Chapter 2
হাতী গা ধুওৱাৰ কথা
ক্ৰিয়া-কলাপ
⚪ অৰ্থ সৈতে চিনাকী হওঁ আহা:
ঈৰ্ষাপৰায়ণ = পৰশ্ৰীকাতৰ
মুকুট = ৰজা বা দেৱ-দেৱীৰ মূৰৰ অলশ্কাৰ বা ভূষণ; কিৰীটি
হুকুম = আজ্ঞা; আদেশ; অনুমতি
বকছিছ = পুৰস্কাৰ
অনুচৰ = লগুৱা; আলধৰা
হুল = সৰু কাঁইট বা জোঙা বস্ত
[১] প্ৰথমে কোৱা, তাৰ পাছত লিথা:
ক) ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল?
উত্তৰঃ ভীমবৰ এলেহুৱা প্ৰকৃতিৰ আছিল।
খ) ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল?
উত্তৰঃ ৰামধনে নিচেই পুৱাতে উঠি নদীৰ ঘাটলৈ গৈ কোপোৰ ধোৱে সেইদৰে কাম কৰি পৰিয়ালটো পোহপাল দিছিল।
গ) ৰজাই ৰামধনক কি ধুবলৈ কৈছিল?
উত্তৰঃ ৰজাই ৰামধনক হাতী ধুৱলৈ কৈছিল।
ঘ) ৰামধনক ভীমবৰে কিয় অপকাৰ কৰাৰ কথা ভাবিছিল?
উত্তৰঃ ৰামধনক ভিমবৰে ঈৰ্ষা কৰাৰ কাৰণে অপকাৰ কৰাৰ কথা ভাবিছিল।
ঙ) ৰজাই ভিমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয়?
উত্তৰঃ মাটিৰ পাত্ৰতো ভালকৈ বনাব নাৱাৰা বাবে ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল।
[২] কোনে কৈছেল, কাক কৈছিল:
ক) “তোমাৰনো মনত কিহৰ দুখ?”
উত্তৰঃ ৰজাজনে ভিমবৰক কৈছে।
খ) “লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি।”
উত্তৰঃ ৰামধনে ভিমবৰক কৈছিল।
গ) “এই হ’লেই আৰু। অলপ বাকী।
উত্তৰঃ ভিমবৰে অনুচৰক কৈছে
ঘ) “চাওক মহাৰাজ, হাতীয় ভৰি দিওঁতেই পাএটৌ ভাঙি গ’ল। মই এতিয়া হাতীক গা ধুৱাওঁ কেনেকৈ?”
উত্তৰঃ ৰামধনে ৰজাজনক কৈছিল।
[৩] বুজা আৰু লিখা:
হাবি – অৰণ্য
ডাঙৰ – বিশাল
খাদ্য – আহাৰ
নোগুৰ – নেজ
[৪] পঢ়া, বুজা আৰু লিখা:
ম’হ – ম’হৰ পালটো দেখি আমাৰ বৰ ভাল লাগিছিল।
মহ – মহে কামুৰিলে খজুৱাই
হাতী – হাতী কাজিৰঙাত উলাই।
হাটী – আমাৰ ইয়াত হাটী বহে।
গাত – গাত লোৱা কাপোৰ বা ৰিহাৰ আগ।
গাঁত – গছ পুলিটো ৰোবৰ বাবে গাঁট এটা খান্দ।
[৫] পঢ়া আৰু বুজা:
ঘৰ – ঘৰচীয়া
গাঁও – গাঁৱলীয়া
বতৰ – বতৰীয়া
[৬] কাষৰ বাকচলৈ চোৱা আৰু মিলাই লিখা:
ডাঙৰ আৰু দীঘল = ডাঙৰ-দীঘল
জীৱ আৰু জন্তু = জীৱ-জন্তু
উশাহ আৰু নিশাহ = উশাহ-নিশাহ
ভোকে আৰু পিয়াহে = ভোকে-পিয়াহে
ৰজা আৰু ৰাণী = ৰজা-ৰাণী
লঘোনে আৰু ভোকে = লঘোন-ভোক
[৭] পঢ়া, বুজা আৰু লিখা:
দুষ্ট – দুষ্টালি
বেজ – বেজালি
কৃপণ – কৃপণালি
ল’ৰা – ল’ৰালী
পুৰুষ – পুৰুষালি
চেঙৰ – চেঙৰালি
[৮] তলৰ শব্দবোৰ উপযুক্ত ঠাইৰ বহুৱাই বাক্যবোৰ সম্পূৰ্ণ কৰা:
খকমককৈ; দপদৰাই: সৰসৰাই; ঠকঠককৈ; ফুচফুচাই।
ক) ডাঙৰকৈ হোৱা শব্দত সি খকমককৈ সাৰ পালে।
খ) ঠাণ্ডাত ল’ৰাটো ঠকঠককৈ কপিঁছে।
গ) মানুহ দুজনে ফুচফুচাই কথা পাতি আছে।
গ) জুইকুৰা দপদৰাই জ্বলি আছে।
ঙ) সাপটো সৰসৰাই গৈছে।
[৯] অমিলটো বাচাৰি উলিওৱা:
ক) বাঘ, সিংহ, বান্দৰ, শিয়াল।
উত্তৰঃ বান্দৰ
খ) সিংহ, ভালুক, ঘঁৰিয়াল, হাতী।
উত্তৰঃ ঘঁৰিয়াল
গ) হাতী, জিৰাফ, গড়, বাঘ।
উত্তৰঃ বাঘ
ঘ) গৰু, হাতী, ম’হ, শিয়াল।
উত্তৰঃ শিয়াল
[১০] ভাবা আৰু উওৰ উলিওৱা:
শিলৰ দৰে তল পৰে
ভেলৰ দৰে ভাঁহে,
ফৰিঙৰ দৰে মাৰে জাঁপ
কুকুৰৰ দৰে বহে।
উত্তৰঃ ভেকুলী
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post