Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Assamese Chapter 16 Answer পেঁপা

পেঁপা

 Lesson 16 

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ

পথৰুৱা    =   পথাৰত উৎপন্ন হোৱা 

ভোল    =    মোহিত, বিস্মৃত, আপোন পাহৰা

[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ

ক) পথাৰৰপৰা কি মাত শুনা গৈছিল?

উত্তৰঃ পথাৰৰপৰা পেপাঁৰ মাত শুনা গৈছিল।

খ) গৰুজাক কোন বাটেদি আহিছিল?

উত্তৰঃ গৰুজাক পথৰুৱা বাটেদি আহিছিল।

গ) পেঁপাটিয়ে কি কথা কয়?

উত্তৰঃ পেঁপাটিয়ে মনুুহে কব নোৱাৰা কথা কয়। 

[২] ‘পেঁপা’ এবিধ থলুৱা বাদ্য। তুমি জনা অইন কেইবিধমান বাদ্যৰ নাম লিখাঁচোন।

উত্তৰঃ ঢোল, তাল, টকা, গগণা, তবলা, হাৰমনিয়াম, গীতাৰ।

[৩] বুজা আৰু লিখাঁ

যিয়ে গৰু ৰাখে    =    গৰখীয়া

যিয়ে মাছ মাৰে    =      মাছমৰীয়া              

যিয়ে নাও চলায়    =      নাৱৰীয়া              

যিয়ে ঢোল বজায়    =      ঢুলীয়া              

যিয়ে খোল বজায়    =      খুলীয়া             

[৪] ‘পেঁপা’ কবিতাটো গদ্য ৰূপত লিখাঁ।

উত্তৰঃ পথাৰৰ পৰা পেঁপাৰ মাত শুনিছে ৰঙা বেলি মাৰ যোৱাৰ সময়ত। পথৰুৱা বাটটোৱেদি গৰুৰ জাক আহিছে ওচৰত গৰখীয়া নাই। গৰখীয়াই পাহৰি গৰুকো এৰিলে আজি পথাৰত আছেহি ৰৈ। পেঁপাটিয়ে সেইবিলাক কথা কয় যিবিলাক কথা মানুহে কব নোৱাৰে।

[৫] বাক্য ৰচনা কৰাঁ ঃ 

কুলিঃ কুলি চৰাই মাত বসন্ত অহা আগত শুনিবলৈ পোৱা যায়।

 বিহুঃ বিহু হৈছে আমাৰ জাতীয় উৎসৱ।

 নাচনীঃ বহাগ বিহুত নাচনী সকলে নাচে।

 গৰখীয়াঃ গৰখীয়া সকলে সদায় গৰু চৰাবলৈ যায়।

 পথাৰঃ খেতি বাতি কৰা ঠাইকে পথাৰ বোলা হয়।

ফুলনীঃ আমাৰ পঢ়াশালীখনৰ সন্মুখত এখন ফুলনী আছে।

[৬] তলৰ বিষয় দুটা লৈ কেইটিমানকৈ বাক্য লিখিবলৈ যত্ন কৰাঁ ঃ

বাঁহী, বাটৰুৱা।

(ক) বাঁহীঃ বিহুৰ এটা উল্লেখযোগ্য় বাদ্য়যন্ত্ৰ হৈছে বিহু। অসমীয়া সংস্কৃতিৰ বাবে বিহু এক অতি প্ৰয়োজনীয় বাদ্য়যন্ত্ৰ। অসমত বাঁহীক, বংশী, মুৰুলী, বেণু ইত্য়াদি নামেৰে জানিব পৰা যায়। বাঁহৰ পৰা বাঁহী তৈয়াৰ কৰা হয়। 

(খ) বাটৰুৱাঃ বাটেদি যোৱা মানুহক বাটৰুৱা বুলি কোৱা হয়। 

[৭] বুজা আৰু লিখাঁ ঃ

নাম বুজোৱা পদ   নাম বুজোৱা পদ 

                              সলনি ব্যৱহাৰ

                              হোৱা পদ

ৰাম                        সি / তেওঁ

গীতা                          তাই             

ৰামহঁত                     সিহঁত              

ককাদেউতা                মা বা দেউতাৰ দেউতাক

আইতা                       মা বা দেউতাৰ মাক              

বাটৰুৱা                    বাটেদি যোৱা লোক              

গৰখীয়া                       গৰু চৰোৱা লোক           

[৮] তলৰ অব্যয় পদবোৰ ব্যৱহাৰ কৰি বাক্য সাজা

তথাপি    ঃ ৰামে বেয়া কাম কৰা বাবে শাস্তি পাইছে তথাপি সি ভাল হোৱা নাই।

কিন্তু    ঃ  লৰাজনে পঢ়িব নাজানিব পাৰে কিন্তু  সি বহুত ভাল ল’ৰা।

নাইবা  ঃ  তুমি পঢ়া নাইবা কাম কৰা।

অথবা    ঃ  তুমি বজাৰলৈ যোৱা অথবা ঘৰৰ কাম কৰা।

অথচ    ঃ  ৰহিমে কুকৰ্ম কৰাৰ কাৰণে তাক বহুত ডাঙৰ শাস্তি দিলে অথচ সি ভাল হোৱা নাই।

প্ৰায়    ঃ   ৰিংকুহঁতৰ ঘৰৰ পৰা বিদ্য়ালয়খন প্ৰায় ৬ কি’লমিটাৰ আঁতৰত।

অতি ঃ  আমাৰ বিদ্য়ালয়খনৰ পৰা ঘৰলৈ অতি বেছি ২ কিল’মিটাৰ।

নিচিনা   ঃ  ৰামৰ নিচিনা প্ৰদীপৰো এটা স্কুলবেগ আছে।

ছিঃ-  ল’ৰাজনে কুকৰ্ম কৰাৰ কাৰণে মানুহজনে ছিঃ   বুলি প্ৰকাশ কৰিলে।

ঐঃ পলে পীহুক ঐ যাও বুলি ক’লে। 

কিয়নো   ঃ  সৌৰভে গৌৰৱক কিয়নো যাব লাগে বুলি সুধিলে।

সৈতে   ঃ  মানসী উৰ্বশীৰ সৈতে বজাৰলৈ গ’ল।

কেৱল    ঃ এই পৃথিৱীত কেৱল ভগৱানেহে জন্ম আৰু মৃত্য়ু দিব পাৰে।

অৱশ্যে  ঃ সি আমাৰ ঘৰলে নহা হ’ল অৱশ্যে মই তাৰ ঘৰলৈ যোৱা নাই।  

নিশ্চয়    ঃ  মানুহ জনৰ ঘৰত নিশ্চয় কিবা বিপদ হৈছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects