Chapter 9
তৰা
ক্ৰিয়া-কলাপ
অৰ্থৰ সৈতি চিনাকি হওঁ আহা:
তিৰবিৰ = জলমল
অমানিশা = অমাৱস্যা; আউসী
ধৰা = পৃথিৱী
নই = নদী
গৰা = নৈ, পুখুৰী আদিৰ ওখ আৰু থিয় পাৰ
পিটনি = পানীৰ ওপৰত বৰ ডাঠ হৈ গজা দল ঘাঁহ আদি থকা ঠাই
ঢৰা = ঢাৰী
হৰা = বলেৰে বা ছল কৰি নিয়া; আকৰ্ষণ কৰা
পথিক = বাটৰুৱা
বতৰা = বাতৰি; খবৰ
চিলমিল = চকুৰ আগত অলপ অলপকৈ জিলিকা
থমকি = কৰি বা গৈ থকোঁতে হঠা ৰৈ দিয়া
টিপতে = খন্তেকতে; চকুৰ পচাৰতে
চিত = মন
নিতে = সদায়; নিতৌ
[১] কবিতাটি মনত ৰাখা।
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা।
ক) তৰাৰ চকুযুৰি আৰু মুখখন কেনেকুৱা?
উত্তৰঃ তৰাযুৰি তিৰবিৰাই থকা আৰু মুখখন হাঁহিভৰা।
খ) তৰাই কি পোহৰায়?
উত্তৰঃ তৰাই ধৰা পোহৰায়।
গ) তৰাৰ হাঁহিটি ক’ত ক’ত পৰে?
উত্তৰঃ তৰাৰ হাঁহিটি জুৰি, নই, গৰা আদিত পৰে।
ঘ) তৰাৰ হাঁহিটি পৰিলে কোনে নাচে?
উত্তৰঃ তৰাৰ হাঁহিটি পৰিলে পিটনি, ফুলনি, তৰা-নৰাই নাচে।
ঙ) গধূলি বেলিকা কবিয়ে লগৰীয়াৰ স’তে কি কৰে?
উত্তৰঃ গধূলি বেলিকা কবিয়ে লগৰীয়া সতে তৰা হাহিটি চাই।
চ) তৰাই কাক পথৰ বতৰা দিয়ে?
উত্তৰঃ তৰাই পথিকক পথৰ বতৰা দিয়ে।
ছ) কবি কিয় আচৰিত হয়?
উত্তৰঃ কবি তৰা মায়াৰে আৱৰা কথাটো ভাৱি আচৰিত হয়।
[৩] পঢ়া, বুজা্ আৰু লিখা:
ফুল – ফুলনি
বাঁহ – বাঁহনি
শাক – শাকনি
মাহ – মাহনি
কল – কলনি
ধান – ধাননি
বন – বননি
[৪] বাক্য ৰচনা কৰা:
তিৰবিৰ- তৰাবোৰে ৰাতি আকাশত তিৰবিৰাই থাকে।
মিলি-জুলি- আমি সকলোৱে মিলি-জুলি থাকিব লাগে।
কাণ পাতি- আইতাৰ সাধু কথা আমি সকলোৱে কাণ-পাতি শুনো।
আপোন-পাহৰা- তৰা পোহৰ দেখি আপোন পাহৰা হৈ যাও।
চিলমিল- চিলমিল টোপনিত সপোন এটা দেখিছিলো।
বিয়াকুল- কাইলৈ মোৰ বন্ধু আহিবৰ কাৰণে মনটো বিয়াকুল হৈ আছো।
[৫] তলৰ খালী ঠাইবোৰত ‘খা’ –এই শব্দটো উপযুক্ত ৰুপত ব্যৱহাৰ কৰি বাক্যকেইটি
পুনৰ লিখা:
ক) মই ভাত খাওঁ।
খ) সীমাই এতিয়া ভাত খায়।
গ) তুমি ভাত খালানে নে?
ঘ) কালি আমি বনভোজ যাম।
ঙ) যোৱা ৰবিবাৰে সি মাছৰ আন্জ্ঞাৰে ভাত খাইছিল।
চ) কাইলৈ দুপৰীয়া তোমালোকে কি খালা?
ছ) অহা দেওবাৰে আমি পচলা খাম।
[৬] পঢ়া, বুজা আৰু লিখা:
আকাশ – পাতাল আকাশ – গগন
পোহৰ – এন্ধাৰ জেউতি – পোহৰ
আঁউসী – জোনাকী গধূলি – .সন্ধিয়া
হাঁহি – কান্দোন পথ – বাট
ৰাতি পুৱা – গধূলি. চকু – নয়ন
দিন – ৰাতি নিজৰা – জুৰি।
[৭] তোমাৰ চাৰিওফালে সদায় দেখি থকা গছ, নৈ, আকাশ, বেলি, পথাৰ, চৰাই আদিক লৈ
কল্পনা কৰি কবিতা লিখিবলৈ চেষ্টা কৰা। এনে বিষয়ৰ কবিতাবোৰো সংগ্ৰহ কৰা।
[৮] পঢ়া, বুজা আৰু লিখা (অভিধানৰ সহায় ল’বা)
য’ত = কলমটো য’ত আছিল তাতেই থোৱা।
যত = ঘৰত যত কিতাপ আছিল সকলো পঢ়িলোঁ।
ক’ত = ক’ত যে আম পৰি গছৰ তল ভৰি আছে।
কত = আমবোৰ কত যে পৰি আছে।
[৯] পঢ়া, বুজা আৰু লিখা:
জিলমিল – চিলমিল
থমকি – ..চমকি……….
হৰা – কৰা।
ধৰা – মৰা।
[১০] উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা:
চিলমিল; জিলমিল; উমিউমি।
ক) আকাশত তৰাবোৰে জিলমিল কৰিছে।
খ) চিলমিল টোপনিত মই এটা সপোন দেখিছিলোঁ।
গ) জুইকুৰা উমিউমি জ্বলিছে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post