Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Assamese Chapter 10 Answer কাঁহৰ মেল

Chapter 10

কাঁহৰ মেল

ক্ৰিয়া-কলাপ

অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

মেল = আলোচনা বা বিচাৰ কৰিবলৈ বহা সমাজ

সম্ভাৱ্য = যিহৰ ঘটিবৰ আশা আছে, সম্ভৱনা থকা

উদ্যোক্তা = আয়োজনকাৰী

বয়োজ্যেষ্ঠ = বয়সত ডাঙৰ

ব্যাক্তি = মানুহ; লোক

থলী = স্হল; বাম ঠাই

সম্ভষণ = আদৰণি; আগ্ৰহেৰে কৰা মাত-বোল

সুকলমে = বাধা-বিঘিনি নোহোৱাকৈ

আসন = বহিবৰ বাবে যুগুত কৰা বস্তু

সমৰ্থন = সপক্ষে মত দান; হয়ভৰ

উদ্দেশ্য = লক্ষ্য; অভিপ্ৰায়

অতীজ = আগেয়ে হৈ যোৱা; পুৰণি কাল

সমাদৰ = বিশেষ আদৰ; সন্মান

সামগ্ৰী = দ্ৰব্য-সম্ভাৰ; কোনো কামৰ বাবে লগা বস্তু

লোপ = নোহোৱা হোৱা

সচেতন = সজাগ; চেতনাযুক্ত

সমাধান = নিষ্পত্তি; মীমাংসা

আয়োজন = যো-জা; যোগাৰ; সংগ্ৰহ

মঞ্চ = কাঠ, বাঁহ আদিৰে সজা চাং; বেদী

পণ = প্ৰতিজ্ঞা

প্ৰশংসা = গুণ-কীৰ্তন; শলাগ

ইতিহাস = অতীত ঘটানাৰ বিৱৰণ; পুৰণি কথা; বুৰঞ্জী

শিল্প = বিশেষ নৈপুণ্যৰ প্ৰয়োজন হোৱা কাম; কাৰিকৰী কৰ্ম

হ্ৰাস = কমি যোৱা অৱস্থা

পাত্ৰ = বস্তু থোৱা সঁজুলি

যাদুঘৰ = সংগ্ৰহালয়

হুলস্থূল = গোলমাল; হৈ চৈ

আদৰ = প্ৰশংসা; শ্ৰদ্ধাৰে দেখুওৱা মৰম

প্ৰদৰ্শনী = দেশৰ বা বিদেশৰ উৎকৃষ্ট বস্তুৰ পোহাৰ-মেলি দেখুওৱা মেল

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা :

ক) কঁহাৰ গাঁৱত লোকসকল খেলপথাৰত উপস্থিত হোৱাৰ কাৰণ কি

আছিল ?

উত্তৰঃ কঁহাৰ গাঁৱত লোক সকল খেলপথাৰত এখন বিশেষ মেলা

আয়োজন কৰা হৈছে কাৰণে উপস্থিত হৈছেহি।

খ) খেলপথাৰত উপস্থিত গঞাসকলৰ মাজত কি আলোচনা চলি

আছিল ?

উত্তৰঃ খেলপথাৰত উপস্থিত গঞাসকলৰ মাজত মেল পতা সম্ভাৱ্য

কাৰণ সম্পৰ্কে আলেচনা চলি আছিল।

গ) কোনে মেলৰ কাম আৰম্ভ কৰিলে ?

উত্তৰঃ শ্ৰীযুত ঘটীঁৰাম কাঁহে মেলৰ কাম আৰম্ভ কৰিলে।

ঘ) মেলৰ সভাপতি কাক পতা হৈছিল ?

উত্তৰঃ মেলৰ সভাপতি শ্ৰীযুত ভোগজৰাদেৱক পতা হৈছিল।

ঙ) কোনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল ?

উত্তৰঃ শ্ৰী লোটাৰাম কাঁহে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল।

চ) মেলখনৰ উদ্দেশ্য কি আছিল ?

উত্তৰঃ মেলখনৰ উদ্দেশ্য আছিল অতীজতে কাঁহৰ বৰ সমাদৰ আছিল কিন্তু বৰ্তমান সমাদৰ নাইকীয়া হৈছে।

ছ) কাৰদ্ধাৰা গীত পৰিৱেশন কৰা হৈছিল ?

উত্তৰঃ বৰবাটি, পিয়লা বাটি, বানবাটি, হাতীখুজীয়া-বাটি, জোলবাটি, খুৰীবাটি আৰু মেলাহি-বাটিৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিল।

জ) কোনে কাঁহশিল্প ইতিহাস বৰ্ণনা কৰিছিল ?

উত্তৰঃ শ্ৰীযুতা বেৰাকাঁহী ডাঙৰীয়ানীয়ে কাঁহশিল্প ইতিহাস বৰ্ণনা কৰিছিল।

[২] পাঠটো পঢ়া আৰু মনত পেলাই কাক বোলে লিখা :

ক) কোঁহমৰা কাঁহৰ সঁজুলি

উত্তৰঃ কোঁহমৰা সঁজুলি গা-টোত ওখ-ওখকৈ ঢৌ কটা থাকে বাবে এইবোৰক কোঁহমৰা কাঁহৰ সঁজুলি বোলে।

খ) ঢলা কাঁহৰ সঁজুলি

উত্তৰঃ ঢলা কাঁহৰ সঁজুলিবোৰ হাতুৰীৰে কোৱাই গঢ়াৰ পৰিৱৰ্তে কাঁহ গলাই জুলীয়া কৰি মাটিৰ সাঁচত ঢালিহে গঢ়িছিল সেই কাৰণে এই সঁজুলি বোৰক ঢলা কাঁহৰ সজুলি বুলি কোৱা হয়।

গ) ঢলুৱা কঁহাৰ

উত্তৰঃ ঢলা কাঁহৰ সঁজুলি গঢ়া শিল্পী সকলক ঢলুৱা কঁহাৰ বুলি কোৱা হয়।

[৩] ভৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কি কি বাদ্যযন্ত্ৰৰ নাম পোৱা

যায় বুলি পাঠটোত উল্লেখ কৰা হৈছে ?

উত্তৰঃ ভৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কাংস্য, ঘন্টা, মন্দিৰা, তালম, নূপুৰ, কিংকিণী আদি বাদ্যযন্ত্ৰৰ নাম পোৱা যায়।

[৪] অসমত প্ৰচলিত তালকেইযোৰ মান নাম লিখা ।

উত্তৰঃ অসমত প্ৰচলিত তাল কেইযোৰ মান নাম হৈছে-বৰ-তাল, সৰু-তাল, খুঁটি-তাল, পাতি-তাল, খেৰেঙীতাল, ভোৰতাল।

[৫] হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ হাজোত পিতলৰ আৰু সৰ্থেবাৰী কাঁহৰ বাচন গঢ়া বাবে বিখ্যাত আছিল।

[৬] বুজা আৰু লিখা :

ক) হাত আৰু মুখ = হাত-মুখ

খ) হাত আৰু ভৰি = হাত-ভৰি

গ) ল’ৰা আৰু ছোৱালী = লৰা-ছোৱালী.

ঘ) হাতেৰে মৰা চাপৰি = হাত-চাপৰি

ঙ) জন্ম স্থান = জন্মস্থান.

[৭] পঢ়ি, বুজা আৰু লিখা :

ডাঙৰীয়া ㅡ ডাঙৰীয়ানী

শ্ৰীযুত ㅡ শ্ৰীযুতা

মাননীয় ㅡ মাননীয়া

শ্ৰীমান ㅡ শ্ৰীমানী

বুদ্ধিমান ㅡ বুদ্ধিমানী।

[৮] বুজা আৰু লিখা :

মেল য’ত কৰা হয় = মেলৰ থলী

সভা য’ত কৰা হয় = সভাথলী

ৰণ য’ত কৰা হয় = ৰণথলী

পূজা য’ত কৰা হয় = পূজাথলী

উৎসৱ য’ত কৰা হয় = উৎসৱ থলী

[৯] বাক্য ৰচনা কৰা :

হাত-চাপৰি; সমাদৰ; বিখ্যাত; আশা ।

[১০] একে অৰ্থবোধক শব্দ লিখা :

উদাহৰণ : মেল ― সভা

             গাঁও        ― 

             শোভা     ― ..........

             মানৱ     ― মানুহ।

             আকাশ  ― গগন।

[১১] শিক্ষকক সুধি বুজি লোৱা । :

ক) এপাচি শাকত এটা জালুক ।

খ) উপকাৰীক অজগৰে খায় ।

[১২] শুনা আৰু লিখা :

  ''বৰ্তমান অসমত কাঁহশিল্প একেবাৰে লোৱা নাই । কিন্তু আগতকৈ ইয়াৰ প্ৰচন কমি আহিছে । আগতে অসমৰ কঁহাৰকলে তামৰ গলত ৰাং নামৰ ধাতু মিহলাই কাঁহ প্ৰস্তুত কৰি লৈছিল । এতিয়া ভঙা কাঁহ কি কি আনি তাকে গলাই নতুন কাঁহৰ সামগ্ৰী গঢ়ে । ফলত পুৰণি অসমত কাঁহৰ  গুণ বহুত হ্ৰাস পাইছে । এনে হৈ থাকিলে ভৱিষ্যতে অসমত কাঁহশিল্প একেবাৰে লোপ পাব । গতিকে ইয়াৰ বাবে আমিয়েই উচিত পদক্ষেপ লোৱা উচিত । ইমানকে কৈ মই মোৰ বক্তব্যৰ সামৰিণ মাৰণি মাৰিলোঁ । '' কথাখিনি কৈ বেৰাকাঁহী ডাঙৰীয়ানী বহিল । সকলোৰে হাত-চাপৰিত মেলৰ থলী ৰজন-জনাই গ'ল ।
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects