AJB Class 3 Science Chapter 6 Answer বতৰৰ কথা

  Lesson 6 

বতৰৰ কথা

 ☐  প্ৰশ্নাৱলী

(১) বায়ুমণ্ডল কাক বোলে ? বায়ুমণ্ডল কিমান ওপৰলৈ আছে ?

উত্তৰঃ আমাৰ চাৰিওফালে বায়ু আছে। বায়ু পৃথিৱীৰ বহু ওপৰলৈ আছে। বায়ু থকা গোটেই ঠাইখিনিকে বায়ুমণ্ডল বোলে।

             প্ৰায় ছশ কিল’মিটাৰ ওপৰলৈ বায়ু আছে। 

(২) বতৰ মানে কি ?

উত্তৰঃ গৰম-ঠাণ্ডা, ৰ’দ-বতাহ, বৰষুণ, ধমুহা আদি অবস্থাবোৰকে এখন ঠাইৰ বতৰ বোলা হয় ।

(৩) মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয় ?

উত্তৰঃ পৃথিৱীৰ মাটিভাগ কম আৰু পানী ভাগ বেছি। পানীভাগেও সূৰ্য্যৰ তাপ শোহে। ফলত পানী লাহে লাহে ভাপ হয়। ভাপবোৰ পাতল বাবে ওপৰলৈ উঠি গৈ জমা হয়। ওপৰত উষ্ণতা কম বাবে ভাপবোৰ জমা হৈ মেঘ বা ডাৱৰৰ সৃষ্টি হয়।

(৪) শিল বৰষুণ কি ?

উত্তৰঃ মেঘ ঘন হ’লে পানীৰ টোপাল বান্ধে। টোপালবোৰ গধুৰ হ’লে টোপালবোৰ সৰি পৰে তাকে বৰষুণ বুলি কয়,কেতিয়াবা ওপৰত বৰ ঠাণ্ডা হয়। তেতিয়া পানীৰ টোপালবোৰ গোট মাৰি বৰফ হয় আৰু বৰফৰ টুকুৰা বোৰ পানীৰ লগত নামি আহে তাকে শিল বৰষুণ বুলি কয়।

(৫) বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম লিখা ।

উত্তৰঃ বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম হ’ল- নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন ডাই- অক্সাইড ।

(৬) ধুমুহা কি ?

উত্তৰঃ বায়ু চলাচল কৰিলে বতাহ বলা বুলি কওঁ আৰু বতাহ জোৰে বলিলে ধুমুহা বুলি কয়। 

(৭) জহকালি আৰু জাৰকালি কাক বোলে ?

উত্তৰঃ গৰমৰ সময়খিনিক জহকালি আৰু ঠাণ্ডাৰ সময়খিনিক জাৰকালি বুলি কয় ।

(৮) বতৰ কিয় বেলেগ হয় লিখা ।

উত্তৰঃ বতৰ বেলেগ হোৱাৰ কেইবাটাও কাৰণ আছে। সেইকেইটা হ’ল- 

১) পৃথিৱী নিজ মেৰুদণ্ডত ঘূৰে। তাৰ ফলত দিন-ৰাতি হয়। দিনত পৃথিৱীয়ে সূৰ্য্যৰ তাপ পায় আৰু ৰাতি নাপায়। পৃথাৱীয়ে সূ্ৰ্য্যৰ চাৰিওফালে ঘূৰাৰ বাবে জহকালি আৰু জাৰকালি বতৰ বেলেগ বেলেগ হয় ।

২) ওচৰত নদ-নদী থাকিলে সেই ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয় ।

৩)সাগৰৰ ওচৰৰ ঠাইৰ বতৰ আৰু দূৰৈৰ ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয় ।

৪) গছ-গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ ।

৫) মৰুভূমিত গছ নাই। ইয়াৰ বতৰো বেলেগ। দিনৰ ভাগত গৰম আৰু ৰাতি ঠাণ্ডা । 

(৯) বতাহ কেতিয়া ব’লে ?

উত্তৰঃ পৃথিৱীৰ মাটিয়ে সূৰ্য্যৰ তাপ শুহি লয়। বায়ুয়েও তাপ শোহে। কেতিয়াবা এখন ঠাইৰ বায়ু বেছি গৰম হয়। তেতিয়া সেই বায়ু খিনি পাতল হয় ।পাতল বায়ু ওপৰলৈ উঠে ।সেই ঠাইখিনি অলপ খালী হয়। তেতিয়া চাৰিওফালৰপৰা বায়ু আহি ঠাইখিনি পূৰায়। এইদৰে বায়ু চলাচল কৰে আৰু তাকে বতাহ বোলে ।

(১০) সাগৰ-মহাসাগৰ, নদ-নদী, পুখুৰী, আদিৰ পানী ভাপ হৈ ওপৰলৈ উঠে; আকৌ বৰষুণ হৈ নামি আহে । কথাখিনি এখন ছবিৰে বুজোৱা ।

উত্তৰঃ 

(১১) শুদ্ধটোৰ ওপৰত ✓ চিন দিবা :

(১২) বায়ু গৰম হ’লে পাতল হয় /নহয় ।

উত্তৰঃ হয় ।

(খ) পাতল বায়ু ওপৰলৈ উঠে/নুঠে ।

উত্তৰঃ উঠে ।

(গ) পানীৰ ভাপবোৰ জমা হৈ বৰষুণ হৈ নামি আহে/নাহে ।

উত্তৰঃ আহে ।

(ঘ) গছ-গছনি নাথাকিলে জীৱ-জন্তু জীয়াই নাথাকিব/থাকিব ।

উত্তৰঃ নাথাকিব ।

(ঙ) আমাৰ ইয়াত মাৰ্চৰপৰা ছেপ্টেম্বৰ মাহলৈ জাৰকালি/জহকালি  হয় । 

উত্তৰঃ জহকালি ।

← Previous Chapter NEXT Chapter →

কৰবী কাকতি

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top