Might Learn Logo Might Learn Shop Might Learn

AJB Class 3 Science Chapter 9 Answer জীৱজগত

 Lesson 9

জীৱজগত

◻️  প্ৰশ্নাৱলী

(১) (ক) জড় বস্তু কোনবোৰ ?

উত্তৰঃ প্ৰাণ নথকা বা জীয়াই নথকা বস্তুবোৰেই জড় ।

(খ) জীৱজগতৰ ভাগ কেইটা ?

উত্তৰঃ জীৱজগতৰ ভাগ পাঁচটা ।

(গ) জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য লিখা ।

উত্তৰঃ  জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য হ’ল-

১) জীৱই কাম কৰিব পাৰে আনহাতে জড়ে কাম কৰিব নোৱাৰে ।

২) সকলো জীৱই উশাহ লয় আনহাতে জড়ে উশাহ নলয় ।

৩) জীৱক জীয়াই থাকিবলৈ আহাৰ লাগে আনহাতে জড়ক আহাৰ নালাগে ।

(ঘ) জীৱ কাক বোলে ?

উত্তৰঃ জীয়াই থকা বস্তুবাৰকে জীৱ বোলে ।

(ঙ) কোনবোৰ জীৱ প্ৰাণী ?

উত্তৰঃ যি বোৰ জীৱই খোজ কাঢ়িব পাৰে,দৌৰিব পাৰে, সাঁতুৰিব পাৰে সেইবোৰ জীৱক প্ৰাণী বোলে ।

(চ) কোনবোৰ জীৱ উদ্ভিদ 

উত্তৰঃ গছ-বন, শেলাই আদিকে উদ্ভিদ বোলা হয় । উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল’ব পাৰে ।

(ছ) উদ্ভিদ ক’ৰপৰা আহাৰ পায় ?

উত্তৰঃ উদ্ভিদে শিপাৰে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয় আৰু সূৰ্য্য়ৰ ৰশ্মিৰ পৰা আহাৰ প্ৰস্তুত কৰি লয় ।

(২) (ক)  প্ৰাণীৰ কামবোৰ কি কি ?

উত্তৰঃ প্ৰণীৱোৰৰ কাম হ’ল- আহাৰ গোটোৱা, খোজ কঢ়া, দৌৰা, কথা কোৱা, শুনা ,খোৱা ,পঢ়া আদি ।

(খ) উদ্ভিদৰ কামবোৰ কি কি ?

উত্তৰঃ উদ্ভিদবোৰৰ কাম হ’ল- মাটিৰ পৰা পানী আৰু সাৰ শুহি লোৱা,পাতেৰে বায়ু শুহি লোৱা আৰু পাতত আহাৰ তৈয়াৰ কৰি লোৱা ।

(গ) জীৱই কাম কৰিবলৈ ক’ৰপৰা শক্তি পায় ?

উত্তৰঃ জীৱই কাম কৰিবলৈ আহাৰৰ পৰা শক্তি পায় ।

(ঘ) উশাহ বন্ধ হ’লে জীৱ কিয় জীয়াই থাকিব নোৱাৰে ?

উত্তৰঃ জীৱক আহাৰৰ লগতে বায়ুও লাগে ।বায়ুৰ সহায়ত আহাৰত থকা শক্তি মুকলি হয় সেইবাবে উশাহ বন্ধ হ’লে জীৱ জীয়াই থাকিব নোৱাৰে ।

(৩) (ক) শুদ্ধ উত্তৰৰটো ✓ চিন দিয়া :

(ক)প্ৰাণীয়ে নিজৰ দেহত আহাৰ তৈয়াৰ কৰি ল’ব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে ।

(খ) জড় বস্তুৱে আহাৰ খায়/নাখায় ।

উত্তৰঃ নাখায় ।

(গ) জড় বস্তুৱে কাম কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে ।

(ঘ) কেৱল আহাৰ খালে মানুহে শক্তি পায়/নাপায় ।

উত্তৰঃ নাপায় ।

(ঙ) উশাহ বন্ধ হ’লে উদ্ভিদ জীৱই থাকিব পাৰে/নোৱাৰে ।

উত্তৰঃ নোৱাৰে ।

(চ) জড় বস্তুৱে জন্ম দিয়ে/নিদিয়ে ।

উত্তৰঃ নিদিয়ে ।

(৪) ক অংশ লগত খ অংশ মিলোৱা :

ক অংশ                        খ অংশ

ভেঁকুৰ                             লৰচৰ কৰিব পাৰে 

অহাৰে                            কণী পাৰে

উদ্ভিদে পাতেৰে              গেলা পঁচা বস্তু গজে

চৰায়ে                              শক্তি যোগান ধৰে

প্ৰাণীয়ে                             বায়ু শুহি লয় 

উত্তৰঃ ভেঁকুৰ               গেলা-পঁচা বস্তুত গজে

            আহাৰে             শক্তি যোগান ধৰে

 উদ্ভিদে পাতেৰে          বায়ু শুহি লয়

     চৰায়ে                      কণী পাৰে

    প্ৰাণীয়ে                     লৰচৰ কৰিব পাৰে

কৰবী কাকতি 

← Previous Chapter NEXT Chapter →

Post ID : DABP005928 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects