Might Learn Logo Might Learn Might Learn Shop

AJB Class 3 Science Chapter 5 Answer তাপ আৰু উষ্ণতা

  Lesson 5

তাপ আৰু উষ্ণতা

◻️  প্ৰশ্নাৱলী

(১) শক্তি কি ? এটা উদাহৰণ দিয়া ।

উত্তৰঃ কাম কৰা জোৰকে শক্তি বোলা হয়। জোৰ বা শক্তি থাকিলে শৰীৰ বা যন্ত্ৰই কাম কৰিব পাৰে। উদাহৰণ স্বৰূপে- মানুহজনে বস্তা দঙিছে। বস্তা দাঙিবলৈ মানুহজনক শক্তি লাগে ।

(২) সূৰ্য্যত জ্বলা গেছবিধৰ নাম লিখা ।

উত্তৰঃ সূৰ্য্যত জ্বলা গেছবিধৰ নাম হ’ল হাইড্ৰজেন গেছ ।

(৩) পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস কি ?

উত্তৰঃ পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস হ’ল সূৰ্য্য় ।

(৪) তাপ কি লিখা ।

উত্তৰঃ তাপ এবিধ শক্তি । তাপে বহু কাম কৰিব পাৰে ।তাপে বস্তুৰ পৰিৱৰ্তন ঘটায় ।

(৫) তাপে বস্তুৰ পৰিৰ্তন ঘটায় । দুটা উদাহৰণ দিয়া ।

উত্তৰঃ তাপে বস্তুৰ পৰিবৰ্তন ঘটায় তাৰ দুটা উদাহৰণ হ’ল- একুৰা জুইয়ে তাপ দিয়ে। সেই তাপে কাগজ এখন পুৰি ছাঁই কৰি দিয়ে ।

             বৰফ এটুকুৰাক তাপ দিলে পানীলৈ পৰিৱৰ্তন হয় ।

(৬) তাপ শক্তিৰ উৎস কাক বোলে ? তাপ শক্তিৰ কেইবিধমান উৎসৰ         নাম লিখা ।

উত্তৰঃ যি বোৰ বস্তুৰ পৰা তাপ পোৱা যায় তাকে তাপ শক্তিৰ উৎস বোলে ।যেনে- কাঠ, কয়লা, প্ৰেট্ৰ’ল, ডিজেল,কিছুমান গেছ, কেৰাছিন আদি ।

(৭) উষ্ণতা কিহৰ জোখ ?

উত্তৰঃ বস্তু এটা কিমান তপত,উষ্ণতা তাৰে জোখ ।

(৮) শুদ্ধটোৰ ওপৰত ✓ চিন দিবা :

(ক) পোহৰ তাপ শক্তিৰ এটা ভাগ হয়/নহয় ।

উত্তৰঃ হয়।

(খ) সূৰ্যৰ তাপ নাপালে জীৱ জীয়াই থাকিব/নাথাকিব ।

উত্তৰঃ নাথাকিব ।

(গ) তাপ কম উষ্ণাতাৰপৰা বেছি উষ্ণতালৈ নাযায়/যায় ।

উত্তৰঃ যায়।

(ঘ) ৰ’দ ওলালে দহ বজাত সূৰ্যৰ তাপ বাৰ বজাতকৈ কম/বেছি ।

উত্তৰঃ কম ।

← Previous Chapter NEXT Chapter →

কৰবী কাকতি

Post  ID :DABP005864

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects