AJB Class 4 Assamese Chapter 12 Answer ঢোপ-খেলৰ আনন্দ

Chapter 12

ঢোপ-খেলৰ আনন্দ

*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

চুবুৰি = নগৰ বা গাৱঁৰ মানুহৰ বসতি থকা এক খণ্ড

টঙালি = কঁকালত আটি লোৱা ঠেক, দীঘল কাপোৰ; কঁকালী পেটী

ৰগৰ = কৌতুক; আনন্দ; ৰং-তামাছা

কিৰীলি = ডাঙৰকৈ শব্দ কৰি মৰা হাঁহি; বৰকৈ হাঁহি হাঁহি কৰা ৰং-ধেমালী

সন্তুষ্টি = তৃপ্তি; সন্তোষ; পৰিতুষ্টি; প্ৰসন্নতা

*পঢ়া আৰু বুজাঃ

সই কই স্ক

নই তই উৱে ন্তু

পই ৰই প্ৰ

তই য়ই ত্য

নই দই ন্দ

ষই টই ষ্ট

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখাঃ

ক) চুবুৰিটোৰ ল’ৰা-ছোৱালীবোৰে তপন খুৰাক অহা দিনটোলৈ কিয় বৰ আশাৰে বাট চাই থাকে?

উত্তৰঃ চুবুৰীটো লৰা-ছোৱালীবোৰক তপন খুৰাকে অহা প্ৰতি এটা নতুন খেল শিকায় থয় যায়। সেই কাৰণে লৰা-ছোৱালীবোৰে তপন খুৰাক অহা দিনটোলৈ আশাৰে বাট চাই থাকে।

খ) ঢোপ মানে কি? ঢোপ-খেল কাক কয়?

উত্তৰঃ ঢোপ হৈছে নেজ থকা বলৰ দৰে এটা খেলা বল।

এই ঢোপটোৰে যি খেল খেলা হয় তাকে ঢোপ খেল বোলা হয়।

গ) ঢোপ-খেল কিমান পুৰণি?

উত্তৰঃ ঢোপ খেল বহু পুৰণি।

ঘ) ঢোপ-খেল খেলিবলৈ কেনেদৰে ঘৰ কৰা হয়?

উত্তৰঃ ঢোপ খেল খেলিবলৈ কাবাডী খেলৰ দৰে দুটা ঘৰ কৰা হয়।

ঙ) ঢোপ-খেলৰ ‘ঘাই’ৰ কাম কি?

উত্তৰঃ ঢোপ খেলৰ ঘাই কাম হৈছে ঢোপটো আনটো দলৰ ঘাই গা-লৈ দলিওৱা।

চ) ঢোপ-খেলৰ ‘সৈয়া’ মানে কি?

উত্তৰঃ ঢোপ খেলৰ সৈয়া হৈছে যাৰ গাত ঢোপটো লাগিব সিয়ে সৈয়া হয়।

ছ) ৰাখাল কেনেকৈ ‘সৈয়া’ হ’ল?

উত্তৰঃ ৰাখালক আলটো দলৰ ঘাইয়ে ঢোপটো গাত দলিওৱা কাৰণে সৈয়া হল।

[২] ঢোপ-খেলৰ নিচিনা আন আন পুৰণি খেলৰ মান লিখা আৰু কেনেকৈ খেলা হয়, আলোচনা কৰা ।

৩] বাক্য ৰচনা কৰাঃ

টঙালি

খেল; কিৰীলি; মজা।

৪] কোনে কৈছিল, কাক কৈছিল:

ক) “তোমালোকে বোলে নতুন খেল শিকিবলৈ একেবাৰে কঁকালত টঙালি বান্ধি আছা”?

উত্তৰঃ তপন খুৰাকে লৰা-ছোৱালীবোৰক কৈছিল।

খ) “ঠিক আছে শিকাম। কিন্তু তোমালোকে খেলটো ভাল পাবানে বাৰু”?

উত্তৰঃ তপন খুৰাকে লৰা-ছোৱালীবোৰক কৈছিল।

গ) “তুমি এতিয়া ‘সৈয়া’। মণিহঁতৰ দলৰ পাছফালে থিয় দিয়াহি আহা”।

উত্তৰঃ খুৰাকে,অশোকক কৈছিল।

ঘ) “অঁ খুৰা, ইমান মজাৰ খেল ভাই”!

উত্তৰঃ গোটেই লৰা-ছোৱালী জাকে খুৰাকক কৈছিল।

৫] পঢ়া, বুজা আৰু লিখাঃ

ল’ৰা + ছোৱালী = ল’ৰা-ছোৱালী

শিক্ষক+শিক্ষয়িত্ৰী= শিক্ষক-শিক্ষয়িত্ৰী

ককা + আইতা = ককা-আইতা

মা + দেউতা= মা-দেউতা

খুৰা + খুৰী = খুৰা-খুৰী

[৭] পঢ়া, বুজা আৰু লিখাঃ

ক) খেল খেলে যিয়ে = খেলুৱৈ

খ) আভিনয় কৰে যিয়ে = ..অভিনেতা…………….

গ) নাটক ৰচে যিয়ে = …..নাট্যকাৰ………….

ঘ) কবিতা ৰচে যিয়ে = …কবি…………..

ঙ) গানৰ সুৰ দিয়া যিয়ে = …সুৰকাৰ…………..

শিক্ষক + শিক্ষয়িত্ৰী = শিক্ষক-শিক্ষয়িত্ৰী

ককা + আইতা = ককা-আইতা

মা + দেউতা = মা-দেউতা

খুৰা + খুৰী = খুৰা-খুৰী

[৬] বুজা আৰু লিখাঃ

নতুন – পুৰণি

মুকলী – বন্ধপাঠ : বাৰ

পাঠ-বাৰ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top