Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Assamese Chapter 15 Answer সাঁকো

পাঠ: পোন্ধৰ

সাঁকো

*অৰ্থৰ সৈতে চিনাকি হওঁ আহাঃ

সেতু = সাঁকো; দলং; বান্ধ

স্মৰণীয় = মনত ৰাখিব লগীয়া

চমৎকাৰ = বিস্ময়কৰ; আশ্চৰ্য্যজনক

নিৰ্মাণ = গঠন কৰা কাৰ্য্য; সজা কাৰ্য্য

ভাৰ্যা = স্ত্ৰী; পত্নী

মহাকাব্য = পৌৰাণিক-ঐতিহাসিক ঘটনাসম্বলিত বহু পৰ্ব বা কাণ্ডত বিভক্ত, বিচিত্ৰ ছন্দত সজ্জিত, চিৰন্তন আদৰ্শৰাজিৰে বৃহৎ কাব্য

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখাঃ

ক) কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে কোন কোন জিলা সংযোগ কৰিছে?

উত্তৰঃ কলীয়া ভোমোৰা দলঙে নগাঁও আৰু শোণিতপুৰ জিলা সংযোগ কৰিছে।

নৰনাৰয়ণ সেতুৱে গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰিছে।

খ) দলংবোৰৰ পৰা আমাৰ কি কি উপকাৰ হয়?

উত্তৰঃ দলংবোৰৰ সহায়ত নদীখনৰ দুয়োপাৰে থকা ৰাস্তা দুটাও লগ লাগি যায়। তাৰ পিছত দলঙৰ ওপৰেদি মানুহে খোজ কাঢ়ি, যান-বাহন চলাই অহা-যোৱা কৰিব পাৰে। বয়-বস্তু অনা-নিয়া কৰিব পাৰি।

গ) ‘দলং’ শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ কি কি বাৰু?

উত্তৰঃ দলং শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ হল সাঁকো আৰু সেতু।

ঘ) সাঁকো কিহেৰে সজা হয়?

উত্তৰঃ সাঁকো সাধাৰণতে বাঁহ বা কাঠেৰে সজা হয়।

ঙ) শিলসাঁকো ক’ত বুলি জনা যায়? এই শিলসাঁকোৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ শিলসাঁকো উত্তৰ গুৱাহাটীত বুলি জনা যায়। এই সাঁকোখন দীঘলে এশ চল্লিছ ফুট আৰু বহলে আঠ ফুট আছিল। সাঁকোখনৰ প্ৰয়তিছটা শিল প্ৰায় সাত ফুট দীঘল আৰু এফুট ডাঠ আছিল। সৰ্বমুঠ ষোলটা ডাঙৰ খুঁটাৰ ওপৰত এই সাঁকোখন থিয় কৰোৱা হৈছিল। এই শিলৰ সাঁকোখনৰ নিৰ্মান-প্ৰণালী অতি চমৎকাৰ। কল-কাৰখানা, যন্ত্ৰ-পাতি আৱিষ্কাৰ নোহোৱা সময়তে অসমীয়া মানুহে ইমান ডাঙৰ আৰু শক্তিশালী শিলৰ সাঁকো নিৰ্মান কৰাটো সঁচাকৈয়ে গৌৰৱৰ কথা।

চ) প্ৰতাপসিংহই কোনখন নৈৰ ওপৰত শিলৰ সাঁকো সজাইছিল?

উত্তৰঃ প্ৰতাপ সিংহই দৰিকা নৈৰ ওপৰত শিলৰ সাঁকো সজাইছিল।

ছ) ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল?

উত্তৰঃ ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কলা-কৃষ্টিৰ প্ৰসাৰ, বাট-পথ নিৰ্মান, দৌল-দেৱালয় নিৰ্মাণ, ওচৰ-চুবুৰীয়া ৰাজ্যবোৰৰ সৈতে সম্পৰ্ক স্থাপন, বিদ্যা-শিক্ষাৰ চৰ্চা আদি কাম কৰিছিল।

[২] বাক্য ৰচনা কৰাঃ

সাঁকোঃ সাধাৰণতে সাঁকো বাঁহ বা কাঠেৰে নিৰ্মাণ কৰা হয়।

সেতুঃ দলংৰ আন এটা নাম সেতু।

সৈন্যবাহিনীঃ সৈন্যবাহিনীয়ে আমাৰ দেশ ৰক্ষা কৰা কাৰণে সদায় শত্ৰু লগত যুঁজ দিয়ে।

গৌৰৱঃ আমাৰ দেশত থকা পুৰণি কীৰ্তি-চিহ্ন কাৰণে আমি গৌৰৱ কৰিব পাৰো।

[৩] পাঠটোত কেইখনমান নৈৰ নামৰ উল্লেখ আছে। তুমি জনা অইন কেইখনমান নৈৰ নাম লিখা।

[৪] বুজা আৰু লিখাঃ

এক + টা ——-এটা

দুই + টা ———দুটা

তিনি + টা——– তিনিটা

চাৰি + টা ——— চাৰিটা

পাঁচ + টা ———–পাঁচটা

[৫] পঢ়া আৰু লিখাঃ

সৰু আৰু বৰ = সৰু-বৰ

কলা আৰু কৃষ্টি = কলা-কৃষ্টি

দৌল আৰু দেৱালয় = দৌল-দেৱালয়

মন্দিৰ আৰু মছজিদ = মন্দিৰ-মছজিদ

ভাষা আৰু সাহিত্য = ভাষা-সাহিত্য

সমাজ আৰু সংস্কৃতি = সমাজ-সংস্কৃতি

[৬] পঢ়া, বুজা আৰু লিখাঃ

অহা-যোৱা = আমি এই বাটেৰে বজাৰলৈ অহা-যোৱা কৰোঁ।

চলা-ফিৰা = আমি এই বাটেৰে চলা-ফিৰা কৰোঁ ।

ফুৰা-চকা = মই এই বাটেৰে ফুৰা-চকা কৰি ভাল পাওঁ।

দেখা-শুনা = মানুহজন দেখা-শুনাই ভাল।

পিন্ধা-উৰা = মানুহৰ দৰে আন প্ৰাণীয়ে পিন্ধা উৰা নকৰে ।

খোৱা-লোৱা = মানুহ অসুস্থ হলে খোৱা-লোৱা কমকে কৰে।

[৭] পঢ়া, বুজা আৰু লিখাঃ

ক) পাহাৰৰ পৰা বৈ অহা সৰু নৈ = জুৰি

খ) কোনো নৈৰ পৰা এসোঁতা পানী ফাটি গৈ পুনৰ সেই নৈত পৰে = উপনদী

গ) পৰ্বতৰ পৰা ওলাই নৈত পৰা পানী = সুঁতি

ঘ) বন্ধ হৈ থকা আহল-বহল পানীভাগ = হোলা

ঙ) মানুহে পানী ৰাখিবলৈ খন্দা চাৰিচুকীয়া বা আন আকাৰৰ দ ঠাই = পুখুৰী

চ) খৰালি শুকাই যোৱা দীঘলীয়া দ ঠাই = হোলা

[৮] বুজা আৰু খালী ঠাই পূৰোৱাঃ

ক) জোতা-চেণ্ডল চিলাই কৰোঁতাজন = মুচী

খ) বাঁহ-বেতৰ সঁজুলি তৈয়াৰ কৰোঁতাজন = বাঢ়ৈ

গ) খেতিৰ কাম কৰোঁতাজন = খেতিয়ক

ঘ) চুলি কাটি জীৱিকা নিৰ্বাহ কৰোঁতাজন = নাপিত

ঙ) মাছ মাৰি জীৱিকা নিৰ্বাহ কৰোঁতাজন = মাছমৰীয়া

[৯] ভাবা আৰু কোৱা:

ক) সাঁকো বা দলংবোৰে সমগ্ৰ মানৱজাতিৰ মাজত মিলনৰ সেতু গঢ়াত কেনেদৰে সহায় কৰিছে?

খ) সাঁকো বা দলংবোৰ নথকা হ’লে কি হ’লহেতেন?

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects