Lesson 8
আমাৰ পৃথিৱীখন
☐ প্ৰশ্নাৱলী
(১) সূৰ্য্যৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় ?
উত্তৰঃ সূৰ্য্য়ৰ চাৰিওফালে ওপাক ঘূৰিবলৈ পৃথিৱীয়ে ৩৬৫ দিন লয়।
(২) পৃথিৱীখন দেখিবলৈ কেনেকুৱা ?
উত্তৰঃ পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে। তলে-ওপৰে চেপেটা ।
(৩) পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ কিমান দীঘল ?
উত্তৰঃ পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ তেৰ হাজাৰ কিল’মিটাৰৰ ওচৰা উচৰি হ’ব ।
(৪) পৃথিৱীৰ উপৰিভাগত মাটিভাগ কিমান, পানীভাগ কিমান ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগত মাটিভাগ ২৯ ভাগ আৰু পানী ৭১ ভাগ ।
(৫) পৃথিৱীখন কিয় ধুনীয়া ঠাই ?
উত্তৰঃ সকলো ধৰণৰ জীৱ আৰু গছ-গছনি থকা বাবেই পৃথিৱীখন এখন সুন্দৰ ঠাই ।
(৬) পৃথিৱীখন কেইধৰণে ঘূৰি আছে ?
উত্তৰঃ পৃথিৱীখন দুই ধৰণে ঘূৰি আছে ।
(৭) দিন আৰু ৰাতি কেনেকৈ হয় লিখা ।
উত্তৰঃ পৃথিৱীখন লাটুমৰ দৰে ঘূৰি থাকে । সেইবাবে এখন ঠাইত দিন আৰু ৰাতি দুয়োটা হয় ।
(৮) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :
(ক) পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয়/নহয় ।
উত্তৰঃ হয় ।
(খ) পৃথিৱীৰ পানীভাগ মাটিভাগতকৈ কম/বেছি ।
উত্তৰঃ বেছি ।
(গ) সাগৰৰ তলিত গছ-গছনি আছে/নাই ।
উত্তৰঃ আছে ।
(ঘ) পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে দিন-ৰাতি হয়/নহয় ।
উত্তৰঃ হয় ।
(ঙ) সূৰ্য্যৰ চাৰিওফালে ঘূৰোঁতে পৃথিৱীখন এক ছেকেণ্ডত বিছ/দহ/ত্ৰিছ কিল’মিটাৰ যায় ।
উত্তৰঃ ত্ৰিছ কিল’মিটাৰ যায় ।
← Previous Chapter NEXT Chapter →
কৰবী কাকতি
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post