Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Assamese Chapter 16 Answer প্ৰেমচান্দ

Chapter 16

প্ৰেমচান্দ

*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

বাটকুৰি বা = বহুদূৰ খোজকাঢ়ি যা

ব্যাকুল = অতিশয় আকুল

সঁহাৰি = সমিধান; উত্তৰ

চুৰিয়া = পুৰুষে কঁকালত মেৰিয়াই খোঁচ মাৰি পিন্ধা নিচিলোৱা কাপোৰ; ধুতি

*পঢ়া আৰু বুজা:

বই য়ই ব্য

ৰই দই ৰ্দ

ষই কই ষ্ক

শই ৰই শ্ৰ

*বুজা আৰু লিখা:

বিখ্যাত বাস্তৱ সাহিত্য সাহিত্যিক

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) চন্দ্ৰহাছানে ক’ৰ পৰা ক’লৈ বাটকুৰি বাই গৈছিল?

উত্তৰঃ চন্দ্ৰহাছানে কেৰেলা পৰা বাৰাণসীলৈ বাটকুৰি বাই গৈছিল।

খ) চন্দ্ৰহাছানে লিখকজনক লগ পাবলৈ কিয় ব্যাকুল হৈ পৰিছিল?

উত্তৰঃ চন্দ্ৰহাছানে লিখকজনে লিখা কিতাপ-পত্ৰবোৰ পঢ়ি তেওঁক লগ পাবলৈ ব্যাকুল হৈ আছে।

গ) চন্দ্ৰহাছানে লিখকজনৰ ঘৰৰ দুৱাৰৰ কাষলৈ গৈ ভিতৰলৈ ভুমুকিয়াই চাই কি দেখিছিল?

উত্তৰঃ চন্দ্ৰহাছানে লিখকজনৰ ঘৰৰ দুৱাৰৰ কাষলৈ গৈ ভিতৰলৈ ভুমুকিয়াই চাই দেখিলে এজন মানুহে মজিয়াত বহি কিবা-কিবি লিখি আছে।

ঘ) “আপুনি বিচৰা মানুহজন এইজনেই”।–গেঞ্জীৰ ওপৰত পাঞ্জাৱী চোলা পিন্ধা মানুহজনে এইবুলি কোৱাত ডেকা কবি নাছাদ কিয় আচৰিত হৈ পৰিছিল?

উত্তৰঃ ডেকা কবি নাছাদে লিখকজনৰ সহজ-সৰল ৰূপটো দেখি আচৰিত হৈছিল।

ঙ) চন্দ্ৰহাছানে সহায়ক বুলি ভবা মানুহজন প্ৰকৃততে কোন? তেওঁৰ প্ৰকৃত নামটো কি?

উত্তৰঃ চন্দ্ৰহাছানে সহায়ক বুলি ভবা মানুহ জন প্ৰকৃততে তেওঁ বিচাৰি ফুৰা লিখক জন মুঞ্চি প্ৰেমচান্দ আছিল । তেওঁৰ প্ৰকৃত নাম ধনপত ৰায় শ্ৰীবাস্তৱ।

[২] বাক্য ৰচনা কৰা:

ইঘৰ-সিঘৰঃ ৰমেনে ইঘৰ-সিঘৰ লৈ গৈ বন্ধুজনৰ ঘৰ বিছাৰিফুৰিছে।

কাগজ-কলমঃ লিখকজনে কাগজ-কলম লৈ কিবা-কিবি লিখি আছিল।

ভয়-সংকোচঃ চন্দ্ৰহাছানে ভয় সংকোচে লিখক জনৰ ওচৰলৈ গৈছিল।

সহজ-সৰলঃ মুঞ্চি প্ৰেমচান্দ এজন সহজ সৰল লোক আছিল।

[৩] পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰা:

ক) ৰত্নাই ঘৰৰ দুৱাৰত টকটককৈ টুকুৰিয়াই দিলে।

খ) অমৃতাই খটখটকৈ কৈ খটখটিৰে ওপৰলৈ বগাই গৈছে।

গ) ভয়তে মাৰ বুকখন ধপধপ কৈ মাৰিছে।

ঘ) কলিংবেলৰ শব্দত ঘপক কৈ সাৰ পালোঁ।

ঙ) ভোকাতুৰ মানুহজনে খৰ কৈ ভাতখিনি খাইছে।

[৪] বুজা আৰু লিখা:

সভা পতা গৃহ = সভাগৃহ

ৰজাৰ যি সভা = ৰাজসভা

উৰা যি জাহাজ = উৰাজাহাজ

দুষ্ট যি বুদ্ধি = দুষ্টবুদ্ধি

মৰু যি ভূমি = মৰুভূমি

শুক্ল যি পক্ষ = শুক্লপক্ষ

কৃষ্ণ যি পক্ষ = কৃষ্ণপক্ষ

[৫] বুজা আৰু লিখা:

উপ + স্থিত = উপস্থিত

উপ + স্থাপন = উপস্থাপন

উপ + গ্ৰহ = উপগ্ৰহ

উপ + আচাৰ = উপাচাৰ

উপ + কৃত = উপকৃত

[৬] এটা শব্দত প্ৰকাশ কৰা:

ক) স্বইচ্ছাৰে আনক সেৱা কৰিবলৈ আগ বাঢ়ি অহা লোক = স্বেচ্ছাসেৱক।

খ) উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক = কৃতজ্ঞ।

গ) নিজৰ ওপৰত নিৰ্ভৰ কৰি চলা লোক = স্ব-নিৰ্ভশীল।

ঘ) আনৰ ভাল দেখিব নোৱৰা লোক = পৰশ্ৰীকতা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects