Lesson 7
আকাশৰ কথা
◻️ প্ৰশ্নাৱলী
(১) কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ কাক বোলে ?
উত্তৰঃ আমাৱস্য়াৰ পৰা পূৰ্ণিমালৈ ১৫ দিনক শুক্লপক্ষ বোলে । পূৰ্ণিমাৰ পৰা অমাৱস্য়ালৈ ১৫ দিনক কৃষ্ণ পক্ষ বোলে ।
(২) জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ লিখা ।
উত্তৰঃ জোনৰ পোহৰৰ লগত সম্পৰ্ক থকা তিনিটা উৎসৱ হ’ল- ৰাস উৎসৱ, ফাকুৱা, ঈদ ।
(৩) সৌৰজগত কাক বোলে ?
উত্তৰঃ সূৰ্য্য়, আঠটা গ্ৰহ আৰু উপগ্ৰহবোৰক একেলগে সৌৰজগত বোলে ।
(৪) জ্যোতিষ্ক কাক বোলে ?
উত্তৰঃ ৰাতিৰ আকাশ বহু উজ্বল বস্তুৰে ভৰি থাকে। আকাশৰ উজ্বল বস্তুকে জ্য়োতিষ্ক বোলে ।
(৫) তৰা আৰু গ্ৰহ কাক বোলে ?
উত্তৰঃ জ্য়োতিষ্ক বোৰৰ কিছুমানৰ পোহৰ আছে সেইবোৰক তৰা বোলে ।
কিছুমান জ্যোতিষ্কৰ নিজা পোহৰ নাই সেইবোৰক গ্ৰহ বোলে ।
(৬) সৌজগতৰ নক্ষত্ৰ কোনটো আৰু গ্ৰহবোৰ কি কি ? সৌজগতত আৰু কি কি আছে ?
উত্তৰঃ সৌৰজগতৰ নক্ষত্ৰ হ’ল সূৰ্য্য় । গ্ৰহবোৰ হ’ল- বুধ, শুক্ৰ, পৃথিৱী, মঙল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন ।
সৌৰজগতত সূৰ্য্য আৰু আঠটা গ্ৰহৰ বাহিৰে গ্ৰহবোৰৰ উপগ্ৰহ, ধূমকেতু, উল্কা আৰু বহুতো তৰা আছে ।
(৭) (ক) আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম কি ?
উত্তৰঃ আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম হ’ল- সূৰ্য্য় ।
(খ) সূৰ্য্যৰ একেবাৰে ওচৰত আৰু একেবাৰে দূৰত থকা গ্ৰহ দুটা নাম কি কি ?
উত্তৰঃ সূৰ্য্য়ৰ একেবাৰে ওচৰত থকা গ্ৰহটো হ’ল- বুধ আৰু দূৰত থকা গ্ৰহটোৰ নাম হ’ল- নেপচুন ।
(গ) সৌৰজগতৰ আটাইতকৈ সৰু আৰু আটাইটকৈ ডাঙৰ গ্ৰহ দুটা নাম কি কি ?
উত্তৰঃ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম হ’ল – বুধ আৰু আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ’ল- বৃহস্পতি ।
(ঘ) ৰাতিৰ আকাশত দেখা উপগ্ৰহটোৰ নাম কি ?
উত্তৰঃ ৰাতিৰ আকাশত দেখা উপগ্ৰহটাৰ নাম হ’ল- চন্দ্ৰ
(ঙ) ভোটা তৰা বুলিলে সৌৰজগতৰ কোনটো গ্ৰহক জনা যায় ?
উত্তৰঃ ভোটা তৰা বুলিলে সৌৰজগতৰ শুক্ৰ গ্ৰহক জনা হয়।
(৮) (ক) সূৰ্য্যটো পৃথিৱীৰপৰা কিমান দূৰত আছে ?
উত্তৰঃ সূৰ্য্যটো পৃথিৱীৰপৰা প্ৰায় ১৫ কোটি কিল’মিটাৰ দূৰত আছে ।
(খ) সূৰ্য্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ ?
উত্তৰঃ সূৰ্য্যটো পৃথিৱীতকৈ প্ৰায় ১০৯ গুণে ডাঙৰ ।
(গ) চন্দ্ৰত জীৱ কিয় জীয়াই থাকিব নোৱাৰে ?
উত্তৰঃ চন্দ্ৰত বায়ু নাই সেইবাবে চন্দ্ৰত জীৱ জীয়াই থাকিব নোৱাৰে ।
(ঘ) অমাৱস্যা কেতিয়া হয় ?
উত্তৰঃ ৰাতি বেলিৰ চন্দ্ৰত পৰি ছিটিকি যায় । সেই পোহৰ পৃথিৱীত পৰে ।ৰাতি আকাশত চন্দ্ৰ নোলালে পৃথিৱীত অন্ধকাৰ হয় । তাকে আমি অমাৱ্য়সা বুলি কওঁ ।
(ঙ) অমাৱস্যাৰ কিমান দিনৰ মূৰত পূৰ্ণিমা হয় ?
উত্তৰঃঅমাৱ্য়সাৰ ১৫ দিনৰ মূৰত পূ্ৰ্ণিমা হয় ।
← Previous Chapter NEXT Chapter →
কৰবী কাকতি
Post ID : DABP005925
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post