Lesson 8
গ্ৰাহক আহিলে খং উঠা দোকানীজন
ক্ৰিয়া-কলাপ
অৰ্থৰ সৈতে চিনাকী হওঁ আহা:
ভ্ৰক্ষেপ = কেৰাহীকৈ চোৱা কাৰ্য্য
ভ্ৰক্ষেপ নকৰ = আওকাণ কৰ; আৱহেলা কৰ
দৃঢ়প্ৰতিজ্ঞ = প্ৰতিজ্ঞাত স্হিৰ
পানীপোতা = খেৰৰ বা টিনৰ ঘৰৰ চালৰ তলত পানী পৰা ভাগ
⚪ পঢ়া আৰু বুজা :
বই যই ব্য
সই ৱই স্ব
নই সই ন্স
[১] পঢ়া আৰু লিখা:
ব্যতিক্ৰম ব্যৱহাৰ স্বাধীন স্বাভাৱিক ফ্ৰান্স
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) দোকানীজনৰ দোকানখন কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছিল?
উত্তৰঃ দোকানীজনে গ্ৰাহকৰ প্ৰতি কৰা আওকনীয়া মনোভাৱৰ কাৰণে দোকানখন বন্ধ হোৱা উপক্ৰম হৈছিল।
খ) লিউৱেনহুকে কি হোৱাৰ সপোন দেখিছিল?
উত্তৰঃ লিউৱেনহুকে চছমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱা সপোন দেখিছিল।
গ) লিউৱেনহুকে কি কাৰণ মনত বৰ ৰং পাইছিল?
উত্তৰঃ লিউৱেনহুকে লেন্সৰ মাজেৰে সৰু বস্তু ডাঙৰকৈ চাই মনত বৰ ৰং পাইছিল।
ঘ) তেওঁ কেনেধৰনৰ লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল?
উত্তৰঃ তেওঁ সৰু বস্তু ডাঙৰকৈ দেখা লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল।
ঙ) বিশ্বৰ প্ৰথমটো আধুনিক অণুবীক্ষণ যন্ত্ৰ কিমান চনত কোনে
আৱিষ্কাৰ কৰিছিল? তেওঁৰ ক’ত জন্ম হৈছিল?
উত্তৰঃ বিশ্বৰ প্ৰথমটো আধুনিক অণুবীক্ষণ যন্ত্ৰ ১৬৭৫ চনত লিউৱেন হুকে আৱিষ্কাৰ কৰিছিল। তেওঁৰ হলেণ্ডৰ ডেলফট নামৰ এখন চহৰত জন্ম হৈছিল।
চ) লিউৱেনহুকে অণুবীণক্ষণ যন্ত্ৰটোৰে কি কি পৰীক্ষা কৰিছিল?
উত্তৰঃ লিউৱেনহুকে অণুবীক্ষণ যন্ত্ৰটোৰে মহ-মাখিৰ শুং, ওকণিৰ ঠেং, গছৰ পাত, নিজৰ গাৰ ছাল-চুলি, গৰু-ছাগলীৰ নোম, মাখিৰ মগজু আদি পৰীক্ষা কৰিছিল।
ছ) অণুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউৱেনহুকে কি কি নতুন কথা জানিব পাৰিলে?
উত্তৰঃ অণুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি পানী যে দেখাত পৰিষ্কাৰ হলেও অসংখ্য জীৱই কিলবিলাই থাকে সেই নতুন কথাটো জানিব পাৰিলে।
জ) জীৱাণু মানে কি?
উত্তৰঃ চকুৰে মনিব নোৱাৰা জীৱবোৰক জীৱাণু বুলি কয়।
[৩] পাঠটো পঢ়ি লিউৱেনহুকৰ বিষয় দহোটামান বাক্যত এটি টোকা লিখা।
[৪] বুজা আৰু বাক্য সাজা:
কাটি কাটি : ভাস্কৰগৰাকীযে শিল কাটি কাটি মূৰ্তি সাজিলে।
সৰু সৰু : সৰু সৰু লৰা-ছোৱালী বোৰে খেলি ভাল পায়।।
চাই চাই : একেবোৰ গান চাই চাই আমনি লাগে।
ক্ষুদ্ৰ ক্ষুদ্ৰ : বৰ্তমান অসমৰ গাঁৱে-ভূঞে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠিছে।
শুই শুই : এলেহুৱালোকে শুই শুই দিন কটাই।
ৰৈ ৰৈ : মানুহজনলৈ ৰৈ ৰৈ আমনি লাগিছে।
[৫] বুজাই আৰু লিখা:
সমাজ – সমজুৱা
পথাৰ – পথৰুৱা
বজাৰ – বজৰুৱা
এঙাৰ – এঙৰুৱা
কল পাত – কলপটুৱা
[৬] কোনে কৈছিল, কাক কৈছিল:
“কি হ’লনো? কিয় এনেদৰে মাতিলে? দেখা নাই নে, মই কাম যে কৰি আছোঁ!
মোক এতিয়া দিগদাৰ নকৰিলে।”
[৭] তুমি জনা আন আন বিজ্ঞানীসকলে এনেদৰে কি কি বস্ত্ত উদ্ভাৱন কৰি
উলিয়াইছে, তাৰ এখন তালিকা কৰা।
[৮] তলত দিয়া বিজ্ঞানী দুগৰাকীৰ বিষয়ে জানিবলৈ চেষ্ঠা কৰা:
ক) গেলিলিঅ’ গেলিলি
খ) গুগ্লিয়েম’ মাৰ্ক’নি
[৯] নতুন শব্দ গঠন কৰা:
বলিয়া – বলিয়ালি
ল’ৰা – লৰালি
কৃপণ – কৃপণালি
চতুৰ – চতুৰালি
টেঙৰ – টেঙৰালি
ধূৰ্ত – ধূৰ্তৰালি
বান্দৰ – বান্দৰালি
ভণ্ড – ভণ্ডামি।
[১০] পঢ়া বুজা আৰু লিখা:
কিলবিল – কিলবিলাই
বাক্য – পানীডোঙাত বহুতো পোকে কিলবিলাই আছে।
পিৰপিৰ – পিৰপিৰাই
বাক্য – মজিয়াত পৰুৱাবিলাক পিৰপিৰাই ফুৰিছে।
খিলখিল – খিলখিলাই
বাক্য – ছোৱালীবোৰে খিলখিলাই হাহিছে।
তিৰবিৰ – তিৰবিৰাই
বাক্য – ৰাতি আকাশত তৰাবোৰ তিৰবিৰাই আছে।
গিজগিজ – গিজগিজাই
বাক্য – মেঘবোৰে আজি গিজগিজাই আছে।
চিকমিক – চিকমিকাই
বাক্য – ৰদত বালিবোৰ চিকমিকাই আছে।
[১১] বিপৰীত অৰ্থবোধক শব্দ লিখা:
ক্ষুদ্ৰ- বৃহৎ,
উন্নত- অনুন্নত
সক্ষম -অসক্ষম
পৰিষ্কাৰ- অপৰিষ্কাৰ
[১২] ভাবা আৰু উত্তৰ উলিওৱা:
কাণত ধৰে, নাকত বহে
বস্তুটোনো কি?
বহুতকে লাগে।
উত্তৰঃ চশমা
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post