Might Learn Logo Might Learn Might Learn Shop

AJB Class 3 Science Chapter 16 Answer মানুহৰ স্বাস্থ্য

 Lesson 16

মানুহৰ স্বাস্থ্য

◻️ প্ৰশ্নাৱলী 

১∣ মানুহে কিয় আহাৰ খাব লাগে ?

উত্তৰঃ মানুহে আহাৰ নিজৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে খাব লাগে।

২∣ ভাল স্বাস্থ্যৰ বাবে কেনে ধৰণৰ আহাৰ খোৱা উচিত ?

উত্তৰঃ ভাল স্বাস্থ্য়ৰ বাবে ভাত, ৰুটি, দাইল, শাক-পাচলি, মাছ-মাংস, ফলমূল, কণী, গাখীৰ, মাখন ইত্য়াদি খোৱা বস্তুবোৰত ঠিক পৰিমাণে, নিয়মীয়াকৈ পুষ্টিকৰ বস্তু পোৱা যায়। এনে ধৰণৰ আহাৰক সুষম আহাৰ বোলে।

৩∣ খোৱাবস্তু বাহিৰেও ভাল স্বাস্থ্যৰ বাবে মানুহে কি কি কৰা উচিত ?

উত্তৰঃ শৰীৰৰ অংগ – প্ৰত্য়ংগবোৰে ঠিকমতে কামবোৰ কৰি থাকিলে মানুহৰ স্বাস্থ্য় ভালে থাকে।

৪∣ খোৱাবস্তু কিয় ভালকৈ ধুই লোৱা উচিত ?

উত্তৰঃ খোৱাবস্তু ভালকৈ ধুই লোৱা উচিত কাৰণ তাত বিধিন্ন ধৰণৰ বীজাণু সোমাই থাকিব পাৰে।

৫∣ খোৱাপানী কিয় উতলাই খাব লাগে ?

উত্তৰঃ খোৱাপানী উতলাই খাব লাগে কাৰণ তাত বিভিন্ন ধৰণৰ বীজাণু থাকিব পাৰে।

৬∣ চাফ-চিকুণকৈ নাথাকিলে কিয় স্বাস্থ্যৰ ক্ষতি হয় ?

উত্তৰঃ 

৭∣ অংগ মানে কি ?

উত্তৰঃ মানুহৰ শৰীৰৰ বিভিন্ন অংশবোৰক অংগ বোলে।

৮∣ মানুহৰ শৰীৰৰ সহজে চকুত পৰা পাঁচবিধ অংগৰ নাম লিখা ।

উত্তৰঃ মানুহৰ শৰীৰৰ সহজে চকুত পৰা পাঁচবিধ অংগৰ নাম হ’লঃ নাক, কাণ, মুখ, ডিঙি, বুকু ইত্য়াদি। 

৯∣ বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ পাঁচবিধ অংগৰ নাম লিখা ।

উত্তৰঃ বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ পাঁচবিধ অংগৰ নাম হ’লঃ কলিজা, মগজু, যকৃৎ, বৃক্ক, হাও – ফাও ইত্য়াদি।

১০∣ পুষ্টিকৰ বস্তু কাক বোলে ? 

উত্তৰঃ শৰীৰৰ বিভিন্ন অংগ গঠন হ’বলৈ প্ৰয়োজনীয় বস্তুক পুষ্টিকৰ বস্তু বোলে।

১১। হৃৎপিণ্ডৰ কাম কি ?

উত্তৰঃ হৃৎপিণ্ডই শৰীৰৰ সকলো অংশলৈ তেজ পঠিয়ায়।

১২।  মগজুৰ কাম কি ? ◼️

উত্তৰঃ মগজুৱে শৰীৰৰ সকলো অংগৰে কামকাজ নিয়াৰিকৈ চলাই নিয়ে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects