Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Burha Burhi Aru Siyala Chapter 5 Answer ভেকুলীৰ বিয়া

Chapter 5

ভেকুলীৰ বিয়া

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) মাছলৈ যাওঁতে বুঢ়া আৰু বুঢ়ীয়ে মাছৰ কি কি যতন নিছিল ?

উত্তৰঃ মাছলৈ যাওঁতে বুঢ়া পল এটা আৰু বুঢ়ীয়ে ভগা জকাই এখন যতন নিছিল।

খ) ভেকুলী কাৰ জাকৈত উঠিছিল ?

উত্তৰঃ ভেকুলী বুঢ়ীৰ জাকৈত উঠিছিল।

গ) ৰজাক কোনে গালি পাৰিছিল ?

উত্তৰঃ ৰজাক ভেকুলীয়ে গালি পাৰিছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) বুঢ়াই ভেকুলীটো মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক কি বুলি কৈছিল ?

উত্তৰঃ বুঢ়াই ভেকুলীটো মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক ক’লে ” ককা মোক নামাৰিবা, মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম বুলি কৈছিল।

খ) ৰজাক ভেকুলীয়ে কিয় গালি পাৰিছিল ?

উত্তৰঃ ৰজাক ভেকুলীয়ে হাস বাই আলি দিয়া মাটিডৰাৰ ওপৰেডি গচকি আলিটো ভাঙি তহিলং কৰি যোৱা বাবে ভেকুলীয়ে গালি পাৰিছিল।

গ) ৰজাৰ ঘৰলৈ যাওঁতে ভেকুলীৰ লগ কোনে কোনে লৈছিল ?

উত্তৰঃ ৰজাৰ ঘৰত ভেকুলী যাওঁতে ভেকুলীৰ লগত সিংহ, বাঘ, ভালুক আদি বনৰীয়া জন্তু আনকি, মৌ, বৰল, কোঁদো প্ৰভৃতিও গৈছিল।

[৩] কোনে কৈছিল, কাক কৈছিল ঃ

ক) “যা-চোন গৰুহাল লৈ পথাৰলৈ, তইনো কি হাল বাৱ চাওঁ ।”

উত্তৰঃ বুঢ়াই ভেকুলীক কৈছিল।

খ) ” তই গোটকৰাই কি কৰিবা ?”

উত্তৰঃ বুঢ়ীয়ে ভেকুলীক কৈছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects