Might Learn Logo Might Learn Might Learn Shop

AJB Class 3 Science Chapter 17 Answer প্ৰাথমিক চিকিৎসা

  Lesson 17

প্ৰাথমিক চিসিৎসা

◻️ প্ৰশ্নাৱলী

১। প্ৰাথমিক চিসিৎসা কি ?

উত্তৰঃ চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে, দুখ পোৱাৰ লগে লগে যি চিকিৎসা দিয়া হয়, তাকে প্ৰাথমিক চিকিৎসা বোলে।

২। পৰি হাত-ভৰিৰ ছাল ছিঙি তেজ ওলালে কি কৰিব লাগে ?

উত্তৰঃ উজুটি খাই পৰি হাত – ভৰিৰ ছাল ছিগিলে, দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ চাবোন পানীৰে ধুই ডেটল পানী বা পাতল নিমখ পানীৰে ধুব লাগে। পাছত চিকিৎসকৰ পৰামৰ্শমতে ঔষধ ব্য়হাৰ কৰিব লাগে। 

৩। হাত-ভৰিৰ হাড় ভাঙিলে কি কৰা উচিত ?

উত্তৰঃ হাত – ভৰি মোচোকা খালে বা ভাঙিলে, জোৰ কৰি মালিছ কৰিব নালাগে। দুখ পোৱা মানুহজনক লৰচৰ কৰি ফুৰিবলৈ দিব নালাগে আৰু সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে।

৪। জুয়ে পুৰিলে কি কৰিব লাগে ?

উত্তৰঃ জুয়ে পুৰিলে, লগে লগে পোৰা ঠাইখিনি চাফা, ঠাণ্ডা পানীৰে ধুব লাগে বা ঠাণ্ডা পানীত জুবুৰিয়াই থ’ব লাগে। পাছত চিকিৎসকক সুধি ঔষধ লগাব লাগে। চিকিৎসকক নোসোধাকৈ কোনো মলম লগাব নালাগে।

৫। পোক-পৰুৱাই কামুৰিলে কি কৰা উচিত ?

উত্তৰঃ বৰল, মৌমাখি, বা আন পোক – পৰুৱাই কামুৰিলেও কামোৰা ঠাইখিনি ভালকৈ চাই শুং লাগি থকিলে এৰুৱাই দিব লাগে। পাছত চিকিৎসকক সুধি ঔষধ ব্য়ৱহাৰ কৰিব লাগে।

৬। মূৰ্ছা যোৱা মানুহক কি প্ৰাথমিক চিসিৎসা দিব লাগে?

উত্তৰঃ হঠাৎ মূৰ্ছা গ’লে চাবলৈ ওচৰত জুম বাান্ধিব নালাগে। এজন বা দুজন মানুহে প্ৰথম চোৱা – চিতাখিনি কৰিব লাগে। মূৰ্ছা যোৱা মানুহজনক শুৱাই লৈ জোতা – ছেন্দেল খুলি দিব লাগে। পিন্ধা কাপোৰ – কানি যিমানখিনি পৰা যায় ঢিলা কৰি দিব লাগে। ভৰিৰ ফালে গাৰু বা অন্য়ান্য় বস্তু দি অলপ এখ কৰি দিব লাগে। মানুহজনে যাতে যথেষ্ট পৰিমাণে মুকলি বতাহ পায় আৰু সহজে উশাহ – নিশাহ ল’ব পাৰে চাব লাগে। অতি সোনকালে চিকিৎসকৰ ওচৰলৈ নিব  লাগে।

৭। কুকুৰে কামুৰিলে বা আঁচুৰিলে কি  কৰিব লাগে ? 

উত্তৰঃ কুকুৰে কামুৰিলে বা মেকুৰিয়ে আচুৰিলে, দুখ পোৱা ঠাইখিনি লগে লগে চাবোন পানীৰে ভালকৈ ধুব লাগে। তাৰ পিছত ডেটলজাতীয় ঔষধ থাকিলে আঘাত পোৱা ঠাইটকুৰাত লগাব লাগে। ঠাইখিনি কেতিয়াও বান্ধিব নালাগে। যিমান সম্ভৱ সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects