সন্ধিয়া
Lesson 13
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
বিভোল = আপোন পাহৰা
জোউতি = পোহৰ
মৃণাল = পদুমফুলৰ ঠাৰি
ৰাও = চিঞৰ
সুবাস = সুগন্ধ
[১] বুজা আৰু লিখাঁ ঃ
পশ্চিম + আকাশ = পশ্চিমআকাশ।
নীল + আকাশ = নীলআকাশ
সিংহ + আসন = সিংহাসন
গ্ৰন্থ + আগাৰ = গ্ৰন্থাগাৰ
ৰস + আগাৰ = ৰসাগাৰ
পূৱ + আকাশ = পূৱআকাশ
[২] কবিতাটো পঢ়ি তাৰ আধাৰত সন্ধিয়াৰ সময়খিনিৰ বৰ্ণনা দিয়াঁ।
[৩] বাটেৰে গৈ থকা মানুহ = বাটৰুৱা
হাটলৈ যোৱা মানুহ = হাটৰুৱা
পথেৰে গৈ থকা মানুহ = পথৰুৱা
ভাগৰত কাতৰ যি = ভাগৰুৱা
[৪] তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখাঁ ঃ
ক) গৰখীয়া ল’ৰাবোৰ কেতিয়া ঘৰমুৱা হ’ল?
উত্তৰঃ গৰখীয়া লৰাবোৰ সন্ধিয়া ঘৰমুৱা হল।
খ) গোলাপৰ কলিটিয়ে কিয় নাচিবলৈ ধৰিলে?
উত্তৰঃ গোলাপৰ কলিটিয়ে মলয়াৰ ধীৰ ছাটি পাই নাচিবলৈ ধৰিলে।
গ) ডবা-শংখৰ ধ্বনি ক’ৰপৰা বিয়পিছে?
উত্তৰঃ গাৱঁৰ দৌলৰ পৰা ডবা-শংখ ধ্বনি বিয়পিছে।
[৫] কবিতাটোৰ জৰিয়তে সন্ধিয়াৰ ছবিখন বৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। এনেদৰে ৰাতিপুৱাৰ সময়খিনিক লৈ এটা কবিতা লিখিবলৈ চেষ্টা কৰাঁ।
[৬] সন্ধিয়া সময়ত তুমি নিজে আৰু তোমাৰ পৰিয়ালৰ লোকে কি কি কৰা?
উত্তৰঃ সন্ধিয়া সময়ত মই আৰু মোৰ পৰিয়ালৰ লোকে হাতভৰি ধুই ধোপ-ধূনা জ্বলাই চাহ-পানী খাওঁ।
[৭] তলত দিয়া শব্দকেইটিৰে একোটিকৈ বাক্য ৰচনা কৰাঁ ঃ
ঘৰমুৱাঃ সন্ধিয়া সকলোবোৰ লোক ঘৰমুৱা হয়।
ৰঙতে বিভোলঃ সন্ধিয়াৰ মলয়াৰ ধীৰ ছাটি পাই গোলাপৰ কলিটিয়ে ৰঙতে বিভোল হৈ নাচিবলৈ ধৰিলে।
দিহা-দিহিঃ সন্ধিয়াৰ ৰাজহাঁহ জাকে দিহা দিহি কৰি বিল এৰিলে।
ধীৰে-ধীৰেঃ সন্ধিয়াৰ নাৱৰীয়া বোৰে ধীৰে ধীৰে নাও বান্ধিলেহি।
বিয়পিলঃ গোলাপৰ গোন্ধ গোটেই বাৰীখনত বিয়পিল ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post