা-লিডু পাইপ লাইন নিৰ্মাণ কৰা সময়ত এই তৈলক্ষেত্ৰ আৱিস্কাৰ হৈছিল। 

ছ) কুপ কি?

উত্তৰঃ খাৰুৱা তেলৰ অনুসন্ধানত খন্দা দ গাঁত বোৰক কুপ বোলা হয়।

জ) খনন কাৰ্যত ব্যৱহৃত সঁজুলিসমূহক একেলগে কি বুলি জনা যায়?

উত্তৰঃ খনন কাৰ্যত ব্যৱহৃত সঁজুলিসমূহক একেলগে ৰিগ বোলা হয়।

ঝ) ভাৰতৰ প্ৰথম আধুনিক তেল শোধনাগাৰটো ক’ত আছে?

উত্তৰঃ ভাৰতৰ প্ৰথম আধুনিক তেল শোধনাগাৰটো ডিগবৈত আছে।

[২] ক-অংশৰ লগত খ-অংশ মিলাই লিখাঁ ঃ

ক-অংশ                    খ-অংশ

উৎপত্তি স্থল                তেল উৎপন্ন হোৱা ক্ষেত্ৰ

প্ৰাকৃতিক সম্পদ        পৃথিৱীৰ অন্তৰ্ভাগ

তৈলক্ষেত্ৰ                   তৈল ভাণ্ডাৰবোৰত সৃষ্টি হোৱা গেছ

প্ৰাকৃতিক গেছ            কোনো বস্তুৰ উৎপন্ন হোৱা ঠাই

ভূগৰ্ভ                          প্ৰকৃতিৰপৰা পোৱা সম্পদ

উত্তৰঃ ক-অংশ          খ অংশ

    উৎপত্তি স্থল         কোনো বস্তু উৎপন্ন হোৱা ঠাই

 প্ৰাকৃতিক সম্পদ         প্ৰকৃতিৰ পৰা পোৱা সম্পদ

    তৈলক্ষেত্ৰ              তেল উৎপন্ন হোৱা ক্ষেত্ৰ

   প্ৰাকৃতিক গেছ            তৈল ভাণ্ডাবোৰত সৃষ্টি  হোৱা গেছ

               ভূগৰ্ভ              পৃথিৱীৰ অন্তৰ্ভাগ

[৩] উদাহৰণত দেখুৱাৰ দৰে আন শব্দ গঠন কৰাঁ ঃ

সাগৰ    =    সাগৰীয়

নাটক    =     নাটকীয়             

স্বৰ্গ    =       স্বৰ্গীয়            

নৰক    =      নৰকীয়             

বিভাগ    =      বিভাগীয়             

[৪] বিপৰীত অৰ্থবোধক শব্দ লিখাঁ ঃ

মৃত- জীৱিত

 নতুন- পুৰণি

 উন্নত –  অনুন্নত

স্পষ্ট –   অস্পষ্ট

সহজ-   টান

 বৃহৎ-  সৰু

 ব্যৱহাৰ- অব্য়ৱহাৰ

 নিৰাপদ- আপদ

 বুদ্ধি- মূৰ্খ

[৫] একে অৰ্থবোধক শব্দ লিখাঁ ঃ

বিন্ধা- সৰু ফুটা

উৎপন্ন- উৎপাদন

 কৌশল- বুদ্ধি

চহকী  – বিলাসী

শোধন- ভাণ্ডাৰ।

[৬] নিজকে এবিধ প্ৰাকৃতিক সম্পদৰ ৰূপত কল্পনা কৰি এখন ৰচনা লিখাঁ।

উত্তৰঃ 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects